প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিকিৎসক, খেলুৱৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সমৰ্থন কৰিছে
অভিনেতা অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ প্ৰশংসা কৰে আৰু সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰে
বিশ্ব স্বাস্থ্য সংস্থা- দক্ষিণ-পূব এছিয়াই নিয়মীয়া শাৰীৰিক সক্ৰিয়তা আৰু এক সন্তুলিত পুষ্টিকৰ আহাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানত আলোকপাত কৰে
মেদবহুলতাৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ সমৰ্থনত সমগ্ৰ দেশৰ চিকিৎসক তথা বিশেষজ্ঞসকলে অভিমত ব্যক্ত কৰিছে
Posted On:
31 JAN 2025 6:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানে চিকিৎসক, খেলুৱৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে।
ডেৰাডুনত অনুষ্ঠিত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দেশখনত মেদবহুলতাৰ সমস্যা কেনেদৰে দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সন্দৰ্ভত আলোচনা কৰে যিটো চিন্তাৰ বিষয় কিয়নো মেদবহুলতাই মধুমেহ, হৃদৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰে। ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ প্ৰসংগ উল্লেখৰে তেওঁ সন্তুলিত আহাৰ গ্ৰহণত গুৰুত্ব আৰোপ কৰি ব্যায়াম আৰু আহাৰৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ খাদ্যত অস্বাস্থ্যকৰ চৰ্বি আৰু তেল হ্ৰাস কৰাতো গুৰুত্ব আৰোপ কৰে আৰু দৈনিক তেলৰ ব্যৱহাৰ ১০% হ্ৰাস কৰাৰ নতুন পৰামৰ্শ দিয়ে।
অভিনেতা অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰশংসা কৰে আৰু সুস্বাস্থ্যৰ গুৰুত্ব প্ৰসংগত আলোকপাত কৰে।
একেবাৰেই সঁচা!! মই বহু বছৰ ধৰি এই কথাটো কৈ আহিছো... ভাল পাইছোঁ যে প্ৰধানমন্ত্ৰীয়ে নিজেই এই কথাষাৰ ইমান সঠিকভাৱে উপস্থাপন কৰিছে। ‘হেল্থ হে তো সব কুছ হে’। মেদবহুলতাৰ পৰা যুঁজ কৰাৰ বাবে সকলোতকৈ ডাঙৰ অস্ত্ৰ হৈছে
১. পৰ্যাপ্ত টোপনি
২. পৰিষ্কাৰ বায়ু আৰু সূৰ্যৰ পোহৰ
৩. কোনো সংসাধিত খাদ্য নোখোৱা, কম তেল ব্যৱহাৰ কৰা। ভাল পুৰণি দেশী ঘিউৰ প্ৰতি আস্থা ৰখা...pic.twitter.com/CxnYjb4AHv
— Akshay Kumar (@akshaykumar) January 30, 2025
প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন কৰি স্বাস্থ্য খণ্ডৰে জড়িতসকল বিপুল সংখ্যাত ওলাই আহিছে। ‘বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ-পূব এছিয়া’ই প্ৰধানমন্ত্ৰীৰ নিয়মীয়া শাৰীৰিক সক্ৰিয়তা আৰু এক সন্তুলিত পুষ্টিকৰ আহাৰৰ আহ্বানত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী 🇮🇳 @narendramodi য়ে #diabetes, হৃদৰোগৰ দৰে বৰ্ধিত #obesity আৰু সম্পৰ্কিত অসংক্ৰামক ৰোগৰ মোকাবিলা কৰিবলৈ নিয়মীয়া শাৰীৰিক সক্ৰিয়তা আৰু সন্তুলিত পুষ্টিকৰ #diet ৰ আহ্বান জনায়।#beatNCDs@PMOIndia @FitIndiaOff @MoHFW_INDIA @WHO @DrTedros @drSaimaWazed https://t.co/RyWgJRKpgn
– বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ-পূব এছিয়া (@WHOSEARO) জানুৱাৰী 31, 2025
‘পি ডি হিন্দুজা চিকিৎসালয়’ৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম খান্নাই ইয়াক মেদবহুলতা আৰু সম্পৰ্কিত বিপদাশংকা হ্ৰাস কৰাৰ গুৰুত্ব প্ৰসংগত এক সময়োপযোগী বাৰ্তা বুলি অভিহিত কৰিছে।
‘পি ডি হিন্দুজা চিকিৎসালয়’ৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম খান্নাই কয়, "স্বাস্থ্য হৈছে আমাৰ আটাইতকৈ ডাঙৰ সম্পদ।"
তেওঁ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ অপৰিহাৰ্য ভূমিকাত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ আজিৰ ভাৰতত মেদবহুলতা আৰু সম্পৰ্কিত বিপদাশংকা হ্ৰাস কৰাৰ গুৰুত্ব সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীৰ সময়োপযোগী বাৰ্তাকে প্ৰতিধ্বনিত কৰে।
https://t.co/TsV7fibZyN pic.twitter.com/mFverrR19V
— P. D. Hinduja Hospital (@HospitalHinduja) January 31, 2025
‘মহাজন ইমেজিং এণ্ড লেব’-ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ হৰ্ষ মহাজনে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক প্ৰশংসা কৰে।
‘এফআইচিচিআই স্বাস্থ্য সেৱা সমিতি’ৰ অধ্যক্ষ আৰু ‘মহাজন ইমেজিং এণ্ড লেব’ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ হৰ্ষ মহাজনে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ বাবে জনোৱা আহ্বানক প্ৰশংসা কৰে।
@MahajanImaging @PMOIndia @MoHFW_INDIA @JPNadda https://t.co/qElQa5iQHo pic.twitter.com/aEent636Fm
— FICCI_healthservices (@ficci_heal) January 31, 2025
‘উজালা চিগনাছ হেল্থকেয়াৰ ছাৰ্ভিচেজ’-ৰ প্ৰতিষ্ঠাপক সঞ্চালক ডাঃ শুচিন বাজাজে কয় যে মেদবহুলতা এক গুৰুতৰ প্ৰত্যাহ্বান যাক আমি এখন দেশ হিচাপে অনতি বিলম্বে আৰু একত্ৰে যুঁজিব লাগিব।
#WATCH | উজালা চিগনাছ হেল্থকেয়াৰ ছাৰ্ভিচেজ-ৰ প্ৰতিষ্ঠাপক সঞ্চালক ড০ শুচিন বাজাজে কয়, "শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মেদবহুলতাই আমাৰ দেশৰ বাবে এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে আৰু তেওঁৰ বাৰ্তাটোত স্পষ্ট যে এইটো এটা গুৰুতৰ প্ৰত্যাহ্বান যাক আমি এখন দেশ হিচাপে অনতিবিলম্বে আৰু একত্ৰে যুঁজিব লাগিব...pic.twitter.com/akqBBaMwR7
— ANI (@ANI) January 31, 2025
আন বিভিন্ন চিকিৎসকেও মেদবহুলতাৰ মোকাবিলা কৰাৰ গুৰুত্বৰ সমৰ্থনত অভিমত ব্যক্ত কৰিছে।
মুম্বাইঃ শিশুৰ মেদবহুলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি সন্দৰ্ভত পদ্মশ্ৰী বঁটা প্ৰাপক ড০ টি পি লাহানে কয়, "খাদ্যবোৰ আমি খাওঁ, পিচে আমি ইয়াৰ পৰা লাভ কৰা কেলৰি দহন নকৰো। সেয়েহে, আপুনি নিজকে দৈনিক এঘণ্টা সময় দিব লাগিব আৰু সেই সময়ত ব্যায়াম কৰা উচিত। ইয়াৰ বাবে, যিয়েই নহওঁক...
pic.twitter.com/WwF7KDXsXe
— IANS (@ians_india) January 30, 2025
অনুগ্ৰহ কৰি মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা এই গুৰুত্বপূৰ্ণ বাৰ্তাটো শুনক @narendramodihttps://t.co/Jww6xHGlEi @MoHFW_INDIA @DrJitendraSingh @JPNadda @moayush @PMOIndia
— Dr.V.Mohan (@drmohanv) January 30, 2025
#HealthForAll #StopObesity #FitIndia @PMOIndia @narendramodi . https://t.co/awIf80ofdw
— Dr. Shashank Joshi (@AskDrShashank) January 30, 2025
আমি #obesityয়ে জটিলতাৰ সৃষ্টি কৰাৰ আগতেই মোকাবিলা কৰিব লাগিব, পিছত নহয়। #yoga #folkdance #bhangra #martialarts #fasting হৈছে #weight পৰিচালনা কৰাৰ উপায়, লগতে #endocrine ব্যৱস্থাপনা। @MoHFW_INDIA @PMOIndia https://t.co/YKWvxW2ph8
— Dr Sanjay Kalra (@SanjayKalraDr1) January 30, 2025
Great advice by Hon'ble PM@PMOIndia
আশা কৰোঁ মানুহে শুনিব!@MoHFW_INDIA #obesity #oils #fats https://t.co/suBM7Cf1Bk
— Dr Ambrish Mithal (@DrAmbrishMithal) January 31, 2025
মেদবহুলতাৰ বিৰুদ্ধে আন্দোলনৰ সমৰ্থনত কেইবাখনো চিকিৎসালয়, চিকিৎসা সংস্থা আৰু সংগঠনো ওলাই আহিছে, যাৰ ভিতৰত আছে ইণ্ডিয়ান ডেন্টেল এছ'চিয়েশ্যন, টাটা মেম'ৰিয়েল হস্পিটেল, দিল্লীৰ এণ্ডোক্ৰাইন ছ'চাইটী আদি।
মুখৰ স্বাস্থ্য আৰু মেদবহুলতা আহাৰ আৰু জীৱনশৈলীৰ দৰে বিপদাশংকাজনিত কাৰকৰ জৰিয়তে গভীৰভাৱে আন্তঃসংযোগিত। আৰু আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় হৈছে উমৈহতীয়া বিপদাশংকা কাৰক পদ্ধতি (চিআৰএফএ) যি হৈছে স্বাস্থ্য সজাগতা কাৰ্যসূচী সৃষ্টি কৰাৰ এক পদ্ধতি যি ৰোগৰ বাবে সাধাৰণ বিপদাশংকাৰ কাৰকবোৰ সমাধান কৰে..
pic.twitter.com/JPS6GzYblQ
— Indian Dental Association (IDA) (@ida_head_office) January 31, 2025
মেদবহুলতা প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্যকৰ খাদ্য আৰু ব্যায়ামৰ বিষয়ে তেওঁৰ অতি গুৰুত্বপূৰ্ণ বাৰ্তাৰ বাবে @TataMemorial মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ! ফিট ইণ্ডিয়া-বিকশিত হওক!
