প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বীৰ বাল দিৱস উপলক্ষে চাহিবজাদেসকলৰ অতুলনীয় সাহস আৰু ত্যাগক স্মৰণ কৰে
प्रविष्टि तिथि:
26 DEC 2024 9:32AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ বাল দিৱস উপলক্ষে চাহিবজাদেসকলৰ অতুলনীয় সাহস আৰু ত্যাগৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ ত্যাগ হৈছে বীৰত্বৰ এক উজ্জ্বল উদাহৰণ আৰু নিজৰ মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা গুজৰী জী আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসিকতাক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"আজি বীৰ বাল দিৱসত আমি চাহিবজাদেসকলৰ অতুলনীয় সাহসিকতা আৰু ত্যাগৰ কথা স্মৰণ কৰিছো। কম বয়সতে তেওঁলোকে বিশ্বাস আৰু নীতিৰ ওপৰত দৃঢ়তাৰে থিয় দিছে আৰু নৱপ্ৰজন্মক তেওঁলোকৰ সাহসেৰে অনুপ্ৰাণিত কৰিছে। তেওঁলোকৰ ত্যাগ হৈছে বীৰত্বৰ এক উজ্জ্বল উদাহৰণ আৰু নিজৰ মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতি। আমি মাতা গুজৰী জী আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসিকতাৰ কথাও স্মৰণ কৰিছো। তেওঁলোকে সদায়ে আমাক অধিক সহানুভূতিশীল সমাজ গঢ়ি তোলাৰ দিশত পথ প্ৰদৰ্শন কৰক।"
***
MJPS/VJ/MK/BB
(रिलीज़ आईडी: 2088045)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam