তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দূৰদৰ্শনক হকী ইণ্ডিয়া লীগ 2024-25 ৰ বাবে আনুষ্ঠানিক সম্প্ৰচাৰ অংশীদাৰ হিচাপে ঘোষণা কৰা হৈছে
দূৰদৰ্শনৰ অপৰিসীম জনপ্ৰিয়তা আৰু ইয়াৰ ক্ৰীড়াৰ প্ৰতি থকা দায়বদ্ধতা হকীক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্যৰ লগত মিল আছে
Posted On:
12 DEC 2024 6:16PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে হকী ইণ্ডিয়া লীগৰ সৈতে অংশীদাৰীত্ব কৰি ভাৰত কা গেম হকীক দেশজুৰি উৎসৱলৈ পৰিৱৰ্তন কৰিছে আৰু হকী খেলুৱৈসকলক সমগ্ৰ দেশতে চিনাকী কৰি তুলিছে। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হকী ইণ্ডিয়া লীগৰ (এইচআইএল) বাবে ২০২৪ বৰ্ষটো ঐতিহাসিক, কিয়নো ই এই বহু প্ৰত্যাশিত পুৰুষ প্ৰতিযোগিতা আৰু মহিলা হকী ইণ্ডিয়া লীগ দুয়োটাআৰম্ভ কৰাটো চিহ্নিত কৰে। ২৮ ডিচেম্বৰ ২০২৪ ত আৰম্ভ হব লগা হকী ইণ্ডিয়া লীগ (এইআইএল) হ'ব ঐতিহাসিক কাৰণ এইবাৰ উদ্বোধনী হব মহিলাৰ হকী ইণ্ডিয়া লীগৰ প্ৰথম বৰ্ষ আৰু লগতে অনুষ্ঠিত হব অতি অপেক্ষাৰত পুৰুষৰ প্ৰতিযোগিতা।
ভাৰতীয় ক্ৰীড়াক প্ৰচাৰৰ ক্ষেত্ৰত পূৰ্বৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা লোৱাত নাম থকা দূৰদৰ্শনে হকী ইণ্ডিয়া লীগত দেশৰ কোটি কোটি জনাত বাবে ৰোমাঞ্চকৰ অনুষ্ঠান লৈ আহিব। লীগত থাকিব ৮ টা পুৰুষৰ দল, ৪ টা মহিলাৰ দল। ৰৌকেলা আৰু ৰাঁচীত অনুষ্ঠিত হব প্ৰতিযোগিতা। য'ত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰতিভা প্ৰদৰ্শন হ'ব। মহিলা হকী প্ৰথম সংস্কৰণৰ দ্বাৰা হকী ইণ্ডিয়া লীগে ক্ৰীড়া ক্ষেত্ৰত মহিলাৰ সমতা আৰু বৃহৎ মঞ্চত মহিলা হকীক প্ৰচাৰৰ বাবে দায়বদ্ধ।
দেশৰ প্ৰতিটো প্ৰান্তলৈ হকীক লৈ যোৱাৰ চেষ্টা:
সন্থাৰ সন্দৰ্ভত হকী ইণ্ডিয়া লীগৰ সমিতি অধ্যক্ষ ডঃ দিলীপ তিৰকীয়ে কয়: হকী ইণ্ডিয়াৰ অফিচিয়ে সংগী হিচাপে দূৰদৰ্শনক লাভ কৰি আমি অত্যন্ত উৎসাহী। হকী ইণ্ডিয়াত মহিলা দলৰ অভিশেষ আৰু ইয়াক প্ৰচাৰ কৰাটো বিশেষ মাইলৰ খুটি এইবছৰৰ। হকীক দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ যিটো আমাৰ লক্ষ্য ই দূৰদৰ্শনৰ সুদূৰপ্ৰসাৰী প্ৰচাৰ আৰু ক্ৰীড়া প্ৰতি যি দায়বদ্ধতা সেইয়া একেই। একেলগে আমি কোটি কোটি জনতাক অনুপ্ৰাণিত কৰি হকীক উচ্চস্তৰলৈ লৈ যোৱাৰ লক্ষ্য।
হকী ইণ্ডিয়া লীগ সমিতিৰ গাভৰ্নিং সদস্য ভোলা নাথ সিঙে কয়- হকী কেৱল মাত্ৰ এটা খেলতকৈ বহু বেছি, ই আমাৰ একতা আৰু গৌৰৱৰ প্ৰতীক। মহিলাৰ হকী ইণ্ডিয়া লীগৰ সংস্কৰণে ক্ৰীড়া ক্ষেত্ৰত মহিলা খেলুৱৈৰ সমতা আৰু পৰিচয়ক আগুৱাই নিব। দূৰদৰ্শনৰ সৈতে আমি এইবাৰ হকী ইণ্ডিয়া লীগৰ নিদর্শনীয় প্ৰদৰ্শনৰ বাবে সাজু। হকীয়ে আমাক সংযোগ কৰে আৰু সহযোগে আমাক সম্পৰ্ক দৃঢ় কৰে।
প্ৰচাৰ ভাৰতীৰ চিইঅ' শ্ৰী গৌৰৱ দৃবেদীয়ে কয়- হকী ইণ্ডিয়া লীগৰ সহযোগী হোৱাটো দূৰদৰ্শনৰ বাবে সৌভাগ্যৰ বিষয়, যি এনে এখন মঞ্চ য'ত ৰাষ্ট্ৰীয় ক্ৰীড়াক উদযাপন কৰা হ'ব আৰু দেশৰ বিভিন্ন সম্প্ৰদায়ক একত্ৰিত কৰা হ'ব। আমাৰ প্ৰচাৰৰ দ্বাৰা হকীৰ এক ৰোমাঞ্চকৰ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্য কৰা হ'ব আৰু বিশেষকৈ মহিলা হকী ইণ্ডিয়া লীগৰ। নগৰ আৰু গ্ৰাম্য প্ৰতিটো প্ৰান্তৰ দৰ্শক সকলক সংযোগ কৰি লীগৰ প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰা হ'ব।
এতিয়া দেশৰ প্ৰতিটো চুক-কোন আৰু গাঁৱৰ দৰ্শকে দূৰদৰ্শনৰ জৰিয়তে উপভোগ কৰিব পাৰিব হকী ইণ্ডিয়া লীগৰ পোনপটীয়া সম্প্ৰচাৰ।
দূৰদৰ্শনৰ লগত হকী ইণ্ডিয়াৰ ঐতিহাসিক চুক্তি ইতিমধ্যে দেশৰ অন্যান্য চেম্পিয়নচিপলৈ প্ৰসাৰিত হৈছে। অনাগত সময়ত হকী ইণ্ডিয়া নেশ্যনেল চম্পিয়নচিপৰ বিভিন্ন পৰ্যায়ৰ খেল সমান্তৰালকৈ হকী ইণ্ডিয়াৰ অধীন ভাৰতৰ সকলো হকী ইভেণ্ট সম্প্ৰচাৰ হ'ব দূৰদৰ্শনত।
(Release ID: 2104627)
Visitor Counter : 15