প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিভিন্ন ৰে’ল প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 06 JAN 2025 3:26PM by PIB Guwahati

নমস্কাৰ।

তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বৰ্মা জী, ওড়িশাৰ ৰাজ্যপাল শ্ৰী হৰি বাবু জী, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাজী, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেবন্ত ৰেড্ডী জি, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঞ্জি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, জি কিষাণ ৰেড্ডী জি, ড° জিতেন্দ্ৰ সিং জি, ভি ছমাইয়া জী, ৰৱনীত সিং বিট্টু জী, বন্দী সঞ্জয় কুমাৰ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল।

আজি গুৰু গোবিন্দ সিং জীৰ জন্মদিন। তেওঁৰ চিন্তা, তেওঁৰ জীৱনে আমাক এখন সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰত গঢ়িবলৈ অনুপ্ৰাণিত কৰে। গুৰু গোবিন্দ সিং জীৰ প্ৰকাশ উৎসৱ উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ।

বন্ধুসকল,

২০২৫ চনৰ আৰম্ভণিৰ পৰাই ভাৰতে সংযোগৰ দ্ৰুত গতি বজাই ৰাখিছে। কালি দিল্লী-এনচিআৰত নমো ভাৰত ট্ৰেইনত উঠি, দিল্লী মেট্ৰ’ৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ এক সুন্দৰ অভিজ্ঞতা লাভ কৰিলোঁ। কালি ভাৰতে এক বৃহৎ কৃতিত্ব অৰ্জন কৰিলে, আমাৰ দেশৰ মেট্ৰ’ নেটৱৰ্ক এতিয়া হাজাৰ কিলোমিটাৰতকৈ অধিক বিস্তৃত। মাত্ৰ আজি কোটি কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু ইয়াত আধাৰশিলা স্থাপন কৰা হৈছে। উত্তৰত জম্মু-কাশ্মীৰ, পূবে ওড়িশা, আৰু দক্ষিণে তেলেংগানাৰ পৰা আজি দেশৰ এক বৃহৎ অংশৰ বাবে ‘নতুন যুগৰ সংযোগ’ৰ বাবে এক ডাঙৰ দিন। এই তিনিখন ৰাজ্যৰ আধুনিক উন্নয়নৰ আৰম্ভণিয়েই দেখুৱাইছে যে সমগ্ৰ দেশ এতিয়া খোজৰ লগত খোজ মিলাই একেলগে আগবাঢ়িছে। আৰু এই ‘সবকা সাথ, সবকা বিকাশ’ এই মন্ত্ৰই এক উন্নত ভাৰতৰ সপোনত আত্মবিশ্বাসৰ ৰং সংযোজন কৰি আছে। আজি এই উপলক্ষে তিনিখন ৰাজ্যৰ জনসাধাৰণ আৰু সকলো দেশবাসীক এই প্ৰকল্পসমূহৰ বাবে অভিনন্দন জনাইছো। আৰু এইটোও কাকতলীয়া কথা যে আজি আমাৰ ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি জীৰো জন্মদিন, আজি সকলোৰে তৰফৰ পৰা তেওঁলৈ শুভেচ্ছা জনালোঁ।

বন্ধুসকল,

আজি দেশখন উন্নত ভাৰতৰ সংকল্প সাধনত ব্যস্ত হৈ পৰিছে আৰু ইয়াৰ বাবে ভাৰতীয় ৰে’লৱেৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ। আমি দেখিছোঁ যে যোৱা দশকটো ভাৰতীয় ৰে’লৱেৰ এক ঐতিহাসিক ৰূপান্তৰ। ৰে’লৱেৰ আন্তঃগাঁথনিৰ চকুতলগা পৰিৱৰ্তন হৈছে। ইয়াৰ ফলত দেশৰ ভাবমূর্তি সলনি হোৱাৰ লগতে দেশবাসীৰ মনোবলো বৃদ্ধি পাইছে৷

বন্ধুসকল,

আমি ভাৰতত ৰে’লৱেৰ উন্নয়ন চাৰিটা পৰিমাপত আগুৱাই লৈ গৈছো। প্ৰথম-ৰে’লৱেৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, দ্বিতীয়- ৰে’ল যাত্ৰীলৈ আধুনিক সুবিধা, তৃতীয়- দেশৰ চুক-কোণলৈ ৰে’ল সংযোগ, চতুৰ্থ- ৰে’লৱেৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি, উদ্যোগসমূহক সমৰ্থন। এই দৃষ্টিভংগীৰ আভাস আজিৰ কাৰ্যসূচীতো দেখা যায়। ভাৰতীয় ৰে’লৱেক একবিংশ শতিকাৰ আধুনিক ৰে’লপথ হিচাপে গঢ়ি তোলাত এই নতুন বিভাগ, নতুন ৰে’লৱে টাৰ্মিনেলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এইবোৰে দেশত অৰ্থনৈতিক সমৃদ্ধিৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব, ৰে’লপথ পৰিচালনাত সহায় কৰিব, অধিক বিনিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু লগতে নতুন চাকৰিৰ সৃষ্টি কৰিব।

বন্ধুসকল,

২০১৪ চনত আমি ভাৰতীয় ৰে’লৱে আধুনিকীকৰণৰ সপোন লৈ কাম আৰম্ভ কৰিছিলো। বন্দে ভাৰত ৰে’ল, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’লৰ সা-সুবিধা এতিয়া ভাৰতীয় ৰে’লৰ নতুন মাপকাঠী হৈ পৰিছে। আজিৰ আকাংক্ষিত ভাৰতে কম সময়ৰ ভিতৰতে বহুখিনি সাধন কৰাৰ কামনা কৰিছে। আজি মানুহে আনকি দীৰ্ঘ দূৰত্বৰ যাত্ৰাও কম সময়ত সম্পূৰ্ণ কৰিব বিচাৰে। এনে পৰিস্থিতিত দেশৰ প্ৰতিটো প্ৰান্তত তীব্ৰবেগী ৰে’লৰ চাহিদা বাঢ়িছে। আজি বন্দে ভাৰতৰ ৰে’ল ৫০ টাতকৈও অধিক পথত চলি আছে। ১৩৬খন বন্দে ভাৰত সেৱাই মানুহৰ ভ্ৰমণ সুখদায়ক কৰি তুলিছে। মাত্ৰ দুই-তিনি দিন আগতে মই এটা ভিডিঅ’ চাইছিলো, য’ত বন্দে ভাৰতৰ নতুন শ্লীপাৰ সংস্কৰণটোৱে ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত ইয়াৰ পৰীক্ষামূলক ৰাণত দৌৰিছে আৰু কেৱল ময়েই নহয় যিকোনো ভাৰতীয়ই এইটো চাব বিচাৰিব। এনে অভিজ্ঞতা মাথোঁ আৰম্ভণিহে, সেই সময় বেছি দূৰত নহয় যেতিয়া ভাৰতত প্ৰথমখন বুলেট ট্ৰেইন চলিব।

বন্ধুসকল,

আমাৰ লক্ষ্য হৈছে প্ৰথম ষ্টেচনৰ পৰা গন্তব্যস্থানলৈকে ভাৰতীয় ৰে’লৱেৰ যাত্ৰাক এক স্মৰণীয় অভিজ্ঞতা হিচাপে গঢ়ি তোলা। ইয়াৰ বাবে দেশৰ ১৩০০ৰো অধিক অমৃত ষ্টেচনৰো সংস্কাৰ সাধন কৰা হৈছে। যোৱা ১০ বছৰত ৰে’ল সংযোগৰো প্ৰচণ্ড সম্প্ৰসাৰণ ঘটিছে। ২০১৪ চনলৈকে দেশৰ মাত্ৰ পঁয়ত্ৰিশ শতাংশ (৩৫ শতাংশ) ৰে’লপথৰ বিদ্যুৎ সংযোগ হৈছিল। আজি ভাৰতৰ ৰে’লপথৰ প্ৰায় ১০০ শতাংশ বিদ্যুতীকৰণৰ হৈছে। আমি ৰে’লৱেৰ প্ৰসাৰতাও অহৰহ বৃদ্ধি কৰি আহিছো। বিগত ১০ বছৰত ৩০ হাজাৰ কিলোমিটাৰতকৈও অধিক নতুন ৰে’লপথ নিৰ্মাণ কৰাৰ লগতে দলঙৰ ওপৰেৰে শ শ পথ আৰু দলঙৰ তলৰ পথ নিৰ্মাণ কৰা হৈছে। এতিয়া বহল গজ লাইনত মানৱবিহীন ক্ৰছিং বন্ধ কৰা হৈছে। ইয়াৰ ফলত দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে যাত্ৰীৰ সুৰক্ষাও বৃদ্ধি পাইছে। ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ দৰে আধুনিক ৰে’ল নেটৱৰ্কৰ কামো দেশত দ্ৰুতগতিত সম্পূৰ্ণ হৈছে। এই বিশেষ কৰিডৰ নিৰ্মাণৰ লগে লগে স্বাভাৱিক ট্ৰেকত চাপ কমি যাব আৰু তীব্ৰবেগী ৰে’ল চলোৱাৰ সুযোগো বৃদ্ধি পাব।

