বিত্ত মন্ত্ৰালয়
২০২০ চনৰ পৰা ২০২৫ চনৰ বিত্তীয় বৰ্ষৰ ভিতৰত মূল আন্তঃগাঁথনি খণ্ডসমূহত চৰকাৰৰ মূলধনী ব্যয় ৩৮.৮ শতাংশ বৃদ্ধি পাইছে: অৰ্থনৈতিক জৰীপ ২০২৪-২৫
বিদ্যুৎ খণ্ডত বছৰি ৭.২ শতাংশ বৃদ্ধি পাইছে আৰু উপলব্ধ ক্ষমতা ৪৫৬.৭ গিগাৱাট হৈছেগৈ
মুঠ নবীকৰণযোগ্য শক্তি উপলব্ধ ক্ষমতাৰে বছৰি ১৫.৮% বৃদ্ধি পাই ২০২৪ চনৰ ডিচেম্বৰ মাহত ২০৯.৪ গিগাৱাট হয়গৈ
চহৰ অঞ্চলত গড় দৈনিক শক্তি যোগান ২০১৪ বিত্তীয় বৰ্ষত ২২.১ ঘণ্টাৰ পৰা বৃদ্ধি পাই ২০২৪ চনত ২৩.৪ ঘণ্টা আৰু গ্ৰাম্য অঞ্চলত ২০১৪ বিত্তীয় বৰ্ষত ১২.৫ ঘণ্টাৰ পৰা বৃদ্ধি পাই ২১.৯ ঘণ্টা হয়
জল জীৱন মিছন আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে ইয়াৰ অধীনত ১২ কোটি পৰিয়াল পাইপৰ জৰিয়তে খোৱাপানীৰ দ্বাৰা উপকৃত হৈছে
অ’ডিএফ প্লাছ (আদৰ্শ শ্ৰেণী) গাঁৱৰ সংখ্যা ৩.৬৪ লাখ হ’ল
পিএমএৱাই-আৰ্বানৰ অধীনত ৮৯ লাখ গৃহ নিৰ্মাণ
Posted On:
31 JAN 2025 2:03PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক জৰীপ উপস্থাপন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ মূল আন্তঃগাঁথনি খণ্ডত মূলধনী ব্যয় ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চনলৈ ৩৮.৮ শতাংশ বৃদ্ধি পাইছে। ২০২৪-২৫ চনত ২০২৪ চনৰ জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত মূলধনী ব্যয়ৰ গতি বৃদ্ধি পায়।


শক্তি খণ্ডৰ নেটৱৰ্ক অহৰহ বৃদ্ধি পাই আছে, যি উপলব্ধ ক্ষমতাৰে ২০২৪ চনৰ নৱেম্বৰ মাহৰ ভিতৰত বছৰি ৭.২ শতাংশ বৃদ্ধি পাই ৪৫৬.৭ গিগাৱাট হৈছেগৈ। এই বছৰ পৰিৱৰ্তনৰ সম্ভাৱনাইও গতি লাভ কৰিছে। নবীকৰণযোগ্য শক্তিৰ দিশত আগবাঢ়ি মূলতঃ বৃহৎ পৰিসৰত সৌৰ আৰু বতাহ শক্তিৰ পদক্ষেপৰ দ্বাৰা শক্তি খণ্ডত দ্ৰুততা আহিছে। ২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে দেশৰ মুঠ উপলব্ধ নবীকৰণযোগ্য শক্তি ক্ষমতা বছৰি বৃদ্ধি পাই ১৫.৮ শতাংশ হয়গৈ আৰু ২০৯.৪ গিগাৱাট হৈছেগৈ, যিটো ২০২৩ চনত ১৮০.৮ গিগাৱাট আছিল।
ৰিভেম্পড ডিষ্ট্ৰিবিউচন ছেক্টৰ পৰিকল্পনা ৰূপায়ণৰ লগে লগে চহৰ অঞ্চলত গড় দৈনিক বিদ্যুৎ যোগান ২০১৪ বিত্তীয় বৰ্ষত ২২.১ ঘণ্টাত উন্নতিসহ ২০২৪ বিত্তীয় বৰ্ষত ২৩.৪ ঘণ্টা হয়গৈ আৰু গ্ৰাম্য অঞ্চলত ২০১৪ বিত্তীয় বৰ্ষত ১২.৫ ঘণ্টাৰ পৰা বৃদ্ধি পাই ২১.৯ ঘণ্টা হয়গৈ। শক্তিৰ চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধানো ২০১৪ বিত্তীয় বৰ্ষত ৪.২ শতাংশৰ পৰা হ্ৰাস পাই ২০২৪ চনৰ ডিচেম্বৰ মাহত ০.১ শতাংশ হয়।
