পোষ্ট কৰা হৈছে:
03 JAN 2025 5:56PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত দ্বীপ উন্নয়ন সংস্থাৰ সপ্তম বৈঠক অনুষ্ঠিত হয়। সভাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল (অৱসৰপ্ৰাপ্ত) শ্ৰী ডি কে যোশী, লক্ষদ্বীপৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল পেটেল, কেন্দ্ৰীয় গৃহ সচিব শ্ৰীযুত গোবিন্দ মোহন আৰু কেন্দ্ৰীয় বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকলৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত চলি থকা উন্নয়নমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ প্ৰশাসন আৰু লক্ষ্যদ্বীপ প্ৰশাসনে ডিজিটেল সংযোগ, বিমান সংযোগ, আৰু বন্দৰ উন্নয়নকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ওপৰত বিস্তৃত উপস্থাপন আগবঢ়ায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত ছ’লাৰ(সৌৰ শক্তি) আৰু ৱাইণ্ড এনাৰ্জীৰ পদক্ষেপক আগুৱাই নিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ এই অঞ্চলসমূহত সৌৰ পেনেল আৰু ৱাইণ্ড মিলছৰ জৰিয়তে ১০০% নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ক দুয়োটা দ্বীপ গোটৰ সকলো ঘৰতে সৌৰ পেনেল স্থাপন কৰি ‘পি এম সূৰ্য্য ঘৰ’ আঁচনি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
শ্ৰী অমিত শ্বাহে কয় যে এই দ্বীপসমূহ দিল্লীৰ পৰা বহু দূৰত থাকিলেও আমাৰ হৃদয়ৰ ওচৰত আছে আৰু আন্তঃগাঁথনিৰ উন্নয়ন তথা ইয়াত পৰ্যটনৰ সুবিধা বৃদ্ধি কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। মোদী চৰকাৰে এই দ্বীপসমূহৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰি উন্নয়নমূলক কাম-কাজ ত্বৰান্বিত কৰি তুলিছে। তেওঁ দুয়োটা দ্বীপ গোটৰ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু পৰ্যটন, বাণিজ্য, আৰু অন্যান্য মূল খণ্ডৰ সৈতে জড়িত পদক্ষেপসমূহত সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট সকলো কেন্দ্ৰীয় মন্ত্ৰালয়ক আহ্বান জনায়। শ্ৰী শ্বাহে বাকী থকা সমস্যাসমূহৰ সমাধান আৰু চলি থকা প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও স্পষ্ট নিৰ্দেশনা জাৰি কৰে।
*****
RK/VV/ASH/PR/PS/MS