বন্ধুসকল,

আজি ৰে’লৱেত যি সজীৱতাৰ অভিযান চলি আছে, মেড ইন ইণ্ডিয়াত যিদৰে প্ৰচাৰ কৰা হৈছে, মেট্ৰ’ৰ বাবে আধুনিক ডবা নিৰ্মাণ কৰা হৈছে, ৰে’লৱেৰ বাবে, ষ্টেচনসমূহ পুনৰ উন্নয়ন কৰা হৈছে, ছ’লাৰ পেনেল স্থাপন কৰা হৈছে, ' এক ষ্টেচন, এক সামগ্ৰী’ৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ ফলত ৰে’লৱেত লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। যোৱা ১০ বছৰত লাখ লাখ যুৱকে ৰে’লৱেত স্থায়ী চৰকাৰী চাকৰি লাভ কৰিছে। আমি মনত ৰাখিব লাগিব যে যিবোৰ কাৰখানাত নতুন ৰে’লৰ ডবা নিৰ্মাণ কৰা হৈছে, সেইবোৰৰ কেঁচামাল আন কাৰখানাৰ পৰা আহিছে। তাত চাহিদা বৃদ্ধিৰ অৰ্থ হ’ল অধিক কৰ্মসংস্থাপনৰ সুযোগ। ৰে’লপথৰ সৈতে জড়িত বিশেষ দক্ষতাক মনত ৰাখি দেশৰ প্ৰথমখন গতি-শক্তি বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা কৰা হৈছে।

বন্ধুসকল,

আজি ৰে’লৱেৰ নেটৱৰ্ক সম্প্ৰসাৰণ হোৱাৰ লগে লগে সেই অনুসৰি নতুন মুখ্য কাৰ্যালয় আৰু সংমণ্ডলো সৃষ্টি কৰা হৈছে। জম্মু সংমণ্ডলে জম্মু-কাশ্মীৰৰ বহু চহৰৰ লগতে হিমাচল প্ৰদেশ আৰু পঞ্জাৱক উপকৃত কৰিব। ইয়াৰ দ্বাৰা লেহ-লাডাখৰ জনসাধাৰণৰো সুবিধা হ’ব।

বন্ধুসকল,

আজি আমাৰ জম্মু-কাশ্মীৰে ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়ি তুলিছে। উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰে’লপথৰ আজি সমগ্ৰ দেশতে চৰ্চা চলি আছে। এই প্ৰকল্পই জম্মু-কাশ্মীৰক ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে ভালদৰে সংযোগ কৰিব। এই প্ৰকল্পৰ অধীনত বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে তোৰণ দলং চেনাব দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। দেশৰ প্ৰথমখন কেবল ভিত্তিক ৰে’ল দলং অঞ্জি খাদ দলঙো এই প্ৰকল্পৰ অংশ। এই দুয়োটা আশ্বৰ্যকৰ অভিযান্ত্ৰিকতাৰ অতুলনীয় উদাহৰণ। এইবোৰৰ ফলত অৰ্থনৈতিক প্ৰগতিৰ লগতে অঞ্চলটোৰ সমৃদ্ধিৰ প্ৰসাৰ ঘটিব।

বন্ধুসকল,

ভগৱান জগন্নাথৰ আশীৰ্বাদত আমাৰ ওড়িশাত প্ৰাকৃতিক সম্পদৰ সমৃদ্ধি আছে। আমি ইমান বিশাল বিল পাইছো। ওড়িশাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰবল সম্ভাৱনা আছে। আজি ওড়িশাত নতুন ৰে’লপথৰ সৈতে জড়িত বহু প্ৰকল্পৰ কাম চলি আছে। এইবোৰৰ ওপৰত ৭০ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰা হৈছে। ৰাজ্যত ৭টা গতি শক্তিৰ কাৰ্গো টাৰ্মিনেল মুকলি কৰা হৈছে, যাৰ ফলত বাণিজ্য আৰু উদ্যোগসমূহ উত্থান ঘটিছে। আজিও ওড়িশাত ৰায়গড়া ৰে’লৱে সংমণ্ডলৰ আধাৰশিলা স্থাপন কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব। ইয়াৰ ফলত ওড়িশাত পৰ্যটন, ব্যৱসায় আৰু কৰ্মসংস্থাপন বৃদ্ধি পাব। বিশেষকৈ ইয়াৰ দ্বাৰা দক্ষিণ ওড়িশাৰ যথেষ্ট লাভ হ’ব, য’ত জনজাতীয় পৰিয়ালৰ সংখ্যা বেছি। এই আন্তঃগাঁথনিয়ে জনমন যোজনাৰ অধীনত আমি উন্নয়ন কৰি থকা পিছপৰা জনজাতীয় অঞ্চলসমূহৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব।

বন্ধুসকল,

আজি তেলেংগানাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচন উদ্বোধন কৰাৰ সুযোগো পালোঁ। এই ষ্টেচনটোক আউটাৰ ৰিং ৰোডৰ সৈতে সংযোগ কৰিলে অঞ্চলটোৰ উন্নয়ন ত্বৰান্বিত হ’ব। ষ্টেচনটোত আধুনিক প্লেটফৰ্ম, লিফ্ট, এস্কেলেটৰৰ দৰে সুবিধা আছে। আন এক বিশেষত্ব হ’ল এই ষ্টেচনটো সৌৰশক্তিৰ দ্বাৰা পৰিচালিত। এই নতুন ৰে’লৱে টাৰ্মিনেলৰ দ্বাৰা মহানগৰীৰ বৰ্তমানৰ টাৰ্মিনেল যেনে ছেকেন্দৰাবাদ, হায়দৰাবাদ আৰু কাচিগুড়াৰ ওপৰত চাপ বহু পৰিমাণে হ্ৰাস পাব। ইয়াৰ ফলত মানুহৰ বাবে যাতায়ত অধিক সুবিধাজনক হ’ব। অৰ্থাৎ জীৱন-যাপনৰ সহজতাৰ লগতে ব্যৱসায় কৰাত সহজতাইও উদগনি লাভ কৰিব।

বন্ধুসকল,

আজি দেশত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক বৃহৎ প্ৰচেষ্টা চলি আছে। ভাৰতৰ এক্সপ্ৰেছৱে, জলপথ আৰু মেট্ৰ’ নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। আজি দেশৰ বিমানবন্দৰত সৰ্বোত্তম সুবিধা উপলব্ধ। ২০১৪ চনত দেশৰ বিমানবন্দৰৰ সংখ্যা আছিল ৭৪টা, এতিয়া ইয়াৰ সংখ্যা ১৫০টাতকৈও অধিক হৈছে। ২০১৪ চনলৈকে মাত্ৰ ৫খন চহৰতে মেট্ৰ’ৰ সুবিধা উপলব্ধ আছিল, আজি ২১খন চহৰত মেট্ৰ’ চলি আছে। ভাৰতীয় ৰে’লৱেকো এই মাত্ৰা আৰু গতিৰ লগত মিলাবলৈ অহৰহ উন্নীতকৰণ কৰা হৈছে।

বন্ধুসকল,

এই সকলোবোৰ উন্নয়নমূলক কাম উন্নত ভাৰতৰ ৰোডমেপৰ অংশ, যিটো আজি দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক অভিযানত পৰিণত হৈছে। মোৰ বিশ্বাস যে আমি একেলগে এই দিশত আৰু অধিক দ্ৰুতগতিত আগবাঢ়িম। এই প্ৰকল্পসমূহৰ বাবে দেশবাসীক পুনৰবাৰ অভিনন্দন জনাইছো।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

****

 

MJPS/VJ/RK/DB


(Release ID: 2094780)