তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ডঃ এল মুৰুগানে আইএফএফআই ২০২৪ ৰ প্ৰস্তুতিৰ বুজ লয়
আইএফএফআই য়ে ভাৰতীয় ছবিৰ বহুত্ববাদ আৰু বৈচিত্ৰ্যতাক প্ৰকাশ কৰে: ডঃ এল মুৰুগান
গোৱাত ২০-২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা ৫৫ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডঃ এল. মুৰুগানে আজি বিভিন্ন অংশগ্ৰহণকাৰী সকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ এল মুৰুগানে মহোৎসৱৰ সফল ৰূপায়ণৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে আই এফ এফ আই য়ে গোৱাৰ উদযাপনৰ উৎসাহ আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাক প্ৰতিফলিত কৰিব লাগিব বুলি গুৰুত্ব প্ৰদান কৰে। মহোৎসৱক নতুন এটা পৰ্যায়লৈ নিবলৈ সকলো অংশীদাৰকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্যতাক উদযাপনৰ মঞ্চ হিচাপে আই এফ এফ আইৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে এই উৎসৱে ভাৰতীয় চিনেমা গঠন কৰা ভাষা, সংস্কৃতি, পৰম্পৰাক প্ৰতিনিধিত্ব কৰাটো প্ৰয়োজন। লগতে তেওঁ কয় আঞ্চলিক চিনেমাৰ পৰা ৰাষ্ট্ৰীয় ব্লকবাষ্টাৰ লৈ সকলো চিনেমা আই এফ এফ আই ভাৰতৰ চিনেমাৰ বহুত্ববাদৰ প্ৰকৃত প্ৰতিফলন হব লাগে।
ডঃ এল. মুৰুগানে মহোৎসৱৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিশ্ব সংবাদমাধ্যমৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। তেওঁ সকলো অংশীদাৰক আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মঞ্চ সমূহৰ লাভ উঠাবলৈ আহ্বান জনায়, যাতে আই এফ এফ আই য়ে কেৱল সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাই নহয় ভাৰতীয় চিনেমা আৰু বিশ্বৰ দৰ্শৰকৰ মাজত যাতে এটা অৰ্থপূৰ্ণ সংযোগ গঢ়ি উঠে।
ইয়াৰ পৰবৰ্তী দিনটোত ডঃ মুৰুগানে মহোৎসৱস্থলী, লগতে গোৱা মেৰিয়'ত ৰিজৰ্ট, ফিল্ম বাজাৰ অনুষ্ঠিত হব লগা পৰোমেণ্ডে পৰিদৰ্শন কৰে। তেওঁ লগতে পৰিভ্ৰমণ কৰে কালা একাডেমি আৰু আইনক্স থিয়েটাৰ। যিটো হৈছে আই এফ এফ আইৰ দৃশ্য প্ৰচাৰৰ মূলস্থলী আৰু সমান্তৰাল কৈ ডিবি ভূমি। য'ত এই বছৰৰ মূল আকর্ষণ মনোৰঞ্জন এৰিনা, আই এফ এফ আই এষ্টা প্ৰদৰ্শন কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে মহোৎসৱৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান হব লগা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। তেওঁ কেন্দ্ৰীয় ব্যুৰ অফ কমিউনিকেচনৰ মাল্টি মেডিয়া প্ৰদৰ্শনী 'চফৰনামা'ৰ আয়োজন স্থলী ধাৰীয়া সংগমৰো পৰিদৰ্শন কৰে।
বৈঠকত বহুতো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে, য'ত গোৱা চৰকাৰৰ মুখ্য সচিব ডঃ ভি. কেণ্ডাভেলো, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সঞ্চালক(পশ্চিম জোন) স্মিতা ভাটছ শৰ্মা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক শ্ৰী পৃথুল কুমাৰ, গোৱা চৰকাৰৰ সচিব, তথ্য আৰু জন সম্পর্কৰক্ষী বিষয়া শ্ৰী ৰমেশ বাৰ্মা, উত্তৰ গোৱাৰ আৰক্ষী অধীক্ষক আইপিএছ অক্ষত কৌশাল, ভিআইপি চিকিউৰীতি এছ পি কিৰণ পদোভেল, গোৱা মনোৰঞ্জন সমাজৰ প্ৰবন্ধক শ্ৰীমতী মৰুণাল ৱালকে লগতে অন্যান্য সকল উপস্থিত থাকে।
ডঃ এল. মুৰুগানৰ এই ভ্ৰমণ আৰু আলোচনাই আই এফ এফ আই ২০২৪ ক সফল কৰি তুলিবলৈ চৰকাৰৰ অটল প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰি তোলে।
PIB IFFI CAST AND CREW | Nikita/ RB/ Swadhin/ Priti | IFFI 55 -16/DS
(Release ID: 2075819)
Visitor Counter : 5