প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 26 DEC 2024 10:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালায়ালম চলচ্চিত্ৰ আৰু সাহিত্যৰ অন্যতম সন্মানীয় ব্যক্তি শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ কৰ্মৰাজিয়ে মানৱীয় আৱেগৰ গভীৰ অন্বেষণৰ দ্বাৰা প্ৰজন্মক গঢ় দিছে আৰু বহু লোকক অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"মালায়ালম চলচ্চিত্ৰ আৰু সাহিত্যৰ অন্যতম সন্মানীয় ব্যক্তি শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ মৃত্যুত দুখিতঃ। মানৱীয় আৱেগৰ গভীৰ অন্বেষণৰ দ্বাৰা তেওঁৰ কামবোৰে প্ৰজন্মক গঢ় দিছে আৰু আৰু ই বহু লোকক অনুপ্ৰাণিত কৰি থাকিব। তেওঁ সমাজৰ সকলো শ্ৰেণীৰ হকে মাত দিছিল। মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ সৈতে আছে। ওম শান্তি।"

 

***

MJPS/VJ/MK/BB


 


(रिलीज़ आईडी: 2088042) आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam