তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 3

"আমাৰ অখ্যাত নায়ক বীৰ সাৱাৰকাৰৰ আচল কাহিনী কোৱাৰ দায়িত্ব নিজে লৈছিলোঃ ৰনদীপ হুডাই কয়

৫৫সংখ্যক আইএফএফআইত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় ‘স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ’ৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলী

জীৱনীমূলক নাটক ‘স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ’ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ দলটোৱে ৫৫সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। এই ছবিখন ভাৰতীয় পেনোৰামা শিতানৰ প্ৰথমখন ফিচাৰ ফিল্মি হিচাপে প্ৰদৰ্শিত হয়। এই অনুষ্ঠানটোৱে ছবিখনৰ সৃষ্টিশীল যাত্ৰা আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য্যৰ ওপৰত চিন্তা কৰাৰ এক মঞ্চ আগবঢ়াইছে।

বিনায়ক দামোদৰ সাৱাৰকাৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰা তথা পৰিচালক ৰনদীপ হুদাই ছবিখন নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বীৰ সাৱাৰকাৰে সন্মুখীন হোৱা সংগ্ৰামৰ সৈতে তুলনা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে অখ্যাত নায়ক বীৰ সাৱাৰকাৰৰ বাস্তৱ কাহিনীক ৰাজহুৱা চৰ্চালৈ অনাৰ দায়িত্ব ল’ব লাগিব। তেওঁ লগতে কয়, "সাৱাৰকাৰে সদায় ভাৰতক সামৰিকভাৱে শক্তিশালী হোৱাটো বিচাৰিছিল। আজি বিশ্বত আমাৰ প্ৰভাৱ বহুখিনি উন্নত হৈছে। এই ছবিখনে সশস্ত্ৰ সংগ্ৰামৰ আন এটা দিশ উন্মোচন কৰিছে, য'ত দেখুওৱা হৈছে যে ই কেনেকৈ বিপ্লৱীসকলক স্বাধীনতাৰ বাবে অস্ত্ৰ তুলি ল'বলৈ প্ৰেৰণা যোগাইছিল"।

ছবিখনত ভীকাজী কামাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অঞ্জলি হুডাই কয় যে ছবিখনত তেওঁৰ ভূমিকাই সাৱাৰকাৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁৰ বোধগম্যতা আৰু অধিক বৃদ্ধি কৰে। তেওঁ কয়, "এই ছবিখন মোৰ চকু খোল খুৱালে। আশাকৰোঁ ভৱিষ্যতে আমাৰ পাহৰণি গৰ্ভত বিলীত হ’বধৰা নায়কসকলৰ ওপৰত এনেধৰণৰ আৰু অধিক ছবি নিৰ্মাণ কৰিব।"

সংবাদমেলত জয় পেটেল, মৃণাল দত্ত আৰু অমিত ছিয়ালেও অংশগ্ৰহণ কৰে। তেওঁ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ভাৰতীয় চিনেমাত এনেধৰণৰ ছবিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

ভাৰতৰ স্বাধীনতাৰ বহু অখ্যাত বীৰৰ ভিতৰত অন্যতম বীৰ সাৱাৰকাৰৰ অকথিত কাহিনীটো ছবিখনে পোহৰলৈ আনিছে ইয়াত তেওঁৰ মাতৃভূমিৰ প্ৰতি থকা প্ৰেম আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁ সন্মুখীন হোৱা ভয়ানক পৰিণতিৰ ওপৰত আলোকপাত কৰা হৈছে।

 

ছবিখনৰ সংক্ষিপ্ত বিৱৰণ: স্বতন্ত্ৰ বীৰ সাৱাৰকা

ছবিখনত ভাৰতৰ স্বাধীনতাৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিপ্লৱী চিন্তাবিদ আৰু কবি বিনায়ক দামোদৰ সাৱাৰকাৰৰ জীৱনৰ বুৰঞ্জী লিখা হৈছে। ইয়াত তেওঁৰ সশস্ত্ৰ প্ৰতিৰোধৰ কঠোৰ সমৰ্থকলৈ ৰূপান্তৰ, তেওঁৰ মতাদৰ্শগত সংগ্ৰাম আৰু চেলুলাৰ জেলত বছৰ বছৰ ধৰি কাৰাদণ্ডৰ ছবি চিত্ৰায়ণ কৰা হৈছে। ব্যক্তিগত ত্যাগ আৰু কৌশলগত নেতৃত্বৰ জৰিয়তে সাৱাৰকাৰ এনে এক জটিল ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে যাৰ সবল আৰু স্বাৱলম্বী ভাৰতৰ সপোন আজিও প্ৰতিধ্বনিত হৈ আছে।

অভিনেতা-অভিনেত্ৰী-কলা-কুশলী

পৰিচালক: ৰনদীপ হুদা

প্ৰযোজক: আনন্দ পণ্ডিত, ছেম খান, সন্দীপ সিং, যোগেশ ৰাহৰ

চিত্ৰনাট্য: ৰনদীপ হুদা

শিল্পী

• ৰনদীপ হুদা

• অংকিতা লোখাণ্ডে

• অমিত ছিয়াল

• মৃণাল দত্ত

• জে পেটেল

• অঞ্জলি হুদা

 

* * *

iffi reel

(Release ID: 2076019) Visitor Counter : 3