প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংবিধান গৃহীতকৰণৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাক সম্বোধন কৰে
ভাৰত গণতন্ত্ৰৰ মাতৃঃ প্ৰধানমন্ত্ৰী
আমাৰ সংবিধান ভাৰতৰ ঐক্যৰ আধাৰঃ প্ৰধানমন্ত্ৰী
২০১৪ত এনডিএয়ে চৰকাৰ গঠনৰ সুযোগ লাভত গণতন্ত্ৰ আৰু সংবিধান সুদৃঢ় হৈ পৰিলঃ প্ৰধানমন্ত্ৰী
Posted On:
14 DEC 2024 11:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংবিধান গৃহীতকৰণৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে লোকসভাৰ বিশেষ আলোচনাক সম্বোধন কৰে। সদনক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে আমি গণতন্ত্ৰৰ এই উৎসৱ উদযাপন কাৰ্য্য ভাৰতৰ সকলো নাগৰিক আৰু সমগ্ৰ বিশ্বৰ গণতন্ত্ৰক সন্মান কৰা সকলো জনসাধাৰণৰ বাবে গৌৰৱ আৰু সন্মানৰ কথা। আমাৰ সংবিধানৰ ৭৫ বছৰীয়া উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ যাত্ৰাত আমাৰ সংবিধান প্ৰণেতাসকলৰ দূৰদৰ্শী মনোভাৱ, দৃষ্টিভংগী আৰু প্ৰচেষ্টাক ধন্যবাদ জনাই তেখেতে কয় যে ৭৫ বছৰ সফলতাৰে পাৰ হোৱাৰ পিছত গণতন্ত্ৰৰ উৎসৱ উদযাপনৰ সময় আহি পৰিছে। শ্ৰী মোদীয়ে এই উদযাপন কাৰ্য্যসূচীত সাংসদসকলেও নিজকে জড়িতকৰণেৰে নিজ-নিজ মতামত প্ৰকাশত আনন্দ ব্যক্তকৰণেৰে তেখেতে তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭৫ বছৰৰ এই সাফল্যক এক অসাধাৰণ কৃতিত্ব বুলি অভিহিত কৰে। এই মহান সাফল্যৰ বাবে তেখেতে সংবিধান প্ৰণেতাসকলৰ লগতে কোটি-কোটি নাগৰিকৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ নাগৰিকে সংবিধানৰ প্ৰণেতাসকলে পৰিকল্পনা কৰা ধৰণেৰে সংবিধানৰ প্ৰমূল্যবোধক সফলতাৰে অভিযোজনা আৰু জীৱন-যাপনৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰি আহিছে। তেখেতে কয় যে সেয়েহে নাগৰিকসকল সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ।
শ্ৰী মোদীয়ে কয় যে সংবিধান প্ৰণেতাসকলে ভাৰতৰ জন্ম ১৯৪৭ বা ১৯৫০ৰ পৰা সংবিধানখন কাৰ্য্যকৰী হ’ব বুলি কেতিয়াও সমৰ্থন কৰা নাছিল, বৰঞ্চ ভাৰত আৰু ইয়াৰ গণতন্ত্ৰৰ মহান পৰম্পৰা তথা ঐতিহ্যক বিশ্বাস কৰিছিল। তেখেতে লগতে কয় যে ভাৰতৰ গণতন্ত্ৰ আৰু গণতন্ত্ৰৰ অতীত সদায় উল্লেখযোগ্য আৰু বিশ্বৰ বাবে প্ৰেৰণা হৈ আহিছে। তেখেতে লগতে কয়, “ভাৰত গণতন্ত্ৰৰ মাতৃ হিচাপে পৰিচিত।” শ্ৰী মোদীয়ে কয় যে আমি কেৱল এখন মহান গণতান্ত্ৰিক দেশেই নহয়, বৰঞ্চ গণতন্ত্ৰৰ সৃষ্টিকৰ্তাও।
সাংবিধানিক বিতৰ্কৰ প্ৰসংগত ৰাজৰ্ষি পুৰুষোত্তম দাস টেণ্ডনৰ উদ্ধৃতি দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “যুগ-যুগ ধৰি এনে এক পৰিঘটনাপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে, যিয়ে মোক আমাৰ মহান অতীত আৰু আগৰ সময়ৰ কথা মনত পেলাই দিয়ে।“ ইয়াৰ পিছত তেখেতে ডঃ এছ. ৰাধাকৃষ্ণনৰ উদ্ধৃতি দাঙি ধৰি কয়, “গণৰাজ্য ব্যৱস্থাটো এই মহান ৰাষ্ট্ৰখনৰ বাবে নতুন ধাৰণা নহয়, কাৰণ আমাৰ ইতিহাসৰ আৰম্ভণিৰেপৰাই এই ব্যৱস্থা আছে।” তাৰ পাছত বাবাছাহেব ডঃ আম্বেদকাৰৰ উদ্ধৃতি প্ৰদান কৰে তেখেতে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবিধান প্ৰণয়নৰ প্ৰক্ৰিয়াত মহিলাসকলৰ ভূমিকাক প্ৰশংসা কৰে। তেখেতে লগতে কয় যে সংবিধানসভাত পোন্ধৰজন সন্মানীয় আৰু সক্ৰিয় সদস্য আছিল। তেওঁলোকে নিজস্ব মৌলিক চিন্তা, মতামত আৰু ধাৰণাৰে সংবিধানৰ খচৰা প্ৰস্তুতৰ প্ৰক্ৰিয়াটো অধিক শক্তিশালী কৰি তুলিছিল। তেওঁলোকৰ প্ৰত্যেকেই ভিন্ন বাতাবৰণৰপৰা অহা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে মহিলা সদস্যসকলে আগবঢ়োৱা পৰামৰ্শই সংবিধানখনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে গৌৰৱ প্ৰকাশ কৰে যে স্বাধীনতাৰ সময়ৰপৰাই মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ বিপৰীতে বিশ্বৰ আন বহু দেশত এনে হ’বলৈ দশক-দশক সময় লাগিছিল। তেখেতে লগতে কয় যে একে মনোভাৱেৰে ভাৰতে জি-২০ সন্মিলনৰ অধ্যক্ষতাৰ সময়ত মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগী বিশ্বৰ সন্মুখত আগবঢ়াইছিল। মোদীয়ে সকলো সাংসদে নাৰীশক্তি বন্দন অধিনিয়মৰ সফল প্ৰণয়নৰ কথাও উল্লেখেৰে কয় যে চৰকাৰে মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ বৰ্ধিতভাৱে সুনিশ্চিতকৰণৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিছে।
ভাৰত দ্ৰুতগতিত আগবাঢ়িছে বুলি পুনৰ উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ’ব। তেখেতে লগতে কয় যে ২০৪৭ৰ ভিতৰত ভাৰতৰ উন্নতি নিশ্চিত কৰাটো ১৪০ কোটি ভাৰতীয়ৰ একত্ৰিত সংকল্প। তেখেতে আৰু কয় যে এই সংকল্পক বাস্তৱায়িতকৰণৰ বাবে ভাৰতৰ ঐক্যই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমাৰ সংবিধানো ভাৰতৰ ঐক্যৰ ভেটি। সংবিধান ৰচনাৰ প্ৰক্ৰিয়াত মহান স্বাধীনতা সংগ্ৰামী, লেখক, চিন্তাবিদ, সমাজকৰ্মী, শিক্ষাবিদ আৰু আন-আন বৈচিত্ৰ্যময় ক্ষেত্ৰৰ পেছাদাৰী লোকক সামৰি লোৱা হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোক সকলো ভাৰতৰ ঐক্যৰ সত্যৰ প্ৰতি অতিশয় সংবেদনশীল আছিল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাধীনতাৰ পিছৰ সংবিধান প্ৰণেতাসকলৰ হৃদয় আৰু মনত ঐক্য আছিল। কিন্তু স্বাধীনতাৰ পাছত বিকৃত মানসিকতা বা স্বাৰ্থপৰতাৰ বাবে ৰাষ্ট্ৰৰ ঐক্যৰ মূল মনোভাৱৰ ওপৰত সৰ্বাধিক আঘাত কৰা হ’ল। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ বৈশিষ্ট্য হৈ আহিছে বুলি উল্লেখেৰে আমি বৈচিত্ৰ্যক উদযাপন কৰিছোঁ আৰু এই বৈচিত্ৰ্যক উদযাপনতেই দেশৰ অগ্ৰগতি নিহিত হৈ আছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৈচিত্ৰ্যৰ এই অমূল্য সম্পদক উদযাপনৰ পৰিৱৰ্তে বিষাক্ত বীজ সিঁচিবলৈ চেষ্টা কৰা হৈছিল, যাৰ লক্ষ্য আছিল ৰাষ্ট্ৰৰ ঐক্যৰ ক্ষতিসাধন। শ্ৰী মোদীয়ে সকলোকে আহ্বান জনায় যে বৈচিত্ৰ্য উদযাপনক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব লাগে, আৰু সেয়াই হ’ব ডঃ বি.আৰ. আম্বেদকাৰলৈ পূৰ্ণ শ্ৰদ্ধাঞ্জলি।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ১০ বছৰত চৰকাৰৰ নীতিসমূহে ভাৰতৰ ঐক্য সুদৃঢ়কৰণৰ লক্ষ্য অব্যাহত ৰাখিছে। তেখেতে লগতে কয় যে ৩৭০ নং অনুচ্ছেদে ৰাষ্ট্ৰখনৰ ঐক্যৰ ক্ষেত্ৰত বাধা হিচাপে কাম কৰিছিল। শ্ৰী মোদীয়ে কয় যে দেশৰ ঐক্যত অগ্ৰাধিকাৰ প্ৰদান, সংবিধানৰ মনোভাৱেৰে সংগতি ৰাখি ৩৭০ নং অনুচ্ছেদ বাতিল কৰা হৈছে।
শ্ৰী মোদীয়ে ভাৰতত অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ আৰু বৈশ্বিক বিনিয়োগ প্ৰলুব্ধ কৰিবলৈ অনুকূল পৰিস্থিতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয় যে দেশত দীৰ্ঘদিন ধৰি জিএছটি সন্দৰ্ভত আলোচনা অব্যাহত আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে জিএছটিয়ে অৰ্থনৈতিক ঐক্যৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখেৰে পূৰ্বৰ চৰকাৰৰ অৱদানক স্বীকাৰ কৰে আৰু বৰ্তমান চৰকাৰে ইয়াক কাৰ্য্যকৰীকৰণৰ সুযোগ পোৱা বুলি কৈ ই "এক ৰাষ্ট্ৰ, এক কৰ"ৰ ধাৰণাটোক আগুৱাই নিছে বুলি কয়।
আমাৰ দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ৰেচন কাৰ্ড কেনেদৰে এক মূল্যৱান নথি হৈ আহিছে আৰু এগৰাকী দৰিদ্ৰ লোকে এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যলৈ যোৱাৰ সময়ত সন্মুখীন হোৱা অসুবিধা সম্পৰ্কে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এতিয়া তেওঁলোক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। এই বিশাল দেশৰ যি ঠাইতে নাথাকক কিয়, প্ৰতিজন নাগৰিকৰ সম অধিকাৰ থাকিব লাগে বুলি তেখেতে গুৰুত্ব আৰোপ কৰে। আৰু লগতে কয় যে এই ঐক্যবোধক সুদৃঢ় কৰিবলৈ চৰকাৰে "এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড"ৰ ধাৰণাটোক সুদৃঢ় কৰি তুলিছে।
দৰিদ্ৰ আৰু সাধাৰণ নাগৰিকলৈ বিনামূলীয়া স্বাস্থ্যসেৱা আগবঢ়োৱা মাত্ৰেকে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজখন সবল হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে তেওঁলোকে কাম কৰা ঠাইত স্বাস্থ্যসেৱা সুলভ হোৱাৰ সমান্তৰালকৈ তেওঁলোক দূৰত থকাৰ সময়ছোৱাত জীৱন সংকটজনক পৰিস্থিতিৰ সন্মুখীন হ’লেও এয়া উপলব্ধ হ’ব লাগে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্যৰ নীতি ৰক্ষাৰ বাবে চৰকাৰে আয়ুষ্মান ভাৰতৰ জৰিয়তে "এক ৰাষ্ট্ৰ, এক স্বাস্থ্য কাৰ্ড" পদক্ষেপ প্ৰৱৰ্তন কৰে। তেখেতে উল্লেখ কৰে যে বিহাৰৰ দুৰ্গম অঞ্চলৰপৰা পুনেত কৰ্মৰত এজন ব্যক্তিয়েও আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰিব পাৰে।
শ্ৰী মোদীয়ে কয় যে এনেকুৱা সময়ো আছিল, যেতিয়া দেশৰ এটা অংশত বিদ্যুৎ আছিল আৰু আন এটা অংশ যোগানৰ সমস্যাৰ বাবে অন্ধকাৰত আছিল। তেখেতে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্য্যকালত ভাৰতক ইয়াৰ বিদ্যুতৰ নাটনিৰ বাবে বিশ্বজুৰি প্ৰায়ে সমালোচনা কৰা হৈছিল। সংবিধানৰ মনোভাৱ আৰু ঐক্যৰ মন্ত্ৰ ৰক্ষাৰ বাবে চৰকাৰে "এক ৰাষ্ট্ৰ, এক গ্ৰীড" পদক্ষেপ ৰূপায়ণ কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে আজি ভাৰতৰ প্ৰতিটো প্ৰান্তলৈ নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান ধৰা হৈছে।
দেশৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণৰ বাবে সুষম উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। তেখেতে লগতে কয় যে উত্তৰ-পূব, জম্মু-কাশ্মীৰেই হওঁক, হিমালয় অঞ্চলেই হওঁক, মৰুভূমি অঞ্চলেই হওঁক, চৰকাৰে ব্যাপকভাৱে আন্তঃগাঁথনি সবলীকৰণৰ প্ৰচেষ্টা হাতত লৈছে। তেখেতে উল্লেখ কৰে যে এই পদক্ষেপৰ লক্ষ্য হৈছে উন্নয়নৰ অভাৱৰ বাবে যিকোনো দূৰত্ববোধ নাইকিয়া কৰা, যি কাৰ্য্যই ঐক্যৰ পোষকতা কৰিছে।
"থকা" আৰু "নথকা"ৰ মাজত ডিজিটেল বিভাজনৰ ওপৰত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে ডিজিটেল ইণ্ডিয়াত ভাৰতৰ সফলতাৰ কাহিনী বিশ্বজুৰি এক পৰম গৌৰৱৰ উৎস। তেখেতে লগতে কয় যে প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ এই সফলতাৰ মূল কাৰক হিচাপে পৰিগণিত হৈছে। শ্ৰী মোদীয়ে কয় যে সংবিধান প্ৰণেতাসকলৰ দৃষ্টিভংগীৰদ্বাৰা পৰিচালিত হৈ চৰকাৰে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণৰ বাবে ভাৰতৰ প্ৰতিটো পঞ্চায়তলৈ অপটিকেল ফাইবাৰ সম্প্ৰসাৰণৰ কাম কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানে ঐক্যৰ আশা কৰিছে আৰু এই মনোভাৱেৰে মাতৃভাষাৰ গুৰুত্বক স্বীকৃতি জনাইছে। তেখেতে উল্লেখ কৰে যে মাতৃভাষা দমনেৰে ৰাষ্ট্ৰৰ জনসাধাৰণক সাংস্কৃতিকভাৱে সমৃদ্ধ কৰিব নোৱাৰি। শ্ৰী মোদীয়ে কয় যে নতুন শিক্ষা নীতিয়ে মাতৃভাষাক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে, যাৰ ফলশ্ৰুতিত অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলো নিজ-নিজ মাতৃভাষাত চিকিৎসক আৰু অভিযন্তাৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। তেখেতে লগতে কয় যে সংবিধানে সকলোকে সমৰ্থন কৰে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণৰ নিৰ্দেশ দিয়ে। শ্ৰী মোদীয়ে কয় যে কেইবাটাও ধ্ৰুপদী ভাষাক উপযুক্ত স্থান আৰু সন্মান দিয়া হৈছে। তেখেতে কয়, "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" অভিযানে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণৰ লগতে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক মূল্যবোধৰ বীজ সিঁচিছে।
কাশী তামিল সংগমম আৰু তেলেগু কাশী সংগমম যে উল্লেখযোগ্য প্ৰতিষ্ঠানিক অনুষ্ঠানত পৰিণত হৈছে, সেই কথাত আলোকপাতেৰে শ্ৰী মোদীয়ে এই সাংস্কৃতিক পদক্ষেপসমূহে সমাজৰ বন্ধন সুদৃঢ় কৰিছে বুলি কয়। তেখেতে লগতে কয় যে সংবিধানৰ মূল নীতিসমূহত ভাৰতৰ ঐক্যৰ গুৰুত্বক স্বীকৃতি দিয়া হৈছে আৰু এই কথা স্বীকাৰ কৰা উচিত।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানখনে ৭৫ বছৰ পূৰ্তি উদযাপনৰ সময়তে ২৫, ৫০, ৬০ বছৰৰ দৰে মাইলৰ খুঁটিসমূহেও তাৎপৰ্য্য লাভ কৰিছে। ইতিহাস সম্পৰ্কে চিন্তা-চৰ্চাৰে তেখেতে কয় যে সংবিধানৰ ২৫ বছৰীয়া জয়ন্তীৰ সময়ত দেশত সংবিধান ছিন্নভিন্ন হৈ পৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল, সাংবিধানিক ব্যৱস্থাক ভাঙি পেলোৱা হৈছিল, দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছিল, নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰা হৈছিল আৰু সংবিধান প্ৰণয়নকাৰীসকলৰ ত্যাগক সমাধিস্থকৰণৰ চেষ্টা কৰা হৈছিল।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ৰাষ্ট্ৰখনে ২০০০ৰ ২৬ নৱেম্বৰত সংবিধানৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অটল বাজপেয়ীজীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰলৈ এক বিশেষ বাৰ্তা প্ৰেৰণেৰে ঐক্য, জনসাধাৰণৰ অংশগ্ৰহণ আৰু অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেখেতে উল্লেখ কৰে যে বাজপেয়ীৰ এই প্ৰচেষ্টাৰ আঁৰত সংবিধানৰ মনোভাৱক জীয়াই ৰখা আৰু জনসাধাৰণক জাগ্ৰতকৰণৰ লক্ষ্য আছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ ৫০ বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে সাংবিধানিক প্ৰক্ৰিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছিল। তেখেতে কয় যে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্য্যকালত গুজৰাটত সংবিধানৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছিল। তেখেতে লগতে কয় যে ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে সংবিধানখনক হস্তী এটাৰ ওপৰত বিশেষ ব্যৱস্থাৰে ৰখা হৈছিল আৰু সংবিধান গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰা হৈছিল। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে সংবিধানৰ তাৎপৰ্য্য অতিশয় গভীৰ আৰু আজি ই ৭৫ বছৰ সম্পূৰ্ণৰ লগে-লগে লোকসভাৰ এটা ঘটনাৰ কথা মনত পেলায়। যেতিয়া এজন জ্যেষ্ঠ নেতাই ২৬ নৱেম্বৰত সংবিধান দিৱস উদযাপনৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, যিহেতু ইতিমধ্যে ২৬ জানুৱাৰীৰ দিনটো পালন কৰা হৈছিল।
সংবিধানৰ শক্তি আৰু বৈচিত্ৰ্য সম্পৰ্কে আলোচনা কৰিলে নৱ-প্ৰজন্মৰ বাবে উপযোগী হ’লহেঁতেন বুলি উল্লেখেৰে বিশেষ অধিৱেশনখনক লৈ শ্ৰী মোদীয়ে সন্তোষ প্ৰকাশ কৰে। তেখেতে কয় যে সকলোৰে নিজস্ব বাধা আছে, ভিন্ন ৰূপত নিজৰ-নিজৰ সন্দেহ আছে, একাংশই নিজৰ ব্যৰ্থতা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাসমূহ পক্ষপাতী আৱেগৰ উৰ্ধত থাকি ৰাষ্ট্ৰীয় স্বাৰ্থত গুৰুত্ব দিয়া হ’লে ভাল আছিল, যাৰ ফলত নতুন প্ৰজন্ম সমৃদ্ধ হ’লহেঁতেন।
সংবিধানৰ প্ৰতি বিশেষ শ্ৰদ্ধা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ মনোভাৱেই তেখেতৰ দৰে বহু লোকক আজি যি স্থানত আছে, সেই স্থানত উপনীত হ’বলৈ সক্ষম কৰিছে। তেখেতে কয় যে কোনো পটভূমি নোহোৱাকৈ সংবিধানৰ ক্ষমতা আৰু জনসাধাৰণৰ আশীৰ্বাদেই তেওঁলোকক আজিৰ স্থানলৈ আনিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সংবিধানখনৰ বাবেই একেধৰণৰ পৰিস্থিতিত একাধিক ব্যক্তিয়ে উল্লেখযোগ্য স্থানত উপনীত হৈছে। তেখেতে লগতে কয় যে দেশখনে কেৱল এবাৰ নহয়, তিনিবাৰকৈ অসীম বিশ্বাস প্ৰদৰ্শন কৰিছে, সেয়া এক পৰম সৌভাগ্য। তেখেতে কয় যে সংবিধান অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ১৯৪৭ৰ পৰা ১৯৫২লৈকে ভাৰতত নিৰ্বাচিত চৰকাৰ নাছিল বৰঞ্চ অস্থায়ী, বাছনি কৰা চৰকাৰ আছিল, কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। তেখেতে কয় যে ১৯৫২ৰ পূৰ্বে ৰাজ্যসভা গঠন হোৱা নাছিল আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। অৰ্থাৎ জনসাধাৰণৰ কোনো জনাদেশ নাছিল। তেখেতে লগতে কয় যে ইয়াৰ পিছতো ১৯৫১ত নিৰ্বাচিত চৰকাৰ অবিহনে সংবিধান সংশোধনৰ বাবে এক অধ্যাদেশ জাৰি কৰা হৈছিল, মত প্ৰকাশৰ স্বাধীনতাক খৰ্ব কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া সংবিধান প্ৰণয়ণকাৰীসকলক অপমান কৰা কাৰ্য্য় আছিল। তেখেতে কয় যে যেতিয়া সুযোগ আহিল, তেতিয়া তেওঁলোকে মত-প্ৰকাশৰ স্বাধীনতাক খৰ্ব কৰিছিল, যি কাৰ্য্য সংবিধান প্ৰণেতাসকলৰ বাবে এক গুৰুতৰ অপমান আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধান সভাত যিখিনি সাধন কৰিবপৰা নগ’ল, সেয়া পিছ দুৱাৰেদি এজন অনিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১৯৭১ত ন্যায়পালিকাক অপমানেৰে সংবিধান সংশোধনেৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰা হৈছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সংশোধনীত উল্লেখ কৰা হৈছে যে সংসদে ন্যায়িক পৰ্য্যালোচনা অবিহনে সংবিধানৰ যিকোনো অনুচ্ছেদৰ পৰিৱৰ্তনেৰে আদালতৰ ক্ষমতা কাঢ়ি ল’ব পাৰে। তেখেতে লগতে কয় যে ইয়াৰ বাবে তেতিয়াৰ চৰকাৰে মৌলিক অধিকাৰ কৰ্তনেৰে ন্যায়পালিকাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জৰুৰীকালীন সময়ত সংবিধানৰ অপব্যৱহাৰ হৈছিল আৰু গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰা হৈছিল। তেখেতে কয় যে ১৯৭৫ত ৩৯ সংখ্যক সংশোধনী গৃহীত কৰা হৈছিল, যাৰ ফলত কোনো আদালতে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অধ্যক্ষৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনাব পৰা নাছিল আৰু ইয়াক পূৰ্বৰ কাৰ্য্যসমূহ সামৰি ল’বলৈ পূৰ্বদৃষ্টিৰে প্ৰয়োগ কৰা হৈছিল।
জৰুৰীকালীন অৱস্থা সন্দৰ্ভত আৰু অধিক বিবেচনাৰে শ্ৰী মোদীয়ে কয় যে সেই সময়ত জনতাৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল, হাজাৰ-হাজাৰ লোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল, ন্যায়পালিকাক ডিঙি চেপি হত্যা কৰা হৈছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছিল। তেখেতে কয় যে প্ৰতিশ্ৰুতিবদ্ধ ন্যায়পালিকাৰ ধাৰণা সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আদালতৰ গোচৰত তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰায় প্ৰদান কৰা ন্যায়াধীশ এইচ.আৰ. খান্নাক জ্যেষ্ঠতা সত্ত্বেও ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদৰপৰা বঞ্চিত কৰা হৈছিল। তেখেতে কয় যে এয়া আছিল সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক উলংঘা কৰা কাৰ্য্য।
