তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
গোৱাত আইএফএফআইত চলচ্চিত্ৰ বজাৰৰ ১৮ সংখ্যক সংস্কৰণৰ শুভ উদ্বোধন
"ফিল্ম বজাৰ হৈছে ভৱিষ্যতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰাৰ এক মঞ্চ:" সঞ্জয় জাজু, সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
"মই ইয়াত থাকিব বিচাৰো আৰু উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিশীল আবেগ অনুভৱ কৰিব বিচাৰো": শেখৰ কাপুৰ, চলচ্চিত্ৰ বজাৰৰ মহোৎসৱ পৰিচালক
৫৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দক্ষিণ এছিয়াৰ মুখ্য চলচ্চিত্ৰ বজাৰ ফিল্ম বজাৰৰ ১৮ সংখ্যক সংস্কৰণৰ শুভাৰম্ভ কৰা হয়। এয়া হৈছে আইএফএফআইৰ এক গুৰুত্বপূৰ্ণ অংশ। ফিল্ম বজাৰে উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰতিষ্ঠিত উদ্যোগটোৰ পেছাদাৰীসকলৰ বাবে চিনেমাৰ জড়িয়তে সংযোগ, সহযোগিতা বৃদ্ধিৰ এক গতিশীল মঞ্চৰ হিচাবে পৰিগণিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে আইএফএফআইত চলচ্চিত্ৰ বজাৰ উদ্বোধন কৰাৰ সময়ত মহোৎসৱত পঞ্জীয়নৰ অভিলেখ ভংগ কৰি ১৫০০ তকৈ অধিক অংশগ্ৰহণকাৰী আৰু ১০ টাতকৈ অধিক দেশ-নিৰ্দিষ্ট পেভিলিয়নৰ উপস্থিতিৰ কথা বিশেষভাবে উল্লেখ কৰে। তেওঁ কয় "ভৱিষ্যতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰাৰ বাবে এয়া এক ব্যতিক্ৰমী মঞ্চ। নতুন ধাৰণা উপস্থাপন কৰাৰ পৰা আৰম্ভ কৰি চুক্তি স্বাক্ষৰিত কৰালৈকে, চলচ্চিত্ৰ বজাৰে উদ্যোগটোৰ সকলো স্তৰত উৎপাদনশীল কাৰ্যকলাপ বৃদ্ধি কৰিব," ।
তেওঁ যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ বাবে আইএফএফআইৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে । তেওঁ লগতে কয়, "এই বছৰৰ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো (চিএমঅ'টি) কাৰ্যসূচী চলচ্চিত্ৰ নিৰ্মাণত ভাৰতৰ উজ্জ্বল তৰুণ প্ৰতিভা আৱিষ্কাৰ আৰু উৎসাহিত কৰাৰ বাবে এক নতু অভিযোজন হিচাবে পৰিগণিত হৈছে। ই ১০০গৰাকী প্ৰতিশ্ৰুতিশীল ব্যক্তিক আদৰণি জনাইছে"।
অনুষ্ঠানত ইপস্থিত থাকি আইএফএফআইৰ মহোৎসৱৰ পৰিচালক শেখৰ কাপুৰে ফিল্ম বজাৰক এক আকৰ্ষণীয় মঞ্চ হিচাপে উল্লেখ কৰে। য'ত যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ ধাৰণা আৰু সৃষ্টি আবেগেৰে উপস্থাপন কৰিছে। তেওঁ কয় "চলচ্চিত্ৰ বজাৰত যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ কাম অপৰিসীম আবেগেৰে প্ৰদৰ্শন কৰিছে। । মই সঁচাকৈয়ে ইয়াত থাকিব বিচাৰো আৰু সেই আবেগ অনুভৱ কৰিব বিচাৰো"।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু এনএফডিচিৰ এমডি প্ৰীথুল কুমাৰে অনলাইন চলচ্চিত্ৰ বজাৰ উদ্যোগ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে অভিনৱ মঞ্চখনে বিশ্বব্যাপী ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে সংযোগ, ধাৰণাৰ বিনিময় আৰু চিনেমাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে এক ভাৰ্চুৱেল কেন্দ্ৰ হিচাপে কাম কৰে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ) ভ্ৰুন্দা মনোহৰ দেশাইয়ে সাতখন দেশৰ ২১ খন ফিচাৰ ফিল্ম আৰু ৮ খন ৱেব চিৰিজৰ সৈতে সহ-প্ৰযোজনা বজাৰ উন্মোচন কৰে। ছবিৰ বিতৰণ আৰু ছবিৰ বাবে পুঁজি বিচৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ ভিউয়িং ৰুমৰ ওপৰতো তেওঁ আলোকপাত কৰে। তেওঁ লগতে প্ৰকাশ কৰে যে এই বছৰ ২০৮ খন চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে উপলব্ধ হ'ব, য'ত বৈশিষ্ট্যপূৰ্ণ , মধ্য-দৈৰ্ঘ্য আৰু চুটি ফৰ্মেটৰ তথ্যচিত্ৰ অন্তৰ্ভুক্ত থাকিব।
অনুষ্ঠানটোত বিশিষ্ট অতিথিসকলৰ ভিতৰত আছিল জেৰোম পাইলাৰ্ড, উপদেষ্টা চলচ্চিত্ৰ বজাৰ, আৰু ভাৰতস্থিত অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত নিকোলাছ মেককাফ্ৰি।
চলচ্চিত্ৰ বজাৰৰ বিষয়ে
সন্মানীয় ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সৈতে প্ৰতি বছৰে চলচ্চিত্ৰ বজাৰ আয়োজন কৰা হৈ আহিছে । এই বছৰ, চলচ্চিত্ৰ বজাৰ ২০ ৰ পৰা ২৪ নৱেম্বৰ ২০২৪লৈ গোৱাৰ মেৰিয়ট ৰিজৰ্টত অনুষ্ঠিত কৰা হৈছে।
২০০৭ চনত আৰম্ভণিৰে পৰা চলচ্চিত্ৰ বজাৰে চলচ্চিত্ৰ নিৰ্মাণ, প্ৰযোজনা আৰু বিতৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ দক্ষিণ এছিয়াৰ চলচ্চিত্ৰ আৰু প্ৰতিভা আৱিষ্কাৰ, তেওঁলোকক সমৰ্থন আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সমৰ্পিত হৈ আহিছে এই চলচ্চিত্ৰ বজাৰ । চলচ্চিত্ৰ বজাৰে দক্ষিণ এছিয়া অঞ্চলত বিশ্ব চলচ্চিত্ৰ বিক্ৰীত সহায় কৰি আহিছে। চলচ্চিত্ৰ বজাৰে দক্ষিণ এছিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, বিক্ৰী এজেণ্ট আৰু সৃষ্টিশীল তথা বিত্তীয় সহযোগিতা বিচৰা উৎসৱ প্ৰগ্ৰামাৰসকলৰ বাবে এক বিশেষ মঞ্চ হিচাপে কাম কৰি আহিছে। অহা পাঁচ দিনলৈ চলচ্চিত্ৰ বজাৰে দক্ষিণ এছিয়াৰ সমল আৰু প্ৰতিভাৰ প্ৰচাৰৰ বিষয়ত গুৰুত্ব দিব। সহ-উৎপাদন বজাৰৰ লক্ষ্য হৈছে বিভিন্ন গোলকীয় বিষয়ৰ ছবিৰ বিষয়ত আলোকপাত কৰা।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি দৰ্শন কৰক:
https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2071092
https://pib.gov.in/FeaturesDeatils.aspx?NoteId=153414&ModuleId=2®=3&lang=1
(Release ID: 2075424)
Visitor Counter : 5
Read this release in:
English
,
Khasi
,
Urdu
,
Hindi
,
Marathi
,
Konkani
,
Bengali-TR
,
Punjabi
,
Tamil
,
Kannada
,
Malayalam