প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী
আজি বিশ্বই কৈছে যে ভাৰতৰ শক্তি হৈছে আমাৰ যুৱ শক্তি, আমাৰ উদ্ভাৱনী যুৱক, আমাৰ প্ৰযুক্তিয়ে শক্তি: প্ৰধানমন্ত্ৰী
যোৱা ৭ বছৰত যিবোৰ হেকাথন সম্পন্ন হৈছে তাৰ বহু সমাধান আজি দেশবাসীৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হৈছে: প্ৰধানমন্ত্ৰী
আমি ছাত্ৰ-ছাত্ৰীৰ বৈজ্ঞানিক মানসিকতা লালন-পালন কৰিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰিছো: প্ৰধানমন্ত্ৰী
‘এক দেশ এক ছাবস্ক্ৰিপচন’ আঁচনিৰ অধীনত চৰকাৰে আগশাৰীৰ আলোচনীৰ ছাবস্ক্ৰিপচন লৈছে যাতে ভাৰতৰ কোনো যুৱক-যুৱতী কোনো তথ্যৰ পৰা বঞ্চিত নহয়: প্ৰধানমন্ত্ৰী
দেশৰ ৫১টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এছ আই এইচ, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলৰ
Posted On:
11 DEC 2024 7:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।
প্ৰধানমন্ত্ৰীয়ে ন’ডেল চেণ্টাৰ এনআইটি, শ্ৰীনগৰৰ ‘বিগ ব্ৰেইনছ টিম’ৰ ছায়েদাৰ সৈতে মত বিনিময় কৰে যিয়ে অটিজিমত আক্ৰান্ত শিশুৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ‘ভাৰ্চুৱেল ৰিয়েলিটি ফ্ৰেণ্ড’ নামৰ সঁজুলি এটা নিৰ্মাণ কৰি স্পেকট্ৰম ডিছঅৰ্ডাৰ আৰু বৌদ্ধিক অক্ষমতাৰ সমস্যাৰ সমাধানকল্পে কাম কৰে। শিশুসকলে এই সঁজুলিটোক মত বিনিময় দক্ষতা বৃদ্ধিক বাবে ব্যৱহাৰ কৰিব বুলি জনাইছে যিয়ে এনে দিব্যাংগসকলৰ বাবে ‘বন্ধু’ হিচাপে কাম কৰিব যিয়ে ইয়াক তেওঁলোকৰ স্মাৰ্টফোন, লেপটপ আদিত ব্যৱহাৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে ই এটা এআই চালিত ভাৰ্চুৱেল ৰিয়েলিটি সমাধান যিয়ে তেওঁলোকক সহায় কৰিব। ইয়াৰ জৰিয়তে তেওঁ তেওঁৰ দৈনন্দিন কাম-কাজ যেনে ভাষা শিকা বা মানুহৰ সৈতে কথা-বতৰা আদিত তেওঁলোকৰ সামাজিক যোগাযোগৰ সময়ত কি সঠিক বা ভুল আৰু কেনেকৈ সঁজুলিটোৰ সহায়ত মানুহৰ কাষ চাপিব লাগে সেই বিষয়ে শিকিব পৰাকৈ এটা অনুকৰণমূলক পৰিৱেশত বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পৰা যাব। ছায়েদাই প্ৰধানমন্ত্ৰীক জনাইছিল যে তেওঁৰ ৬ জনীয়া দলটো কাৰিকৰী জ্ঞান আৰু ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰত বৈচিত্ৰময়, য’ত এজন বিদেশী সদস্যও আছিল। শ্ৰী মোদীয়ে দলৰ কোনো সদস্যই তেওঁলোকৰ অসুবিধা বুজিবলৈ বিশেষভাৱে সক্ষম শিশুৰ সৈতে মত বিনিময় কৰিছিল নেকি বুলি সোধাত ছায়েদাই কয় যে দলৰ সদস্যজনৰ এজন আত্মীয় অটিজিম ৰোগত আক্ৰান্ত আৰু তেওঁলোকে অটিজিমত আক্ৰান্ত শিশুৰ সৈতে জড়িত কেন্দ্ৰসমূহৰ সৈতেও যোগাযোগ কৰিছিল তেওঁলোকৰ প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰিছিল। ‘বিগ ব্ৰেইনছ টিম’ৰ আন এজন দলৰ সদস্য য়েমেনৰ ছাত্ৰ মহম্মদ আলীয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী অৰ্জন কৰি স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ দৰে এক বৃহৎ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনায়। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক সময়ত এনে মহান পদক্ষেপৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে দলটোক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে যে তেওঁলোকে দিব্যাংগ শিশুৰ প্ৰয়োজনীয়তা আৰু অসুবিধাসমূহ বুজি পাইছে আৰু প্ৰতিটো শিশুৰে বিকাশ আৰু সমৃদ্ধিশালী হোৱাৰ অধিকাৰ আছে আৰু সমাজত কোনোৱেই পিছ পৰি থাকিব নালাগে। তেওঁ লগতে কয় যে এনে প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ নতুন সমাধানৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তেওঁলোকৰ সমাধান লাখ লাখ শিশুৰ বাবে সহায়ক হ’ব আৰু যদিও সমাধানটো স্থানীয়ভাৱে বিকশিত কৰা হৈছে, তথাপিও ইয়াৰ প্ৰয়োজন হ’ব গ্ল’বেল পৰ্যায়তো আৰু ইয়াৰ প্ৰভাৱ বিশ্বব্যাপী হ’ব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতৰ প্ৰয়োজনীয়তাৰ লগত খাপ খোৱা সমাধানে বিশ্বৰ যিকোনো দেশৰ প্ৰয়োজনীয়তাৰ বাবে যথেষ্ট হ’ব। তেওঁ সমগ্ৰ দলটোক তেওঁলোকৰ নতুন প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।
আইআইটি খড়গপুৰত থকা তেওঁলোকৰ ন’ডেল চেণ্টাৰৰ সৈতে ‘হেক ড্ৰিমাৰ্ছ’ৰ দলপতিগৰাকীয়ে ভাৰতত বৃদ্ধি পোৱা চাইবাৰ আক্ৰমণৰ বাবে ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থাই দিয়া চাইবাৰ সুৰক্ষাৰ তেওঁলোকৰ সমস্যাৰ বিবৃতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। কেৱল ২০২৩ চনত দেশখনত ৭.৩ কোটিতকৈ অধিক চাইবাৰ আক্ৰমণ সংঘটিত হোৱা বুলি জনায় যিটো বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু প্ৰধানমন্ত্ৰীক এক উদ্ভাৱনীমূলক আৰু স্কেলেবল সমাধানৰ বিষয়ে বিৱৰি কয়। দলৰ এজন সদস্যই বুজাই দিলে যে এই সমাধান বিশ্বত ব্যৱহৃত একাধিক এণ্টিভাইৰাছ ইঞ্জিনতকৈ পৃথক আৰু ই ব্যৱস্থাটোক নিৰাপদ অৱস্থাত ৰাখি ভাইৰাছৰ বাবে সমান্তৰালভাৱে কাৰ্যক্ষমভাৱে স্কেন কৰি অফলাইন আৰ্কিটেকচাৰ ডিজাইন আৰু থ্ৰেড দিশ প্ৰদান কৰে। শেহতীয়াকৈ মন কী বাত ভাষণত চাইবাৰ জালিয়াতিৰ বিষয়ে কোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কু-অভিপ্ৰায়ৰ দ্বাৰা এক বৃহৎ লোক প্ৰভাৱিত হৈছে। চাইবাৰ ভাবুকি অহৰহ দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ বাবে শেহতীয়া প্ৰযুক্তিৰে অহৰহ উন্নীতকৰণৰ প্ৰয়োজনীয়তা থকা বুলিও কয়। ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ ডিজিটেল অৰ্থনীতি আৰু দেশ বিভিন্ন স্কেলত ডিজিটেলী সংযোগ স্থাপন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাইবাৰ অপৰাধৰ ভাবুকি অহৰহ বৃদ্ধি পাইছে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে চাইবাৰ অপৰাধৰ সমাধান ভাৰতৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এনে সমাধান চৰকাৰৰ বাবেও অত্যন্ত উপকাৰী হ’ব পাৰে। শ্ৰী মোদীয়ে দলৰ সদস্যসকলৰ উদ্যমকো প্ৰশংসা কৰে।
গুজৰাট কাৰিকৰী বিশ্ববিদ্যালয়ৰ টিম ক’ড ব্ৰ’ই প্ৰধানমন্ত্ৰীক ইছৰ’ই প্ৰদান কৰা সমস্যাৰ বিবৃতিটোৰ ওপৰত কাম কৰাৰ বিষয়ে অৱগত কৰে-‘চন্দ্ৰৰ দক্ষিণ মেৰুৰ অন্ধকাৰ ছবিসমূহ উন্নত কৰা। দলৰ এজন সদস্যই সমাধানটোৰ নাম ‘চান্দ বাধনী’ বুলি ব্যাখ্যা কৰে যিয়ে কেৱল ছবি উন্নত কৰাই নহয়, সিদ্ধান্ত গ্ৰহণৰ দক্ষতাও সামৰি লয়। ই ক্ৰেটাৰ আৰু বোল্ডাৰ ধৰা পেলোৱাৰ লগতে সঠিক সময়ৰ স্থানো নিৰ্বাচন কৰে। প্ৰধানমন্ত্ৰীয়ে সোধে অংশগ্ৰহণকাৰীসকলে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰাসকলৰ সৈতে বিশেষকৈ বিশাল মহাকাশ কেন্দ্ৰ থকা আহমেদাবাদত মত বিনিময় কৰাৰ সুযোগ পাইছে নেকি? চন্দ্ৰৰ ভূতাত্ত্বিক আৰু পৰিৱেশৰ অৱস্থাৰ বিষয়ে ভালদৰে বুজিবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰশ্নত দলৰ এজন সদস্যই সঁহাৰি জনাই কয় যে ইয়াৰ দ্বাৰা চন্দ্ৰ অন্বেষণত সহায়ক হ’ব। আন এজন দলৰ সদস্যই দুটা আৰ্কিটেকচাৰ যথা ডাৰ্ক নেট আৰু ফটো নেটেৰে গঠিত মেচিন লাৰ্নিং মডেলৰ ব্যৱহাৰৰ বিষয়ে আৰু ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাকাশ যাত্ৰাক বিশ্বই আশাৰে চোৱা বুলি আলোকপাত কৰি কয় যে প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অন্তৰ্ভুক্তিয়ে বিশ্বাসক আৰু অধিক শক্তিশালী কৰে। তেওঁ মন্তব্য কৰে যে যুৱ উদ্ভাৱকসকল যে বিশ্ব মহাকাশ প্ৰযুক্তি শক্তিত ভাৰতে নিজৰ ভূমিকা সম্প্ৰসাৰণ কৰিব তাৰ প্ৰমাণ আৰু সকলো অংশগ্ৰহণকাৰীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।
মুম্বাইৰ ৱেলিংকাৰ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ডেভেলপমেণ্ট এণ্ড ৰিচাৰ্চৰ মিষ্টিক অৰিজিনেলছৰ টিম লিডাৰে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে প্ৰদান কৰা নিৰাপত্তাজনিত প্ৰত্যাহ্বান অৰ্থাৎ মাইক্ৰ’ ডপলাৰ ভিত্তিক লক্ষ্য শ্ৰেণীবিভাজনৰ সৈতে মোকাবিলা কৰাৰ বিষয়ে অৱগত কৰে যিয়ে কোনো বস্তু চৰাই নে ড্ৰোন সেইটো পৃথক কৰাত সহায় কৰে। তেওঁ বুজাই দিয়ে যে ৰাডাৰত চৰাই আৰু ড্ৰোন একেদৰেই দেখা যায় আৰু বিশেষকৈ স্পৰ্শকাতৰ অঞ্চলত ভুৱা এলাৰ্ম আৰু অন্যান্য সম্ভাৱ্য নিৰাপত্তাৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে। আন এজন দলৰ সদস্যই সবিশেষত গভীৰভাৱে সোমাই বুজাই দিলে যে এই সমাধানত মাইক্ৰ’ ডপলাৰ স্বাক্ষৰৰ ব্যৱহাৰ কৰা হৈছে যিবোৰ হৈছে বিভিন্ন বস্তুৰ দ্বাৰা সৃষ্টি হোৱা অনন্য আৰ্হি, মানুহৰ অনন্য আঙুলিৰ ছাপৰ দৰেই। প্ৰধানমন্ত্ৰীয়ে এই সমাধানে গতি, দিশ আৰু দূৰত্ব চিনাক্ত কৰিব পাৰে নেকি বুলি সোধাত দলৰ এজন সদস্যই উত্তৰ দিলে যে অতি সোনকালে ইয়াক লাভ কৰা হ’ব। ড্ৰোনৰ বিভিন্ন ইতিবাচক ব্যৱহাৰ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে একাংশ বাহিনীই আনৰ ক্ষতি কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰি আছে আৰু এয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমাধানটোৱে এনে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম নেকি বুলি সোধাত দলৰ এজন সদস্যই এই প্ৰক্ৰিয়াটোৰ বিষয়ে ব্যাখ্যা কৰি কয় যে ই এটা কমপেক্ট সমাধান যিটো খৰচ-বহনক্ষম ডিভাইচত ব্যৱহাৰ কৰিব পাৰি আৰু বিভিন্ন পৰিৱেশৰ সৈতেও খাপ খাব পৰা। ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা অহা আন এজন দলৰ সদস্যই জনাইছে যে পুলৱামা আক্ৰমণৰ পিছত আকাশত শত্ৰুৰ ড্ৰোনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু নিশাৰ যিকোনো সময়তে এণ্টি ড্ৰোন প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হ’ব। তেওঁ কয় যে নাগৰিকসকলে বহু অসুবিধাৰ সন্মুখীন হোৱাৰ বাবেই এই সমস্যাক বাছি লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন খণ্ডত ড্ৰোনৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰি নমো ড্ৰোন দিদি আঁচনিৰ উদাহৰণ দাঙি ধৰে। তেওঁ দেশৰ দুৰ্গম অঞ্চললৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ বাবে ড্ৰোনৰ ব্যৱহাৰৰ কথাও উল্লেখ কৰে, আনহাতে শত্ৰুৱে সীমান্তৰ সিপাৰে চোৰাং আগ্নেয়াস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰে। প্রধানমন্ত্রীয়ে সুখ প্রকাশ কৰে যে যুৱ উদ্ভাৱকসকলে অতি গুৰুত্বসহকাৰে ৰাষ্ট্রীয় নিৰাপত্তাৰ এনে সমস্যাসমূহ মোকাবিলা কৰিবলৈ কাম কৰি আছে৷ তেওঁ কয় যে তেওঁলোকৰ উদ্ভাৱনে প্ৰতিৰক্ষা প্ৰযুক্তিৰ ৰপ্তানিত নতুন মাত্ৰা দিব পাৰে। প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰি স্বীকাৰ কৰে যে সীমান্ত অঞ্চলৰ পৰা অহা দলৰ এজন সদস্যই বিষয়টো বিতংভাৱে বুজিব আৰু ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তা। লগতে শেহতীয়া প্ৰযুক্তিৰ সৈতে আপডেট হৈ থাকিবলৈ আহ্বান জনায় কিয়নো দুষ্ট ড্ৰোন ব্যৱহাৰ কৰাসকলে প্ৰতিদিনে নতুন প্ৰযুক্তি ৰূপায়ণ কৰি আছে। প্ৰধানমন্ত্ৰীয়েও তেওঁলোকৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে।
বেংগালুৰুৰ নিউ হৰাইজন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা নিৰ্বানা ৱানৰ টিম লিডাৰে নদী প্ৰদূষণ হ্ৰাস আৰু নদীৰ সজীৱতা উন্নত কৰাৰ সন্দৰ্ভত জল শক্তি মন্ত্ৰালয়ে প্ৰদান কৰা সমস্যাৰ বিবৃতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। আন এজন দলৰ সদস্যই কয় যে গংগা নদীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্যৰ বাবে এই প্ৰকল্পৰ বাবে বাছনি কৰা হৈছে। নমামি গংগা আৰু গংগা পৰিস্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ ওপৰত কৰা গৱেষণাৰ ফলস্বৰূপে এই প্ৰকল্প আৰম্ভ হোৱা বুলিও তেওঁ জনায়। তেওঁ লগতে কয় যে নদীৰ পাৰত বাস কৰা লোকসকলৰ জীৱনত সহায়ক হোৱাকৈ উপলব্ধ তথ্যৰ সহায়ত সিদ্ধান্ত সমৰ্থন ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে। দলৰ নেতাজনে জনায় যে ৩৮টা মূল স্থান চিনাক্ত কৰা হৈছে আৰু ফেডাৰেটেড লাৰ্নিঙৰ সহায়ত স্থানীয় মডেল সৃষ্টি কৰা হৈছে যিয়ে এটা মাতৃ মডেলৰ সৈতে যোগাযোগ কৰে, যাৰ ফলত সঠিকতা বৃদ্ধি পায়। তেওঁ প্ৰতিজন অংশীদাৰৰ বাবে এক উন্নত ডেচব’ৰ্ড তৈয়াৰ কৰাৰ কথাও উল্লেখ কৰে। মহাকুম্ভত অংশগ্ৰহণ কৰাসকলে কেনেকৈ এই উদ্ভাৱনৰ ব্যৱহাৰ কৰিব পাৰে সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ ওপৰত দলৰ নেতাজনে উত্তৰ দিলে যে তথ্য বিশ্লেষণে ব্যক্তিগত পৰ্যায়ত বীজাণুনাশক সম্পন্ন কৰাত সহায় কৰাৰ লগতে সুস্বাস্থ্যও নিশ্চিত কৰিব। তেওঁ ঔদ্যোগিক ক্ষেত্ৰৰ নিৰীক্ষণ, নলা পৰিশোধনৰ আন্তঃগাঁথনি, জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা আদিৰ বাবে বিভিন্ন পৰ্টেল প্ৰদানৰ বিষয়ে অৱগত কৰে। খোৱাপানী যোগান শৃংখলৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে প্ৰদূষকৰ বিশেষ বৃদ্ধিৰ ফলত ইয়াৰ কাৰণ হোৱা উদ্যোগটোলৈ পিছুৱাই যাব পাৰি আৰু গুৰুতৰভাৱে প্ৰদূষণ কৰা উদ্যোগসমূহৰ ওপৰত নজৰ দিব পাৰি। প্ৰধানমন্ত্ৰীয়ে পৰিৱেশৰ দৃষ্টিকোণৰ পৰা প্ৰকল্পটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি দলটোৱে এনে স্পৰ্শকাতৰ বিষয়ত কাম কৰি থকাত সুখ প্ৰকাশ কৰে। তেওঁ দলটোক শুভেচ্ছা জ্ঞাপন কৰে।
এছআইএইচৰ সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোক সকলোৰে সৈতে কথা পাতিবলৈ পাই বৰ ভাল লাগিল। শ্ৰী মোদীয়ে কয় যে ভৱিষ্যতৰ জগতখন জ্ঞান আৰু উদ্ভাৱনৰ দ্বাৰা পৰিচালিত হ’ব আৰু পৰিৱৰ্তিত পৰিস্থিতিত যুৱক-যুৱতী আছিল ভাৰতৰ আশা আৰু আকাংক্ষা। তেওঁ লগতে কয় যে তেওঁলোকৰ দৃষ্টিভংগী, চিন্তা আৰু শক্তি বেলেগ। সকলোৰে লক্ষ্য একে বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে ভাৰত বিশ্বৰ আটাইতকৈ উদ্ভাৱনীমূলক, প্ৰগতিশীল আৰু সমৃদ্ধিশালী দেশ হ’ব লাগে বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে বিশ্বই স্বীকাৰ কৰি আছে যে ভাৰতৰ শক্তি হৈছে ইয়াৰ যুৱ শক্তি যিসকল উদ্ভাৱনীমূলক আৰু ভাৰতৰ প্ৰযুক্তিগত শক্তি। তেওঁ লগতে কয় যে স্মাৰ্ট ইণ্ডিয়া হেকাথনত ভাৰতৰ শক্তি তেওঁলোকৰ সকলোৰে মাজত স্পষ্টকৈ দেখা গৈছিল। শ্ৰী মোদীয়ে আনন্দিত হৈছিল যে স্মাৰ্ট ইণ্ডিয়া হেকাথন ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বজুৰি শ্ৰেষ্ঠ কৰি তোলাৰ এক উৎকৃষ্ট মঞ্চত পৰিণত হৈছে। তেওঁ উল্লেখ কৰে যে স্মাৰ্ট ইণ্ডিয়া হেকাথন আৰম্ভ হোৱাৰ পৰাই প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ২ লাখ দল গঠন কৰি প্ৰায় ৩ হাজাৰ সমস্যাৰ ওপৰত কাম কৰিছে। তেওঁ লগতে কয় যে ইয়াৰ সৈতে ৬৪০০ৰো অধিক প্ৰতিষ্ঠান জড়িত হৈ থকাৰ বিপৰীতে হেকাথনৰ বাবে শ শ নতুন ষ্টাৰ্ট-আপৰ জন্ম হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৭ চনত ছাত্ৰ-ছাত্ৰীয়ে ৭ হাজাৰতকৈ অধিক ধাৰণা দাখিল কৰাৰ বিপৰীতে এই বছৰ এই ধাৰণাসমূহৰ সংখ্যা ৫৭ হাজাৰৰো অধিক হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতীসকলে কেনেদৰে নিজৰ দেশৰ প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিছিল সেই কথা স্পষ্ট হৈ পৰিছে বুলিও তেওঁ কয়।
যোৱা সাতটা হেকাথনৰ বহু সমাধান আজি দেশৰ জনসাধাৰণৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হোৱা বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে হেকাথনসমূহে বহু ডাঙৰ সমস্যাৰ সমাধান প্ৰদান কৰা বুলি জোৰ দি ২০২২ চনৰ হেকাথনৰ পৰা এটা উদাহৰণ দাঙি ধৰে, য’ত এটা দলৰ যুৱক-যুৱতীসকলে ঘূৰ্ণীবতাহৰ তীব্ৰতা জুখিব পৰা ব্যৱস্থা এটাৰ ওপৰত কাম কৰিছিল, যিটো এতিয়া ইছৰোৱে বিকাশ সাধৱ কৰি প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আন এটা উদাহৰণ উল্লেখ কৰে, য’ত এটা দলে ভিডিঅ’ জিঅ’টেগিং এপ তৈয়াৰ কৰিছিল, যাৰ ফলত তথ্যৰ সহজ সংগ্ৰহ নিশ্চিত কৰা হৈছিল, যিটো এতিয়া মহাকাশ সম্পৰ্কীয় গৱেষণাত ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে আন এটা দলে সঠিক সময়ৰ ৰক্ত ব্যৱস্থাপানা পদ্ধতিৰ কাম কৰিছিল যিয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাত উপস্থিত থকা ব্লাড বেংকৰ সবিশেষ দিব পাৰে, যিয়ে আজি এনডিআৰএফৰ দৰে সংস্থাসমূহক বহুখিনি সহায় কৰি আছে। হেকাথনৰ আন এক সফলতাৰ কাহিনী উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে কেইবছৰমান পূৰ্বে আন এটা দলে দিব্যাংগজনৰ বাবে এবিধ সামগ্ৰী সৃষ্টি কৰিছিল যিটো তেওঁলোকৰ জীৱনৰ অসুবিধা হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে। তেওঁ লগতে কয় যে আজিলৈকে এনে শ শ সফল কেছ ষ্টাডীয়ে হেকাথনত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে হেকাথনসমূহে দেখুৱাইছে যে দেশৰ যুৱক-যুৱতীসকলে দেশৰ উন্নয়নৰ বাবে চৰকাৰৰ সৈতে কেনেদৰে কাম কৰি আছে যাতে দেশৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰে। তেওঁ লগতে কয় যে ই তেওঁলোকক দেশৰ সমস্যা সমাধান আৰু দেশৰ উন্নয়নৰ দিশত মালিকীস্বত্বৰ ভাৱ প্ৰদান কৰি আছে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে দেশখন উন্নত ভাৰত হোৱাৰ সঠিক পথত আগবাঢ়িছে। তেওঁ যুৱক-যুৱতীসকলে ভাৰতৰ সমস্যাসমূহৰ অভিনৱ সমাধান বিচাৰি উলিওৱা আগ্ৰহ আৰু দায়বদ্ধতাৰ প্ৰশংসা কৰে।
