সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ: পৰিধি নেওচা এক উদযাপন

Posted On: 13 JAN 2025 6:58PM by PIB Guwahati

 

পিনাৰৰ মহাকুম্ভলৈ যাত্ৰা এটা সপোনৰে আৰম্ভ হৈছিল। পিনাৰ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক চিত্ৰপটৰ বিষয়ে গভীৰভাৱে কৌতূহলী এগৰাকী তুৰ্কী নাগৰিক, তেওঁ দীৰ্ঘদিন ধৰি মহাকুম্ভক সংজ্ঞায়িত কৰা বিশ্বাস, পৰম্পৰা আৰু মানৱতাৰ ৰহস্যময় সঙ্গমৰ কাহিনী শুনি আহিছিল। ২০২৫ চনৰ জানুৱাৰী মাহত গংগা, যমুনা আৰু সৰস্বতী নদীৰ পৱিত্ৰ মিলনবিন্দু সঙ্গমৰ বলুকাত থিয় হৈ তেওঁ তেওঁৰ সপোন বাস্তৱায়িত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003W3PV.jpg

পৰম্পৰাগত ভাৰতীয় পোছাক পৰিধান কৰি পিনাৰে গঙ্গাত পবিত্ৰ স্নান কৰিছিল, এই স্নান হৈছে সনাতন ধৰ্মত গভীৰ গুৰুত্ব বহন কৰা এক শুদ্ধিৰ কাৰ্য। কপালত তিলক পৰিধান কৰি পৱিত্ৰ জলৰাশিত অৱগাহন কৰা পিনাৰে মুহূৰ্ততে দৈৱত্বত নিজকে নিমজ্জিত কৰা যেন অনুভৱ কৰিছিল। "এই পৰিৱেশ সঁচাকৈয়ে ঐশ্বৰিক আৰু ৰাজকীয় আছিল," তেওঁ আশ্চৰ্যচকিত স্বৰত নিজৰ অনুভৱ সহভাগ কৰিছিল। পিনাৰৰ বাবে এয়া কেৱল মহাদেশজোৰা যাত্ৰাই নাছিল, বৰঞ্চ এক গভীৰ আধ্যাত্মিক জাগৃতিও আছিল।

অনুষ্ঠানটোৰ শক্তি আৰু পৱিত্ৰতাৰ প্ৰতি তেওঁৰ প্ৰশংসা স্পষ্ট আছিল। ধ্যান আৰু তিলক প্ৰয়োগৰ দৰে ৰীতি-নীতিত অংশগ্ৰহণ কৰি তেওঁ ভাৰতৰ বহু পুৰণি পৰম্পৰাৰ সৈতে এক গভীৰ সম্পৰ্ক অনুভৱ কৰিছিল। সনাতন ধৰ্মৰ প্ৰতি নতুন বোধোদয় আৰু শ্ৰদ্ধা প্ৰতিফলিত কৰি তেওঁ কয়, "সঙ্গমৰ বলুকাত খোজ দিয়া আৰু গঙ্গাত পবিত্ৰ ডুব মৰোতে হোৱা অনুভৱ মই কেতিয়াও পাহৰিব নোৱাৰিম।"

‘মহাকুম্ভ ২০২৫’ য়ে কেৱল ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাৱেশকে নহয়, এক গোলকীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে নিজৰ স্থানো সুদৃঢ় কৰিছে, যিয়ে লাখ লাখ লোকক আকৰ্ষিত কৰিছে। মানৱতাৰ এক অমূৰ্ত ঐতিহ্য হিচাপে চিহ্নিত মহাকুম্ভই সনাতন সংস্কৃতিৰ সাৰাংশক প্ৰতিনিধিত্ব কৰিছে আৰু বিশ্বজুৰি কৌতূহলৰ সৃষ্টি কৰিছে। এই বছৰ আন্তৰ্জাতিক দৰ্শনাৰ্থী আৰু অনলাইন ব্যৱহাৰকাৰীসকলৰ আগ্ৰহ বৃদ্ধিত অনুষ্ঠানটোৰ বিশ্বজোৰা আবেদন স্পষ্ট হৈছে। ইয়াৰ গুৰুত্ব বুজিবলৈ আৰু ইয়াৰ আধ্যাত্মিক জীৱন্ততাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী বিভিন্ন মহাদেশৰ লোকসকলে সক্ৰিয়ভাৱে এই বিশাল অনুষ্ঠানটোৰ বিষয়ে তথ্য বিচাৰিবলৈ লৈছে।

এই বিশ্বজোৰা কৌতূহল পূৰণ কৰাৰ বাবে ‘মহাকুম্ভ ২০২৫’ক "ডিজিটেল মহাকুম্ভ" হিচাপে উপস্থাপন কৰি উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে ডিজিটেল ৰূপান্তৰণ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈছে আনুষ্ঠানিক ৱেবছাইট https://kumbh.gov.in/, যিয়ে মহাকুম্ভৰ সকলো দিশৰ বিস্তৃত তথ্য প্ৰদান কৰে। পৰম্পৰা আৰু আধ্যাত্মিক গুৰুত্বৰ পৰা ভ্ৰমণ নিৰ্দেশনা আৰু বাসস্থানৰ বিকল্পলৈকে পৰ্টেলটো ভক্ত আৰু পৰ্যটকসকলৰ বাবে ‘ৱান-ষ্টপ ডেষ্টিনেশ্যন’ হিচাপে গঢ়ি তোলা হৈছে। মুখ্য আকৰ্ষণসমূহ, মুখ্য স্নান উৎসৱসমূহ, কৰণীয় আৰু অনাকৰণীয়, আৰু এক ইন্দ্ৰীয়গাহ্য অভিজ্ঞতা নিশ্চিত কৰিবলৈ মিডিয়া গেলেৰীবোৰৰ সতৰ্কতাৰে বিৱৰণ দিয়া হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004VH7Y.png

 

এই ডিজিটেল উদ্যোগে উল্লেখনীয় হাৰৰ তত্পৰতা প্ৰত্যক্ষ কৰিছে। কেৱল জানুৱাৰীৰ প্ৰথম সপ্তাহটোতে ১৮৩ খন দেশৰ ৩৩ লাখৰো অধিক দৰ্শনাৰ্থীয়ে ৱেবছাইটটোত প্ৰৱেশ কৰিছে, ব্যৱহাৰকাৰীসকল পৃথিৱীৰ প্ৰায় ৬,২০৬খন চহৰৰ পৰা আহিছে। ভাৰতে এই অন্বেষণক নেতৃত্ব দিছে, তাৰ পিছতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, কানাডা আৰু জাৰ্মানী। মঞ্চটোৰ উপলব্ধিয়ে ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি অনুষ্ঠানটোৰ সাৰ্বজনীন আবেদনত আলোকপাত কৰিছে।

ৱেবছাইটটো পৰিচালনা কৰা কাৰিকৰী দলটোৱে ইয়াৰ আৰম্ভণিৰ পৰা ব্যৱহাৰকাৰীৰ বিশেষ তত্পৰতা যথেষ্ট বৃদ্ধি হোৱা বুলি প্ৰতিবেদন দি আহিছিল, অনুষ্ঠানটো কাষ চাপি অহাৰ লগে লগে দৈনিক ব্যৱহাৰকাৰীৰ সংখ্যা লাখ লাখ লৈ বৃদ্ধি হৈছিল। দৰ্শনাৰ্থীসকলে কেৱল পৰ্টেলটোত প্ৰৱেশ কৰাই নহয়, বৰঞ্চ মহাকুম্ভৰ সমৃদ্ধ ইতিহাস আৰু আধ্যাত্মিক সাৰাংশৰ বিষয়ে সমল অন্বেষণ কৰাতো যথেষ্ট সময় ব্যয় কৰিছে। ‘ডিজিটেল মহাকুম্ভ’ উদ্যোগে আধুনিক প্ৰযুক্তিৰ সৈতে প্ৰাচীন পৰম্পৰাৰ অবিৰাম মিশ্ৰণক অংকিত কৰিছে। নিৰ্ভৰযোগ্য তথ্য সহজে প্ৰাপ্ত কৰি উত্তৰ প্ৰদেশ চৰকাৰে নিশ্চিত কৰে যে ভক্ত আৰু পৰ্যটকসকলে লজিষ্টিক প্ৰত্যাহ্বান অবিহনেই মহাকুম্ভৰ আধ্যাত্মিক দিশসমূহত গুৰুত্ব দিব পাৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0054XW7.jpg

‘মহাকুম্ভ ২০২৫’ আৰম্ভ হোৱাৰ লগে লগে ই ইয়াৰ মহিমা প্ৰত্যক্ষ কৰা সকলৰ মাজত আচৰিত আৰু শ্ৰদ্ধা প্ৰেৰিত কৰিবলৈ ধৰিছে। পিনাৰৰ দৰে দৰ্শনাৰ্থীসকলৰ বাবে ই এক উৎসৱতকৈয়ো অধিক; এক পৰিৱৰ্তনশীল যাত্ৰা যিয়ে সংস্কৃতিসমূহৰ মাজত সেতুবন্ধনৰ দিহা কৰাৰ লগতে আধ্যাত্মিক সম্পৰ্ক গভীৰ কৰিছে। মহাকুম্ভৰ মহিমাই আমাক মানৱতাক একত্ৰিত কৰিবলৈ বিশ্বাসৰ শাশ্বত শক্তিৰ কথা মনত পেলাই দিয়ে। ইয়াৰ নদী, বালি আৰু পৱিত্ৰ ৰীতি-নীতিয়ে বিশুদ্ধতা, ভক্তি আৰু অৰ্থৰ বাবে মানুহৰ অংশীদাৰী অন্বেষণৰ এক কালজয়ী বাৰ্তা প্ৰদান কৰিছে। ইয়াৰ বিশ্বজোৰা প্ৰসাৰ আৰু ডিজিটেল উদ্ভাৱনৰ সৈতে মহাকুম্ভই কেৱল ইয়াৰ পৰম্পৰাসমূহ সংৰক্ষণ কৰাই নহয়, বৰঞ্চ সেইবোৰক এক সংযোজিত পৃথিৱীলৈ আগুৱাই নিছে।

এই বছৰ, লাখ লাখ লোক সঙ্গমত একত্ৰিত হোৱাৰ মুহূৰ্তত মহাকুম্ভই আধ্যাত্মিক কেন্দ্ৰ হিচাপে নিজৰ স্থান পুনৰ নিশ্চিত কৰিছে, 'ত প্ৰাচীন ৰীতি-নীতি আৰু আধুনিক আকাংক্ষাবোৰ জীৱন আৰু দৈৱত্বৰ উৎসৱত একত্ৰিত হৈছে

প্ৰসংগসূত্ৰ

www.kumbh.gov.in

Click here to see in PDF:

Santosh Kumar/ Sarla Meena/ Rishita Aggarwal/KB


(Release ID: 2094464) Visitor Counter : 6