গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত নতুন ৱৰ্কিং উইমেনছ হোষ্টেল ব্লক ‘সুষমা ভৱন’ উদ্বোধন আৰু মতী বাগত পশু চিকিৎসালয়ৰ ভাৰ্চুৱেল উদ্বোধন কৰে
মোদী চৰকাৰে ১০ বছৰত দিল্লীত ৬৮ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনিৰ কাম কৰে
৪৫ কোটি টকা ব্যয়েৰে ৫০ হাজাৰ গজত নিৰ্মাণ কৰা শ্বীশ মহলৰ হিচাপ আজি ৰাজধানীৰ জনসাধাৰণে বিচাৰিছে
দিল্লীৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ পাওঁতে উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে শ্বীশমহল নিৰ্মাণৰ কাম কৰা হ’ল
মোদী জীয়ে ৰাজপথৰ ব্যৱসায়ীসকলক আঁতৰোৱাৰ পৰিৱৰ্তে ‘স্বনিধি যোজনা’ৰ জৰিয়তে তেওঁলোকক সবল কৰি সন্মান দি আছে
সকলো বিৰোধী নেতাই সুষমা জীৰ কৰ্মশৈলীৰ পৰা শিকিব লাগে
সুষমা জীৰ নামেৰে নামাকৰণ কৰা এই ভৱনত বসবাস কৰা ভগ্নীসকলৰ নাম এগৰাকী এনে নেত্ৰীৰ সৈতে জড়িত হৈ আছে যি ভাৰতৰ নাৰী সৱলীকৰণ, সজাগতা আৰু সংগ্ৰামৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ আছে
Posted On:
04 JAN 2025 4:31PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত নতুন দিল্লী পৌৰ নিগম (এনডিএমচি)ৰ দ্বাৰা নিৰ্মিত নতুন ৱৰ্কিং উইমেনছ হোষ্টেল ব্লক ‘সুষমা ভৱন’ উদ্বোধন আৰু মতী বাগত পশু চিকিৎসালয়ৰ ভাৰ্চুৱেল উদ্বোধন কৰে। এই উপলক্ষে দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী ভি কে ছাক্সেনা আৰু নতুন দিল্লীৰ সাংসদ বাঁসুৰী স্বৰাজকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
নিজৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে সুষমা জীৰ নামেৰে নামাকৰণ কৰা এই নতুন ৱৰ্কিং উইমেনছ হোষ্টেল ভৱনত বসবাস কৰা ভগ্নীসকলৰ নাম এগৰাকী এনে নেত্ৰীৰ সৈতে জড়িত হৈ আছে যি ভাৰতত নাৰী সৱলীকৰণ, সজাগতা আৰু সংগ্ৰামৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ আছে। এই দেশৰ গণতান্ত্ৰিক ইতিহাসে সুষমা জীক এগৰাকী যুঁজাৰু বিৰোধী নেতা হিচাপে সদায় মনত ৰাখিব। তেওঁ কয় যে সুষমা জীয়ে পূৰ্বৰ চৰকাৰৰ ১২ লাখ কোটি টকাৰ কেলেংকাৰি আৰু দুৰ্নীতি সংসদত উদঙাই দিয়াৰ কাম কৰিছিল। গণতন্ত্ৰত বিৰোধী দলৰ নেতাৰ পদৰ গুৰুত্বৰ নিদৰ্শন হিচাপে সুষমা জী সদায় স্মৰণীয় হৈ থাকিব। তেওঁ কয় যে সকলো বিৰোধী নেতাই সুষমা জীৰ কৰ্মশৈলীৰ পৰা শিকিব লাগে। তেওঁ কয় যে সুষমা জীয়ে সমগ্ৰ দেশতে নাৰী সৱলীকৰণৰ ভাব জগায় আৰু তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ চৰকাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ৰাইজৰ সমস্যা বুজি পোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এক জীয়া উদাহৰণ দাঙি ধৰিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এনডিএমচিয়ে এই ভৱনৰ ৰূপত প্ৰায় ৫০০ শ্ৰমিক মহিলাৰ বাবে নিৰাপদ বাসস্থানৰ ব্যৱস্থা কৰিছে। এই ভৱনৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নগৰ উন্নয়নৰ দৃষ্টিভংগীক উজ্জ্বল কৰি তোলা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ভাৰতৰ নগৰ উন্নয়নক নীতিগত ভিত্তি প্ৰদানৰ বাবে কাম কৰিছিল। মোদী জীয়ে গ্ল’বেল ষ্টেণ্ডাৰ্ড ফেচিলিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰি নগৰ উন্নয়ন নীতিত ইয়াক এক প্ৰধান আহিলা হিচাপে অন্তৰ্ভুক্ত কৰে। মোদী জীয়ে যোগাযোগ আৰু ভাল পথ সংযোগক নগৰ উন্নয়ন নীতিৰ অংশ কৰি তুলিলে। তেওঁ কয় যে পূৰ্বে চহৰৰ আশে-পাশে অৱস্থিত গাঁওসমূহ কোনো নীতিত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে নগৰ উন্নয়ন নীতিত অন্তৰ্ভুক্ত কৰিছিল, যাৰ বাবে যোৱা ১০ বছৰত চহৰসমূহৰ পৰিস্থিতি সলনি হৈছে। শ্ৰী শ্বাহে কয় যে মোদী জীয়ে নগৰ উন্নয়ন নীতিত ই-গভৰ্নেন্সক অগ্ৰাধিকাৰ দিলে, ১০০খন চহৰক বাছনি কৰি স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিলে আৰু স্মাৰ্ট চিটি উন্নয়নত ডাটা ড্ৰাইভেন এপ্ৰ’চক অন্তৰ্ভুক্ত কৰিলে। এই পন্থাৰ বাবেই নগৰসমূহৰ সমতাপূৰ্ণ উন্নয়ন হোৱাই নহয়, বৰং ভৱিষ্যতৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়নৰ ৰূপায়ণতো সফল হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে নিৰাপত্তাৰ বাবে বহু চহৰত সংহত কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ সৈতে চিচিটিভি কেমেৰাৰ সমগ্ৰ নেটৱৰ্ক সংযোগ কৰা হৈছে। অনাগত দিনত এই কেমেৰাসমূহ এআই ব্যৱহাৰ কৰি বহুমুখী আঁচনিত ব্যৱহাৰ কৰা হ’ব। তেওঁ কয় যে মোদী জীয়ে অমৃত যোজনা, ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণ, বৈদ্যুতিক বাহনৰ পদক্ষেপ আৰু পৰিৱেশ অনুকূল সৌৰশক্তিৰ বাবে পিএম-সূৰ্যঘৰ যোজনাৰ আৰম্ভণিও কৰে। শ্ৰী শ্বাহে কয় যে চহৰৰ স্বচ্ছতা আৰু পৰিৱেশ সুৰক্ষাক নগৰ উন্নয়ন নীতিৰ দুটা গুৰুত্বপূৰ্ণ বিন্দু হিচাপে গণ্য কৰা হৈছে। এইবোৰৰ বাবে স্বচ্ছ ভাৰত অভিযান, নগৰীয়া আৱৰ্জনা ব্যৱস্থাপনা নীতি, সেউজ শক্তি, সৌৰ ছাদ প্ৰকল্পৰ দৰে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদী জীয়ে ৰাজপথৰ বেপাৰীসকলৰ বাবে কেৱল স্থান সুনিশ্চিত কৰাই নহয়, বৰং স্বনিধি আঁচনিৰ জৰিয়তে তেওঁলোকক মৰ্যাদাপূৰ্ণ জীৱন যাপন আৰু ঋণ লোৱাৰ অধিকাৰো প্রদান কৰিলে৷
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীয়ে কয় যে স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে চাকৰিৰ সন্ধানত হতাশাত ভুগি থকা যুৱক-যুৱতীসকলক স্বনিয়োজনৰ সৈতে সংযোগ কৰি তেওঁলোকক সবলীকৰণৰ কাম কৰা হৈছে। মোদী চৰকাৰৰ নীতিৰ কাৰণে সকলো চহৰৰ মাজত স্বচ্ছতা ৰেংকিঙৰ প্ৰতিযোগিতা আৰু জলবায়ু স্মাৰ্ট চিটি ফ্ৰেমৱৰ্কৰ বাবে এক স্বচ্ছ প্ৰতিযোগিতা আৰম্ভ হয়। শ্ৰী শ্বাহে কয় যে নগৰ উন্নয়ন নীতিৰ সকলো মাত্ৰাক একত্ৰিত কৰি ইয়াক ফলাফলমুখী কৰি তোলা হৈছে আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰা উন্নয়নৰ ৰোডমেপ তৈয়াৰ কৰা হৈছে, যিয়ে আমাৰ চহৰসমূহক বিশ্বব্যাপী চহৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাত সহায় কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত যোৱা ১০ বছৰত দিল্লীৰ উন্নয়নৰ বাবে ৬৮ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনিৰ কাম কৰা হৈছে। মোদী চৰকাৰে দিল্লীত পথৰ বাবে ৪১ হাজাৰ কোটি টকা, ৰে’লৱেৰ বাবে ১৫ হাজাৰ কোটি টকা আৰু বিমানবন্দৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে সেৱা শক্তিশালী কৰাৰ বাবে ১২ হাজাৰ কোটি টকাৰ কাম কৰিছে। তেওঁ কয় যে দিল্লী-মীৰুট এক্সপ্ৰেছৱেত ৮ হাজাৰ কোটি টকা খৰচ হয় আৰু এতিয়া দিল্লীৰ পৰা ৪৫ মিনিটত মীৰুটলৈ যাব পাৰি। দিল্লীৰ পৰা মুম্বাইলৈ ২৪ ঘণ্টীয়া যাত্ৰা ১২ ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ হাই স্পীড কৰিডৰ নিৰ্মাণ কৰা হৈছে, ৭৫০০ কোটি টকা ব্যয়েৰে দ্বাৰকা এক্সপ্ৰেছৱে, ১১ হাজাৰ কোটি টকা ব্যয়েৰে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে, ৭৭১৫ কোটি টকা ব্যয়েৰে আৰ্বান এক্সটেনচন ৰোড, ৯২০ কোটি টকা ব্যয়েৰে প্ৰগতি ময়দান ইন্টিগ্ৰেটেড ট্ৰেনজিট কৰিডৰ আৰু ৩০ হাজাৰ কোটি টকা ব্যয়েৰে দিল্লী-মীৰুট আৰআৰটিএছ ৰে'ল কৰিডৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ভাৰত মণ্ডপমত ৭০০০ আসনৰ কনভেনচন চেণ্টাৰ আৰু ৩০০০ আসনৰ এম্ফিথিয়েটাৰ নিৰ্মাণ কৰা হৈছে, ৫৪০০ কোটি টকা ব্যয়ৰে যশোভূমি কনভেনচন চেণ্টাৰ, ২৫০ কোটি টকা ব্যয়েৰে দ্বাৰকা গ'ল্ফ ক'ৰ্ছ, ৯২ কোটি টকা ব্যয়েৰে দ্বাৰকা স্প’ৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰা হৈছে৷ PM-UDAY আঁচনিৰ অধীনত ১৭৩১খন কলনীক নিয়মীয়াকৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ৪০ লাখ দৰিদ্ৰ লোকক মালিকীস্বত্ব প্ৰদানৰ আঁচনিৰ লগতে বস্তিবাসীক ফ্লেট দিয়াৰ আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা - চহৰত ২৯ হাজাৰ ঘৰ আৰু প্ৰায় ৩৫৪ কোটি টকাৰে ৩০০০ ইডব্লিউএছ ফ্লেট নিৰ্মাণ কৰা হয়। তেওঁ কয় যে দিল্লী বিশ্ববিদ্যালয়ত নতুন বীৰ সাৱৰকাৰ মহাবিদ্যালয়, প্ৰধানমন্ত্ৰী সংগ্ৰহালয়, আৰক্ষী স্মাৰক, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু এক্সপ’ চেণ্টাৰৰ উন্নয়ন, অক্সিজেন পাৰ্ক আৰু বহু সেউজ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে দিল্লীবাসীৰ ৪৫ কোটি টকা ব্যয়েৰে ৫০ হাজাৰ গজ এলেকাত দিল্লীত এটা শ্বীশমহল নিৰ্মাণ কৰা বুলি উত্থাপন হোৱা অভিযোগৰ কথা উল্লেখ কৰি কয় যে ৰাজধানীৰ জনসাধাৰণে ইয়াৰ হিচাপ বিচাৰিছে। তেওঁ কয় যে যেতিয়া ১০ বছৰ দিল্লীৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ পালে, তেতিয়া ইয়াৰ উন্নয়নৰ প্ৰতি গুৰুত্ব নিদি শ্বীশমহল নিৰ্মাণৰ কাম কৰা হৈছিল।
**********
RK/VV/PR/PS
(Release ID: 2090466)
Visitor Counter : 12