প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত আইচিএ গ্ল’বেল ক’অপাৰেটিভ কনফাৰেন্স ২০২৪ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ আৰম্ভ কৰিব
সন্মিলনৰ বিষয়বস্তু, "সমবায়সমূহে সকলোৰে বাবে সমৃদ্ধি গঢ়ি তোলে" ভাৰত চৰকাৰৰ “সহকাৰ ছে সমৃদ্ধি” দৃষ্টিভংগীৰ সৈতে মিলে
Posted On:
24 NOV 2024 5:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰত বিয়লি প্ৰায় ৩ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আইচিএ গ্ল’বেল সমবায় সন্মিলন ২০২৪ উদ্বোধন কৰিব আৰু ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ শুভাৰম্ভ কৰিব।
গ্ল’বেল সমবায় আন্দোলনৰ প্ৰধান সংস্থা আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁট (আইচিএ)ৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত আইচিএ গ্ল’বেল সমবায় সন্মিলন আৰু আইচিএ সাধাৰণ পৰিষদৰ আয়োজন কৰা হৈছে। ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড (আইএফএফচিঅ’)ৰ উদ্যোগত আইচিএ আৰু ভাৰত চৰকাৰৰ সহযোগত, আৰু ভাৰতীয় সমবায় আমুল আৰু ক্ৰিভকোৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল সন্মিলনখন অহা ২৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।
সন্মিলনৰ বিষয়বস্তু, "সমবায়সমূহে সকলোৰে বাবে সমৃদ্ধি গঢ়ি তোলে" ভাৰত চৰকাৰৰ “সহকাৰ ছে সমৃদ্ধি” (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) দৃষ্টিভংগীৰ সৈতে মিল আছে। এই অনুষ্ঠানত আলোচনা, পেনেল অধিবেশন, আৰু কৰ্মশালা অনুষ্ঠিত হ’ব, য’ত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) লাভৰ ক্ষেত্ৰত বিশ্বজুৰি সমবায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে আলোচনা কৰা হ’ব, বিশেষকৈ দৰিদ্ৰতা নিৰাময়, লিংগ সমতা, আৰু বহনক্ষম অৰ্থনৈতিক বৃদ্ধিৰ দৰে ক্ষেত্ৰত।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ আৰম্ভ কৰিব, যিয়ে সামাজিক অন্তৰ্ভুক্তি, অৰ্থনৈতিক সবলীকৰণ, আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত সমবায়সমূহে লোৱা পৰিৱৰ্তনশীল ভূমিকাক আলোকপাত কৰি “সবায়সমূহে এখন উন্নত বিশ্ব গঢ়ি তোলে” শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ৰাষ্ট্ৰসংঘৰ এছডিজিসমূহে সমবায়সমূহক বহনক্ষম উন্নয়নৰ গুৰুত্বপূৰ্ণ চালক হিচাপে স্বীকৃতি দিয়ে, বিশেষকৈ বৈষম্য হ্ৰাস কৰা, মান্য কামক প্ৰসাৰ কৰা আৰু দৰিদ্ৰতা দূৰ কৰাত। বিশ্বৰ আটাইতকৈ জৰুৰী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সমবায় উদ্যোগসমূহৰ শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে ২০২৫ বৰ্ষটো এক বিশ্বব্যাপী পদক্ষেপ হ’ব।
প্ৰধানমন্ত্ৰীয়ে সমবায় আন্দোলনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে স্মৃতিচাৰণ ডাক টিকট মুকলি কৰিব। ডাকটিকটটোত এটা পদুম প্ৰদৰ্শন কৰা হৈছে, যিয়ে শান্তি, শক্তি, স্থিতিস্থাপকতা আৰু বৃদ্ধিৰ প্ৰতীক, যিয়ে বহনক্ষমতা আৰু সম্প্ৰদায় উন্নয়নৰ সহযোগিতামূলক মূল্যবোধক প্ৰতিফলিত কৰে। পদুমৰ পাঁচটা পাহিয়ে প্ৰকৃতিৰ পাঁচটা উপাদান (পঞ্চতত্ত্ব)ক প্ৰতিনিধিত্ব কৰে, যিয়ে পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক বহনক্ষমতাৰ প্ৰতি সমবায়সমূহৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। এই ডিজাইনত কৃষি, দুগ্ধ, মীন, গ্ৰাহক সমবায়, আৰু গৃহ নিৰ্মাণৰ দৰে খণ্ডও অন্তৰ্ভুক্ত কৰা হৈছে, কৃষিত আধুনিক প্ৰযুক্তিৰ ভূমিকাক প্ৰতীকিত কৰা ড্ৰ’নৰ সৈতে।
ভূটানৰ মাননীয় প্ৰধানমন্ত্ৰী মহামহিম দশো শ্বেৰিং টবগে আৰু ফিজিৰ মাননীয় উপ-প্ৰধানমন্ত্ৰী মহামহিম মানোৱা কামিকামিকা আৰু ১০০ খনতকৈও অধিক দেশৰ প্ৰায় ৩ হাজাৰ প্ৰতিনিধিও উপস্থিত থাকিব।
**********
MJPS/SR
(Release ID: 2080645)
Visitor Counter : 18
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam