আয়ুষ
azadi ka amrit mahotsav

২০২৫ৰ প্ৰধানমন্ত্ৰীৰ যোগ বঁটাৰ বাবে মনোনয়ন পত্ৰ মুকলি কৰাৰ কথা ঘোষণা আয়ুষ মন্ত্ৰালয়ৰ

Posted On: 16 FEB 2025 6:04PM by PIB Guwahati

 

আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস  ২০২৫ চনৰ সংস্কৰণৰ সৈতে সংগতি ৰাখি প্ৰদান কৰিবলগীয়া  সন্মানীয় প্ৰধানমন্ত্ৰী যোগ বঁটাৰ বাবে মনোনয়ন পত্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বঁটাসমূহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগৰ প্ৰসাৰ তথা বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য আৰু স্থায়ী অৱদান আগবঢ়োৱা ব্যক্তিৰ লগতে  সংস্থাসমূহক স্বীকৃতি প্ৰদান কৰে।

 

সমাজত যোগৰ গভীৰ প্ৰভাৱক সন্মান জনাই প্ৰতিষ্ঠা কৰা প্ৰধানমন্ত্ৰী যোগ বঁটাৰ লক্ষ্য হৈছে এই ক্ষেত্ৰখনলৈ দৃষ্টান্তমূলক অৱদান আগবঢ়োৱাসকলক উপযুক্ত স্বীকৃতি প্ৰদান কৰা, ৰোগ প্ৰতিৰোধ, স্বাস্থ্যৰ প্ৰসাৰ  আৰু জীৱনশৈলী সম্পৰ্কীয় বিকাৰ পৰিচালনাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক শক্তিশালী কৰি তোলা। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগতভাৱে সমৰ্থন জনাই অহা এই বঁটাসমূহে যোগৰ বৃদ্ধি তথা  প্ৰসাৰত অমূল্য অৱদানক স্বীকৃতি তথা উদযাপনৰ অৰ্থে  চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ হিচাপে পৰিগণিত হৈ আহিছে৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তি, ৰাষ্ট্ৰীয় সংস্থা, আন্তঃৰাষ্ট্ৰীয় ব্যক্তি  আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা শাখাত এই বঁটা প্ৰদান কৰা হ’ব, প্ৰতিগৰাকী বিজয়ীয়ে ট্ৰফী, প্ৰমাণপত্ৰ আৰু ২৫  লাখ টকাৰ নগদ ধনৰ বঁটা লাভ কৰিব।

 

এই বঁটাৰ বাবে আবেদন কৰা ব্যক্তিসকলৰ বয়স ৪০ বছৰ বা ততোধিক  হ’ব লাগিব আৰু যোগৰ  প্ৰচাৰত কমেও ২০ বছৰ নিষ্ঠাৰেসেৱা আগবঢ়াব লাগিব। আবেদন আৰু মনোনয়ন পত্ৰ মাইগভ প্লেটফৰ্মৰ জৰিয়তে (https://innovateindia.mygov.in/pm-yoga-awards-2025/) ৩১ মাৰ্চ, ২০২৫ বা তাৰ আগতে দাখিল কৰিব পাৰিব।আয়ুষ মন্ত্ৰালয়ৰ ৱেবছাইট আৰু ইয়াৰ স্বায়ত্তশাসিত সংস্থাসমূহৰ ৱেবছাইটতো এই লিংক উপলব্ধ হ’ব। এই বঁটাৰ বাবে  পোনপটীয়াকৈ আবেদন কৰিব পাৰিব  বা কোনো বিশিষ্ট যোগ সংস্থাৰ দ্বাৰা মনোনীত হিচাবে  আবেদন কৰিব পাৰিব  । প্ৰতিগৰাকী আবেদনকাৰী/মনোনীত ব্যক্তিয়ে বছৰি মাত্ৰ এটা শিতানত (ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়) আবেদন কৰিব পাৰিব।

 

আয়ুস মন্ত্ৰালয়ে গঠন কৰা এখন স্ক্ৰীনিং কমিটীয়ে সকলো আবেদন পৰ্যালোচনা কৰিব আৰু প্ৰতিটো বঁটা শ্ৰেণীত সৰ্বাধিক ৫০টা নাম মূল্যায়ন জুৰীলৈ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিব৷  বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্বৰে গঠিত জুৰী হ’ব শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা।

 

আয়ুষ মন্ত্ৰালয় আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ, সোৱা-ৰিগপা আৰু হোমিঅ’পেথীকে ধৰি আমাৰ পৰম্পৰাগত চিকিৎসা তথা  সুস্থতাৰ ব্যৱস্থাসমূহৰ বিকাশ আৰু প্ৰচাৰৰ বাবে উৎসৰ্গিত। মন্ত্ৰালয়ে এই ব্যৱস্থাসমূহক স্বাস্থ্যসেৱাৰ পৰিৱেশত একত্ৰিত কৰিবলৈ চেষ্টা কৰি আহিছে৷ ইয়াৰ ফলত ব্যক্তি আৰু সম্প্ৰদায়ৰ মংগল সামগ্ৰিকভাৱে বৃদ্ধি  হৈছে।

MV/AKS/DM


(Release ID: 2103879) Visitor Counter : 16