তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
৫৫সংখ্যক আইএফএফআইত অনুষ্ঠিত প্ৰথম পেনেল আলোচনাত মহিলাৰ সুৰক্ষা আৰু চিনেমাৰ ওপৰত আলোকপাত
চলচ্চিত্ৰ উদ্যোগে মহিলাসকলক পৰ্দা আৰু পৰ্দাৰ আঁৰত ভালদৰে সমৰ্থন আৰু সবলীকৰণ কৰিব পাৰে: পেনেলিষ্ট
মহিলাৰ সুৰক্ষা আৰু চিনেমা বিষয়ক বাৰ্তালাপেৰে আজিৰ পৰা ৫৫সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম পেনেল আলোচনা আৰম্ভ হৈছে। প্ৰখ্যাত অভিনেতা তথা প্ৰযোজক বাণী ত্ৰিপাঠী টিকোৱে আঁত ধৰা এই অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতা ইমতিয়াজ আলী, অভিনেতা সুহাশিনী মণিৰত্নম, কুছবু সুন্দৰ আৰু ভূমি পেড়নেকাৰকে ধৰি পেনেলিষ্টসকলে চলচ্চিত্ৰ উদ্যোগত মহিলাৰ সুৰক্ষা, লিংগ প্ৰতিনিধিত্ব আৰু সমাজৰ মূল্যবোধ গঢ় দিয়াত ভূমিকা পালন কৰা চিনেমাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
পেনেলিষ্টসকলে চলচ্চিত্ৰ উদ্যোগে কেনেকৈ মহিলাসকলক পৰ্দাত আৰু পৰ্দাৰ আঁৰত ভালদৰে সহায় আৰু সবলীকৰণ কৰিব পাৰে সেই সম্পৰ্কে ব্যক্তিগত অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে। তেওঁলোকে এনে এক নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে য’ত চিনেমাৰ নায়িকাসকলে হাৰাশাস্তি বা শোষণৰ চিন্তা নোহোৱাকৈ মুক্তভাৱে কাম কৰিব পাৰে।
আলোচনাৰ এটা উল্লেখযোগ্য অংশ আছিল কোনো অপৰাধী চিনাক্ত হ’লে ছবিৰ চেটসমূহে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে তাৰ ওপৰত। কৰ্মক্ষেত্ৰত লিংগ বৈষম্য এতিয়া গ্ৰহণযোগ্য নহয় বুলি পেনেলিষ্টসকলে সহমত প্ৰকাশ কৰে। সুহাশিনী মণিৰত্নমে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰি কয় যে কেনেকৈ পুৰুষ অভিনেতাসকলে প্ৰায়ে চেটলৈ আহি দৃশ্যৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়ে, যিটো প্ৰথা মহিলাৰ ক্ষেত্ৰত খুব কমেইহে হয়। তেওঁ আলোকপাত কৰে যে মহিলাসকলেও নিজৰ দৃশ্যৰ দায়িত্ব ল’ব লাগে আৰু সক্ৰিয়ভাৱে আলোচনা আৰম্ভ কৰিব লাগে। তেওঁ লগতে কয় যে উদ্যোগৰ পেছাদাৰীসকলে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আগতে কৰ্মনীতি বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ।
ইমতিয়াজ আলীয়ে এনে এক কৰ্ম সংস্কৃতি গঢ়ি তোলাত গুৰুত্ব গুৰুত্ব আৰোপ কৰে য’ত চেটত থকা মহিলাসকলে তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে চিন্তা নকৰাকৈ কেৱল চলচ্ছিত্ৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিব পাৰে। তেওঁ প্ৰকাশ কৰে যে ছবি নিৰ্মাতাসকলে চেটত লিংগ বৈষম্যৰ প্ৰতি সহনশীল হ’ব নোৱাৰে।
পেনেলিষ্টসকলে ছবিত নাৰীক চিত্ৰিত কৰা আৰু ই তেওঁলোকৰ বাবে নিৰাপদ স্থান সৃষ্টিৰ ক্ষেত্ৰত কেনেদৰে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, সেই বিষয়েও আলোচনা কৰে। ভূমি পেড়নেকাৰে আবেগিকভাৱে নাৰীৰ মৰ্যাদা আৰু পৰ্দাত তেওঁলোকক প্ৰতিনিধিত্ব কৰা ধৰণেৰে সন্মানজনক আৰু সৱলীকৰণৰ পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।
কুশবু সুন্দৰে লগতে কয় যে তেওঁ মনোৰঞ্জনমূলক ছবি নিৰ্মাণত মনোনিৱেশ কৰিলেও দায়িত্বশীলভাৱে কৰে, যাতে তেওঁৰ কামে সমতা আৰু সন্মানৰ নীতিৰ সৈতে আপোচ নকৰে। পেনেলিষ্টসকলে সামূহিকভাৱে এই কথাত সহমত প্ৰকাশ কৰে যে নাৰীক মৰ্যাদাৰে চিত্ৰিত কৰাটো কেৱল চৰিত্ৰৰ বিষয়ে নহয়, বৰঞ্চ সামগ্ৰিকভাৱে উদ্যোগটোৰ বাবে এক নজিৰ গঢ়ি তোলা দৰকাৰ।
আলোচনাত দৰ্শকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, যিয়ে চিনেমাত মহিলাৰ বিকাশশীল ভূমিকা আৰু তেওঁলোকৰ সুৰক্ষা বা মৰ্যাদাৰ লগত আপোচ নকৰাকৈ উদ্যোগটোৱে তেওঁলোকৰ সফলতাৰ বাবে কেনেকৈ স্থান সৃষ্টি কৰি যাব পাৰে সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে।
আইএফএফআই ২০২৪ৰ প্ৰথম পেনেল হিচাপে এই কথোপকথনে এনে এক উৎসৱৰ সুৰ নিৰ্ধাৰণ কৰে যিয়ে কেৱল চিনেমাৰ কলাক উদযাপন কৰাই নহয়, সকলোৰে বাবে সুৰক্ষিত, অধিক অন্তৰ্ভুক্ত ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত উদ্যোগটোৰ দায়িত্বকো সমালোচনাত্মকভাৱে পৰীক্ষা কৰে।
.
* * *
PIB IFFI CAST AND CREW | Rajith/Athira/Nikhitha/Darshana | IFFI 55 – 37/DB
(Release ID: 2075823)
Visitor Counter : 6