শ্বাহ বানো গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ কথা স্মৰণেৰে এগৰাকী ভাৰতীয় মহিলাক সংবিধানৰ মৰ্য্যাদা আৰু মনোভাৱৰ ওপৰত ভিত্তি কৰি ন্যায় প্ৰদান কৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে উচ্চতম ন্যায়ালয়ে এগৰাকী বৃদ্ধাক তেওঁৰ প্ৰাপ্য প্ৰদান কৰিছিল, কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে এই মনোভাৱক নস্যাৎ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংসদে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পুনৰ এবাৰ বাতিল কৰিবলৈ আইন প্ৰণয়ন কৰিছিল।
তেতিয়া ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে সংবিধান গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে সংবিধান প্ৰণেতাসকলে নিৰ্বাচিত চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা কৰিছিল। কিন্তু কোনো ধৰণৰ শপত গ্ৰহণ নকৰা এটা অসাংবিধানিক সত্তা ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদক প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ (PMO) ওপৰত স্থাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সত্তাটোক পিএমঅ’ৰ উৰ্ধ বেচৰকাৰী মৰ্য্যাদা প্ৰদান কৰা হৈছিল।
শ্ৰী মোদীয়ে কয় যে ভাৰতীয় সংবিধানৰ অধীনত জনসাধাৰণে চৰকাৰ নিৰ্বাচন কৰে আৰু সেই চৰকাৰৰ মুৰব্বীয়ে কেবিনেট গঠন কৰে। সংবিধানক অসন্মান কৰা অহংকাৰী ব্যক্তিয়ে সাংবাদিকৰ সন্মুখত কেবিনেটৰ সিদ্ধান্ত এটা অগ্ৰাহ্যকৰণৰ ঘটনা এটা স্মৰণেৰে শ্ৰী মোদীয়ে কয় যে এই ব্যক্তিসকলে ইয়াক সন্মান নকৰে। তেখেতে লগতে কয় যে তেতিয়াৰ কেবিনেটে নিজৰ সিদ্ধান্তকে সলনি কৰাটো দুৰ্ভাগ্যজনক।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৩৭০ অনুচ্ছেদ সকলোৱে পৰিচিত হ’লেও ৩৫ ক অনুচ্ছেদ সম্পৰ্কে অতি কম সংখ্যকেহে জানে। তেখেতে কয় যে ৩৫এ অনুচ্ছেদ সংসদীয় অনুমোদন অবিহনে জাৰি কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানৰ প্ৰাথমিক ৰক্ষক সংসদক অতিক্ৰমেৰে দেশৰ ওপৰত ৩৫এ অনুচ্ছেদ জাপি দিয়াৰ ফলত জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেখেতে কয় যে এয়া ৰাষ্ট্ৰপতিৰ আদেশৰ জৰিয়তে কৰা হৈছে, তেতিয়া সংসদক আন্ধাৰত ৰখা হৈছিল।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত ডঃ আম্বেদকাৰৰ স্মৃতিত এটি স্মৃতিসৌধ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও পৰৱৰ্তী ১০ বছৰলৈ এই কামৰ আৰম্ভণিও কৰা হোৱা নাছিল বা অনুমতি দিয়া হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া তেখেতৰ চৰকাৰ ক্ষমতালৈ আহিছিল, তেতিয়া ডঃ আম্বেদকাৰৰ প্ৰতি সন্মান জনাই তেওঁলোকে আলিপুৰ পথত ডঃ আম্বেদকাৰ স্মাৰক নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল।
১৯৯২ত শ্ৰী চন্দ্ৰ শেখৰৰ কাৰ্য্যকালত দিল্লীৰ জনপথৰ সমীপত আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণৰ কথা স্মৰণেৰে শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পটো ৪০ বছৰে কাগজতে থাকিছিল আৰু কাৰ্য্যকৰী নহৈছিল। তেখেতে কয় যে ২০১৫তহে, যেতিয়া তেখেতৰ চৰকাৰ ক্ষমতালৈ আহিছিল, তেতিয়াহে কাম সম্পূৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আনকি ডঃ বি.আৰ. আম্বেদকাৰক স্বাধীনতাৰ বহুদিন পিছতহে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ডঃ বি.আৰ. আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী বিশ্বজুৰি ১২০ খন দেশত উদযাপন কৰা হয় আৰু ডঃ আম্বেদকাৰৰ জন্ম শতবাৰ্ষিকীৰ সময়ছোৱাত ডঃ আম্বেদকাৰৰ জন্মস্থান মহৌত এটা স্মৃতিসৌধ পুনৰ নিৰ্মাণ কৰা হয়।
সমাজৰ প্ৰান্তীয় শ্ৰেণীক মূলসুঁতিলৈ অনাৰ প্ৰতি দায়বদ্ধ, দূৰদৰ্শী ডঃ বি.আৰ. আম্বেদকাৰক প্ৰশংসাৰে শ্ৰী মোদীয়ে কয় যে ডঃ আম্বেদকাৰে বিশ্বাস কৰে যে ভাৰতৰ বিকাশ হ’বলৈ হ’লে দেশৰ কোনো অংশই দুৰ্বল হৈ থাকিব নালাগে। তেখেতে লগতে কয় যে এই উদ্বেগৰ বাবেই সংৰক্ষণ ব্যৱস্থা প্ৰতিষ্ঠা হ’ল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভোট বেংকৰ ৰাজনীতিত নিয়োজিতসকলে সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত ধৰ্মীয় তুষ্টিকৰণৰ আঁৰত ভিন্ন ব্যৱস্থা প্ৰৱৰ্তনৰ চেষ্টা কৰিছিল, যাৰ ফলত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সমাজৰ যথেষ্ট ক্ষতি হৈছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে সংৰক্ষণৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু। ডঃ বি.আৰ. আম্বেদকাৰে ভাৰতত সমতা আৰু সুষম উন্নয়নৰ বাবে সংৰক্ষণৰ প্ৰৱৰ্তন কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মণ্ডল আয়োগৰ প্ৰতিবেদন দশক-দশক ধৰি শ্বেলফত ৰখা হৈছিল। ইয়াৰ ফলত অ’বিচিৰ বাবে সংৰক্ষণত পলম হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যদি পূৰ্বেই সংৰক্ষণৰ অনুমতি দিয়া হ’লহেঁতেন, তেন্তে আজি একাধিক অ’বিচি সমাজৰ ব্যক্তিয়ে ভিন্ন পদত সেৱা আগবঢ়াব পাৰিলেহেঁতেন।
সংবিধানৰ খচৰা প্ৰস্তুতৰ সময়ত ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ ব্যৱস্থা হ’ব লাগে নে নালাগে, সেই সম্পৰ্কে হোৱা বিস্তৃত আলোচনাৰ কথা স্পৰ্শেৰে শ্ৰী মোদীয়ে কয় যে সংবিধান প্ৰণেতাসকল এই সিদ্ধান্তত উপনীত হৈছিল যে ভাৰতৰ দৰে দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে ধৰ্ম বা সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ সম্ভৱপৰ নহয়। শ্ৰী মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ প্ৰৱৰ্তন কৰিছিল, যি সংবিধানৰ মনোভাৱৰ বিৰুদ্ধ। তেখেতে উল্লেখ কৰে যে কেতবোৰ কাৰ্য্যকৰী হোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ে এনে ব্যৱস্থাক ষ্ট্ৰাইক কৰিছে।
ইউনিফৰ্ম চিভিল কোড (UCC)ক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে আলোচনাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংবিধান সভাই ইউচিচি সন্দৰ্ভত বিস্তৃত আলোচনাত মিলিত হৈছিল আৰু সিদ্ধান্ত গ্ৰহণ কৰিছিল যে নিৰ্বাচিত চৰকাৰে ইয়াক কাৰ্য্যকৰী কৰাটো সৰ্বোত্তম হ’ব। তেখেতে লগতে কয় যে এয়া সংবিধান সভাৰ নিৰ্দেশ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডঃ আম্বেদকাৰে ইউচিচিৰ পোষকতা কৰিছিল আৰু তেওঁৰ কথা ভুলকৈ উপস্থাপন কৰা উচিত নহয়।
শ্ৰী মোদীয়ে কয় যে ডঃ বি.আৰ. আম্বেদকাৰে ধৰ্মৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত আইন বিলুপ্তকৰণৰ তীব্ৰ পোষকতা কৰিছিল। তেখেতে কয় যে সংবিধানৰ মনোভাৱ আৰু ইয়াৰ প্ৰণেতাসকলৰ উদ্দেশ্যৰে ৰজিতা খুৱাই চৰকাৰখন ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা প্ৰৱৰ্তনৰ বাবে সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ।
অতীতৰ এটা ঘটনা ৰোমন্থনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে যিসকলে নিজৰ দলৰ সংবিধানক সন্মান নকৰে, তেওঁলোকে দেশৰ সংবিধানক কেনেকৈ সন্মান কৰিব পাৰে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ১৯৯৬ত বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ৰাষ্ট্ৰপতিয়ে সংবিধানক সন্মান জনাই তেওঁলোকক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু সংবিধানক সন্মান কৰিবলৈ বাছি লোৱাৰ বাবে চৰকাৰখন মাত্ৰ ১৩ দিনহে চলিল। তেখেতে কয় যে শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে দৰদামৰ পথ বাছি লোৱা নাছিল, বৰঞ্চ সংবিধানক সন্মান জনাই ১৩ দিনৰ পিছত পদত্যাগ কৰিছিল। তেখেতে লগতে কয় যে ১৯৯৮ত এনডিএ চৰকাৰখন অস্থিৰতাৰ সন্মুখীন হৈছিল যদিও সংবিধানৰ মনোভাৱৰ প্ৰতি সমৰ্পিত বাজপেয়ীৰ চৰকাৰে অসাংবিধানিক পদ গ্ৰহণ কৰাতকৈ এটা ভোটত পৰাস্ত হৈ পদত্যাগ কৰাকহে বেছি পছন্দ কৰিছিল। তেখেতে কয় যে এয়াই তেওঁলোকৰ ইতিহাস, মূল্যবোধ আৰু পৰম্পৰা। আনহাতে, তেখেতে উল্লেখ কৰে যে নগদ ভোটৰ বিনিময়ত কেলেংকাৰিৰ সময়ত সংখ্যালঘু চৰকাৰ এখনক বচাবলৈ ধনৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত ভাৰতীয় গণতন্ত্ৰৰ মনোভাৱক ভোট ক্ৰয় কৰা বজাৰলৈ ৰূপান্তৰিত কৰা হৈছিল।
শ্ৰী মোদীয়ে কয় যে ২০১৪ৰ পিছত এনডিএক সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া হৈছিল, যিয়ে সংবিধান আৰু গণতন্ত্ৰক সুদৃঢ় কৰি তোলে। তেখেতে কয় যে তেওঁলোকে দেশখনক পুৰণি ব্যাধিৰপৰা মুক্তকৰণৰ বাবে অভিযান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত ১০ বছৰত তেওঁলোকে সাংবিধানিক সংশোধনীও কৰিছে, দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে, ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আৰু সংবিধানৰ মনোভাৱৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিততাৰে এই কাৰ্য্য সমাপন কৰিছে। তিনি দশক ধৰি অ’বিচি আয়োগক সাংবিধানিক মৰ্য্যাদা প্ৰদানৰ দাবী জনাই আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই মৰ্য্যাদা প্ৰদানৰ বাবে সংবিধান সংশোধন কৰা হৈছে বুলি কয়, তেনে কৰাৰ বাবে গৌৰৱ অনুভৱ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ সৈতে থিয় দিয়াটো তেওঁলোকৰ কৰ্তব্য, যাৰ বাবে সংবিধানৰ সংশোধনী কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ এনে এক বৃহৎ শ্ৰেণী আছে, যিয়ে জাতি নিৰ্বিশেষে দৰিদ্ৰতাৰ বাবে সুযোগ লাভ কৰিব নোৱাৰে আৰু আগবাঢ়িব নোৱাৰে। এই অসন্তুষ্টি বাঢ়িছে বুলি লক্ষ্য কৰি তেখেতে কয় যে এনে দাবী উত্থাপিত হোৱা সত্ত্বেও কোনো সিদ্ধান্ত লোৱা নহ’ল। শ্ৰী মোদীয়ে কয় যে তেওঁলোকে সংবিধান সংশোধনেৰে সাধাৰণ শ্ৰেণীৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। তেখেতে কয় যে এয়া দেশৰ ভিতৰতে প্ৰথমটো সংৰক্ষণ সংশোধনী, যাক কোনেও বিৰোধিতা কৰা নাছিল, সকলোৱে মৰমেৰে গ্ৰহণ কৰিছিল আৰু সংসদে সৰ্বসন্মতিক্ৰমে গৃহীত কৰিছিল।
শ্ৰী মোদীয়ে কয় যে তেওঁলোকে সাংবিধানিক সংশোধনীও কৰিছে, কিন্তু এয়া আছিল মহিলা সবলীকৰণৰ বাবে। তেখেতে কয় যে তেওঁলোকে দেশৰ ঐক্যৰ বাবে সংবিধান সংশোধন কৰিছিল। শ্ৰী মোদীয়ে কয় যে ডঃ বি.আৰ. আম্বেদকাৰৰ সংবিধান ৩৭০ অনুচ্ছেদৰ বাবে জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’ব নোৱাৰিলে, আনহাতে চৰকাৰে বিচাৰিছিল যে ডঃ আম্বেদকাৰৰ সংবিধান ভাৰতৰ প্ৰতিটো প্ৰান্তত কাৰ্য্যকৰী হওঁক। তেখেতে লগতে কয় যে তেওঁলোকে সংবিধান সংশোধন কৰি ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণৰ লগতে ডঃ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে ৩৭০ অনুচ্ছেদ বাতিল কৰিছে আৰু এতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়েও এই সিদ্ধান্তক সমৰ্থন কৰিছে।
৩৭০ নং অনুচ্ছেদ অপসাৰণ কৰিবলৈ সংবিধান সংশোধনীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোকে বিভাজনৰ সময়ত মহাত্মা গান্ধী আৰু আন-আন জ্যেষ্ঠ নেতাসকলে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ বাবেও আইন প্ৰণয়ন কৰিছিল, সংকটৰ সময়ত চুবুৰীয়া দেশৰ সংখ্যালঘুসকলৰ যত্ন লোৱাৰ বাবে। তেখেতে এই অংগীকাৰক সন্মান জনাই নাগৰিকত্ব সংশোধনী আইন (CAA) প্ৰৱৰ্তন কৰা বুলি উল্লেখেৰে কয় যে তেওঁলোকে এই আইনখনৰ কাষত গৌৰৱেৰে থিয় দিছে, কিয়নো ই সংবিধানৰ মনোভাৱৰ সৈতে সংগতিপূৰ্ণ আৰু ৰাষ্ট্ৰখনক সুদৃঢ় কৰিব।
শ্ৰী মোদীয়ে কয় যে তেখেতৰ চৰকাৰে কৰা সাংবিধানিক সংশোধনীৰ লক্ষ্য হৈছে অতীতৰ ভুলৰ শুধৰণি আৰু এটি উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্তকৰণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সংশোধনীসমূহ স্বাৰ্থপৰ ক্ষমতাৰ স্বাৰ্থৰদ্বাৰা পৰিচালিত হোৱা নাছিল। তেখেতে উল্লেখ কৰে যে এই কাৰণেই তেওঁলোকে উত্থাপিত যিকোনো প্ৰশ্নৰ আত্মবিশ্বাসেৰে উত্তৰ দিয়ে।
সংবিধান সন্দৰ্ভত অগণন ভাষণ আৰু বিষয় উত্থাপন হৈছে, প্ৰত্যেকৰে নিজস্ব ৰাজনৈতিক প্ৰেৰণা থকা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংবিধানখন ভাৰতৰ জনসাধাৰণৰ প্ৰতি আটাইতকৈ সংবেদনশীল, "আমি জনসাধাৰণ" আৰু তেওঁলোকৰ কল্যাণ, মৰ্য্যাদা আৰু মংগল। তেখেতে উল্লেখ কৰে যে সংবিধানে আমাক এখন কল্যাণকামী ৰাষ্ট্ৰৰ দিশত পথ প্ৰদৰ্শন কৰে, সকলো নাগৰিকৰ বাবে এক মৰ্য্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰে।
স্বাধীনতাৰ ইমান বছৰৰ পাছতো বহু পৰিয়ালে মৰ্য্যাদাসম্পন্নভাৱে জীয়াই থাকিবলৈ শৌচাগাৰৰ সুবিধা নাছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে শৌচাগাৰ নিৰ্মাণৰ অভিযানটো দৰিদ্ৰ লোকসকলৰ বাবে এক সপোন আছিল। তেখেতে লগতে কয় যে উপহাস কৰা সত্ত্বেও তেওঁলোকে অটল আছিল কাৰণ সাধাৰণ নাগৰিকৰ মৰ্য্যাদা তেওঁলোকৰ অগ্ৰাধিকাৰৰ বিষয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে হয় সূৰ্য্য উদয়ৰ আগতে নহয় সূৰ্য্যাস্তৰ পিছত মুকলিত শৌচ কৰিবলৈ যাব লাগিছিল পূৰ্বে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে দুখীয়াৰ জীৱন সম্পৰ্কে বুজি পায়, তেওঁলোকে এনে অন্যায় নকৰে। শ্ৰী মোদীয়ে কয় যে এই দেশৰ আশী শতাংশ লোক বিশুদ্ধ খোৱাপানীৰপৰা বঞ্চিত আছিল কিন্তু সংবিধানখনে সকলোৰে বাবে মৌলিক মানৱীয় সুবিধা নিশ্চিতকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ লাখ-লাখ মাতৃয়ে আগতে পৰম্পৰাগত চৌকাত ৰন্ধা-বঢ়া কৰিছিল, যাৰ ফলত তেওঁলোকৰ চকু ৰঙা হৈ পৰিছিল ধোঁৱাৰ বাবে, যি শ-শ চিগাৰেটৰ ধোঁৱা উশাহ লোৱাৰ সমতুল্য। তেখেতে কয় যে ইয়াৰ ফলত তেওঁলোকৰ চকুত প্ৰভাৱ পৰাই নহয়, স্বাস্থ্যতো প্ৰভাৱ পেলাইছিল। শ্ৰী মোদীয়ে কয় যে ২০১৩লৈকে স্বাধীনতাৰ ৭০ বছৰৰ পাছতো আলোচনা ৯ বা ছটা চিলিণ্ডাৰ যোগান ধৰাক লৈ কৰা হৈছিল, আনহাতে তেখেতৰ চৰকাৰে প্ৰতিঘৰ গৃহস্থীতে গেছ চিলিণ্ডাৰ যোগান ধৰাটো নিশ্চিত কৰিছিল, কাৰণ তেওঁলোকে প্ৰতিজন নাগৰিকক মৌলিক সুবিধা প্ৰদানত অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।
স্বাস্থ্যসেৱা খণ্ডৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে কয় যে দৰিদ্ৰতাৰপৰা হাত সাৰিবলৈ আৰু নিজৰ সন্তানক শিক্ষিত কৰিবলৈ দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰা এটা দৰিদ্ৰ পৰিয়াল, তেওঁলোকৰ পৰিকল্পনা আৰু প্ৰচেষ্টাক এটা ৰোগে ধ্বংস কৰিব পাৰে। তেখেতে কয় যে তেওঁলোকে সংবিধানৰ মনোভাৱক সন্মান জনাই ৫০-৬০ কোটি নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰে ৭০ বছৰ উৰ্ধ লোকসকলকে প্ৰমুখ্য কৰি সকলোৰে স্বাস্থ্যসেৱা নিশ্চিত কৰে।
দৰিদ্ৰ লোকসকলক প্ৰদান কৰা বিনামূলীয়া ৰেচনৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২৫ কোটি লোকে দৰিদ্ৰতাক সফলতাৰে অতিক্ৰম কৰিছে। তেখেতে লগতে কয় যে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই অহাসকলেহে আমাৰ সহায়ৰ গুৰুত্ব বুজি পায়। তেখেতে কয় যে যেনেকৈ ৰোগীক চিকিৎসালয়ৰপৰা ৰিলিজ হোৱাৰ পিছত যত্ন ল’বলৈ পৰামৰ্শ প্ৰদান কৰা হয়, যাতে পুনৰ ৰোগ নহয়, তেনেকৈয়ে দৰিদ্ৰ লোকসকলক পুনৰ দৰিদ্ৰতাৰ গ্ৰাসত নপৰিবলৈ সহায় কৰাটো অতিশয় প্ৰয়োজনীয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই কাৰণেই তেওঁলোকে বিনামূলীয়া ৰেচন প্ৰদান কৰিছে, যাতে দৰিদ্ৰতাৰপৰা মুক্ত হোৱাসকল ইয়ালৈ ঘূৰি যাবলগীয়া নহয় আৰু এতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত থকাসকল ইয়াৰপৰা মুক্ত হ’বলৈ সহায়ক হয়। তেখেতে কয় যে এই প্ৰচেষ্টাক উপহাস কৰাটো অন্যায়, কিয়নো এয়া নাগৰিকৰ মৰ্য্যাদা আৰু কল্যাণ অক্ষুণ্ণ ৰখাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। পূৰ্বে দৰিদ্ৰতাৰ নামত কেৱল শ্ল’গান প্ৰদান কৰা হৈছিল। শ্ৰী মোদীয়ে কয় যে ২০১৪লৈকে দেশৰ ৫০ কোটি নাগৰিকে কেতিয়াও বেংকৰ সৈতে সংযুক্ত হোৱা নাছিল। তেখেতে লগতে কয় যে তেওঁলোকে ৫০ কোটি দৰিদ্ৰ নাগৰিকৰ বাবে বেংক একাউন্ট খুলিছে, যাৰ ফলত তেওঁলোকৰ বাবে বেংকৰ দুৱাৰ মুকলি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এবাৰ কৈছিল যে দিল্লীৰপৰা পঠোৱা ১ টকা এটাৰ মাত্ৰ ১৫ পইচাহে দৰিদ্ৰ লোকসকলে লাভ কৰে। তেখেতে কয় যে আজি দিল্লীৰপৰা পঠোৱা ১ টকা এটাৰ ১০০ পইচাই পোনপটীয়াকৈ দৰিদ্ৰ লোকসকলৰ একাউন্টত জমা হোৱাটো নিশ্চিতকৰণেৰে তেওঁলোকে বাট দেখুৱাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে বেংকৰ সঠিক ব্যৱহাৰ প্ৰদৰ্শন কৰিছে। তেখেতে লগতে কয় যে যিসকলক পূৰ্বে বেংকৰ দুৱাৰৰ কাষ চাপিবলৈয়ো দিয়া হোৱা নাছিল, তেওঁলোকে এতিয়া কোনো নিশ্চয়তা অবিহনে ঋণৰ সুবিধা ল’ব পাৰিব। তেখেতে কয় যে দৰিদ্ৰ লোকৰ এই সবলীকৰণে সংবিধানৰ প্ৰতি চৰকাৰৰ নিষ্ঠাৰে প্ৰতিফলন ঘটাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বে "গৰিবি হাটাও" (দৰিদ্ৰতা নিৰ্মূল) শ্ল’গানটো কেৱল এটা শ্ল’গান হৈয়েই থাকিছিল, কাৰণ দৰিদ্ৰ লোকসকলক তেওঁলোকৰ অসুবিধাৰপৰা মুক্ত কৰা নহৈছিল। তেখেতে কয় যে তেওঁলোকৰ মিছন আৰু অংগীকাৰ হৈছে দৰিদ্ৰ লোকসকলক এই কষ্টৰপৰা মুক্ত কৰা আৰু তেওঁলোকে এই লক্ষ্য পৰিপূৰণৰ বাবে দিনে-নিশাই কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলক সমৰ্থন কৰিবলৈ কোনো নাই, তেওঁলোকৰ পক্ষত তেখেতে থিয় দিছে।
দিব্যাংগসকলে কৰা সংগ্ৰামৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোকে এতিয়া বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সুলভ আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিছে, যাৰ ফলত তেওঁলোকৰ হুইল চেয়াৰেৰে ৰেলৰ ডবাত উঠিব পাৰিছে। তেখেতে লগতে কয় যে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি তেওঁলোকৰ চিন্তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেখেতে কয় যে পূৰ্বে ভাষাক লৈ থকা ভিন্নতাৰ বাবে বিশেষভাৱে সক্ষম লোকসকলৰ সমস্যা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যভেদে সাংকেতিক ভাষা ব্যৱস্থাৰ ভিন্নতা আছে, যাৰ ফলত বিশেষভাৱে সক্ষম লোকসকলৰ অসুবিধাৰ সৃষ্টি হৈছিল। তেখেতে কয় যে তেওঁলোকে এক উমৈহতীয়া সাংকেতিক ভাষাৰ সৃষ্টি কৰিছে, যিয়ে এতিয়া দেশৰ সকলো বিশেষভাৱে সক্ষম ব্যক্তিক উপকৃত কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যাযাবৰী আৰু অৰ্ধ-যাযাবৰী সমাজখনৰ কল্যাণ সাধন কৰিবলৈ পূৰ্বে কোনো নাছিল। তেখেতে লগতে কয় যে তেওঁলোকৰ চৰকাৰে তেওঁলোকৰ মংগলৰ বাবে এখন কল্যাণ ব’ৰ্ড স্থাপন কৰিছে, কিয়নো এই লোকসকলক সংবিধান অনুসৰি অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাতিপুৱাৰপৰা নিশালৈকে অক্লান্তভাৱে কাম কৰা পথৰ কাষৰ ব্যৱসায়ীসকলে প্ৰায়ে নিজৰ ঠেলাগাড়ী ভাড়ালৈ লোৱা আৰু উচ্চ সুতৰ হাৰত ঋণ লোৱাকে ধৰি একাধিক কষ্টৰ সন্মুখীন হৈছিল। তেখেতে কয় যে চৰকাৰে পথৰ কাষৰ ব্যৱসায়ীসকলক জামিনবিহীন ঋণ প্ৰদানৰ বাবে পিএম স্বনিধি আঁচনি প্ৰৱৰ্তন কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বাবেই পথৰ কাষৰ ব্যৱসায়ীসকলে তৃতীয় ৰাউণ্ডৰ ঋণ লাভ কৰিছে, সন্মান লাভ কৰিছে আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিছে।
এই দেশত বিশ্বকৰ্মা শিল্পীসকলৰ সেৱাৰ প্ৰয়োজন নথকা কোনো নাই বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যুগ-যুগ ধৰি এক উল্লেখযোগ্য ব্যৱস্থা প্ৰচলিত আছিল, কিন্তু বিশ্বকৰ্মা শিল্পীসকলৰ কল্যাণৰ প্ৰতি কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁলোকে বিশ্বকৰ্মা শিল্পীসকলৰ কল্যাণৰ বাবে এক পৰিকল্পনা যুগুত কৰিছে, য’ত বেংক ঋণ, নতুন প্ৰশিক্ষণ, আধুনিক সঁজুলি আৰু উদ্ভাৱনীমূলক ডিজাইনৰ ব্যৱস্থা আছে।
শ্ৰী মোদীয়ে কয় যে চৰকাৰে ভাৰতীয় সংবিধানৰ অধীনত তৃতীয় লিংগৰ লোকৰ অধিকাৰ সুনিশ্চিতকৰণেৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষিতকৰণৰ লগতে তেওঁলোকক এক মৰ্য্যাদাপূৰ্ণ জীৱন প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছে।
গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাত উমৰগামৰপৰা আম্বাজীলৈকে সমগ্ৰ জনজাতি বেল্টত এখনো বিজ্ঞান ষ্ট্ৰিমৰ স্কুল নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ষ্ট্ৰিমৰ স্কুল অবিহনে জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে অভিযন্তা বা চিকিৎসক হোৱাটো অসম্ভৱ। তেখেতে কয় যে তেওঁলোকে জনজাতীয় সমাজৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণেৰে অঞ্চলটোত এনে বিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছিল।
অতি পিছপৰা জনজাতীয় সমাজৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা পিএম জন মান যোজনা প্ৰৱৰ্তনৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে কয় যে ভোটৰ ৰাজনীতিত সততে উপেক্ষা কৰা এই সৰু-সৰু গোটবোৰে এতিয়া এই আঁচনিৰ জৰিয়তে মনোযোগ আৰু সমৰ্থন লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেত অতিশয় প্ৰান্তীয় ব্যক্তিকো বিচাৰি উলিওৱা আৰু সমৰ্থন কৰিবলৈ অংগীকাৰবদ্ধ।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৬০ বছৰৰ ভিতৰত ১০০ খন জিলাক পিছপৰা হিচাপে চিনাক্ত কৰা হৈছিল আৰু ইয়াত দায়িত্বশীল বিষয়াসকলক শাস্তিমূলক প’ষ্টিং দিয়া হৈছিল। তেখেতে কয় যে তেওঁলোকে আকাংক্ষী জিলাৰ ধাৰণা প্ৰৱৰ্তনেৰে এই পৰিস্থিতি সলনি কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি আকাংক্ষী জিলাসমূহে নিজৰ ৰাজ্যৰ শ্ৰেষ্ঠ জিলাসমূহৰ সৈতে সমানে থিয় দিছে আৰু একাংশ আনকি ৰাষ্ট্ৰীয় গড়তো উপনীত হৈছে। তেখেতে কয় যে কোনো অঞ্চল পিছ পৰি থাকিব নালাগে আৰু তেওঁলোকে এতিয়া ৫০০ টা ব্লকক আকাংক্ষী ব্লক হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰিছে।
ৰাম আৰু কৃষ্ণৰ সময়ৰপৰাই জনজাতীয় সমাজখনৰ অস্তিত্ব আছিল, তথাপিও স্বাধীনতাৰ দশক-দশক পিছতো তেওঁলোকৰ বাবে কোনো সুকীয়া মন্ত্ৰালয় গঠন হোৱা নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰেই প্ৰথমে জনজাতীয় বিষয়ৰ বাবে সুকীয়া মন্ত্ৰালয় স্থাপন কৰিছিল আৰু তেওঁলোকৰ উন্নয়ন তথা সম্প্ৰসাৰণৰ বাবে বাজেট আবন্টন দিছিল। মাছমৰীয়াসকলৰ কল্যাণৰ বিষয়ত ভাষণ প্ৰদানেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ চৰকাৰে প্ৰথমবাৰৰ বাবে মীন মন্ত্ৰালয়েৰে সুকীয়া মন্ত্ৰালয় গঠন কৰিলে আৰু তেওঁলোকৰ কল্যাণৰ বাবে সুকীয়া বাজেট দিলে। তেখেতে কয় যে এতিয়া সমাজৰ এই শ্ৰেণীটোৰ প্ৰতি যত্ন লোৱা হৈছে।
দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমবায় তেওঁলোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। ক্ষুদ্ৰ কৃষকসকলৰ উদ্বেগ সম্পৰ্কে আলোকপাতেৰে তেখেতে কয় যে সমবায় খণ্ডক দায়বদ্ধ, সুদৃঢ় আৰু সৱল কৰি তুলি ক্ষুদ্ৰ কৃষকৰ জীৱনক শক্তি প্ৰদানৰ বাবে এটা সুকীয়া সমবায় মন্ত্ৰালয় গঠন কৰা হৈছে। দক্ষ কৰ্মশক্তিৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই আজি এক কৰ্মশক্তিৰ বাবে হাহাকাৰ কৰিছে। তেখেতে কয় যে যদি আমি দেশত জনগাঁথনিগত লভ্যাংশ পাব বিচাৰোঁ, তেন্তে আমাৰ এই কৰ্মশক্তি দক্ষ হ’ব লাগে। তেখেতে লগতে কয় যে এক সুকীয়া দক্ষতা মন্ত্ৰালয়ো স্থাপন কৰা হৈছিল যাতে দেশৰ যুৱক-যুৱতীসকল বিশ্বৰ প্ৰয়োজন অনুযায়ী সাজু হৈ থাকে আৰু তেওঁলোকে বিশ্বৰ সৈতে আগবাঢ়ি যায়।
উত্তৰ-পূৰ্বাঞ্চলৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভোট বা আসন কম হোৱাৰ বাবে আমাৰ উত্তৰ-পূৰ্বাঞ্চল অৱহেলিত হৈ থাকিছিল। তেখেতে কয় যে অটলজীৰ চৰকাৰেই প্ৰথমবাৰৰ বাবে উত্তৰ-পূর্বাঞ্চলৰ কল্যাণৰ বাবে ‘ড’নাৰ’ মন্ত্রালয় স্থাপন কৰিছিল আৰু আজি ইয়াৰ বাবেই ৰেলপথ, পথ, বন্দৰ, বিমানবন্দৰ নির্মাণৰ ক্ষেত্ৰত উত্তৰ-পূর্বাঞ্চলত অগ্ৰগতি দেখা পোৱা গৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিৰ অভিলেখ আৰু এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখেৰে কয় যে চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাতে ভূমিৰ মালিকীস্বত্বৰ ব্যৱস্থা কৰা হয়, যাতে গাঁৱৰ প্ৰতিজন সাধাৰণ লোকৰ হাতত নিজৰ ঘৰৰ মাটিৰ ৰেকৰ্ড, নিজৰ ঘৰৰ মালিকীস্বত্বৰ কাগজ-পত্ৰ থাকে। যাৰ জৰিয়তে তেওঁলোকে বেংকৰপৰা ঋণ ল’ব পাৰে।
শ্ৰী মোদীয়ে কয় যে এই সকলোবোৰ কামৰ বাবে যোৱা ১০ বছৰত যি প্ৰচেষ্টা হাতত লোৱা হৈছে, সেই প্ৰচেষ্টাই দৰিদ্ৰ লোকসকলক এক নতুন আত্মবিশ্বাসেৰে সবল কৰি তুলিছে আৰু ইমান কম সময়ৰ ভিতৰতে ২৫ কোটি লোকে দৰিদ্ৰতাক পৰাস্ত কৰাত সফল হৈছে। তেখেতে কয় যে এই সকলোবোৰ সম্ভৱ হ’ব পাৰে কাৰণ আমি সংবিধানৰ নিৰ্দেশনাত কাম কৰি আছোঁ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ, সবকা বিকাশ কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া আমাৰ বিশ্বাসৰ আধাৰ আৰু সেয়েহে আমি বৈষম্যহীনভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰিছোঁ। তেখেতে কয় যে চৰকাৰে আঁচনিৰ চেচুৰেচনৰ বাবে চেষ্টা চলাইছে যাতে ১০০% হিতাধিকাৰীয়ে লাভ কৰে। তেখেতে লগতে কয় যে যদি কোনো প্ৰকৃত ধৰ্মনিৰপেক্ষতা আছে, তেন্তে সেয়া চেচুৰেচনত আৰু যদি কোনো প্ৰকৃত সামাজিক ন্যায় আছে, তেন্তে এই চেচুৰেচন, অৰ্থাৎ ১০০% সুবিধা প্ৰাপ্য ব্যক্তিজনক দিব লাগে, কোনো ধৰণৰ বৈষম্য নকৰাকৈ। তেখেতে কয় যে এয়া প্ৰকৃত ধৰ্মনিৰপেক্ষতা আৰু প্ৰকৃত সামাজিক ন্যায়।
দেশক দিশ দিয়াৰ মাধ্যম হিচাপে সংবিধানৰ মনোভাৱক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ চালিকা শক্তি হিচাপে ৰাজনীতি কেন্দ্ৰত আছে। তেখেতে কয় যে অনাগত দশকসমূহত আমাৰ গণতন্ত্ৰ, আমাৰ ৰাজনীতিৰ দিশ কেনে হ’ব লাগে, সেই বিষয়ে আমি চিন্তা কৰা উচিত।
শ্ৰী মোদীয়ে একাংশ দলক তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থপৰতা আৰু ক্ষমতাবোধক লৈ প্ৰশ্ন উত্থাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে সকলো ৰাজনৈতিক দলে দেশৰ যুৱক-যুৱতীসকলক আকৰ্ষণৰ বাবে, গণতন্ত্ৰক সুদৃঢ়কৰণৰ বাবে আৰু দেশৰ যুৱক-যুৱতীসকলক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে। ৰাজনীতিলৈ যুৱক-যুৱতীসকলক অনাটো দেশৰ গণতন্ত্ৰৰ প্ৰয়োজনীয়তা বুলি উল্লেখেৰে তেখেতে পুনৰ কয় যে এনে এক লাখ যুৱক-যুৱতীক দেশৰ ৰাজনীতিলৈ আনিব লাগে, যিসকলৰ কোনো ৰাজনৈতিক পাৰিবাৰিক পটভূমি নাই। তেখেতে কয় যে দেশত নতুন শক্তি আৰু নতুন সংকল্প তথা সপোন লৈ অহা যুৱক-যুৱতীসকলৰ প্ৰয়োজন আছে আৰু আমি ভাৰতীয় সংবিধানৰ ৭৫ বছৰ উদযাপনৰ সময়ত আমি সেই দিশত আগবাঢ়িব লাগে।
লালকিল্লাৰপৰা সংবিধান সন্দৰ্ভত আমাৰ কৰ্তব্য সন্দৰ্ভত কোৱা কথা স্মৰণেৰে শ্ৰী মোদীয়ে কয় যে সংবিধানে নাগৰিকৰ অধিকাৰ নিৰ্ধাৰণ কৰি থৈছে। শ্ৰী মোদীয়ে কয় যে যদি আমি আমাৰ মৌলিক কৰ্তব্য পালন কৰোঁ, তেতিয়া কোনেও আমাক এখন উন্নত ভাৰত গঢ়ি তোলাত বাধা দিব নোৱাৰে। তেখেতে কয় যে সংবিধানৰ ৭৫ বছৰে আমাৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণ, আমাৰ দায়বদ্ধতাক অধিক শক্তি প্ৰদান কৰিব লাগে আৰু সময়ৰ আহ্বান হ’ল দেশ কৰ্তব্যবোধেৰে আগবাঢ়িব লাগে।
ভাৰতৰ ভৱিষ্যতৰ বাবে সংবিধানৰ মনোভাৱৰপৰা অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে ১১ টা প্ৰস্তাৱ সদনৰ সন্মুখত উত্থাপন কৰিব বিচাৰে। প্ৰথম সংকল্প হ’ল নাগৰিকেই হওঁক বা চৰকাৰেই হওঁক, সকলোৱে নিজৰ কৰ্তব্য পালন কৰিব লাগে। দ্বিতীয় সংকল্প হ'ল প্ৰতিটো গোট, প্ৰতিখন সমাজে উন্নয়নৰ সুবিধা লাভ কৰিব লাগে, যি সবকা সাথ সবকা বিকাশৰ পৰিপূৰক। তৃতীয়টো সংকল্প হ’ল দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা থাকিব লাগে, দুৰ্নীতিগ্ৰস্তৰ সামাজিক গ্ৰহণযোগ্যতা থাকিব নালাগে। চতুৰ্থ প্ৰস্তাৱটো হ'ল দেশৰ নাগৰিকসকলে দেশৰ আইন, দেশৰ নিয়ম আৰু দেশৰ পৰম্পৰা অনুসৰণ কৰি গৌৰৱ কৰিব লাগে। পঞ্চম প্ৰস্তাৱটো হ'ল দাসত্বৰ মানসিকতাৰপৰা পৰিত্ৰাণ পোৱা, দেশৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব লাগে। ষষ্ঠ প্ৰস্তাৱটো হ'ল দেশৰ ৰাজনীতিক স্বজনপোষণৰপৰা মুক্ত কৰিব লাগে। সপ্তম প্ৰস্তাৱ, সংবিধানক সন্মান কৰা উচিত, সংবিধানক ৰাজনৈতিক লাভৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। অষ্টম প্ৰস্তাৱ, সংবিধানৰ আত্মা অক্ষুণ্ণ ৰাখি, যিসকলে লাভ কৰিছে তেওঁলোকৰপৰা সংৰক্ষণ কাঢ়ি ল'ব নালাগে আৰু ধৰ্মৰ আধাৰত সংৰক্ষণ প্ৰদানৰ সকলো প্ৰচেষ্টা বন্ধ কৰিব লাগে। নৱম সংকল্প, ভাৰত মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত বিশ্বৰ বাবে এক উদাহৰণ হ'ব লাগে। দশম সংকল্প, ৰাজ্যৰ উন্নয়নৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়ন, এয়া আমাৰ উন্নয়নৰ মন্ত্ৰ হ'ব লাগে। একাদশ সংকল্প, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ লক্ষ্য সৰ্বাধিক অগ্ৰাধিকাৰ হ'ব লাগে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদি আমি সকলোৱে এই সংকল্পৰে একেলগে আগবাঢ়ি যাওঁ, তেন্তে সকলোৰে প্ৰচেষ্টাৰে আমি এখনি উন্নত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিম। তেখেতে কয় যে যেতিয়া ১৪০ কোটি দেশবাসীৰ সপোন পূৰণ হয় আৰু সংকল্পৰ সৈতে দেশখনে আগবাঢ়ি যাবলৈ আৰম্ভ কৰে, তেতিয়া ই আকাংক্ষিত ফল কঢ়িয়াই আনে। শ্ৰী মোদীয়ে কয় যে তেখেতৰ ১৪০ কোটি দেশবাসীৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু তেওঁলোকৰ শক্তিৰ ওপৰত বিশ্বাস আছে, দেশৰ যুৱ শক্তিৰ প্ৰতি, দেশৰ নাৰী শক্তিৰ প্ৰতি তেওঁৰ অপৰিসীম বিশ্বাস আছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি এই সংকল্প লৈ আগবাঢ়িব লাগে যে ২০৪৭ত যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, তেতিয়া ইয়াক এখনি বিকশিত ভাৰত হিচাপে উদযাপন কৰা হ’ব।
***
MJPS/SR/SB
(Release ID: 2086558)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam