নৌ-পৰিবহন মন্ত্ৰালয়
কাৰ্গোৰ ওজন আৰু আকাৰৰ ধাৰৰ বিষয়ে তথ্য
Posted On:
05 FEB 2025 1:37PM by PIB Guwahati
মুখ্য বন্দৰসমূহত পৰিচালনা কৰা সামগ্ৰী ২০১৪-১৫ চনত ৫৮১.৩৪ মিলিয়ন টনৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮১৯.২৩ মিলিয়ন টনলৈ বৃদ্ধি পাইছে। যিটো ৩.৫ % টিএজিআৰ। যিটো বিশ্ব মানৰ সৈতে তুলনাযোগ্য। ২০২৩-২৪ চনৰ ভিতৰত সৰবৰাহ হোৱা সামগ্ৰীৰ পৰিমাণ আছিল ৩৩.৮০% । ইয়াৰ ভিতৰত জুলীয়া সামগ্ৰী ৪৪.০৪% শুকান সামগ্ৰী আৰু ২২.১৬% কণ্টেইনাৰ কাৰ্গো সামগ্ৰী। মুখ্য বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু সামৰ্থ্য বৃদ্ধি এক নিৰন্তৰ প্ৰক্ৰিয়া হিচাবে চলি আছে । ইয়াৰ সৈতে নতুন বাৰ্থ আৰু টাৰ্মিনেল নিৰ্মাণ, বৰ্তমানৰ বাৰ্থ আৰু টাৰ্মিনেলৰ যান্ত্ৰিকীকৰণ, বৃহৎ জাহাজৰ বাবে ড্ৰেজিং ব্যৱস্থা , পথ আৰু ৰে'ল সংযোগৰ উন্নয়ন আদি জড়িত হৈ আছে। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ বাধাবন বন্দৰক নতুন প্ৰজন্মৰ মেগা আকাৰৰ কণ্টেইনাৰ জাহাজ পৰিচালনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ দেশৰ মেগা কণ্টেইনাৰ বন্দৰ হিচাপে উন্নয়ন কৰিবলৈ অনুমোদন জনোৱা হৈছে।
মুখ্য বন্দৰ, ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ড, ৰে’ল মন্ত্ৰালয় আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ সৈতে আলোচনাৰ ভিত্তিত প্ৰধান আৰু কম গুৰুত্বপূৰ্ণ বন্দৰৰ বাবে ১০৭টা পথ আৰু ৰে’ল সংযোগ আন্তঃগাঁথনি চিনাক্ত কৰা হৈছে ৷ লগতে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (ডিপিআইআইটি) প্ৰস্তুত কৰা বিস্তৃত বন্দৰ সংযোগ পৰিকল্পনা (চিপিচিপি)ত এইবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে বন্দৰৰ বিকাশৰ লগতে ঘৰুৱা উৎপাদন / উপভোগ কেন্দ্ৰৰ মাজত সংযোগ স্থাপন কৰা।
ৰাজ্যসভাত দাখিল কৰা এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে৷
(Release ID: 2100306)
Visitor Counter : 33