@PMOIndia@MoHFW_INDIA @DAEIndia https://t.co/EmdJMes9U3
— Tata Memorial Hospital (@TataMemorial) January 31, 2025
মেদবহুলতা আৰু ইয়াৰ স্বাস্থ্যৰ বিপদাশংকাৰ মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী@narendramodiক ধন্যবাদ। মেদবহুলতা কেইবাটাও সাধাৰণ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত। এক স্বাস্থ্যৱন্ত ভাৰত সজাগতা আৰু কাৰ্যৰ সৈতে আৰম্ভ হয়। #HealthForAll #FitIndia https://t.co/hCIZXjfgTL
— ACTREC-TMC (@ACTREC_TMC) January 31, 2025
মাননীয় প্ৰধানমন্ত্ৰীয়ে দ্ৰুতগতিত বিয়পি পৰা মেদবহুলতাৰ মহামাৰী আৰু ইয়াৰ সৈতে সম্পৰ্কিত আনুষংগিক-ৰোগ যেনে ডায়েবেটিচ আৰু হৃদৰোগৰ বিষয়ে কয়। তেওঁ ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আহাৰৰ পৰিৱৰ্তন আৰু নিয়মীয়া ব্যায়ামৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছিল। #FitIndia#stopobesity#healthforall https://t.co/qnJ0pVmELL
— Endocrine Society of Delhi (@delhiendo) January 30, 2025
খেলুৱৈসকলেও প্ৰধানমন্ত্ৰীয়ে দিয়া আহ্বানৰ সমৰ্থনত মত ব্যক্ত কৰিছে। বক্সাৰ বিজেন্দ্ৰ সিঙে কয় যে সন্তুলিত আহাৰ, ব্যায়াম আৰু স্বাস্থ্য সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা অভিযান প্ৰশংসনীয়।
চাওঁকচোনঃ প্ৰধানমন্ত্ৰী মোদীৰ 'ফিট ইণ্ডিয়া' আন্দোলন সন্দৰ্ভত বক্সাৰ বিজেন্দ্ৰ সিঙে কয়, "সন্তুলিত আহাৰ, ব্যায়াম আৰু স্বাস্থ্যসন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা অভিযান প্ৰশংসনীয়। এই পদক্ষেপে বহুলোকক যথেষ্ট উপকৃত কৰিব পাৰে, বিশেষকৈ ডায়েবেটিচ বা মেদবহুলতাত ভুগি থকা লোকসকলক। প্ৰস্তুত কৰি...pic.twitter.com/nZfbrQeBwa
— IANS (@ians_india) January 30, 2025
ফিটনেছ প্ৰশিক্ষক মিকি মেহতা আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ গৌৰৱ বিধুৰীয়েও প্ৰধানমন্ত্ৰীৰ উদ্যোগৰ সমৰ্থনত মত ব্যক্ত কৰিছে।
মুম্বাইঃ প্ৰধানমন্ত্ৰী মোদীৰ 'ফিট ইণ্ডিয়া' আন্দোলন সন্দৰ্ভত ফিট ইণ্ডিয়া চেম্পিয়ন আৰু ফিটনেছ প্ৰশিক্ষক মিকি মেহতাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কৈছে সেয়া সম্পূৰ্ণভাৱেই শুদ্ধ। মেদবহুলতা এক গুৰুতৰ সমস্যা, আৰু ইয়াৰ ফলত দীৰ্ঘম্যাদী সময়ত মৃত্যু হ'ব পাৰে। মেদবহুলতাৰ লগতে, কেইবাটাও ৰোগ হ'ব পাৰে...pic.twitter.com/youooybZ3n
— IANS (@ians_india) January 30, 2025
চাওঁকচোনঃ প্ৰধানমন্ত্ৰী মোদীৰ 'ফিট ইণ্ডিয়া' আন্দোলন সন্দৰ্ভত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ গৌৰৱ বিধুৰীয়ে কয়, "আমাৰ দেশৰ এটা ডাঙৰ সমস্যা আছে যিটো প্ৰধানমন্ত্ৰী মোদীয়ে আজি সমাধান কৰিছে– মানুহৰ মাজত বৰ্ধিত মেদবহুলতা। ইয়াৰ আগতে, মোদীজীয়ে ফিট ইণ্ডিয়া আন্দোলন আৰম্ভ কৰিছিল, কিন্তু অকলে ফিটনেছ প্ৰশিক্ষণ...pic.twitter.com/LePpkVcwip
— IANS (@ians_india) January 30, 2025
*****
MJPS/SR/SKS/KB
(Release ID: 2099488)
Visitor Counter : 17
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam