মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে অহা ২৬ ডিচেম্বৰত 'বীৰ বাল দিৱস' উদযাপন আৰু 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ' প্ৰদান কৰিব
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সাতটা শিতানত ব্যতিক্ৰমী কৃতিত্বৰ বাবে ১৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ শিশুক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’ প্ৰদান কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘বীৰ বাল দিৱস’ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব
‘সুপোষিত পঞ্চায়ত’ আঁচনিও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীয়ে মুকলি ভাষণ আগবঢ়াব
পিএমআৰবিপি প্ৰাপক আৰু গণ্যমান্য ব্যক্তিসকলৰ সৈতে প্ৰায় ৩৫০০ শিশুৱে ইয়াত অংশগ্ৰহণেৰে ভাৰতৰ ঐতিহ্য প্ৰদৰ্শনকাৰী সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব
মাইগভ/মাইভাৰত পৰ্টেলত অনলাইন কাৰ্য্যসূচীকে প্ৰমুখ্য কৰি সমগ্ৰ দেশৰ বিদ্যালয়, শিশু গৃহ, অংগনৱাড়ী কেন্দ্ৰসমূহতো ভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হ’ব
Posted On:
24 DEC 2024 2:04PM by PIB Guwahati
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২৬ ডিচেম্বৰত বীৰ বাল দিৱস উদযাপন আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব।
ভাৰত চৰকাৰে শিশুসকলক কলা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ, এই সাতটা শিতানত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) আগবঢ়াই আহিছে। এই বঁটাৰ বাবে ১৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ গৰাকী শিশু (৭ ল’ৰা আৰু ১০ ছোৱালী)ক বাছনি কৰা হৈছে। সেইদিনা (২৬ ডিচেম্বৰ, ২০২৪) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে শিশুসকলক বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিগৰাকী বঁটাপ্ৰাপকে এটি পদক, প্ৰমাণ পত্ৰ আৰু প্ৰশস্তিৰ পুস্তিকা লাভ কৰিব।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত বীৰ বাল দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী অনুষ্ঠিত হ'ব। ইয়াত শিশুৰ মনক লালন-পালন, সৃজনীশীলতাক প্ৰেৰণা যোগান আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীলৈ প্ৰেৰণাদায়ক অৱদান সম্পৰ্কে গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ শোভা-বৰ্ধন কৰিব, সুপোষিত পঞ্চায়ত আঁচনি উদ্বোধন কৰিব আৰু মাৰ্চ-পাষ্টৰ ফ্লেগ-অফ কৰিব। একেদৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে মুকলি ভাষণ আগবঢ়াব। পিএমআৰবিপি প্ৰাপক আৰু গণ্যমান্য ব্যক্তিসকলৰ লগতে প্ৰায় ৩,৫০০ শিশুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানত শিশুসকলে ভাৰতৰ ঐতিহ্য প্ৰদৰ্শনকাৰী সাংস্কৃতিক অনুষ্ঠান আৰু বৈচিত্ৰ্যময় সংস্কৃতিক প্ৰতিফলিত কৰা মাৰ্চ-পাষ্ট প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰিও মাইগভ/মাইভাৰত পৰ্টেলত অনলাইন কাৰ্য্যসূচীকে প্ৰমুখ্য কৰি সমগ্ৰ দেশৰ বিদ্যালয়, শিশু গৃহ, অংগনৱাড়ী কেন্দ্ৰত সাধু কোৱা, সৃষ্টিশীল লেখা, প’ষ্টাৰ-মেকিং, ৰচনা লিখা, কবিতা আৰু কুইজৰ দৰে কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।
****
SS/MS/SB
(Release ID: 2087601)
Visitor Counter : 38