প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মহাপৰিনিৰ্বাণ দিৱস’ত ড০ বাবাচাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
06 DEC 2024 9:12AM by PIB Guwahati
ড০ বাবাচাহেব আম্বেদকাৰক ‘মহাপৰিনিৰ্বাণ দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে সমতা আৰু মানৱীয় মৰ্যাদাৰ বাবে ড০ আম্বেদকাৰৰ অক্লান্ত যুঁজে প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"মহাপৰিনৰ্বাণ দিৱস’ত আমি আমাৰ সংবিধানৰ স্থপতি আৰু সামাজিক ন্যায়ৰ আলোকস্তম্ভ ড০ বাবাচাহেব আম্বেদকাৰক প্ৰণিপাত জনাইছোঁ।
সমতা আৰু মানৱীয় মৰ্যাদাৰ বাবে ড০ আম্বেদকাৰৰ অক্লান্ত যুঁজে প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আজি আমি তেওঁৰ অৱদানৰ কথা মনত ৰাখিছোঁ, আমি তেওঁৰ দৃষ্টিভংগী পূৰণ কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰো পুনৰাবৃত্তি কৰিছোঁ।
লগতে এই বছৰৰ আৰম্ভণিতে মুম্বাইৰ ‘চৈত্য ভূমি’ ভ্ৰমণৰ এখন ফটো শ্বেয়াৰ কৰিছোঁ।
জয় ভীম!"
***
MJPS/VJ/KB
(ৰিলিজ আই ডি : 2081413)
অতিথি কক্ষ : 66
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam