তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মহাকুম্ভমেলা ২০২৫: আকাশবাণীৰ কুম্ভবানী বাতৰি এতিয়া মহাকুম্ভ নগৰৰ প্ৰয়াগৰাজৰ ৰাজহুৱা সম্বোধন ক্ষেত্ৰত লাইভ উপলব্ধ
কুম্ভ বাতৰিৰ বাবে উৎসৰ্গিত ১০ মিনিটৰ অৰ্থাৎ দিনটোত তিনিবাৰ মেলা ক্ষেত্ৰত বাতৰিত সম্প্ৰসাৰিত হ'ব পুৱা ৮:৩০ বজাত, বিয়লি ২:৩০ বজাত, সন্ধিয়া ৮:৩০ বজাত
কুম্ভ বাতৰি উপলব্ধ হ'ব নিউজ অন এয়াৰ এপ, ৱেভছ অ'টিটি, আকাশবাণীৰ ইটুব চেনেল আৰু এআইৰ অফিচিয়েলত
Posted On:
18 JAN 2025 5:58PM by PIB Guwahati
কুম্ভ মেলালৈ অহা সাধু আৰু ভক্তগনক নিৰন্তৰে খবৰ প্ৰদান কৰিবলৈ আকাশবাণীৰ কুম্ভবানী বাতৰিৰ প্ৰতিবেদন এতিয়া মহাকুম্ভ, প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশত সমূহীয়া সম্বোধন প্ৰক্ৰিয়াৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। প্ৰথম কুম্ভবানী বাতৰি আজি, ১৮ জানুৱাৰী ২০২৫ ৰ পুৱা ৮:৩০ বজাত সম্প্ৰচাৰ কৰা হয়।
কুম্ভবানী বাতৰি দিনটোত তিনিবাৰ পুৱা ৮:৩০ বজাৰ পৰা ৮:৪০ বজালৈ, দুপৰীয়া ২:৩০ বজাৰ পৰা ২:৪০ বজালৈ, সন্ধিয়া ৮:৩০ বজাৰ পৰা ৮:৪০ বজালৈ সম্প্ৰচাৰ কৰা হ'ব। ইয়াৰ দ্বাৰা মহাকুম্ভত হোৱা প্ৰতিটো অনুষ্ঠানৰ খবৰ লাভ কৰিব। ইয়াৰ উপৰিও প্ৰয়াগৰাজত ভক্তগণে ১০৩.৫ মেগাহাৰ্টজ ফ্ৰিকোয়েনচি ত কুম্ভবাণী বাতৰি শুনিব পাৰিব। এই উৎসৰ্গিত বাতৰি
নিউজ অন এয়াৰ এপ, ৱেভছ অ'টিটি, আকাশবাণীৰ ইটুব চেনেল আৰু এআইৰ অফিচিয়েলত সম্প্ৰচাৰ হ'ব।

ভক্ত আৰু সাধু সকলে এই প্ৰচেষ্টাক শলাগ লৈ আৰু এনেদৰে কয় - "মহাকুম্ভৱৰ সন্দৰ্ভত খবৰ লাভ কৰিবলৈ এয়া এটা মহান কাম"। প্ৰয়াগৰাজ নিবাসী তনু শৰ্মাই কয় আকাশবাণীৰ কুম্ভ প্ৰতিবেদন বিশ্বস্ত, সঠিক আৰু তথ্যসমৃদ্ধ। মহাকুম্ভ দৰ্শনৰ বাবে অহা মধ্য প্ৰদেশৰ উজয়েনৰ যোগৰাজ সিং ঝালাই কয় -" মেলা ক্ষেত্ৰত আকাশবাণীৰ কুম্ভ প্ৰতিবেদন শুনিবলৈ পোৱাটো আনন্দৰ ক্ষণ। ভক্তগনে তথ্য লাভৰ বাবে এটা বিশ্বস্ত মাধ্যম লাভ কৰিছে।"
প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী নৱনীত কুমাৰ চেহগলে কয়- " মহাকুম্ভ এক সামাজিক ধাৰ্মিক সংগম আৰু প্ৰতিটো সময়ৰ সত্যনিষ্ঠ খবৰ দিয়াৰ বাবে প্ৰচাৰ ভাৰতী প্ৰতিজ্ঞাবদ্ধ।" আকাশবাণী আৰু দূৰদৰ্শনত মহাকুম্ভৰ নিৰন্তৰ কভাৰেজ সুনিশ্চিত কৰিবলৈ প্ৰয়াগৰাজত সংবাদদাতা, সম্পাদক আৰু ঘোষিকাৰ এটা দল নিয়োগ কৰা হৈছে।
মহাকুম্ভ ২০২৫ ক লৈ উৎসৰ্গিত আকাশবাণীৰ কুম্ভবানী চেনেল ১০ জানুৱাৰীত শুভাৰম্ভ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্য নাথ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰৰ ৰাজ্য মন্ত্ৰী ডঃ এল মুৰুগানৰ উপস্থিতিত উদ্বোধন কৰা হয়। ২৬ ফেব্ৰুৱাৰী ২০২৫ লৈকে বাতৰি আৰু অন্যান্য অনুষ্ঠান সম্প্ৰচাৰ হৈ থাকিব।
(Release ID: 2094469)