প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দূৰণিবটীয়া আৰু মাওবাদী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে

Posted On: 02 JAN 2025 10:20AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দূৰবটীয়া আৰু মাওবাদী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলসমূহত সৰ্বাধিক উন্নয়ন নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:

"দূৰণিবটীয়া আৰু মাওবাদী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলসমূহত সৰ্বাধিক উন্নয়ন নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰচেষ্টাক মই প্ৰশংসা কৰিছোঁ। ই নিশ্চিতভাৱে 'জীৱনধাৰণৰ সহজতা' বৃদ্ধি কৰিব আৰু আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰি তুলিব। গড়চিৰোলী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ মোৰ ভগ্নী আৰু ভাতৃসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ!"

 

***

MJPS/SR/KB


(Release ID: 2089528) Visitor Counter : 22