তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 2

অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ "বেটাৰ মেন" ছবিৰ জড়িয়তে আৰম্ভ হল ভাৰতৰ ৫৫ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ

বলীউডৰ চিনেমাই মোৰ কামত গভীৰ প্ৰভাৱ পেলাইছে: অষ্ট্ৰেলিয়াৰ পৰিচালক মাইকেল গ্ৰেচি

আইএফএফআইয়ে মোৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব বহন কৰে আৰু এই ছবিখন আপোনালোক সকলোৰে আগত উপস্থাপন কৰি মই আনন্দিত: অভিনেত্ৰী ৰেচেল বান্নো

চলচ্চিত্ৰখন পৃথিৱীয়ে পপ কিংবদন্তী ৰবীক কেনেদৰে উপলব্ধি কৰে সেই বিষয়ে নহয়, বৰঞ্চ ৰবীয়ে নিজকে কেনেদৰে উপলব্ধি কৰে সেই বিষয়েহে: প্ৰযোজক শ্ৰীযুত পল কুৰি

আইএফএফআইৰ আৰম্ভণি ছবি 'বেটাৰ মেন'ক সকলোৱে প্ৰশংসা কৰাৰ লগতে আগ্ৰহেৰে গ্ৰহণ কৰিছে

সংগীতৰ দৰে চিনেমাৰো সীমা অতিক্ৰম কৰাৰ আৰু আৱেগৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে আত্মাক সংযোগ কৰাৰ অতুলনীয় ক্ষমতা আছে। এই পৰিৱৰ্তনশীল কলাৰ উদযাপনৰ অৰ্থে  গোৱাৰ জীৱন্ত সংস্কৃতিৰ মাজত অনুষ্ঠিত হোৱা ভাৰতীয়  ৫৫ সংখ্যক  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) মাইকেল গ্ৰেচীৰ দ্বাৰা পৰিচালিত 'বেটাৰ মেন'ৰ  জড়িয়তে  মুকলি কৰা হয়। চলচ্চিত্ৰখন হৈছে স্থিতিস্থাপকতা, খ্যাতি আৰু ব্ৰিটিছ পপ কিংবদন্তী ৰবী উইলিয়ামছৰ অসাধাৰণ জীৱনৰ প্ৰতি এক চলচ্চিত্ৰৰ জড়িয়তে  জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলি। ছবিখনৰ প্ৰদৰ্শনৰ পূৰ্বে চলচ্চিত্ৰখনৰ কলাকুশলী আৰু কৰ্মীসকলে আইএফএফআইৰ ৰেড কাৰ্পেটত খোজ কাঢ়ে  ।

ছবি খনৰ ট্ৰেইলাৰটো ইয়াত চাওক:

আইএফএফআইৰ বৰ্ণাঢ্য আৰম্ভনি 

চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ  পূৰ্বে ছবি খনৰ  কলাকুশলী আৰু কৰ্মীসকলে   ৰেড কাৰ্পেটত খোজ কাঢ়ে। অনুষ্ঠানতে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী ভ্ৰুন্দা দেশাই, আইএফএফআই মহোৎসৱৰ সঞ্চালক শ্ৰী শেখৰ কাপুৰ আৰু গোৱাৰ মনোৰঞ্জন সমিতিৰ উপাধ্যক্ষ শ্ৰীমতী ডেলিলাহ এম লোবোৱে চলচ্চিত্ৰখনৰ প্ৰযোজক শ্ৰীমতী বাঞ্চেল আৰু পল ৰায়নোক সম্বৰ্ধনা জনায়।

স্ক্ৰীণিঙৰ  পূৰ্বে  প্ৰদান কৰা  ভাষণত শ্ৰীযুত পল কুৰীয়ে কয় , "চলচ্চিত্ৰখন পৃথিৱীয়ে ৰবীক কেনেদৰে উপলব্ধি কৰে সেই  বিষয়ে নহয়, বৰঞ্চ ৰবীয়ে নিজকে কেনেদৰে অনুভৱ কৰে সেই  বিষয়েহে।" তেওঁ ছবিখন এই সন্মানীয় মঞ্চত উপস্থাপন কৰাৰ বাবে  পৰম আনন্দ  প্ৰকাশ  কৰে।  শ্ৰীমতী ৰেচেল বান্নোৱে কয় , "আইএফএফআইয়ে মোৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰে, আৰু এই ছবিখন আপোনালোক সকলোৰে আগত উপস্থাপন কৰি মই আনন্দিত।" ছবিখনৰ পৰিচালক শ্ৰীযুত মাইকেল গ্ৰেছিয়ে ভিডিঅ' কলৰ জৰিয়তে অনুষ্ঠানত যোগদান কৰি কয়, "বলীউডৰ চিনেমাই মোৰ কামত গভীৰ প্ৰভাৱ পেলাইছে।"

 

এখন জীৱনীভিত্তিক সাংগীতিক ছবি

 

চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেছিৰ দ্বাৰা পৰিচালিত, বেটাৰ মেন হৈছে এখন সাংগীতিক  জীৱনীমূলক ছবি। চলচ্চিত্ৰখন ৰবি উইলিয়ামছৰ জীৱনৰ বিভিন্ন দৃষ্টিকোণৰ পৰা অতুলনীয়ভাৱে প্ৰস্তুত কৰা   হৈছে, উইলিয়ামছে নিজেই এক মন্ত্ৰমুগ্ধ কৰিব পৰা  প্ৰদৰ্শন আগবঢ়াইছে । যিয়ে তেওঁৰ অদম্য মনোভাৱৰ কথাকেই  প্ৰতিফলিত কৰিছে  আৰু মঞ্চত এক লহৰ তুলিবলৈ সক্ষম হৈছে। 

'বেটাৰ মেন' ছবি খনে  ৰবী উইলিয়ামছৰ জীৱনৰ সাৰাংশ ধৰি ৰাখিছে, তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব আৰু ব্যক্তিগত সংগ্ৰামৰ দ্বৈততাৰ অন্বেষণ  ছবি খনত কৰা হৈছে। যিহেতু দৰ্শকসকলে তেওঁ তাৰকা পৰ্যায়লৈ  উত্থানৰ পিছত, তেওঁক  আত্মনিৰীক্ষণকাৰী পৃথিৱীলৈ আমন্ত্ৰণ জনাইছে - তেওঁৰ সংগীতত  মানুহে সান্ত্বনা বিচাৰি উলিয়াইছে আৰু সঁচাকৈয়ে জীয়াই থকাৰ অৰ্থ কি তাক পুনৰ সংজ্ঞায়িত কৰিব পাৰিছে। দ্য গ্ৰেটেষ্ট  শ্বমেন (২০১৭)ত তেওঁৰ কামৰ বাবে  প্ৰশংসিত হোৱা  মাইকেল গ্ৰেছিয়ে  এনে এখন চলচ্চিত্ৰ প্ৰদান কৰিছে  যি খন চলচ্চিত্ৰই  অতুলনীয়ভাৱে আকৰ্ষণীয়। ৰবি উইলিয়ামছে মুখ্য ভূমিকা অভিনয়  কৰা ছবি খনত  প্ৰতিফলিত হোৱা  সত্যতা আৰু জীৱনীশক্তি অতুলনীয়, যিয়ে  দৰ্শকসকলক  কিংবদন্তিগৰাকীৰ  জীৱনৰ নানান দিশৰ এক আভাস প্ৰদান কৰিছে। ব্ৰিটিছ পপ কিংবদন্তী ৰবী উইলিয়ামছৰ এই  সাংগীতিক জীৱনীমূলক ছবি খনত  উইলিয়ামছক চমকপ্ৰদ জীৱনীশক্তিৰে  ধৰি ৰখা হৈছে - সেয়া আন কোনোৱেই নহয় , স্বয়ং উইলিয়ামছৰ দ্বাৰাই ! ৰবীৰ দৃষ্টিকোণৰ পৰা অতুলনীয়ভাৱে  বৰ্ণিত  চলচ্চিত্ৰখনে তেওঁৰ  বুদ্ধি আৰু অদম্য মনোভাৱৰ স্বাক্ষৰ বহন কৰিছে।   ছবিখনে  ৰবীৰ শৈশৱৰ পৰা ই চাৰ্ট-টপিং বয়বেণ্ড টেক দ্যাটৰ কনিষ্ঠতম সদস্য হোৱালৈ যাত্ৰাক চিত্ৰিত কৰিছে।  তেওঁ লাভ কৰা অতুলনীয় সাফল্যক ছবি খনে উজলাই তুলিছে।

চলচ্চিত্ৰখন মনোমোহা প্ৰদৰ্শন, শ্বাসৰুদ্ধকাৰী দৃশ্য আৰু ৰবীৰ সৰ্বশ্ৰেষ্ঠ  অভিনয়ৰে  এক পাহৰিব নোৱাৰা  ছবি হৈ পৰিছে। ছবি খনৰ চাউণ্ডট্ৰেক মিশ্ৰণো অতুলনীয় । প্ৰতিটো দৃশ্যই  ইতিবাচক শক্তিৰে স্পন্দিত হৈছে, দৰ্শকসকলক এক অসাধাৰণ জীৱনমূলক  কাহিনীৰ শিখৰলৈ  আকৰ্ষিত কৰিছে।

 

'বেটাৰ মেন'ৰ প্ৰিমিয়াৰত প্ৰশংসাৰ ধ্বনি শুনিবলৈ পোৱা গ'ল। ফলত ছবি খনৰ প্ৰদৰ্শন  এই বছৰ আইএফএফআইত আটাইতকৈ স্মৰণীয় প্ৰদৰ্শনী হিচাপে পৰিগণিত হৈছে। অংশগ্ৰহণকাৰীসকলে ছবিখনৰ সুন্দৰ  চিত্ৰায়ন আৰু ইয়াৰ স্থিতিস্থাপকতা  তথা  আত্ম-আৱিষ্কাৰৰ বৰ্ণনাক  উচ্চ  প্ৰশংসা কৰে।

iffi reel

(Release ID: 2075483) Visitor Counter : 5