তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav
iffi banner

সৰ্বশ্ৰেষ্ঠ ৱেব চিৰিজ পুৰষ্কাৰ: চলচ্চিত্ৰৰ বিকাশ যাত্ৰাত আই এফ এফ আইৰ এক প্ৰয়াস

"আই এফ এফ আই ২০২৪ ত পুৰষ্কাৰৰ বাবে বাচনিত পাঁচ খন ৱেব চিৰিজ"

"আই এফ এফ আই ২০২৪ ৰ সফলতাৰ লগতে পৰিৱৰ্তনো দেখিবলৈ পোৱা যাব"

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) এ মনোৰঞ্জন উদ্যোগৰ বিকাশৰ যাত্ৰাক আঁকোৱালি চলচ্চিত্ৰৰ উৎকৃষ্টতাক উদযাপনৰ পৰম্পৰা অক্ষুন্ন ৰাখিছে। ডিজিটেল বিষয়বস্তুৰ সৃষ্টিশীলতাক স্বীকৃতি দি ৫৪ সংখ্যক সংস্কৰণত প্ৰবর্তিত শ্ৰেষ্ঠ ৱেব চিৰিজ বঁটাই অটিটি প্লেটফৰ্মৰ অসাধাৰণ কাহিনী কোৱা সকলক সন্মান জানো কাৰ্যই এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈছে। 

এইবছৰ এই বঁটাই যথেষ্ট সমাদৰ লাভ কৰিছে আৰু ১০ টা ডাঙৰ অটিটি প্লেটফর্মত দিয়া ৪০% তকৈ অধিক উত্থানৰ সৈতে অধিক জনপ্রিয় হৈ উঠিছে। ই ভাৰতীয় মনোৰঞ্জনৰ পৃথিৱীত ৱেবধৰ্মী বিষয়বস্তুৰ বৰ্ধিত জনপ্ৰিয়তা প্ৰতিফলিত কৰিছে। এইবছৰ কলাত্মক নিপুনতা, গল্পৰ সুক্ষ্মতা, কাৰিকৰী উৎকর্ষতা, সাংস্কৃতিক প্ৰভাৱৰ বাবে ৫ খন ৱেব চিৰিজ চৰ্তলিষ্টেড কৰা হৈছে। 

১. কোটা ফেক্টৰী: এখন লাইফ ড্ৰামা ধৰ্মী ছবি। য'ত ভাৰতৰ কোচিং হাব খ্যাত ৰাজস্থানৰ কোটাৰ একাডেমিক পৰিবেশৰ চাপ দেখুৱাইছে। শিক্ষাৰ্থীৰ সংগ্ৰাম আৰু একাডেমিক প্ৰত্যাহ্বানক উপস্থাপন কৰিছে। 
ৰচনা: সৌৰভ খান্না
অ'টিটি প্লেটফর্ম: নেটফিলক্স

২. কালাপানী: সুন্দৰ আন্দামান দীপপুঞ্জৰ ওপৰত এখন আকৰ্ষণীয় জীয়াই থকাৰ নাটক। এই চিৰিজ খনে পৰিয়াল, ইতিহাস আৰু ব্যক্তিগত সন্ধান বিষয়ক সম্পৰ্ক স্থাপন কৰে আৰু ই দৰ্শকৰ মনত প্ৰভাৱশালী চাপ সৃষ্টি কৰি এক মনোমোহা ছবি প্ৰস্তুত কৰিছে।
ৰচনা: সমীৰ চকসেনা আৰু অমিত গোলানী
অ'টিটি মঞ্চ: নেটফিলক্স

৩. লম্পন: ভাৰতৰ গ্ৰাম্য সমাজৰ ওপৰত নিৰ্মিত এটা হৃদয়স্পৰ্শী কাহিনী। যি এগৰাকী যুৱতীৰ ভাৱাত্মক আৰু সামাজিক প্ৰত্যহ্বানৰ ওপৰত কেন্দ্ৰিত। এই চিৰিজে সমূদায়, আত্মপৰিচয়, আত্মনিৰ্ভতাক বিভিন্ন দিশৰ পৰা উপস্থাপন কৰা হৈছে।
ৰচনা: নিপু ধৰ্মাধিকাৰী
অ'টিটি মঞ্চ: চনি লিভ

৪. আয়ালি: এক সামাজিকভাবে সজাগ নাটক। যি সংৰক্ষিত সমাজত মহিলাৰ জীৱনক উপস্থাপন কৰিছে। শক্তিশালীভাবে পৰম্পৰা, সামাজিক উপেক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ সন্ধানৰ এক মাধ্যম হিচাপে উপস্থাপন কৰা হৈছে। 
ৰচনা: মুথুকুমাৰ
অ'টিটি মঞ্চ: জি৫

৫. জুবলী: ই এক বিশেষ ঐতিহাসিক যুগৰ ওপৰত আধাৰিত নাটক, যি ভাৰতীয় ছবিৰ সোণোৱালী যুগক সন্মান প্ৰদৰ্শন কৰিছে। স্বধীনতাৰ পাছত তাৰকা আৰু পৰিচালক সকলৰ ইচ্ছা, সংগ্রাম আৰু সপোনক সংগব্ধ কৰিছে আৰু নষ্টালজিয়াৰ কাহিনীৰ লগত একাত্মক ভাবে ভৱনাক জগাই তোলা হৈছে ।
ৰচনা: বিক্ৰীমাদিত্য মটোৱান
অ'টিটি মঞ্চ: আমাজন প্ৰাইম ভিডিঅ'

বঁটা প্ৰদান অনুষ্ঠানত বিজয়ী ৱেব চিৰিজৰ পৰিচালক, ৰচনাকাৰ আৰু প্ৰযোজকক সন্মান প্ৰদান কৰা হ'ব। লগতে সহযোগী অ'টিটি মঞ্চকো সন্মান প্ৰদান কৰা হ'ব। বিজয়ীয়ে তেওঁ প্ৰশংসনীয় কামৰ বাবে লাভ কৰিব নগদ ১০ লাখ টকাৰ পুৰষ্কাৰ আৰু মানপত্ৰ।

ভাৰতৰ অ'টিটি আন্দোলনৰ বাবে এটা অনুঘটক

মনোৰঞ্জনৰ ক্ষেত্ৰত সৃষ্টিশীলতা আৰু আৱিষ্কাৰক উদগনি দিয়াৰ বাবে আইএফএফআই প্ৰতিজ্ঞাবদ্ধতাক প্ৰকাশ কৰে। ভাৰতীয় ভাষাত উচ্চ গুণসম্পন্ন বিষয় সৃষ্টিৰ বাবে উৎসাহিত কৰি বিশ্বৰ ক্ৰিয়েটৰছ আৰু প্লেটফর্ম সমূহৰ মাজত তালমিল স্থাপনৰ চেষ্টা। ভাৰতক ডিজিটেল কাহিনীৰ হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য আইএফএফআইৰ। 

বিজয়ীৰ ঘোষণা ৫৫ সংখ্যক আইএফএফআই ত কৰা হ'ব। যাৰ জৰিয়তে পাৰম্পৰিক ছবিৰ পৰা আৰম্ভ কৰি গতিশীল অ'টিটি ক্ষেত্ৰৰ চলচ্চিত্ৰৰ বৈচিত্ৰতাই মহোৎসৱৰ শক্তিশালী অভিব্যক্তিক ভূমিকাক প্ৰকাশ কৰিব।

 

PIB IFFI CAST AND CREW | Rajith Chandran/ Athira Thampi/Debayan Bhadury | IFFI 55 - 19/DS

iffi reel

(Release ID: 2075817) Visitor Counter : 51