আজিৰ সময়ত দেশৰ আকাংক্ষাৰ প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে বাকচৰ বাহিৰত চিন্তা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে প্ৰতিটো খণ্ডতে আমাৰ অভ্যাসত বাকচৰ বাহিৰৰ চিন্তাধাৰাক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই হেকাথনৰ বিশেষত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ প্ৰক্ৰিয়াটোও গুৰুত্বপূৰ্ণ আৰু লগতে প্ৰডাক্টটোও গুৰুত্বপূৰ্ণ। এটা সময় আছিল যেতিয়া কেৱল চৰকাৰেহে দেশৰ সমস্যা সমাধানৰ দাবী কৰিছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, অৱশ্যে আজি এনে হেকাথনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু গুৰুসকলকো সমাধানৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এয়া ভাৰতৰ নতুন শাসন আৰ্হি আৰু ‘সবকা প্ৰয়াস’ এই আৰ্হিৰ প্ৰাণশক্তি।
দেশৰ আগন্তুক ২৫ বছৰৰ প্ৰজন্ম ভাৰতৰ অমৃত প্ৰজন্ম বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলৰ ওপৰত এখন উন্নত ভাৰত গঢ়াৰ দায়িত্ব আছিল যদিও চৰকাৰে সঠিক সময়ত প্ৰয়োজনীয় প্ৰতিটো সম্পদ যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিভিন্ন বয়সৰ গোটত বিভিন্ন স্তৰৰ ওপৰত চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বৈজ্ঞানিক মানসিকতা লালন-পালন কৰিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰাৰ লগতে ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেব মুকলি কৰি দিয়া হৈছে যাতে পৰৱৰ্তী প্ৰজন্মৰ দেশে বিদ্যালয়ত উদ্ভাৱনৰ বাবে সম্পদ লাভ কৰে। এই লেবসমূহ এতিয়া নতুন পৰীক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলি আলোকপাত কৰি তেওঁ কয় যে এক কোটিতকৈও অধিক শিশুৱে গৱেষণা কৰি আছে। তেওঁ লগতে কয় যে ১৪ হাজাৰতকৈ অধিক পি এম শ্ৰী বিদ্যালয়ে একবিংশ শতিকাৰ দক্ষতাৰ ওপৰত কাম কৰি আছে আৰু ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী চিন্তাধাৰা আৰু অধিক উন্নত কৰাৰ বাবে চৰকাৰে মহাবিদ্যালয় পৰ্যায়ত ইনকিউবেচন চেণ্টাৰ স্থাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে উন্নত ৰবটিক্স আৰু এআই লেব ব্যৱহাৰিক শিক্ষণৰ বাবেও ব্যৱহাৰ কৰা হৈছে, আনহাতে যুৱক-যুৱতীসকলৰ প্ৰশ্ন সমাধানৰ বাবে জিজ্ঞাছা প্লেটফৰ্ম সৃষ্টি কৰা হৈছিল য’ত তেওঁলোকে বিজ্ঞানীসকলৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ আৰু কথা পতাৰ সুযোগ পাইছিল।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি প্ৰশিক্ষণৰ উপৰিও যুৱক-যুৱতীসকলক ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু কৰ ৰেহাই দিয়া হৈছে। তেওঁ লগতে কয় যে তেওঁলোকৰ ব্যৱসায় স্থাপনৰ বাবে ২০ লাখ টকা পৰ্যন্ত মুদ্ৰা ঋণৰো ব্যৱস্থা কৰা হৈছিল। শ্ৰী মোদীয়ে জনাইছে যে সমগ্ৰ দেশতে নতুন কোম্পানীসমূহৰ বাবে টেকন’লজি পাৰ্ক আৰু নতুন আইটি হাব নিৰ্মাণ কৰা হৈছে আনহাতে চৰকাৰে ১ লাখ কোটি টকাৰ গৱেষণা পুঁজি সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে চৰকাৰে যুৱক-যুৱতীসকলৰ প্ৰয়োজন অনুসৰি কাম কৰাৰ লগতে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতিটো পৰ্যায়তে তেওঁলোকৰ সৈতে থিয় দিছে। হেকাথন কেৱল আনুষ্ঠানিক অনুষ্ঠান নহয়, আমাৰ যুৱক-যুৱতীসকলকো নতুন সুযোগ প্ৰদান কৰা বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে এয়া তেওঁলোকৰ জনতাকেন্দ্ৰিক প্ৰশাসন আৰ্হিৰ অংশ, স্থায়ী প্ৰতিষ্ঠানলৈ বিকশিত হোৱাৰ প্ৰক্ৰিয়া।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক অৰ্থনৈতিক মহাশক্তি হিচাপে স্থান দিবলৈ উদীয়মান খণ্ডসমূহৰ ওপৰত দিয়া গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ আলোকপাত কৰে যে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েচন আৰু গেমিঙৰ দৰে খণ্ড, যিবোৰ এক দশকৰ আগতে ভালদৰে বিকশিত হোৱা নাছিল, এতিয়া ভাৰতত দ্ৰুতগতিত বিকশিত হৈছে। এই খণ্ডসমূহে নতুন কেৰিয়াৰ পথ মুকলি কৰিছে আৰু যুৱক-যুৱতীসকলক অন্বেষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ সুযোগ দিছে। সংস্কাৰৰ জৰিয়তে প্ৰতিবন্ধকতা দূৰ কৰি যুৱ প্ৰজন্মৰ কৌতুহল আৰু প্ৰত্যয়ক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে চৰকাৰে। তেওঁ শেহতীয়াকৈ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ প্ৰচেষ্টা আৰু সৃষ্টিশীলতাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰ কথাও উল্লেখ কৰে। খেলো ইণ্ডিয়া আৰু ট’পছ আঁচনিৰ দৰে পদক্ষেপেৰে ক্ৰীড়াক এক কাৰ্য্যকৰী কেৰিয়াৰ বিকল্প হিচাপে প্ৰচাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক আঙুলিয়াই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে যিয়ে খেলুৱৈসকলক গাঁও পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা অলিম্পিকলৈকে বৃহৎ প্ৰতিযোগিতাসমূহৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰি আছে। তদুপৰি, নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স, আৰু এক্সটেণ্ডেড ৰিয়েলিটিয়ে ইতিমধ্যে গেমিং এটা আশাব্যঞ্জক কেৰিয়াৰ পছন্দ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগে লগে প্ৰভাৱ পেলাইছে।
বিশ্বজুৰি প্ৰশংসা লাভ কৰা এক ৰাষ্ট্ৰ-এক ছাবস্ক্ৰিপচন আঁচনি আৰম্ভ কৰাৰ শেহতীয়া সিদ্ধান্তৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।এই পদক্ষেপে ভাৰতৰ যুৱক-যুৱতী, গৱেষক আৰু উদ্ভাৱকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় আলোচনীসমূহৰ সুবিধা প্ৰদান কৰে, যাতে কোনো যুৱকে মূল্যৱান তথ্যৰ পৰা বঞ্চিত নহয়। এই আঁচনিৰ অধীনত চৰকাৰে প্ৰতিষ্ঠিত আলোচনীসমূহৰ ছাবস্ক্ৰাইব লৈছে, যাৰ ফলত জ্ঞানৰ ব্যাপক প্ৰৱেশ সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে হেকাথনত অংশগ্ৰহণকাৰীসকলৰ বাবে ইয়াৰ দ্বাৰা কঢ়িয়াই অনা উপকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্বৰ শ্ৰেষ্ঠ মনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ সবলীকৰণৰ বহল লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পুনৰ কয় যে চৰকাৰৰ অভিযান যুৱক-যুৱতীসকলৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, তেওঁলোকৰ সফলতাৰ বাবে প্ৰয়োজনীয় সকলো সহায় আৰু আন্তঃগাঁথনি থকাটো নিশ্চিত কৰা হৈছে।
শ্ৰী মোদীয়ে দেশৰ ৰাজনীতিত এক লাখ যুৱক-যুৱতীক যোগদান কৰোৱাৰ ঘোষণা পুনৰবাৰ উল্লেখ কৰি, যিসমূহৰ পৰিয়ালত ৰাজনীতিৰ ইতিহাস নাই, তেনে পৰিয়ালৰ যুৱক-যুৱতীয়ে যোগদান কৰাটো ভাৰতৰ ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় বুলি কয়। তেওঁ লগতে কয় যে এই দিশত বিভিন্ন উপায়ৰ কাম চলি আছে। শ্ৰী মোদীয়ে ঘোষণা কৰে যে ২০২৫ চনৰ জানুৱাৰী মাহত "বিকশিত ভাৰত যুৱ নেতাৰ আলোচনা" অনুষ্ঠিত হ'ব, য'ত সমগ্ৰ দেশৰ কোটি কোটি যুৱকে অংশগ্ৰহণ কৰি উন্নত ভাৰতৰ বাবে নিজৰ ধাৰণা আগবঢ়াব। তেওঁ লগতে কয় যে যুৱক-যুৱতী আৰু তেওঁলোকৰ ধাৰণা নিৰ্বাচন কৰা হ’ব আৰু তেওঁলোকৰ সৈতে নতুন দিল্লীত ১১-১২ জানুৱাৰীত, স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী উপলক্ষে যুৱ নেতা আলোচনা আয়োজন কৰা হ’ব। দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও ইয়াত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰি শ্ৰী মোদীয়ে এছআইএইচৰ সৈতে জড়িত সকলো যুৱক-যুৱতীক "বিকশিত ভাৰত যুৱ নেতা আলোচনা"ত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণত যোগদান কৰাৰ আন এক বৃহৎ সুযোগ লাভ কৰিব।
