প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰতিষ্ঠা দিৱসত বীৰ জোৱানসকলক প্ৰণাম জনায়
Posted On:
19 JAN 2025 5:18PM by PIB Guwahati
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ বীৰ জোৱানসকলৰ সাহস, নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকক সম্ভাষণ জনায়।
এক্সত এটা পোষ্টত তেওঁ লিখিছেঃ ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ উপলক্ষে আমি প্ৰতিকূলতাৰ সময়ত ঢাল হিচাপে পৰিগণিত হোৱা সাহসী কৰ্মীসকলৰ সাহস, নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাক প্ৰণাম জনাইছো। জীৱন ৰক্ষা, দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱা আৰু জৰুৰীকালীন অৱস্থাত সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ অটল প্ৰতিশ্ৰুতি সঁচাকৈয়ে প্ৰশংসনীয়। দুৰ্যোগৰ প্ৰতি সঁহাৰি আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰতো এন ডি আৰ এফে গোলকীয় মানদণ্ড নিৰ্ধাৰণ কৰিছে।
@NDRFHQ”
***
MJPS/SR/MS
(Release ID: 2094466)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam