বিত্ত মন্ত্ৰালয়
‘অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫’-ত ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’ (এমএছএমইএছ) ৰ বাবে বৰ্ধিত হাৰৰ নিয়ন্ত্ৰণমুক্তকৰণৰ আহ্বান
অত্যধিক নিয়ামকৰ বোজা হ্ৰাস কৰি চৰকাৰে ব্যৱসায়বোৰ অধিক দক্ষ হোৱাত, ব্যয় হ্ৰাস কৰাত, আৰু নতুন বিকাশৰ সুযোগ মুকলি কৰাত সহায় কৰিব পাৰে: অৰ্থনৈতিক সমীক্ষা
‘অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫’-ত ৰাজ্যবোৰে তেওঁলোকৰ ব্যয়-কাৰ্যকৰীতাৰ বাবে নিয়মাৱলী প্ৰণালীবদ্ধভাৱে পৰ্যালোচনা কৰাৰ বাবে তিনিটা প্ৰক্ৰিয়াৰ ৰূপৰেখা দাঙি ধৰিছে
‘স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা (ইঅ’ডিবি) ২.০’ হ'ব লাগিব ব্যৱসায় কৰাৰ ক্ষেত্ৰত অস্থিৰতা সৃষ্টি কৰা মূল কাৰণবোৰ ঠিক কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ নেতৃত্বত গুৰুত্ব দিয়া এক পদক্ষেপ
Posted On:
31 JAN 2025 2:16PM by PIB Guwahati
আজি সংসদত উত্থাপন কৰা ২০২৪-২৫ বৰ্ষৰ ‘অৰ্থনৈতিক সমীক্ষা’ত কোৱা হৈছে, "ভাৰতক প্ৰয়োজন হোৱা দ্ৰুত অৰ্থনৈতিক বিকাশ কেৱল তেতিয়াহে সম্ভৱ হ’ব যেতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’(এমএছএমই)সমূহক দক্ষতাৰে কাম কৰিবলৈ আৰু ব্যয়সাপেক্ষভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়া সংস্কাৰসমূহৰ কাৰ্যকৰীকৰণ অব্যাহত ৰখা হ’ব।" কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা জৰীপটোত কোৱা হৈছে যে অত্যধিক নিয়ামকৰ বোজা হ্ৰাস কৰি চৰকাৰে ব্যৱসায়ক অধিক দক্ষ হোৱাত, ব্যয় হ্ৰাস কৰাত আৰু নতুন বিকাশৰ সুযোগ উন্মুক্ত কৰাত সহায় কৰিব পাৰে। নিয়মাকসমূহে প্ৰতিষ্ঠানসমূহত সকলো কাৰ্যকৰী সিদ্ধান্তৰ ব্যয় বৃদ্ধি কৰে বুলিও অৰ্থনৈতিক সমীক্ষাটোৱে লগতে কয়।
‘এমএছএমই’-ৰ বিকাশত সহায় আৰু উদগণি জনোৱাৰ বাবে চৰকাৰে যোৱা দশকটোত বহুকেইটা নীতি আৰু পদক্ষেপ ৰূপায়ণ কৰিছে বুলি স্বীকাৰ কৰি জৰীপটোৱে কয় যে নিয়ন্ত্ৰিত পৰিৱেশৰ কিছুমান প্ৰত্যাহ্বান অব্যাহত থাকিবই। ইয়াত কোৱা হৈছে যে নিয়ামক অনুপালন-ৰ বোজাই আনুষ্ঠানিককৰণ আৰু শ্ৰমিক উৎপাদনশীলতা পিছুৱাই ৰাখে, নিযুক্তিৰ বৃদ্ধি সীমিত কৰে, উদ্ভাৱনক শ্বাসৰুদ্ধ কৰে আৰু বিকাশ হ্ৰাস কৰে।
জৰীপটোৱে ভাৰতৰ প্ৰতিষ্ঠানবোৰ সৰু হৈ থকাৰ প্ৰৱণতা লক্ষ্য কৰে আৰু ইয়াৰ যুক্তি হৈছে প্ৰায়ে নিয়ামকৰ নজৰত থকা আৰু অধিনিয়ম আৰু শ্ৰম আৰু সুৰক্ষা আইনৰ পৰা আঁতৰি থকা। ইয়াত কোৱা হৈছে যে ইয়াৰ আটাইতকৈ ডাঙৰ ক্ষতি হৈছে নিযুক্তিৰ সৃষ্টি আৰু শ্ৰমিকৰ কল্যাণ, দৰাচলতে বেছিভাগ নিয়মকেই এই দুয়োটাক উৎসাহিত আৰু সুৰক্ষিত কৰাৰ বাবেহে প্ৰস্তুত কৰা হৈছিল।
জৰীপটোত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰক্ৰিয়া আৰু শাসন সংস্কাৰ কাৰ্যকৰী কৰি, কৰ আইন সৰল কৰি, শ্ৰমিক নিয়মাৱলী যুক্তিসঙ্গত কৰি, আৰু ব্যৱসায়িক আইনবোৰ কৰ্তৃত্বহীন কৰি নিয়ন্ত্ৰণমুক্তকৰণৰ পদক্ষেপ হাতত লৈছে। জৰীপটোত কোৱা হৈছে, "ৰাজ্যবোৰেও তেওঁলোকৰ ফালৰ পৰা অনুপালনৰ বোজা হ্ৰাস কৰি আৰু প্ৰক্ৰিয়াবোৰ সৰল আৰু ‘ডিজিটাইজ’ কৰি নিয়ন্ত্ৰণমুক্তকৰণত অংশগ্ৰহণ কৰিছে"। ‘ডিপিআইআইটি’-ৰ দ্বাৰা প্ৰস্তুত কৰা ‘ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা’ (বিআৰএপি) অনুসৰি ৰাজ্যসমূহৰ মূল্যাঙ্কনে দেখুৱায় যে নিয়ন্ত্ৰণমুক্তকৰণে ঔদ্যোগিকীকৰণত সহায় কৰে।
এনে ধৰণৰ প্ৰচেষ্টাই ৰাজ্যসমূহক এতিয়া পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ আৰম্ভ কৰাৰ ভিত্তি প্ৰদান কৰিছে বুলি উল্লেখ কৰি ‘অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫’-ত ৰাজ্যসমূহে তেওঁলোকৰ ব্যয়-কাৰ্যকৰীতাৰ বাবে নিয়মাৱলী প্ৰণালীবদ্ধভাৱে পৰ্যালোচনা কৰাৰ বাবে তিনিটা পদক্ষেপৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছে। পদক্ষেপবোৰৰ ভিতৰত আছে ‘নিয়ন্ত্ৰণমুক্তকৰণৰ ক্ষেত্ৰবোৰ চিনাক্ত কৰা’, ‘নিয়মাৱলীবোৰ আন ৰাজ্য আৰু দেশৰ সৈতে চিন্তাশীলভাৱে তুলনা কৰা’ আৰু ‘ব্যক্তিগত উদ্যোগৰ ক্ষেত্ৰত এই প্ৰতিটো নিয়মৰ ব্যয় অনুমান কৰা’।
জৰীপটোত উল্লেখ কৰা হৈছে যে ‘স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা (ইঅ’ডিবি) ২.০’ হ’ব লাগিব ব্যৱসায় কৰাৰ অস্থিৰতাৰ মূল কাৰণবোৰ ঠিক কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নেতৃত্বত গুৰুত্ব দিয়া এক পদক্ষেপ। ইয়াত উল্লেখ কৰা হৈছে যে ‘ইঅ’ডিবি’-ৰ বাবে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যবোৰে মান আৰু নিয়ন্ত্ৰণ উদাৰ কৰা, প্ৰৱৰ্তনৰ বাবে আইনী সুৰক্ষা নিৰ্ধাৰণ কৰা, শুল্ক আৰু মাচুল হ্ৰাস কৰা, আৰু বিপদাশংকা-ভিত্তিক নিয়ন্ত্ৰণ প্ৰয়োগ কৰাত নতুন ভিত্তি স্থাপন কৰিব লাগিব।
আন দেশৰ উদাহৰণ দাঙি ধৰা জৰীপটোত উল্লেখ কৰা হৈছে, "ৰপ্তানি-প্ৰত্যাহ্বান, পৰিৱেশ প্ৰত্যাহ্বান, শক্তি-প্ৰত্যাহ্বানযুক্ত আৰু নিৰ্গমন-প্ৰত্যাহ্বানপূৰ্ণ পৃথিৱীত বিকাশৰ পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ অৰ্থ হৈছে আমি অধিক তাৎক্ষণিকতাৰে কাম কৰিব লাগিব। নিয়ন্ত্ৰণমুক্তকৰণ অবিহনে অন্যান্য নীতিগত পদক্ষেপসমূহে তেওঁলোকৰ আকাংক্ষিত লক্ষ্যবোৰ পূৰণ নকৰে। ক্ষুদ্ৰ ব্যৱসায়ক শক্তিশালী কৰি, অৰ্থনৈতিক স্বাধীনতা বৃদ্ধি কৰি, আৰু এক সমান খেলপথাৰ নিশ্চিত কৰি চৰকাৰে এনে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব পাৰে য'ত বিকাশ আৰু উদ্ভাৱন কেৱল সম্ভৱেই নহয় বৰঞ্চ অনিবাৰ্যও হ’ব। ভাৰতৰ বিকাশৰ আকাংক্ষাৰ বাবে ইয়াতকৈনো আৰু কি লাগিছে।"
*****
NB/SK/KB
(Release ID: 2098293)
Visitor Counter : 8