শ্ৰী মোদীয়ে স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশগ্ৰহণকাৰীসকলক আগন্তুক সময়ক সুযোগ আৰু দায়িত্ব দুয়োটা হিচাপে চাবলৈ উৎসাহিত কৰে। তেওঁ দলসমূহক কেৱল ভাৰতৰ প্ৰত্যাহ্বানসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিয়াই নহয়, বিশ্বজনীন বিষয়সমূহৰ ওপৰতো অধিক ফলপ্ৰসূভাৱে কাম কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে পৰৱৰ্তী হেকাথনৰ ভিতৰত বিশ্ব সংকটৰ সমাধানৰ উদাহৰণ পোৱা যাব। তেওঁ ইয়াৰ উদ্ভাৱক আৰু সমস্যা সমাধানকাৰীসকলৰ সামৰ্থ্যৰ ওপৰত দেশৰ বিশ্বাস আৰু গৌৰৱ দৃঢ়তাৰে কয়, তেওঁলোকৰ সফলতা কামনা কৰে আৰু তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
পটভূমি
স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সপ্তম সংস্কৰণ (এছআইএইচ) ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা দেশজুৰি ৫১টা ন’ডেল চেণ্টাৰত সমান্তৰালভাৱে আৰম্ভ হয়। ছফটৱেৰ সংস্কৰণ ৩৬ঘণ্টা ধৰি অবিৰতভাৱে চলিব, আনহাতে হাৰ্ডৱেৰ সংস্কৰণ ২০২৪ চনৰ ১১ৰ পৰা ১৫ ডিচেম্বৰলৈ চলিব।বিগত সংস্কৰণৰ দৰে শিক্ষাৰ্থী দলসমূহে হয় মন্ত্ৰালয়সমূহে দিয়া সমস্যাৰ বিবৃতিসমূহৰ ওপৰত কাম কৰিব নহ’লে বিভাগ বা উদ্যোগসমূহে বা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খণ্ডৰ সৈতে জড়িত ১৭টা বিষয়বস্তুৰ যিকোনো এটাৰ বিপৰীতে ছাত্ৰ উদ্ভাৱন শ্ৰেণীত নিজৰ ধাৰণা দাখিল কৰিব। এই খণ্ডসমূহ হ’ল-স্বাস্থ্যসেৱা, যোগান শৃংখল আৰু লজিষ্টিক, স্মাৰ্ট প্ৰযুক্তি, ঐতিহ্য আৰু সংস্কৃতি, বহনক্ষমতা, শিক্ষা আৰু দক্ষতা বিকাশ, পানী, কৃষি আৰু খাদ্য, উদীয়মান প্ৰযুক্তি, আৰু দুৰ্যোগ ব্যৱস্থাপনা।
এইবাৰৰ সংস্কৰণৰ কেতবোৰ আকৰ্ষণীয় সমস্যাৰ বক্তব্যৰ ভিতৰত ইছৰোৱে উপস্থাপন কৰা ‘চন্দ্ৰৰ অন্ধকাৰ অঞ্চলৰ ছবি উন্নত কৰা’, ‘এআই, উপগ্ৰহৰ তথ্য, আইঅ’টি আৰু গতিশীল আৰ্হিৰ ব্যৱহাৰ কৰি সঠিক সময়ৰ গংগা পানীৰ গুণাগুণ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা’ জল শক্তি মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ে উপস্থাপন কৰা ‘এআইৰ সৈতে সংযুক্ত স্মাৰ্ট যোগ মেট বিকশিত কৰা’ আদি উল্লেখযোগ্য।
এই বছৰ ৫৪টা মন্ত্ৰালয়, বিভাগ, ৰাজ্য চৰকাৰ, পিএছইউ আৰু উদ্যোগে ২৫০টাতকৈও অধিক সমস্যাৰ বিবৃতি দাখিল কৰিছে। প্ৰতিষ্ঠান পৰ্যায়ত আভ্যন্তৰীণ হেকাথনত ১৫০% বৃদ্ধি হৈছে, ২০২৩ চনত এছআইএইচত ৯০০ৰো অধিক হোৱাৰ পৰা ২০২৪ চনত এছআইএইচত প্ৰায় ২,২৪৭লৈ বৃদ্ধি পাইছে, যাৰ ফলত এইটো এতিয়ালৈকে অনুষ্ঠিত সৰ্ববৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হৈছে। প্ৰতিষ্ঠান পৰ্যায়ত এছআইএইচ ২০২৪ত ৮৬,০০০তকৈ অধিক দলে অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাউণ্ডৰ বাবে প্ৰায় ৪৯,০০০ শিক্ষাৰ্থীৰ দল (প্ৰতিটোতে ৬ জন ছাত্ৰ আৰু ২ জন গুৰুৰে গঠিত) বাছনি হৈছে।
***
MJPS/SR/TS/DB
(Release ID: 2083598)
Visitor Counter : 6