উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

চেন্নাই ৰোড শ্ব’ৰ বাবে প্ৰাক্-অনুষ্ঠানৰ প্ৰেছ বিজ্ঞপ্তি

Posted On: 04 FEB 2025 11:35AM by PIB Guwahati

 

উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে (ডনাৰ মন্ত্ৰালয়) ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীত চেন্নাইত উত্তৰ-পূব বাণিজ্য আৰু বিনিয়োগ ৰোড শ্বৰ আয়োজন কৰিব, যিটো চেন্নাইৰ গিণ্ডীৰ হোটেল হিল্টনত বিয়লি ৩.৩০ বজাত আৰম্ভ হব। এই অনুষ্ঠানটো কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই উদ্বোধন কৰিব।

ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ আৰু ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী শান্তনুৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ জ্যেষ্ঠ প্ৰতিনিধিসকলেও ইয়াত অংশগ্ৰহণ কৰিব।

ৰোড শ্ব’ত বি২জি বৈঠক অনুষ্ঠিত হ’ব, যিয়ে সম্ভাব্য বিনিয়োগকাৰীসকলক ৰাজ্যৰ প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ’বলৈ আৰু একাধিক খণ্ডত বিনিয়োগৰ সুযোগ অন্বেষণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব। এই অনুষ্ঠানটো উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্য চৰকাৰ, এফ আই চি চি আই (উদ্যোগ অংশীদাৰ) আৰু ইনভেষ্ট ইণ্ডিয়া (বিনিয়োগ সুবিধা অংশীদাৰ)ৰ সহযোগিতাত আয়োজন কৰা হৈছে।

এই চেন্নাই ৰোডশ্ব’ হৈছে চলিত শৃংখলাৰ অষ্টম অনুষ্ঠান, য’ত উত্তৰ-পূবৰ আঠখন ৰাজ্য-অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন দিশ প্ৰদৰ্শন হৈছে। এই ৰাজ্যসমূহে কৃষি-খাদ্য সংসাধন, তথ্য প্ৰযুক্তি আৰু আই টি ই এছ, মনোৰঞ্জন আৰু ক্ৰীড়া, শক্তি, আন্তঃগাঁথনি আৰু লজিষ্টিকছ, পৰ্যটন আৰু আতিথ্য, শিক্ষা আৰু দক্ষতা বিকাশ, স্বাস্থ্যসেৱা, বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি মূল খণ্ডসমূহত বিভিন্ন ধৰণৰ বিনিয়োগৰ সুযোগৰ ওপৰত আলোকপাত কৰিব।

মাননীয় প্ৰধানমন্ত্ৰীৰ 'বিকশিত ভাৰত আৰু বিকশিত উত্তৰ-পূব'ৰ দৃষ্টিভংগীয়ে যোৱা দশকত স্থলপথ, বিমানপথ, ৰে’লপথ আৰু জলপথকে ধৰি অঞ্চলটোত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিছে। এই প্ৰচেষ্টাসমূহে স্থানীয় জনসাধাৰণৰ জীৱনৰ যথেষ্ট উন্নতি সাধন কৰিছে, পৰ্যটন আৰু অৰ্থনৈতিক কাম-কাজ বৃদ্ধি কৰিছে।

উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনে বিনিয়োগ আকৰ্ষণ কৰি তথা অঞ্চলটোৰ অব্যৱহৃত সম্ভাৱনা মুকলি কৰি সমৃদ্ধি আৰু উন্নয়নৰ দিশত ইয়াৰ যাত্ৰাক আৰু আগুৱাই লৈ যোৱাৰ দৃষ্টিভংগীক সমৰ্থন কৰে।

মুম্বাই, হায়দৰাবাদ, কলকাতা, বেংগালুৰু আৰু আহমেদাবাদত পূৰ্বৰ ৰোড শ্ব’সমূহৰ লগতে ভাইব্ৰেণ্ট গুজৰাটত অনুষ্ঠিত ৰাজ্যিক আলোচনাচক্ৰখনে সম্ভাব্য বিনিয়োগকাৰীসকলৰ পৰা যথেষ্ট আগ্ৰহ লাভ কৰিছে। এই সফলতাৰ ওপৰত ভিত্তি কৰি, ড’নাৰ মন্ত্ৰালয়ে ২০২৪ চনৰ ৬ মাৰ্চত নতুন দিল্লীৰ বিজ্ঞান ভৱনত উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ আৰু বিনিময় অনুষ্ঠানৰ আয়োজন কৰে, যাৰ জৰিয়তে জ্যেষ্ঠ বিষয়াসকল আৰু বিনিয়োগকাৰীসকলৰ মাজত আলোচনাৰ সুবিধা হৈছিল।

ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড সুকান্ত মজূমদাৰে অংশগ্ৰহণ কৰা শেহতীয়া আহমেদাবাদ ৰোড শ্ব’ত কেইবাখনো বি২জি বৈঠক অনুষ্ঠিত হয়, যিয়ে সম্ভাব্য বিনিয়োগক উৎসাহিত কৰে।

সমাগত চেন্নাই ৰোড শ্ব’ৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক ৰাজ্যৰ বিষয়ববীয়াসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হোৱাৰ সুযোগ প্ৰদান কৰি এই গতি বৃদ্ধি কৰা। পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি, এই অনুষ্ঠানটোৱে আৰু অধিক মনোযোগ আৰু অংশগ্ৰহণ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশৰ বাবে বিত্তীয় কেন্দ্ৰ হিচাপে চেন্নাইৰ ভূমিকা সুদৃঢ় হ’ব।

এই অধিবেশনত ড’নাৰ মন্ত্ৰালয়ৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি আৰু বিভিন্ন ৰাজ্যৰ উপস্থাপন অন্তৰ্ভুক্ত হ’ব, যিবোৰে বিনিয়োগৰ সুবিধাৰ ওপৰত আলোকপাত কৰি উত্তৰ-পূব ভাৰতৰ গতিশীল বিনিয়োগ পৰিবেশৰ অংশীদাৰ হ’বলৈ বিনিয়োগকাৰীসকলক সক্ষম কৰিব।

*****

Samrat/Dheeraj@: donerpib[at]gmail[dot]com/HS


(Release ID: 2099507) Visitor Counter : 43