গ্ৰামাঞ্চলত আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি কোৱা হৈছে যে জল জীৱন মিছন (জেজেএম)ৰ উদ্দেশ্য হৈছে গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ বাবে পাইপেৰে বিশুদ্ধ খোৱাপানী প্ৰদান কৰি দীৰ্ঘম্যাদী জল সুৰক্ষা সুনিশ্চিত কৰা। ২০১৯ চনত যেতিয়া ইয়াক আৰম্ভ কৰা হৈছিল তেতিয়া মাত্ৰ ৩.২৩ কোটি (১৭ শতাংশ) গ্ৰাম্য পৰিয়ালেহে টেপৰ পৰা খোৱাপানীৰ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই ইয়াৰ সৈতে ১২.০৬ কোটিতকৈ অধিক পৰিয়াল সংযুক্ত হৈ পৰিছে, যিটো ২০২৪ চনৰ ২৬ নৱেম্বৰলৈকে প্ৰায় ১৯.৩৪ কোটি গ্ৰাম্য পৰিয়ালৰ ভিতৰত মুঠ ১৫.৩০ কোটিতকৈ অধিক (৭৯.১ শতাংশ) পৰিয়ালত উপনীত হৈছে।
স্বচ্ছ ভাৰত মিছন – গ্ৰামিনে (SBM-G) প্ৰথম পৰ্যায়ত মুকলিত শৌচমুক্ত (ODF) মৰ্যাদা লাভ কৰিছে। দ্বিতীয় পৰ্যায়ৰ স্বচ্ছ ভাৰত মিছন – গ্ৰামীণ ২০২০-২১ চনৰ পৰা ২০২৪-২৫ চনলৈ ৰূপায়ণ কৰা হৈছিল, যাৰ অধীনত গাঁওসমূহ অ’ডিএফৰ পৰা অ’ডিএফ-প্লাছলৈ ৰূপান্তৰিত হ’ব লাগিছিল। স্বচ্ছ ভাৰত মিছন – গ্ৰামীনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ২০২৪ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ১.৯২ লাখ গাঁৱক ক্ৰমান্বয়ে আদৰ্শ শ্ৰেণীৰ অধীনত অ’ডিএফ-প্লাছ ঘোষণা কৰা হয়, যাৰ ফলত মুঠ অ’ডিএফ গাঁৱৰ সংখ্যা ৩.৬৪ লাখলৈ বৃদ্ধি পায়।

স্বচ্ছ ভাৰত মিছন- নগৰীয়াৰ প্ৰভাৱো অনুভৱ কৰা হৈছে। এনএছএছ-১৫ৰ ৭৮ নং ৰাউণ্ডৰ প্ৰতিবেদন অনুসৰি, চহৰ অঞ্চলৰ ৯৭ শতাংশ পৰিয়ালে শৌচাগাৰৰ সুবিধা লাভ কৰিছে। ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ৬৩.৭ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। ৬.৪ লাখ সামূহিক আৰু ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰা হয়। প্ৰতিটো ঘৰৰ পৰা ১০০% আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত ৱাৰ্ডৰ সংখ্যা ৯৩,৭৫৬টা হয়।
প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া (PMAY-U) ২০১৫ চনত আৰম্ভ হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে চহৰ অঞ্চলত পকা (মূল বাসস্থান) ঘৰৰ ব্যৱস্থা কৰা। ২০২৪ চনৰ ২৫ নৱেম্বৰলৈকে মুঠ অনুমোদিত ১.১৮ কোটি ঘৰ নিৰ্মাণৰ ভিতৰত ৮৯ লাখতকৈ অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। PMAY-U ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১ কোটি অতিৰিক্ত পৰিয়ালৰ বাবে আৰম্ভ কৰা হৈছিল। বৰ্তমান ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশে ২০২৫ বিত্তীয় বৰ্ষত ৬ লাখ ঘৰ প্ৰদানৰ সন্মতিৰে পিএমএৱাই-ইউ ২.০ কাৰ্যকৰী কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
সমগ্ৰ ভাৰতত ২৯খন চহৰত মেট্ৰ’ ৰে’ল আৰু ৰেপিড ৰে’ল ট্ৰেনজিট ব্যৱস্থা আৰম্ভ হৈছে বা নিৰ্মাণৰ কাম চলি আছে। বৰ্তমান ২৩খন চহৰত ১০১০ কিলোমিটাৰত ই কাৰ্যক্ষম হৈ আছে আৰু অতিৰিক্ত ৯৮০ কিলোমিটাৰৰ কাম চলি আছে। ২০২৫ বিত্তীয় বৰ্ষত ২০২৫ চনৰ ৫ জানুৱাৰীৰ ভিতৰত ৬২.৭ কিলোমিটাৰ দূৰত্বত ৰে’ল চলিবলৈ আৰম্ভ কৰে আৰু দৈনিক যাত্ৰীৰ সংখ্যা ১ কোটি ২ লাখ হয়গৈ। এই ব্যৱস্থাই সময়, পৰিচালনাৰ খৰচ, দুৰ্ঘটনা, মৌলিক ৰক্ষণাবেক্ষণ আৰু নিৰ্গমন যথেষ্ট হ্ৰাস কৰে।
অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (এএমআৰউটি), যি মূলতঃ ৫০০ চহৰত নগৰীয়া পানী ব্যৱস্থাপনা উন্নত, টেপৰ পানী যোগানৰ অধীনত ৭০ শতাংশ বৃদ্ধি পাইছে আৰু নলা বন্ধ হোৱাৰ পৰিমাণ ৬২ শতাংশ বৃদ্ধি পাইছে। এই অভিযানে প্ৰতিদিনে ৪,৬৪৯ মিলিয়ন লিটাৰ পানী বিশুদ্ধকৰণ ক্ষমতা সৃষ্টি কৰাৰ লগতে ২,৪৩৯খন উদ্যান বিকশিত কৰে যাৰ ফলত ৫০৭০ একৰ সেউজীয়া ক্ষেত্ৰ উপলব্ধ হৈছে। AMRUT 2021 আটাইকেইখন বিধিগত চহৰ-নগৰক সামৰিবলৈ আৰম্ভ কৰা হৈছিল। ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে এই অভিযানৰ বাবে ২.৭৭ লাখ কোটি টকা উপলব্ধ কৰা হয়। এই পর্যায়ত এতিয়ালৈকে ১.৮৯ লাখ কোটি টকাৰ ৮,৯২৩টা প্রকল্প আৰম্ভ হৈছে৷ AMRUT 2.0 আত্মসহায়ক গোট আৰু উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰচাৰৰ ক্ষেত্ৰত সক্ৰিয়।

স্মাৰ্ট চিটি মিছনৰ অধীনত ২০২৫ চনৰ ১৩ জানুৱাৰীলৈকে মুঠ ১.৬৪ লাখ কোটি টকাৰ মুঠ ৮,০৫৮টা প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে, আনহাতে ১.৫০ লাখ কোটি টকাৰ ৭,৪৭৯টা প্ৰকল্প সম্পূৰ্ণ হৈছে।
