ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ-২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায়সমূহে অনাগত দিনত কৃষি খণ্ড আৰু গ্ৰামাঞ্চলত কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যখনক সঁচা অৰ্থত সমবায়ৰ কেন্দ্ৰ কৰি তুলিব
ভাৰতত সমবায় বছৰ উদযাপনে সমগ্ৰ দেশতে সমবায়সমূহৰ যথেষ্ট সম্প্ৰসাৰণ হ’ব
আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ সময়ছোৱাত সমবায়ৰ প্ৰসাৰ বৃদ্ধি কৰাৰ লগতে প্ৰতিজন ব্যক্তিক সমবায়ৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ সমবায় খণ্ডই সামাজিক সম্প্ৰীতি, সমতা আৰু সৰ্বাংগীনতাৰ নীতিৰে আগবাঢ়িছে
‘সমবায়ৰ মাজতে সহযোগিতা’ নীতিৰে চলি থকা সমবায় খণ্ড সমগ্ৰ দেশতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব
ডিজিটেল বেংকিং, মোবাইল বেংকিং, অনলাইন লেনদেন আৰু বহিঃৰাজ্যৰ সৈতে বাণিজ্যৰ দৰে কাম-কাজক নগৰ সমবায় বেংকৰ সৈতে একত্ৰিত কৰিব এই ‘একত্ৰ সংস্থাটোৱে’
অতি সোনকালে সকলো সমবায় বেংক নিয়মীয়া বেংকৰ সেৱাৰে সজ্জিত হ’ব, যাৰ ফলত সমবায় বেংকিঙৰ বিকাশ সাধন হ’ব

Posted On: 24 JAN 2025 8:53PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কৰ্পৰেট কাৰ্যালয়ো উদ্বোধন কৰে। এই উপলক্ষে সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু শ্ৰী অজিত পাৱাৰৰ লগতে সমবায় মন্ত্ৰালয়ৰ সম্পাদক ড° আশীষ কুমাৰ ভূটানীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ উদ্বোধন কৰাৰ পাছত আজি ভাৰতত আনুষ্ঠানিকভাৱে এই বৰ্ষ উদ্বোধন কৰা হৈছে। তেওঁ কয় যে ভাৰতে সমবায় বৰ্ষটো এনেদৰে উদযাপন কৰিব যাতে সমগ্ৰ দেশতে সমবায় আন্দোলনক যথেষ্ট আগুৱাই নিব পৰা যায়তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ সময়ছোৱাত সমবায় খণ্ডৰ সম্প্ৰসাৰণ, ইয়াৰ ভিতৰত স্বচ্ছতা অনা, সমবায় প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰা, সমবায়ৰ নতুন ক্ষেত্ৰলৈ প্ৰসাৰ বৃদ্ধি কৰা, ভাৰতৰ প্ৰতিজন ব্যক্তিক যিকোনো ধৰণৰ সহযোগিতাৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলোৱা হব।

শ্ৰী শ্বাহে উল্লেখ কৰে যে ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যেতিয়া ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ সামৰণি পৰিব, তেতিয়া ভাৰতৰ সমবায় আন্দোলনৰ বৃদ্ধি প্ৰতিসম আৰু সৰ্বাংগীন দুয়োটা হ' আৰু "সমবায়ৰ জৰিয়তে সমৃদ্ধি"ৰ লক্ষ্য বহুলাংশে পূৰণ হ'ব। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা দুটা ডাঙৰ লক্ষ্যত উপনীত হোৱাত সমবায় খণ্ডই উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে সমবায় খণ্ডই সামাজিক সম্প্ৰীতি, সমতা আৰু অন্তৰ্ভুক্তিৰ নীতিৰে আগবাঢ়ি যাব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে সমবায় বেংকৰ একত্ৰ সংগঠন ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ ভাৰ্চুৱেল উদ্বোধনী আজি অনুষ্ঠিত হয়। এই সংস্থাই নগৰীয়া সমবায় খণ্ডক বহুমাত্ৰিক সুবিধা প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে অহা তিনি বছৰৰ ভিতৰত আমাৰ সকলো সূচীভূক্ত সমবায় বেংক ৰাষ্ট্ৰীয় আৰু ব্যক্তিগত বেংকে আগবঢ়োৱা সেৱাৰ সমতুল্য সেৱাৰে সজ্জিত হ, যাৰ ফলত তেওঁলোকৰ সেৱাৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাব। ইয়াৰ লগতে সম্পদৰ উন্নত ব্যৱহাৰ, বেংকিং প্ৰক্ৰিয়াৰ উন্নতি আৰু সকলো সমবায় বেংকৰ হিচাপ ব্যৱস্থা একত্ৰিত কৰা আদিৰ ওপৰতো গুৰুত্ব দিয়া হব। শ্ৰী শ্বাহে উল্লেখ কৰে যে ভাৰতত বৰ্তমান মুঠ ১,৪৬৫টা নগৰীয়া সমবায় বেংক আছে, ইয়াৰে প্ৰায় আধা গুজৰাট আৰু মহাৰাষ্ট্ৰত অৱস্থিত। দেশত ৪৯টা অনুসূচিত বেংক আৰু ৮.২৫ লক্ষাধিক সমবায় প্ৰতিষ্ঠানো আছে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীয়ে কয় যে অনাগত দিনত সমগ্ৰ দেশতে সমবায়ৰ মাজত সহযোগিতাৰ নীতি কাৰ্যকৰী কৰা হব। ডিজিটেল বেংকিং, মোবাইল বেংকিং, অনলাইন লেনদেন আৰু বহিঃৰাজ্যৰ সৈতে বাণিজ্যৰ দৰে কাম-কাজসমূহ নগৰীয়া সমবায় বেংকৰ সৈতে একত্ৰিত কৰাৰ কাম একত্ৰ সংস্থাটোৱেকৰিব। সমবায় প্ৰতিষ্ঠানসমূহৰ সকলো লেনদেন আৰু বিত্তীয় কাম-কাজ একান্তভাৱে সমবায় বেংকৰ জৰিয়তে কৰা হব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে সমবায়ৰ মাজত সহযোগিতাৰ নীতিটো সকলো ৰাজ্যতে ফলপ্ৰসূভাৱে প্ৰতিষ্ঠা হলে ই উল্লেখযোগ্য সফলতাৰ সূচনা কৰিব, যাৰ ফলত সমবায় খণ্ডই অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা লাভ কৰিব পাৰিব।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে মোদী চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে নগৰীয়া সমবায় বেংক সম্পৰ্কীয় কেইবাটাও সমস্যা সমাধান কৰিছে। তেওঁ উল্লেখ কৰে যে অনাগত দিনত একত্ৰ সংগঠনটো শক্তিশালী কৰিলে আস্থা আৰু ব্যৱসায় বৃদ্ধিত সহায়ক হব আৰু লগতে সকলো বাধা দূৰ হব। তেওঁ লগতে আলোকপাত কৰে যে নতুন উপ-বিধিৰ অধীনত গঠন হোৱা ১০ হাজাৰ এম-পিএচিএছ (বহুমুখী প্ৰাথমিক কৃষি সমবায় সমিতি)ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে, যাৰ ফলত এক নতুন আৰম্ভণি হৈছে। তেওঁ লগতে উল্লেখ কৰে যে লক্ষ্য হৈছে সমগ্ৰ দেশৰ প্ৰতিখন গাঁও পঞ্চায়তত এটা প্ৰাথমিক কৃষি ঋণ সমিতি(পেকছ) স্থাপন কৰা। পেকছৰ কাৰ্য্যক্ষমতা নিশ্চিত কৰিবলৈ আৰ্হি উপ-বিধি সৃষ্টি কৰা হৈছে, যিবোৰ সকলো ৰাজ্যই গ্ৰহণ কৰিছে।

শ্ৰী শ্বাহে কয় যে আৰ্হি উপ-বিধিৰ অধীনত এতিয়া পেকছে বিভিন্ন ধৰণৰ নতুন কামত নিয়োজিত হব পাৰে। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰে ইয়াৰ বাবে ২৫০০ কোটি টকাৰে প্ৰতিটো পেকছলৈ কম্পিউটাৰ আৰু ছফটৱেৰ যোগান ধৰাৰ লগতে এই বিভিন্ন কাম-কাজক পেকছৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰিছে। এই পদক্ষেপ সফল কৰিবলৈ হলে প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ কয় যে পেকছসমূহক পেছাদাৰীতা প্ৰদান কৰিলে তেওঁলোকৰ জৰিয়তে সমগ্ৰ সমবায় খণ্ডক শক্তিশালী কৰিব পৰা যাব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে সমবায়সমূহক স্বাৱলম্বী কৰি তুলিবলৈ আধুনিক প্ৰযুক্তিবিদ্যাত দক্ষ যুৱক-যুৱতীসকলক জড়িত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সেয়া বেংকতেই হওক বা পেকছতে হওক। তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত ডাবল ইঞ্জিন চৰকাৰৰ লগতে শ্ৰী দেৱেন্দ্ৰ ফাডনৱীশ, শ্ৰী একনাথ সিন্দে আৰু শ্ৰী অজিত পাৱাৰৰ সমন্বিত প্ৰচেষ্টাই মহাৰাষ্ট্ৰক সমবায় উৎকৰ্ষতাৰ প্ৰকৃত কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব। তেওঁ কয় যে সমবায় প্ৰতিখন গাঁৱতে কৰ্মসংস্থাপনৰ উৎস হব পাৰে।

শ্ৰী অমিত শ্বাহে মোদী চৰকাৰে সমবায় খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য সমৰ্থনৰ ওপৰত আলোকপাত কৰি ইথানল উৎপাদন প্ৰৱৰ্তনে চেনি কলৰ লাভালাভ বৃদ্ধি কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে চেনিৰ উন্নত মূল্য নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ ১০লাখ টন চেনি ৰপ্তানিৰ বাবে অনুমোদন জনাইছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ সমবায় চেনি কলসমূহে সৰ্বাধিক লাভৱান হৈছে। তেওঁ লগতে কয় যে সমবায় খণ্ডক আগুৱাই নিয়াৰ বাবে মোদী চৰকাৰ দায়বদ্ধ আৰু এই লক্ষ্যত উপনীত হবলৈ ৰেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ৰেংকিঙত সাতটা মূল ক্ষেত্ৰ সামৰি লোৱা হব: পেকছ, দুগ্ধ, মীন, নগৰীয়া সমবায় বেংক, গৃহ নিৰ্মাণ ঋণ সমিতি, ঋণ সমবায়, আৰু খাদী গাঁও উদ্যোগ। শ্ৰী শ্বাহে ব্যাখ্যা কৰে যে ৰেংকিং ব্যৱস্থাটো অডিট, কাৰ্য্যকলাপ, সেৱা, বিত্তীয় পৰিৱেশন, আন্তঃগাঁথনি, আৰু ব্ৰেণ্ডিঙকে ধৰি কেইবাটাও পৰিমাপৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, যিবোৰৰ বিপৰীতে সামূহিকভাৱে ১০০নম্বৰ থাকিবএই ব্যৱস্থাৰ লক্ষ্য হৈছে স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰা, যাতে ভৱিষ্যতে বেংকসমূহে এই ৰেংকিঙৰ ভিত্তিত পেকছক আত্মবিশ্বাসেৰে ধন আগবঢ়াব পাৰে।

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰখনে সহকৰ ছে সমৃদ্ধি’ (সমবায়ৰ জৰিয়তে সমৃদ্ধি) আৰু সমৃদ্ধি জৰিয়তে আত্মনিৰ্ভৰতাৰ দৃষ্টিভংগীৰে আগবাঢ়িছে, যিটো হৈছে স্বাৱলম্বীতাৰ জৰিয়তে সমৃদ্ধি। তেওঁ এই অনুষ্ঠানত তিনিটা মূল প্ৰকল্পৰ আৰম্ভণিৰ কথা ঘোষণা কৰে: আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ (আই ৱাই চি) ২০২৫ সম্পৰ্কীয় অনুষ্ঠান কেলেণ্ডাৰ উদ্বোধন, নগৰ সমবায় বেংকৰ একত্ৰ সংগঠন-এনইউচিএফডিচিৰ বাবে কাৰ্যালয় মুকলি, আৰু ২০২৫ চনৰ বাবে প্ৰথম প্ৰশিক্ষণ পৰ্বত ১০ হাজাৰ নতুন এমপিএচিএছ সদস্যৰ অংশগ্ৰহণশ্ৰী অমিত শ্বাহে লগতে প্ৰকাশ কৰে যে আগন্তুক বাজেট অধিবেশনত চৰকাৰে গুজৰাটৰ বিশিষ্ট সমবায় নেতা শ্ৰী ত্ৰিভুৱন দাস পেটেলৰ নামেৰে নামাকৰণ কৰা ত্ৰিভুৱন ৰাষ্ট্ৰীয় সমবায় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিব। এই বিশ্ববিদ্যালয়ে বিভিন্ন খণ্ডৰ বাবে দক্ষ পেছাদাৰী গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব। তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত, সমবায় খণ্ডই অনাগত দিনত কৃষি, গ্ৰামাঞ্চল আৰু যুৱক-যুৱতীসকলৰ মাজত কৰ্মসংস্থাপন বৃদ্ধিৰ লগতে সমৃদ্ধিৰ দিশত আগুৱাই নিব।

*****

Raj / Vivek / Priyabhanshu / Pankaj/DB


(Release ID: 2096256) Visitor Counter : 6