প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
26 JAN 2025 8:30AM by PIB Guwahati
গণৰাজ্য দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে আজি আমি গণৰাজ্য হোৱাৰ ৭৫টা গৌৰৱময় বছৰ উদযাপন কৰিছো।
এক্সৰ এলানি পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছো!
আজি আমি আমাৰ গণৰাজ্যৰ গৌৰৱময় ৭৫সংখ্যক জয়ন্তী উদযাপন কৰিছো। এই উপলক্ষে আমি সেই সকলো মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাইছো যিসকলে আমাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰি এইটো নিশ্চিত কৰিলে যে আমাৰ উন্নয়ন যাত্ৰা গণতন্ত্ৰ, মৰ্যাদা আৰু ঐক্যৰ ওপৰত প্ৰতিষ্ঠিত। মই আশা কৰোঁ এই ৰাষ্ট্ৰীয় উৎসৱে আমাৰ সংবিধানৰ মূল্যবোধক ৰক্ষা কৰিব আৰু শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত আমাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2096991)
आगंतुक पटल : 51
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam