গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নয়ব সিং ছাইনীৰ উপস্থিতিত তিনিখন নতুন অপৰাধ আইন ৰূপায়ণৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়

হাৰিয়ানাই ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত নতুন অপৰাধ আইন ১০০% কাৰ্যকৰী কৰাটো নিশ্চিত কৰক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিখন নতুন অপৰাধ আইন নাগৰিক অধিকাৰৰ ৰক্ষক আৰু ‘ন্যায়ৰ সহজতা’ৰ ভিত্তি হৈ পৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়

হাৰিয়ানাত আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ, আৰু ফৰেনছিকৰ সৈতে জড়িত বিভিন্ন নতুন বিধানৰ কাৰ্যকৰীকৰণ আৰু বৰ্তমানৰ অৱস্থাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়

প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখনতকৈ অধিক ফৰেনছিক মোবাইল ভ্যান উপলব্ধ হ’ব লাগে

শূন্য এফআইআৰসমূহ নিৰীক্ষণৰ দায়িত্ব উপ-এছপি পৰ্যায়ৰ বিষয়াৰ হ’ব লাগে, আৰু ৰাজ্য অনুসৰি ইয়াৰ অন্য ভাষাত অনুবাদ নিশ্চিত কৰিব লাগে

ৰাজ্যৰ ডিজিপিয়ে সকলো আৰক্ষী জোৱানক সংবেদনশীল কৰি তুলিব লাগে যে সময়মতে ন্যায় প্ৰদান কৰাটো তেওঁলোকৰ অগ্ৰাধিকাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে সকলো এছপিয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যাতে তদন্ত সম্পূৰ্ণ কৰে, সেয়া ডিজিপিয়ে নিশ্চিত কৰক

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতি ১৫ দিনৰ মূৰে মূৰে তিনিখন নতুন আইন ৰূপায়ণ

Posted On: 10 DEC 2024 7:44PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নয়ব সিং ছাইনীৰ উপস্থিতিত তিনিখন নতুন অপৰাধমূলক আইন ৰূপায়ণৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত হাৰিয়ানাৰ আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেনছিক সম্পৰ্কীয় বিভিন্ন নতুন বিধান কাৰ্যকৰী আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰা হয়।কেন্দ্ৰীয় গৃহ সচিব, হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰধান সচিব, ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান, ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (বিপিআৰ এণ্ড ডি)ৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ সঞ্চালক প্ৰধান (এন চি আৰ বি)ৰ লগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

বৈঠকত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিখন নতুন অপৰাধমূলক আইন নাগৰিক অধিকাৰৰ ৰক্ষক আৰু ‘ন্যায়ৰ সহজতা’ৰ ভিত্তি হৈ পৰিছে। গৃহমন্ত্ৰীয়ে হাৰিয়ানাক ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যখনত নতুন অপৰাধমূলক আইন ১০০ শতাংশ ৰূপায়ণ নিশ্চিত কৰিবলৈ কয়।

প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী অমিত শ্বাহে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখনতকৈ অধিক ফৰেনছিক মোবাইল ভ্যান উপলব্ধ হ’ব লাগে। তেওঁ কয় যে শূন্য এফ আই আৰ নিৰীক্ষণৰ দায়িত্ব এজন উপ-আৰক্ষী অধীক্ষক পদবীৰ বিষয়াৰ হ’ব লাগে, আৰু ৰাজ্য অনুসৰি ইয়াৰ অন্য ভাষালৈ অনুবাদ নিশ্চিত কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সকলো আৰক্ষী কৰ্মীক এই কথা অৱগত কৰাব লাগিব যে সময়মতে ন্যায় প্ৰদান কৰাটো তেওঁলোকৰ অগ্ৰাধিকাৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰীয়ে হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধানক পৰামৰ্শ দিয়ে যে সকলো আৰক্ষী অধীক্ষকে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত গোচৰসমূহৰ তদন্ত কৰাটো নিশ্চিত কৰক। তেওঁ লগতে কয় যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতি ১৫ দিনৰ মূৰে মূৰে তিনিখন নতুন আইন ৰূপায়ণৰ অগ্ৰগতি আৰু মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সপ্তাহত এবাৰকৈ সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াৰ সৈতে পৰ্যালোচনা কৰা উচিত।

*****

RK/VV/ASH/PR/PS/MS


(Release ID: 2083287) Visitor Counter : 16