স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ অৰ্থে নতুন প্ৰকল্প উদ্বোধন তথা চলি থকা প্ৰকল্পৰ পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত জে পি নাড্ডাই

অসমৰ তেজপুৰৰ এল জি বি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুন পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰিলে শ্ৰী নাড্ডাই

প্ৰতিষ্ঠানটোৰ ব’ৰ্ড অৱ গভৰ্ণৰছৰ বৈঠকতো কৰিলে অংশগ্ৰহণ

অসমৰ দৰং জিলাৰ মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ত পি এম অভিমৰ অধীনত ২৩.৭৫ কোটি টকাৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া ৫০ খন বিচনাযুক্ত অত্যাধুনিক ক্রিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰীগৰাকীয়ে

এইমছ গুৱাহাটীৰ কামৰ অগ্ৰগতিৰো কৰিলে পৰ্যালোচনা

Posted On: 08 JAN 2025 6:05PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ  দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জগত প্ৰকাশ নাড্ডাই আজি তেজপুৰৰ  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (এলজিবিআৰআইএমএইচ), মঙলদৈ জিলা অসামৰিক চিকিৎসালয় আৰু এইমছ গুৱাহাটীকে ধৰি অসমৰ গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰি  কেইবাটাও নতুন প্ৰকল্প  উদ্বোধন কৰে। কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে  অঞ্চলটোৰ জনসাধাৰণৰ বাবে চিকিৎসা সেৱা বৃদ্ধিৰ লক্ষ্যৰে চলি থকা  স্বাস্থ্যসেৱা  প্ৰকল্পসমূহৰো  পৰ্যালোচনা কৰে । তেজপুৰৰ এলজিবিআৰআইএমএইচ  পৰিদৰ্শনৰ  সময়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে  প্ৰতিষ্ঠানটোৰ নতুন পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে। প্ৰতিষ্ঠানটোৰ লক্ষ্যণীয় বিকাশ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী নাড্ডাই উত্তৰ-পূব আৰু সামগ্ৰিকভাৱে  দেশক  ভালদৰে সেৱা আগবঢ়াবলৈ স্বাস্থ্যসেৱা  প্ৰতিষ্ঠানসমূহত অধিক ছুপাৰ স্পেচিয়েলিটি বিভাগ প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

শ্ৰী নাড্ডাই এলজিবিআৰআইএমএইচৰ ব’ৰ্ড অৱ গভৰ্ণৰছৰ বৈঠকতো অংশগ্ৰহণ কৰে। তেওঁৰ এই ভ্ৰমণকালত  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংঘাল তেওঁৰ সৈতে উপস্থিত থাকে।

আজিৰ এই ভ্ৰমণকালতে শ্ৰী নাড্ডাই দৰং জিলাৰ মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ত  উপস্থিত হৈ চিকিৎসালয় খনৰ  ৫০খন বিচনাযুক্ত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লক (চিচিবি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী অভিমৰ অধীনত ২৩.৭৫ কোটি টকাৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া চিকিৎসালয় খনৰ অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লকৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত  ই  অসমৰ জনসাধাৰণৰ উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব।

দৰং ভ্ৰমণৰ সময়ত  শ্ৰী নাড্ডাই কৰ্কট চিকিৎসালয়ত চলি থকা চিকিৎসা  ব্যৱস্থাৰো  বুজ লয়। তেওঁ লগতে টাটা ট্ৰাষ্টৰ অধীনত নিৰ্মিত কেন্সাৰ কেয়াৰ প্ৰজেক্টো পৰিদৰ্শন কৰে। এই প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি  তেওঁ মন্তব্য কৰে, “আগতে কেন্সাৰৰ চিকিৎসাৰ বাবে মানুহে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল, কিন্তু এতিয়া, দৰঙৰ ৰাইজে ইয়াতেই ঘৰৰ কাষতে চিকিৎসা লাভ কৰিব পাৰিছে।”

অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংঘাল ; অসমৰ শিক্ষামন্ত্ৰী শ্ৰী কেশৱ মহন্ত; অসমৰ শক্তি, দক্ষতা বিকাশ আৰু চিকিৎসা শিক্ষা দপ্তৰৰ  মন্ত্ৰী শ্ৰী প্ৰশান্ত  ফুকন  আৰু সংসদ সদস্য শ্ৰী দিলীপ শইকীয়ায়ো  কেন্দ্ৰী মন্ত্ৰী নাড্ডাৰ সৈতে  এই ভ্ৰমণৰ সময়ত উপস্থিত থাকে।

ভ্ৰমণৰ সামৰণি  পৰ্বত  শ্ৰী নাড্ডাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এইমছ, গুৱাহাটী  পৰিদৰ্শন কৰি  প্ৰতিষ্ঠানটোৰ কামৰ অগ্ৰগতিৰ বুজ লয়।  শ্ৰী নাড্ডাই এইমছ, গুৱাহাটী চৌহদত এটা গছপুলি ৰোপণ কৰে।মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ সময়ত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিকৰ লগতে প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ সৈতে  উপস্থিত থাকে  স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেল; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব  শ্ৰী জয়দীপ কুমাৰ মিশ্ৰ;  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী এল এছ চাংছান আৰু ৰাজ্য চৰকাৰ  তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

MV/DM


(Release ID: 2091247) Visitor Counter : 27