তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইলেক্ট্ৰ'নিক সংগীত প্ৰযোজক আৰু ডিজেৰ বাবে ৱেভছ ২০২৫ হৈ পৰিছে এখন বিশেষ মঞ্চ : ‘ৰিজ'নেটঃ দ্য ইডিএম চেলেঞ্জ’

সংগীতৰ ইডিএম ধাৰাৰ অনুশীলনকাৰীসকলৰ প্ৰতিভা প্ৰদৰ্শনৰ অৰ্থে ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’

Posted On: 18 FEB 2025 7:12PM by PIB Guwahati

 

যদি আপুনি এজন ইলেক্ট্ৰ'নিক সংগীত প্ৰযোজক আৰু ডিজেৰ প্ৰতি আগ্ৰহী, তেন্তে বিশ্ব অডিঅ' ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (WAVES) ২০২৫-এ  আপোনাৰ প্ৰতিভা প্ৰদৰ্শনৰ চূড়ান্ত মঞ্চ হিচাবে পৰিগণিত হ'ব পাৰে! ভাৰতীয় সংগীত উদ্যোগে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ৰ অংশ হিচাপে ‘ৰিজ'নেটঃ  দ্য  ইডিএম  চেলেঞ্জ’ৰ আয়োজন কৰিছে৷  যি প্ৰত্যাহ্বানে  আপোনাৰ সৃষ্টিশীল প্ৰতিভা আৰু নতুনত্বক দৃশ্য, শ্ৰাব্য  আৰু মনোৰঞ্জনৰ জগতখনত প্ৰদৰ্শন কৰাৰ এক ৰোমাঞ্চকৰ সুযোগ প্ৰদান কৰিছে। এই প্ৰত্যাহ্বানৰ জৰিয়তে সংগীত সংযোজন, ইলেক্ট্ৰ'নিক সংগীত আৰু ডিজে সম্পৰ্কীয়  শিল্পকলাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি  শক্তিশালী কৰিব বিচৰা হৈছে।

 

“ৰেজনেট: দ্য ইডিএম চেলেঞ্জ” ব্যক্তিগত শিল্পী আৰু সৃষ্টিশীল দলসমূহে উদ্যোগ বিশেষজ্ঞ, ভাৰতীয় সংগীতৰ গ্ৰাহক আৰু বিশ্বব্যাপী দৰ্শকৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিবলৈ তথা  ইলেক্ট্ৰ'নিক সংগীতৰ প্ৰতি থকা আকৰ্ষণক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিলৈ ৰূপান্তৰিত কৰিবলৈ মুকলি থাকিব। এই মঞ্চ  উদীয়মান আৰু অভিজ্ঞ সংগীতজ্ঞ উভয়ৰে বাবে দুটা ৰোমাঞ্চকৰ  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মুকলি থাকিব:

 

প্ৰাৰম্ভিক ৰাউণ্ড: অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ মূল ইডিএম ট্ৰেকসমূহ অনলাইনত জমা দিব লাগিব, যিবোৰ উদ্যোগ বিশেষজ্ঞৰ পেনেলে শীৰ্ষ ১০ টা প্ৰৱেশৰ তালিকাভুক্ত  কৰিবলৈ মূল্যায়ন কৰিব।

গ্ৰেণ্ড ফাইনেল: চূড়ান্ত প্ৰতিযোগীসকলে ৱেভছ ২০২৫ ত লাইভত অনুষ্ঠান পৰিৱেশন কৰিব, বিশিষ্ট জুৰী আৰু বিশ্বব্যাপী দৰ্শকৰ সন্মুখত শীৰ্ষ সন্মানৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

বিজয়ীসকলে যথেষ্ট পৰিমাণৰ নগদ পুৰস্কাৰ (গ্ৰেণ্ড প্ৰাইজ বিজয়ীৰ বাবে ২,০০,০০০  টকা  আৰু ৰানাৰ্ছ আপৰ বাবে ৫০,০০০ টকা) লাভ কৰিব, লগতে প্ৰচাৰ সম্পৰ্কীয় বিষয়ত   অংশগ্ৰহণ কৰাৰ, আন্তঃৰাষ্ট্ৰীয় পৰিচয় লাভ কৰাৰ আৰু বিশ্বব্যাপী মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিব।

 

এই প্ৰত্যাহ্বানৰ  বিষয়ে বিতং তথ্য লাভ কৰিবলৈ  অনুগ্ৰহ কৰি ৱেবছাইট https://indianmi.org/resonate-the-edm-challenge/ চাওক।

 

প্ৰতিযোগিতাৰ চৰ্ত আৰু নিয়মৰ সৈতে নিজকে পৰিচিত কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ। প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ নিয়ম আৰু মাপকাঠীৰ বিষয়ে বিতংভাৱে জানিবলৈ অনুগ্ৰহ কৰি তলত দিয়া লিংকটো চাওক:Terms and Conditions.

 

অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ শেষ তাৰিখ ১০ মাৰ্চ, ২০২৫।অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ অংশগ্ৰহণৰ আগ্ৰহৰ বিষয়ে  wavesatinfo@indianmi.org ত মেইল ​​কৰিব লাগিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ অংশগ্ৰহণৰ বিৱৰণ জমা দিবলৈ প্ৰদান কৰা টেমপ্লেট ব্যৱহাৰ কৰিব লাগিব, যিটো তলত দিয়া লিংকত পাব : : Submission Template.

 

ৱেভছ ২০২৫ৰ  বিষয়ে:

 

ৱেভছ ২০২৫  হৈছে সংবাদ মাধ্যম, মনোৰঞ্জন  আৰু প্ৰযুক্তি খণ্ডত উদ্ভাৱন, সৃষ্টিশীলতা আৰু সহযোগিতাক লাভাৱান্বিত কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইৰ জিঅ’ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এক বিশ্বব্যাপী সন্মিলন। ৱেভছ- এ সৃষ্টিকৰ্তা, উদ্যোগৰ নেতা আৰু বিনিয়োগকাৰীসকলক একত্ৰিত কৰি এনিমেচন, গেমিং, ভিজুৱেল ইফেক্ট, আৰু এক্সআৰ (এক্সটেণ্ডেড ৰিয়েলিটি)ৰ নতুন সুযোগ অন্বেষণ কৰিব। এভিজিচি-এক্সআৰ খণ্ডত ভাৰতক বিশ্বৰ শক্তিশালী কেন্দ্ৰ  হিচাপে স্থান দিয়াৰ দৃষ্টিভংগীৰে ৱেভছ ২০২৫ এ দক্ষতা বিকাশ, উদ্যোগীৰ সৃষ্টি আৰু সীমা অতিক্ৰম কৰি সহযোগিতাক প্ৰসাৰিত কৰিছে।


(Release ID: 2104536) Visitor Counter : 12