প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক অৰ্ডাৰ অৱ এক্সিলেঞ্চ অৱ গায়েনা সন্মান প্ৰদান
प्रविष्टि तिथि:
21 NOV 2024 7:41AM by PIB Guwahati
আজি ষ্টেট হাউচত আয়োজিত এক অনুষ্ঠানত ক’অপাৰেটিভ ৰিপাব্লিক অৱ গায়েনাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 'দূৰদৰ্শী নেৃতৃত্ব, বিশ্ব মঞ্চত উন্নয়নশীল দেশসমূহৰ অধিকাৰৰ হকে সমৰ্থন, বিশ্ব সম্প্ৰদায়ৰ প্ৰতি ব্যতিক্ৰমী সেৱা আৰু ভাৰত-গায়েনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে' গায়েনাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা "অৰ্ডাৰ অৱ এক্সিলেঞ্চ" প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই সন্মান ভাৰতৰ জনসাধাৰণৰ নামত তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ গভীৰ ঐতিহাসিক সম্পৰ্কৰ নামত উৎসৰ্গা কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে দেশখনলৈ তেওঁৰ ভ্ৰমণ ভাৰত-গায়েনাৰ বন্ধুত্ব গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী হৈছে গায়েনাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত চতুৰ্থগৰাকী বিদেশী নেতা।
***
MJPS/SR/HS/ID
(रिलीज़ आईडी: 2075505)
आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam