@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৰোড টু গেম জেম

 Posted On: 18 FEB 2025 5:48PM |   Location: PIB Guwahati

ভাৰতৰ গেম ডেভেলপাৰসকলক সৱলীকৰণ

আৰম্ভণি

“ৰোড টু গেম জেম” হৈছে ভাৰতৰ গেম ডেভেলপাৰসকলৰ বাবে তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনী শক্তি প্ৰদৰ্শন কৰাৰ এক উত্তেজনাপূৰ্ণ সুযোগ। ইণ্ডিয়া গেম ডেভেলপাৰ এছোচিয়েচন (জিডিএআই) আৰু ক্ৰেটোস গেমাৰ নেটৱৰ্ক (কেজেন)-ৰ সহযোগত আয়োজিত এই উদ্যোগটো ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন ১ৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ৱেভছৰ পিলাৰ ২ৰ অধীনত পৰে, যিটো এভিজিচি-এক্সআৰ (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিকছ আৰু অগমেন্টেড ৰিয়েলিটি/ভাৰ্চুৱেল ৰিয়েলিটি আৰু মেটাভাৰ্ছ)ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানটোৱে গেম ডেভেলপাৰসকলক এক দ্ৰুতগতিত বিকশিত হৈ থকা উদ্যোগত আধুনিক ডিজাইন আৰু সৃষ্টিশীল ধাৰণা প্ৰদৰ্শন কৰি গেমিঙৰ ভৱিষ্যত গঢ় দিবলৈ এক প্লেটফৰ্ম প্ৰদান কৰে।

পঞ্জীয়ন আৰু শেষ তাৰিখ

অনুষ্ঠানটোৰ পঞ্জীয়ন ১৬ ফেব্ৰুৱাৰী, ২০২৫ লৈকে খোলা আছিল আৰু ইয়াৰ আৰম্ভণিৰ পৰাই ৫,৫৬৯ গেম ডেভেলপমেণ্ট উত্সাহীয়ে এই কাৰ্যসূচীত পঞ্জীয়ন কৰিছে। এই প্ৰত্যাহ্বানৰ ফলাফল ১৬ মাৰ্চ, ২০২৫ তাৰিখে ঘোষণা কৰা হ’ব, যিয়ে ডেভেলপাৰসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি গেমিং উদ্যোগত স্বীকৃতি লাভ কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। গেম জেম হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা, যিটো ভাৰতৰ গেম ডেভেলপমেণ্ট উদ্যোগত সৃষ্টিশীলতা আৰু উদ্ভাৱনক জ্বলাই তুলিবলৈ লক্ষ্য ৰাখিছে।

গেম ডেভেলপমেণ্টৰ ছাত্ৰ আৰু যুৱ গেম ডেভেলপাৰ উত্সাহীয়ে ইয়াত অংশগ্ৰহণ কৰিছে।

গেম জেমৰ থীমসমূহ


ইয়াত গেম জেমৰ বাবে অনন্য থীমসমূহ দিয়া হৈছে, যিবোৰ উদ্ভাৱনী কাহিনী বৰ্ণনা আৰু গেমপ্লেৰ বাবে অনুপ্ৰাণিত কৰিবলৈ ডিজাইন কৰা হৈছে:

পুৰস্কাৰ

গেম ডেভেলপাৰসকলৰ বাবে এই প্ৰতিযোগিতাই অমূল্য প্ৰদৰ্শনী, মেণ্টৰশ্বিপৰ সুযোগ আৰু উচ্চপ্ৰফাইল প্লেটফৰ্ম আৰু উদ্যোগৰ সংযোগৰ জৰিয়তে তেওঁলোকৰ কেৰিয়াৰ আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰে।

উত্‍সসমূহ:

 পিডিএফত চাবলৈ ইয়াত ক্লিক কৰক:

 

 

*****

Santosh Kumar/ Sarla Meena/ Kamna Lakaria/AA


Release ID: (Release ID: 2104867)   |   Visitor Counter: 46