ৰিয়েল এষ্টেট উন্নয়নৰ কথা উল্লেখ কৰি সমীক্ষাটোত কোৱা হৈছে যে ৰিয়েল এষ্টেট (নিয়ন্ত্ৰণ আৰু উন্নয়ন) আইন, ২০১৬ (ৰেৰা)ৰ অধীনত নিয়মাৱলী নাগালেণ্ডৰ বাহিৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত নিয়ামক প্ৰাধিকৰণ স্থাপন কৰা হৈছে। ২০২৫ চনৰ ৬ জানুৱাৰীলৈকে ৰিয়েল এষ্টেট নিয়ামক প্ৰাধিকৰণৰ অধীনত প্ৰায় ১.৩৮ লাখ ৰিয়েল এষ্টেট প্ৰকল্প আৰু ৯৫,৯৮৭টা ৰিয়েল এষ্টেট এজেণ্ট পঞ্জীয়ন কৰা হৈছে। সমগ্ৰ দেশতে ৰেৰাৰ অধীনত ১.৩৮ লাখ অভিযোগ নিষ্পত্তি কৰা হৈছে।
পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ সমীক্ষাত কোৱা হৈছে যে তীৰ্থযাত্ৰা পুনৰুজ্জীৱন আৰু আধ্যাত্মিক বৃদ্ধি ড্ৰাইভ (প্ৰসাদ) আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰ পৰ্যন্ত মুঠ ৪৮টা প্ৰকল্পক অনুমোদন দিয়া হৈছিল আৰু ইয়াৰে মুঠ ২৬টা প্ৰকল্প সম্পূৰ্ণ হৈছে। স্বদেশ দৰ্শন, যাৰ উদ্দেশ্য হৈছে থিম ভিত্তিক পৰ্যটন চাৰ্কিটকে ধৰি পৰ্যটনস্থলীসমূহৰ সংহত উন্নয়নৰ অধীনত মুঠ ৭৬টা অনুমোদিত প্ৰকল্পৰ ভিতৰত ৭৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে।
মহাকাশ আন্তঃগাঁথনিৰ সন্দৰ্ভত সমীক্ষাটোত কোৱা হৈছে যে ভাৰতে বৰ্তমান ১৯টা যোগাযোগ উপগ্ৰহ, ৯টা নেভিগেচন উপগ্ৰহ, ৪টা বৈজ্ঞানিক উপগ্ৰহ আৰু ২৪টা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহকে ধৰি ৫৬টা সক্ৰিয় মহাকাশ সম্পত্তি পৰিচালনা কৰি আছে। ইছৰোৱে সৰু সৰু উপগ্ৰহ উৎক্ষেপণ কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰিলে। নিউ স্পেচ ইণ্ডিয়া লিমিটেডে (এনএছআইএল) পৃথিৱীৰ নিম্ন কক্ষপথলৈ ৭২টা ৱানৱেব উপগ্ৰহ প্ৰক্ষেপিত কৰি নিজৰ চুক্তি পূৰণ কৰিছে। শেহতীয়াকৈ তেওঁলোকে স্পেচএক্সৰ সহযোগত GSAT20 উপগ্ৰহ উৎক্ষেপণ কৰিছে।
সমীক্ষাৰ সামৰণিত কোৱা হৈছে যে সকলো অংশীদাৰ যেনে বিভিন্ন চৰকাৰী পৰ্যায়, বিত্তীয় বজাৰৰ লোক, প্ৰকল্প পৰিচালনা বিশেষজ্ঞ আৰু পৰিকল্পনাকাৰীৰ লগতে ব্যক্তিগত খণ্ডৰ লোকক জড়িত কৰিবলৈ কৌশল ৰচনা কৰিব লাগিব। পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাৰ ক্ষমতা, সেইবোৰক বাস্তৱত ৰূপায়ণ কৰিবলৈ খণ্ড-নিৰ্দিষ্ট উদ্ভাৱনী কৌশলৰ বিকাশ, আৰু উচ্চ বিশেষজ্ঞতাৰ ক্ষেত্ৰ যেনে বিপদ আৰু ৰাজহৰ ভাগ-বতৰা, চুক্তি ব্যৱস্থাপনা, সংঘাত সমাধান আৰু পৰিকল্পনাসমূহ সম্পূৰ্ণ হোৱাৰ প্ৰয়োজনক দীৰ্ঘস্থায়ী ৰূপত উন্নত কৰিব লাগিব। সমগ্ৰ দেশত আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক সকলোৱে স্বীকাৰ কৰিব লাগিব।
**********
NB/PSF/KSR/SC
(Release ID: 2098299)
Visitor Counter : 64