গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ (এন চি এইচ) উল্লেখনীয় বিকাশ
২০২৪চনত অৰুণাচল প্ৰদেশত ১৫,৮৬০ জন উপভোক্তাৰ অভিযোগ পঞ্জীয়ন
Posted On:
20 FEB 2025 1:36PM by PIB Guwahati
গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক পদক্ষেপ ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনে (এনচিএইচ) ভাৰতৰ উত্তৰ-পূব অঞ্চলত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে।
অঞ্চলটোৰ ৰাজ্যসমূহৰ ভিতৰত গ্ৰাহকৰ অভিযোগ পঞ্জীয়ন আৰু সমাধানত এক উল্লেখযোগ্য বৃদ্ধি ৰেকৰ্ড কৰি অৰুণাচল প্ৰদেশে এক উৎকৃষ্ট প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২০ চনত ৩১৮টা অভিযোগৰ সৈতে, ৰাজ্যখনত বিভিন্ন মাধ্যমৰ জৰিয়তে এনচিএইচলৈ যোৱা গ্ৰাহকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত ২০২৪চনত ১৫,৮৬০টা গ্ৰাহকৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে। অৰুণাচলৰ অগ্ৰগতিৰ জৰিয়তে উদ্ভাৱনীমূলক প্ৰসাৰৰ পদক্ষেপ আৰু প্ৰযুক্তিগত হস্তক্ষেপৰ দ্বাৰা পৰিচালিত এন চি এইচ মঞ্চৰ ওপৰত গ্ৰাহকৰ সজাগতা আৰু বিশ্বাস বৃদ্ধি প্ৰতিফলিত কৰিছে।
এই সফলতাই দেশৰ কিছুমান আটাইতকৈ ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত গ্ৰাহক সজাগতা বৃদ্ধি আৰু ফলপ্ৰসূ অভিযোগ নিষ্পত্তি ব্যৱস্থা প্ৰদানৰ বাবে বিভাগে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ সামূহিক ফলাফল প্ৰতিফলিত কৰে।
উত্তৰ-পূবৰ ৰাজ্যসমূহে, অনন্য জনগাঁথনি আৰু আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ সৈতে, পৰম্পৰাগতভাৱে গ্ৰাহকৰ অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হৈছে। এই ৰাজ্যসমূহত এন চি এইচ-ৰ সমন্বিত প্ৰচেষ্টাৰ ফলত ৩০০%-ৰ এক আকৰ্ষণীয় বৃদ্ধি পৰিলক্ষিত হৈছে, যি ২০২০ চনত মাত্ৰ ৯১৬২টা অভিযোগৰ পৰা ২০২৪ চনত ৩৬,৬০৯ টা অভিযোগলৈ বৃদ্ধি হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশত ই-কমাৰ্চ, টেলিকম সেৱা, ডিজিটেল পেমেণ্ট, আৰু ত্ৰুটিপূৰ্ণ সামগ্ৰী আৰু সেৱাৰ দৰে খণ্ডৰ সমস্যাৰ সৈতে সম্পৰ্কিত অভিযোগৰ এক গুৰুত্বপূৰ্ণ অংশৰ সৈতে এই পৰিবৰ্তনত এক উল্লেখনীয় বিকাশ পৰিলক্ষিত হৈছে।

অৰুণাচল প্ৰদেশৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ আঁৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰক নিহিত হৈ আছেঃ
স্থানীয় প্ৰসাৰণ কাৰ্যসূচীঃ বিভাগে স্থানীয় কৰ্মশালা, সামূহিক অনুষ্ঠান, আৰু আত্মসহায়ক গোট তথা স্থানীয় বেচৰকাৰী সংগঠনৰ সৈতে সহযোগিতাৰ জৰিয়তে ৰাজ্যখনৰ দূৰৱৰ্তী আৰু জনজাতীয় অঞ্চলৰ গ্ৰাহকসকলৰ কাষ চপাক অগ্ৰাধিকাৰ দিছে। গ্ৰাম্য অঞ্চলত গ্ৰাহকৰ অভিযোগ ২০২০ চনত ৩টা অভিযোগৰ পৰা ২০২৪চনত ৩৮১টা অভিযোগলৈ দহগুণ বৃদ্ধি হৈছে। গ্ৰাহকসকলক তেওঁলোকৰ নিজৰ ভাষা আৰু সাংস্কৃতিক প্ৰসংগেৰে সম্বোধন কৰি এই হেল্পলাইনে গ্ৰাহক সুৰক্ষাৰ অধিকাৰক অধিক সম্পৰ্কিত আৰু সুলভ কৰি তুলিছে।
বৃহত্তৰ অন্তৰ্ভুক্তিৰ বাবে বহুভাষিক সমৰ্থনঃ উত্তৰ-পূবৰ ভাষিক বৈচিত্ৰ্যক স্বীকৃতি প্ৰদান কৰি, এন চি এইচ-এ কেইবাটাও আঞ্চলিক উপভাষা অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰ ভাষা সমৰ্থন সম্প্ৰসাৰিত কৰিছে, যাৰ ফলত অধিক সংখ্যক লোকে তেওঁলোকৰ মাতৃভাষাত অভিযোগ দাখিল কৰিবলৈ আৰু সহায় বিচাৰিবলৈ সমৰ্থ হৈছে। অৰুণাচল প্ৰদেশত ই বিশেষভাৱে প্ৰভাৱশালী হৈ আহিছে, য'ত ভাষিক বাধাই পূৰ্বতে গ্ৰাহকৰ অংশগ্ৰহণত বাধা দিছিল।
মহিলাৰ অংশগ্ৰহণত সবলীকৰণঃ গ্ৰাহকৰ অভিযোগ দাখিলত মহিলাৰ অংশগ্ৰহণ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে, যি গ্ৰাহকৰ অধিকাৰৰ ক্ষেত্ৰত লিংগ সমতাৰ দিশত এক উৎসাহজনক প্ৰৱণতা প্ৰতিফলিত কৰিছে। এই ক্ষেত্ৰত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণে বিশেষকৈ ন্যায় আৰু দায়বদ্ধতা লাভৰ সন্দৰ্ভত অধিক সবলীকৰণ আৰু স্বায়ত্তশাসনৰ দিশত বিস্তৃত সামাজিক পৰিৱৰ্তনৰ ইংগিত দিয়ে।

ডিজিটেল সজাগতা অভিযানঃ ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ সৈতে সংগতি ৰাখি, বেছিভাগ অভিযোগ এনচিএইচ ৱেব প 'ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা হৈছে, যি ডিজিটেল সম্পৰ্কৰ দিশত এক নিৰ্দিষ্ট পৰিৱৰ্তন চিহ্নিত কৰিছে। গ্ৰাহকৰ অভিযোগৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। এয়া ২০২০ চনত ৯৮ৰ পৰা ২০২১ চনত ৩৮৪,২০২২ চনত ৮৫৫, ২০২৩ চনত ২,৯৪১ আৰু ২০২৪ চনত ১৫,২৩০ লৈ বৃদ্ধি হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ গ্ৰাহকৰ অভিযোগ ৫১৭% বৃদ্ধি হৈছে। এই পৰিৱৰ্তনে গ্ৰাহকৰ দ্বাৰা প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, দ্ৰুত, অধিক দক্ষ প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান আৰু ডিজিটেল সবলীকৰণৰ বৃহৎ লক্ষ্যত অৰিহণা যোগোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গ্ৰাহক পৰিক্ৰমা বিভাগে "জাগো গ্ৰাহক জাগো"ৰ অধীনত দেশজুৰি মাল্টিমিডিয়া সজাগতা অভিযান চলাই আৰু উত্তৰ-পূব অঞ্চলকে ধৰি সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ কাষ চাপিবলৈ 'জাগৃতি শুভংকৰ' ব্যৱহাৰ কৰি গ্ৰাহক সজাগতা সৃষ্টি কৰি আহিছে। অল ইণ্ডিয়া ৰেডিঅ', দূৰদৰ্শন, মেলা আৰু উৎসৱ আদিৰ দৰে পৰম্পৰাগত মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়া, ইউটিউব, চিনেমা থিয়েটাৰ আদিৰ দৰে ডিজিটেল মাধ্যম গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। সৰল বাৰ্তা আৰু জিংগলৰ জৰিয়তে গ্ৰাহকসকলক গ্ৰাহকৰ অধিকাৰ, অন্যায় বাণিজ্য পদ্ধতি, গ্ৰাহকৰ সমস্যা আৰু সমাধান বিচৰাৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰা হয়।
২০২৪-২৫ ত, বিভাগে উত্তৰ পূৰ্বাঞ্চলত সজাগতা সৃষ্টিৰ বাবে নিম্নলিখিত প্ৰচাৰ অভিযান চলায়।
- জুন মাহত টি-২০ বিশ্বকাপৰ সময়ত আকাশবাণীৰ অভিযান।
- উত্তৰ পূৰ্বাঞ্চলত গ্ৰাহকমুখী বাৰ্তাৰ সৈতে এন এফ ডি চি-ৰ জৰিয়তে আই ভি আৰ এছ অভিযান।
- স্থানীয় পৰ্যায়ত গ্ৰাহক সজাগতা সৃষ্টিৰ বাবে ছিকিম আৰু অৰুণাচল প্ৰদেশক অনুদান মুকলি কৰা।
- উপভোক্তা-কেন্দ্ৰিক অধিকাৰ আৰু বিষয়সমূহ সন্দৰ্ভত পঞ্চায়ত সমূহৰ সামৰ্থ্য নিৰ্মাণ কাৰ্যসূচীৰ অংশ হিচাপে, বিভাগে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ সহযোগিতাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পঞ্চায়তসমূহৰ প্ৰতিনিধিসকলক গ্ৰাহক সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ তেওঁলোকৰ সৈতে ভাৰ্চুৱেল মত বিনিময়মূলক অধিৱেশনৰ আয়োজন কৰিছে।২০২৪ চনৰ ২০ ডিচেম্বৰত অসম ৰাজ্যৰ সৈতে প্ৰথম অধিৱেশন অনুষ্ঠিত হয়।
অৰুণাচল প্ৰদেশৰ সফলতাৰ ওপৰত ভিত্তি কৰি গ্ৰাহক পৰিক্ৰমা বিভাগে এতিয়া অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমকে ধৰি উত্তৰ-পূবৰ আন ৰাজ্যসমূহত এনচিএইচৰ প্ৰৱেশ অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
পৰৱৰ্তী পৰ্যায়ত গুৰুত্ব দিয়া হ’বঃ
- ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ সৈতে একত্ৰীকৰণঃ অভিযোগ নিষ্পত্তি সুচল কৰি তুলিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয়।
- প্ৰযুক্তিগত উন্নয়নঃ অভিযোগসমূহক অগ্ৰাধিকাৰ দিয়া আৰু দ্ৰুতভাৱে সমাধান কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত বৈশিষ্ট্যৰ সৈতে এনচিএইচ প্লেটফৰ্মৰ সম্প্ৰসাৰণ।
- যুৱ অংশগ্ৰহণ কাৰ্যসূচীঃ ডিজিটেল সেৱা আৰু ই-কমাৰ্চৰ প্ৰাথমিক ব্যৱহাৰকাৰী যুৱ চামক জড়িত কৰাৰ বাবে বিশেষ প্ৰচাৰ।
- প্ৰতিক্ৰিয়া আৰু নিৰীক্ষণ প্ৰণালীঃ সেৱাৰ নিৰন্তৰ উন্নতি নিশ্চিত কৰিবলৈ প্ৰতিক্ৰিয়া প্ৰণালী শক্তিশালী কৰা।
এই কৌশলগত দৃষ্টিভংগীয়ে অৰুণাচল প্ৰদেশত স্পষ্ট ফলাফল প্ৰদান কৰিছে। গ্ৰাহকসকলে এতিয়া তেওঁলোকৰ অভিযোগবোৰ তৎক্ষণাত সমাধান কৰা হ'ব বুলি জানি উদ্বেগ প্ৰকাশ কৰিবলৈ অধিক ক্ষমতাশালী অনুভৱ কৰিছে। তদুপৰি, সজাগতা অভিযানে গ্ৰাম্য সম্প্ৰদায়সমূহক বিশেষকৈ অনলাইন কেলেঙ্কৰী, বিভ্রান্তিমূলক বিজ্ঞাপন আৰু নিম্নমানৰ সেৱাৰ দৰে বিকশিত প্ৰত্যাহ্বানৰ সম্পৰ্কত তেওঁলোকৰ অধিকাৰসমূহ ভালদৰে বুজি পোৱাত সহায় কৰিছে।
অৰুণাচল প্ৰদেশ আৰু বিস্তৃত উত্তৰ-পূব অঞ্চলৰ গুৰুত্বপূৰ্ণ অগ্ৰগিতয়ে এনে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভাগৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে য'ত গ্ৰাহকসকলে তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত হয়, নিৰ্ভৰযোগ্য অভিযোগ নিষ্পত্তি প্ৰণালীত প্ৰৱেশাধিকাৰ লাভ কৰে, আৰু ব্যৱসায়সমূহক দায়বদ্ধ কৰি ৰাখিবলৈ সমৰ্থবান অনুভৱ কৰে।
গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত থকা ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনে (এনচিএইচ) সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱা উদ্দেশ্যে এক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে। চলিত প্ৰকল্পৰ অংশ হিচাপে, এন চি এইচ-এ আঞ্চলিক ভাষাসমূহক সমৰ্থন কৰা এটা চেটবট বৈশিষ্ট্য একত্ৰিত কৰাৰ দিশত কাম কৰি আছে, যাৰ ফলত দেশৰ প্ৰতিটো কোণৰ গ্ৰাহকৰ সহায় অধিক সুলভ হৈ পৰিছে। এই চেটবটটো প্ৰৱৰ্তন কৰি, বিভাগে ভাষাৰ বাধা নেওচি বিভিন্ন ভাষিক পটভূমিৰ গ্ৰাহকসকলে যাতে যোগাযোগৰ প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ সহজে তথ্য লাভ কৰিব পাৰে, অভিযোগ পঞ্জীয়ন কৰিব পাৰে আৰু সমস্যা সমাধান কৰিব পাৰে সেয়া নিশ্চিত কৰিব বিচাৰিছে। ডিজিটেল প্ৰৱেশাধিকাৰ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ইয়াৰ জৰিয়তে ইংৰাজী বা হিন্দীৰ সীমিত জ্ঞান থকা গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলৰ ব্যক্তিসকলৰ সক্ষমতা বৃদ্ধি হয়।একাধিক ভাষাত বাস্তৱ-সময়ৰ সহায় আগবঢ়োৱাৰ জৰিয়তে, ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন গ্ৰাহকৰ অধিকাৰ সুৰক্ষা শক্তিশালী কৰিবলৈ আৰু অধিক সজাগতা বৃদ্ধি কৰিবলৈ সাজু হৈ উঠাৰ ফলত সকলোৰে বাবে এক অধিক অন্তৰ্ভুক্তিমূলক আৰু সঁহাৰি প্ৰদান কৰা ব্যৱস্থাৰ সৃষ্টি হয়।
অভিযোগ নিষ্পত্তিৰ ইতিবাচক ফলঃ অৰুণাচলপ্ৰদেশত ইয়াৰ প্ৰভাৱ
পাপুম পাৰেৰ এজন গ্ৰাহকে অনলাইন খুচুৰা বিক্ৰেতাৰ পৰা লাভ কৰা সামগ্ৰীৰ ধন ঘূৰাই দিয়াৰ সন্দৰ্ভত এটা আপত্তি উত্থাপন কৰে। ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন (এনচিএইচ)ৰ হস্তক্ষেপৰ পাছত অভিযোগ পঞ্জীয়নৰ ৩ দিনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ সুবিধা কৰি দিয়া হয়, যাৰ ফলত ই-কমাৰ্চ প্লেটফৰ্মৰ ওপৰত গ্ৰাহকৰ আস্থা বৃদ্ধি পায়। তদুপৰি, গ্ৰাহকৰ ইতিবাচক প্ৰতিক্ৰিয়াই, এনচিএইচৰ ওপৰত তেওঁলোকৰ বৰ্ধিত আস্থা প্ৰতিফলিত কৰে।
নামনি সোৱনশিৰীৰ এজন গ্ৰাহকে তেওঁৰ অৰ্ডাৰ কৰা সামগ্ৰী অৰ্থাৎ ১১,০৭৯ টকাৰ স্ক্ৰেম্বলাৰৰ আসন ৪১ দিনৰ পৰা প্ৰেৰণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন (এনচিএইচ)ৰ হস্তক্ষেপত ৪ দিনৰ ভিতৰতে তেওঁৰ সামগ্ৰী প্ৰেৰণ কৰা হয়। তদুপৰি গ্ৰাহকে তেওঁৰ অভিজ্ঞতা এইদৰে শ্বেয়াৰ কৰে “টীম গ্ৰাহক হেল্পলাইনক বহুত ধন্যবাদ। তেওঁলোকে মোৰ স্ক্ৰেম্বলাৰৰ আসনখন ৪ মে’ ২০২২ত প্ৰেৰণ কৰে।”
পশ্চিম কামেঙৰ এজন গ্ৰাহকে বিমান সংস্থাই সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ নিশ্চয়তা দিয়াৰ পাছতো বাতিল হোৱা বিমানৰ বাবে ধন ঘূৰাই দিয়াত পলম হোৱাৰ বিষয়ে এটা অভিযোগ উত্থাপন কৰে। ধন ঘুৰোৱাৰ কাম আৰম্ভ কৰা হোৱা নাছিল যদিও এনচিএইচৰ হস্তক্ষেপত ৬ দিনৰ ভিতৰতে ধন ঘুৰোৱাৰ কাম কৰা সম্পূৰ্ণ হয়। গ্ৰাহকজনে প্ৰশংসা প্ৰকাশ কৰি কয়, "আপোনালোকে এটা উৎকৃষ্ট কাম সম্পন্ন কৰিলে।"
পূব ছিয়াঙৰ এজন গ্ৰাহকে ভুৱা টোনাৰ কাৰ্টিজ লাভ কৰাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰে। সামগ্ৰীটো ঘূৰাই দিয়া হৈছিল যদিও কোম্পানীয়ে ধন ঘূৰাই দিয়াৰ কাম আৰম্ভ কৰা নাছিল। এন চি এইচৰ হস্তক্ষেপৰ ফলত ৪ দিনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ কাম সম্পন্ন হয়। গ্ৰাহকে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, "ধন্যবাদ, মই ধন ঘূৰাই পালোঁ।"
Abhishek Dayal/Nihi Sharma/DD
(Release ID: 2105013)
Visitor Counter : 48