তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 5

'কাৰকেন' এক মুক্তিৰ কাহিনী; আপোনাৰ অন্তৰ্নিহিত কণ্ঠ বিচাৰি উলিওৱাৰ যাত্ৰা: পৰিচালক নেণ্ডিং লোডাৰ

চিনেমাৰ এটা গেংষ্টাৰক সলনি কৰাৰ ক্ষমতা আছে: ‘জিগৰথাণ্ডা ডাবল এক্স’ৰ পৰিচালক কাৰ্তিক চুবৰাজ

‘বাট্ৰো কা বুলবুলা’ৰ কাহিনী হাৰিয়ানাৰ গ্ৰাম্য জীৱনত গভীৰভাৱে শিপাই আছে: সম্পাদক সক্ষম যাদৱ

আজি গোৱাত অনুষ্ঠিত ৫৫সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘বাট্ৰো কা বুলবুলা’, ‘কাৰকেন’ আৰু ‘জিগৰথাণ্ডা ডাবল এক্স’ নামৰ তিনিখন ছবিৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীয়ে এক সংবাদমেল সম্বোধন কৰে। ছবি নিৰ্মাতাসকলে নিজৰ নিজৰ সৃষ্টিশীল যাত্ৰা, ছবি নিৰ্মাণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু চিনেমাৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে নিজ নিজ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে।

কাৰকেনআবেগ আৰু মুক্তিৰ যাত্ৰা

সমাজৰ আশা আৰু ব্যক্তিগত ইচ্ছাৰ মাজত অন্তৰ্দণ্ডত ভোগা এজন মানুহৰ আভ্যন্তৰীণ সংঘাতৰ আধাৰত নিৰ্মিত কাৰকেনৰ পৰিচালক নেণ্ডিং লোডে তেওঁৰ ছবিখনৰ বিষয়ে অতি সুন্দক ব্যাখ্যা আগবঢ়ায়। লোডাৰে কয় যে এইটো মুক্তিৰ কাহিনী, ই আপোনাৰ বিবেকক বিচাৰি উলিওৱাৰ এক যাত্ৰা। লোডাৰে ছবিখনৰ নিৰ্মাণত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অৰুণাচল প্ৰদেশত চিত্ৰগ্ৰহণৰ সময়ত সন্মুখীন হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰে। তেওঁ কয়, "ৰাজ্যখনত অসাধাৰণ প্ৰতিভা আছে যদিও নবীন চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে পৰ্যাপ্ত মঞ্চৰ অভাৱ। মই নিশ্চিত যে এই ছবিখনে পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু তেওঁলোকৰ কাহিনী ক'বলৈ অনুপ্ৰাণিত কৰিব।"

চিনেমাটোগ্ৰাফাৰ নিয়াগোৱে আৱদ্ধ ঠাইত এটা চৰিত্ৰৰ সৈতে শ্বুটিং কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, যিটো প্ৰত্যাহ্বান তেওঁ আগতে কেতিয়াও সন্মুখীন হোৱা নাছিল বুলি কয়।

জিগৰথাণ্ডা ডাবল এক্সচিনেমা গেংষ্টাৰ সলনি কৰাৰ শক্তি আছে

জিগৰথাণ্ডা ডাবলৰ দূৰদৰ্শী পৰিচালক কাৰ্তিক চুবৰাজে কয়, ‘চিনেমা সমাজ এখন সলনি কৰাৰ এক মহান মাধ্যম। ইয়াত এজন গেংষ্টাৰকো সলনি কৰাৰ শক্তি আছে।" তেওঁ লগতে কয়, "চলচ্চিত্ৰখনে মূলসুঁতিৰ চিনেমাৰ মনোৰঞ্জনক কলাধৰ্মী চিনেমাৰ গভীৰতা আৰু অৰ্থৰ সৈতে সংযুক্ত কৰি এই দুখন জগতৰ মাজত সেতুবন্ধন কৰিছে।"

বাট্ৰো কা বুবুলাহাৰিয়ানাৰ গ্ৰাম্য জীৱনৰ উদযাপন

এই ছবিখনৰ বৰ্ধিত শ্বটৰ বাবে পোষ্ট প্ৰডাকচনৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে বাট্ৰো কা বুলবুলাৰ সম্পাদক সক্ষম যাদৱে। যাদৱে কয়, "আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ছবিখনৰ অন্তৰ্নিহিত মনোমোহা দৃশ্য বজাই ৰখা, লগতে শ্বটৰ দৈৰ্ঘ্যও নিয়ন্ত্ৰণ কৰা।"

সত্যতাৰ প্ৰতি দলটোৰ দায়বদ্ধতাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ছবিখনৰ ফটোগ্ৰাফী সঞ্চালক (ডিঅ’পি) আৰিয়ান সিঙে কয় যে কাহিনীটো হাৰিয়ানাৰ গ্ৰাম্য জীৱনত গভীৰভাৱে শিপাই আছে। আমাৰ লক্ষ্য আছিল গ্ৰাম্য জীৱনৰ সাৰমৰ্মক এনেদৰে উপস্থাপন কৰা যাতে কাহিনীটোত বাস্তৱিক, আৰু কোনো পৰিশোধন নকৰাকৈ এক সুক্ষ্ম অনুভৱ প্ৰদান কৰা।"

ছবি কেইখনৰ বিষয়ে

বাট্ৰো কা বুবুলা

ৰঙীন | ৩৫' | হাৰিয়ানৱী ২০২৪ চনত

সাৰাংশ

হাৰিয়ানাৰ এখন গাঁৱত বৃদ্ধ বাট্টোৱে নিজৰ বন্ধু চুলতানৰ সৈতে অত্যধিক মদ্যপান কৰি দিন অতিবাহিত কৰে। নিজৰ অধিকাংশ মাটি বিক্ৰী কৰা বাট্টোৱে যিখনি বাকী আছিল সেইখিনিও বিক্ৰী কৰি গাঁও এৰি যোৱাৰ পৰিকল্পনা কৰিছে। তেওঁৰ ধূৰ্ত দত্তক পুত্ৰ বিট্টুৱে তেওঁক মাটিৰ বাবে হেঁচা প্ৰয়োগ কৰে, যাৰ ফলত আৱেগিক অস্থিৰতাৰ সৃষ্টি হয়। বাট্টোৰ বন্ধু চুলতানে অহৰহ সত্যৰ সন্ধানত থাকে যাৰ ফলত উত্তেজনাপূৰ্ণ সংঘাতৰ সৃষ্টি হয়। শেষত বাট্টোৱে প্ৰকৃত বন্ধুত্বৰ শক্তি আৰু বিশ্বাসঘাটকতাৰ মাজৰ পাৰ্থক্য উপলব্ধি কৰে।

 

অভিনেতা-অভিনেত্ৰী-কলা-কুশলী

পৰিচালক: অক্ষয় ভৰদ্বাজ

প্ৰযোজক: দাদা লক্ষ্মী চান্দ ৰাজ্যিক পৰিবেশ্য আৰু দৃশ্য কলা বিশ্ববিদ্যালয়।

চিনেমাটোগ্ৰাফাৰ: অক্ষয় ভৰদ্বাজ

চিত্ৰনাট্যকাৰ: ৰজত কৰিয়া

সম্পাদকঃ সক্ষম যাদৱ

অভিনয়: কৃষ্ণ নাটক

চিনেমাটোগ্ৰাফাৰ: অক্ষয় ভৰদ্বাজ

 

কাৰকে

ৰঙীন | ৯২' | গাল’।২০২৪ চনত

সাৰাংশ

এজন চিকিত্সা বিষয়া যি এসময়ত অভিনয়ৰ বাবে পাগল হৈ পৰিছিল, কিন্তু তেওঁ সেই সপোন ত্যাগ কৰিবলগীয়া হৈছিল। আকৌ এবাৰ অডিচনলৈ আহে। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ চাকৰিটো সংকট পেলাব পাৰে, যিয়ে তেওঁৰ পৰিয়াল, তেওঁৰ বিয়া আৰু প্ৰসৱৰ মাজেৰে পাৰ হৈ যোৱা এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনক সংকটত পেলায়।

 

অভিনেতা-অভিনেত্ৰী-কলা-কুশলী

পৰিচালক: নেণ্ডিং লোডাৰ

প্ৰযোজক: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড

চিনেমাটোগ্ৰাফাৰ: ন্যাগো এটে

সম্পাদক: লোডাম গংগো

চিত্ৰনাট্যকাৰ: নেণ্ডিং লোডাৰ

অভিনেতা: নেণ্ডিং লোডাৰ

 

জিগৰথাণ্ডা ডাবল এক্স

ৰঙীন | ১৭২' | তামিল | ২০২৩ চনত

সাৰাংশ

জিগাৰথাণ্ডা ডাবল এক্স হৈছে কাৰ্তিক চুবৰাজৰ পৰিচালনাত নিৰ্মিত ২০১৪ চনৰ জিগৰথাণ্ডা ছবিৰ তামিল একচন থ্ৰিলাৰ আৰু আধ্যাত্মিক প্ৰিক্যুৱেল। কাহিনীটো কিৰুবাই আৰোয়াৰাজ নামৰ এজন উচ্চাকাংক্ষী আৰক্ষী বিষয়াৰ ওপৰত কেন্দ্ৰ কৰি আগবঢ়াই নিয়া হৈছে। তেওঁ চলচ্চিত্ৰ পৰিচালকৰ বেশত গেংষ্টাৰ এলিছ চিজাৰৰ আত্মগোপন স্থানত প্ৰৱেশ কৰে। কেইবাবাৰো হত্যাৰ চেষ্টাৰ পিছত কুখ্যাত অপৰাধী শ্বেটানীৰ বিৰুদ্ধে ছিজাৰক থিয় কৰাই দিয়াৰ পৰিকল্পনা ৰচে। এই প্ৰক্ৰিয়াত ছিজাৰৰ হৃদয় সলনি হয় আৰু শ্বেটানীক পৰাস্ত কৰি জনসাধাৰণক সহায় কৰে। ৰাজ্যৰ মুৰব্বীগৰাকী কেলেংকাৰীত জড়িত হোৱাৰ কথা পোহৰলৈ আহিলেই কাহিনীটো অধিক জটিল হৈ পৰে। চিজাৰে চূড়ান্ত ত্যাগ কৰে আৰু কিৰুবাইয়ে সত্য উদঙাই দি নিজৰ ছবিখন সম্পূৰ্ণ কৰে। এই ৰোমাঞ্চকৰ কাহিনীটোৱে সাহস, নৈতিকতা আৰু জীয়াই থকাৰ তাড়না, উচ্চ পৰ্যায়ৰ একচনৰ সৈতে দ্ৰুতগতিত চলি থকা কাহিনীৰ সংমিশ্ৰণ ঘটাই ইয়াক মূল ছবিখনৰ উত্তৰাধিকাৰৰ এক ডাঙৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে।

অভিনেতা-অভিনেত্ৰী-কলা-কুশলী

 

পৰিচালক: কাৰ্তিক চুবৰাজ

প্ৰযোজক: ষ্টোন বেঞ্চ প্ৰাইভেট লিমিটেড।

চিনেমাটোগ্ৰাফাৰ: এছ থিৰুনাভুক্কাৰাছু

সম্পাদক: ছফিক মহম্মদ আলী

চিত্ৰনাট্যকাৰ: কাৰ্তিক চুবৰাজ

অভিনয়: ৰাঘৱ লৰেন্স, গণেশ, এছ.জে. ছুৰীয়া, নিমিষা সজয়ন, ইলাভাৰসু, নবীন চন্দ্ৰ, সাথিয়া, সঞ্চনা নটৰাজন, শ্বাইন টম চাকো, অৰবিন্দ আকাশ।

* * *

PIB IFFI CAST AND CREW | Rajith/Rini/Swadhin/Darshana | IFFI 55 – 59/DB

iffi reel

(Release ID: 2076442) Visitor Counter : 6