নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰে

'মোৰ ব্যক্তিগত পৰিচয়ৰ সৈতে চাবুৱাৰ সম্পৰ্ক আছে। ইয়াৰ উন্নয়ন মোৰ বাবে আনন্দৰ কথা আৰু ইয়াত উপস্থিত থকা সকলোৰে বাবে গৌৰৱৰ বিষয়': কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

"স্পষ্ট দৃষ্টিভংগী অত্যন্ত গুৰুত্বপূৰ্ণ। সেইবাবে আমাৰ এটা দৃষ্টিকোণ থাকিব লাগে যে ৫০ বছৰৰ পাছত আমি ডিডিআৰ চাবুৱাক ক'ত কল্পনা কৰিম": সৰ্বানন্দ সোনোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ খাৰজান চাহ বাগিচাৰ চাৰিটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

प्रविष्टि तिथि: 24 DEC 2024 6:17PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ দাখা দেৱী ৰাচিৱাছিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান অংশগ্ৰহণ কৰে আৰু সোনালী জয়ন্তীৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এখন সফল শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনিক আগত ৰাখি ডিডিআৰ মহাবিদ্যালয় আগন্তুক নিৰ্মণ বিশ্ব মানদণ্ডৰ হ'ব। 


এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্বানন্দ সোনোৱালে মহাবিদ্যালয় খনে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান বিশেষকৈ চাবুৱাৰ ভিতৰুৱা অঞ্চল আৰু পিছপৰা অঞ্চল সমূহত আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ কয়- স্বভাৱিক ভাবেই চাবুৱা মোৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত আৰু ইয়াৰ উন্নয়ন মোৰ বাবে সুখৰ বিষয়। আৰু এনেধৰণৰ গৌৰৱবোধ ইয়াত উপস্থিত থকা প্ৰতিজনৰ বাবেই গুৰুত্বপূৰ্ণ। তাৰ পিছত তেওঁ উল্লেখ কৰে " বিগত গৌৰৱোজ্জ্বল ৫০ বছৰে শিক্ষানুষ্ঠান খনে সন্মুখীন হৈ অহা সমস্যা আৰু প্ৰত্যহ্বানৰ কথা মই ভালদৰে জানো। প্রত্যহ্বানৰ সাগৰত হে কোনো লোকে সমাধানৰ পথৰ সন্ধান কৰিব পাৰে।"


মাননীয় মন্ত্ৰী গৰাকীয়ে স্পষ্ট দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই প্ৰসংগত কয়- স্পষ্ট দৃষ্টিভংগী আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে আমাৰ এটা দৃষ্টিকোণ থাকিব লাগে যে ৫০ বছৰৰ পাছত আমি ডিডিআৰ চাবুৱাক ক'ত কল্পনা কৰিম। স্পষ্ট দৃষ্টিভংগীৰ ক্ষেত্ৰত তেওঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৰ দেশৰ প্ৰগতিৰ যি স্পষ্ট দৃষ্টিভংগী ইয়াৰ দ্বাৰা অনুপ্ৰাণিত আৰু তেওঁ উল্লেখ কৰে যাৰ জৰিয়তে ২০১৪ চনত বিশ্বৰ ১১ নং স্থানৰ পৰা কি দৰে এনে মনোভাৱে ভাৰতক পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হোৱাত সহায় কৰিছে। তেওঁ কয় এই স্পষ্ট দৃষ্টিভংগীৰ বাবেই বিশ্ব অৰ্থনীতি ব্যৱস্থাৰ পৰা অৱহেলিত ৫৪ কোটি লোকক প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ অন্তৰালত একাউন্টৰ ব্যৱস্থা কৰি দিয়া হয়। এনে ধৰণৰ আঁচনিয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি উঠাত সহায় কৰিব।


শিক্ষানুষ্ঠান খনৰ ভৱিষ্যত দৃষ্টিকোণৰ সন্দৰ্ভত তেওঁ কয়- ছাত্ৰ- ছাত্ৰী, অভিভাৱক আৰু শিক্ষক এখন শিক্ষানুষ্ঠানৰ তিনিটা স্তম্ভ। এই তিনিওটা ৰ কৰ্তব্য হ'ল সকলো মিলি এটা ৰণকৌশল প্ৰস্তুত কৰা যাৰ জৰিয়তে ডিডিআৰ চাবুৱাৰ পৰা শিক্ষা গ্ৰহণ কৰা প্ৰতিজনে মানৱ সমাজৰ উন্নয়নত যাতে অংশীদাৰ হয়।

ইয়াৰ পৰৱৰ্তী দিনা মাননীয় মন্ত্ৰী গৰাকীয়ে খাৰজান চাহ বাগিচাৰ চাৰিটা উন্নয়নমুকল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উনাইটেড ফাণ্ড ইছকিম আৰু এমপিএলএডিএছ পুঁজিৰ অন্তৰালত হোৱা এই উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা উপকৃত হ'ব চাবুৱা এলএচি ৰ অন্তৰ্গত বিন্ধাকতা, বালিজান, খাৰজান আৰু পনিতোলা অঞ্চলৰ ৰাইজ। চাহ বাগিচাৰ লোকসকলৰ সৈতে তেওঁৰ যি আত্মিক সম্পৰ্ক সেই বিষয় উল্লেখ কৰি বিগত সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত তেওঁলোকে দেখুৱাই অহা মৰম, আদৰ, সহায়ৰ বাবে সকলোকে ধন্যবাদ জনায় মন্ত্ৰী গৰাকীয়ে। তেওঁ উল্লেখ কৰে তেওঁলোকৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কই তেওঁলোকৰ সমস্যা সমূহ বুজি পোৱাত সহায় কৰিছে। কংগ্ৰেছ শাসন কালত দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে কেৱল অভিনয় কৰিছিল। বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত চাহ বাগিচাৰ ভাতৃ ভগ্নী সকলৰ জীৱনৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবে প্ৰকৃত অৰ্থত কাম কৰিছে। সেইয়া পথ নিৰ্মান, চাহ বাগিচাৰ বিদ্যালয়ত শিক্ষক নিযুক্তি, ১২০০০ কৈ গৰ্ভৱতী সকল প্ৰদান, ১০০০০ টকা কৈ ৮.৫ লাখ লোকৰ একাউণ্টত প্ৰদান। দৰিদ্ৰতা নিৰ্মূলৰ বাবে বৰ্তমানৰ এনডিএ চৰকাৰে সকলো দিশৰ পৰা কাম কৰিছে। এইয়া কেৱল সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট দৃষ্টিভংগীৰ বাবে আৰু জীৱনৰ আৰম্ভণিতে এজন চাহ বিক্রেতা হিচাপে তেওঁ দৰিদ্ৰতাক ওচৰৰ পৰা দেখিছে।


চৰকাৰী চাকৰি লাভ কৰা চাহ বাগিচাৰ ৫ জন মেধা শিক্ষাৰ্থীৰ কথা উল্লেখ কৰি তেওঁ কয়: নিজৰ একাগ্ৰতা  আৰু কষ্টৰ দ্বাৰা তেওঁলোক এটকাও ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰিছে। যিটো কংগ্ৰেছ চৰকাৰৰ দিনত ৬০ বছৰে এইটো অসম্ভৱ আছিল। ২০১৬ চনৰ পৰা ৰাজ্যত বিজেপি ৰ নেতৃত্বত এনডিএ কৰি অহা কামৰ বাবে এইয়া সম্ভৱ হৈ উঠিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক সকলো চাহ শ্ৰমিক সকলে পকী বাসগৃহ, বিদ্যুৎত সুবিধা, ৰন্ধন গেছ সমান্তৰাল কৈ পকী শৌছালয় লাভৰে অৱশেষত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে।

 

GDH/THR/DS


(रिलीज़ आईडी: 2104648) आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Tamil