প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসমৰ যোগীঘোপাত আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
प्रविष्टि तिथि:
18 FEB 2025 9:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)নদত আভ্যন্তৰীণ জলপথ পৰিবহণৰ (আই ডব্লিউ টি) টাৰ্মিনেল উদ্বোধনী অনুষ্ঠানৰ শলাগ লোৱাৰ লগতে ইয়াৰ উচ্চ প্ৰশংসা কৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভূটানৰ বিত্তমন্ত্ৰী এইচ.ই. লিয়নপো নামগ্যাল দৰ্জীয়ে অসমৰ যোগীঘোপাত আভ্যন্তৰীণ জলপথ পৰিবহণ (আই ডব্লিউ টি)ৰ টাৰ্মিনেলটো আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে। মাল্টি মডাল লজিষ্টিক পাৰ্কৰ সৈতে সংযুক্ত আৰু যোগীঘোপাত কৌশলগতভাৱে অৱস্থিত এই অত্যাধুনিক টাৰ্মিনেলটো ভূটান তথা বাংলাদেশৰ বাবে আন্তৰ্জাতিক বন্দৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ লগতে এই টাৰ্মিনেলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত লজিষ্টিক তথা সামগ্ৰীৰ পৰিবহণ বৃদ্ধি কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এক্সত কৰা পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে তেওঁৰ এক্সৰ পোষ্টত এইবুলি লিখিছে;
“আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অগ্ৰগতি আৰু সমৃদ্ধিৰ বাবে অভ্যন্তৰীণ জলপথক উৎসাহিত কৰাৰ আমাৰ অভিযানত এয়া এক উল্লেখযোগ্য সংযোজন।”
MJPS/ST/DM
(रिलीज़ आईडी: 2104531)
आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada