প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতে এআইৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, ইয়াক জনহিতৰ বাবে ব্যৱহাৰ কৰিছে: প্ৰধানমন্ত্ৰী

আমি বিশ্বক আমাৰ দেশলৈ আহি বিনিয়োগ কৰিবলৈ আৰু আমাৰ যুৱ শক্তিৰ ওপৰত বাজি ধৰিবলৈ আহ্বান জনাইছো!: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 12 FEB 2025 2:02PM by PIB Guwahati

ভাৰতে এআইৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু জনহিতৰ বাবে ইয়াক ব্যৱহাৰ কৰি আছে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক ভাৰতলৈ আহি বিনিয়োগ কৰিবলৈ আৰু আমাৰ যুৱ শক্তিৰ ওপৰত বাজি ধৰিবলৈ আহ্বান জনায়।

গুগল এণ্ড এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুন্দৰ পিচাইৰ সৈতে হোৱা বৈঠকত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত তেওঁৰ পোষ্টৰ উত্তৰত প্ৰতি নিম্নলিখিত ধৰণে সঁহাৰি জনায় ঃ

“@sundarpichai আপোনাক লগ পাই আনন্দিত হৈছোঁ। ভাৰতে এআইৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, ইয়াক জনহিতৰ বাবে ব্যৱহাৰ কৰি আছে। আমি বিশ্ববাসীক আহ্বান জনাইছো যে আমাৰ দেশলৈ আহি বিনিয়োগ কৰক আৰু আমাৰ যুৱ শক্তিৰ ওপৰত বাজি লগাওক!”

 

*****

MJPS/SR/KD


(रिलीज़ आईडी: 2104748) आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam