তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
IFFIESTA: ৫৫ নং আই এফ এফ আইত উন্মোচন হ’ল চিনেমা আৰু সংস্কৃতিৰ এক অনবদ্য সংমিশ্ৰণ
আইএফএফআই পেৰেডত প্ৰদৰ্শিত হ’ব ভাৰতৰ অতুলনীয় সাংস্কৃতিক বৈচিত্ৰ্য
২০২৪ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’বলগীয়া ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্যোগত IFFIESTA আৰম্ভ হ’ব। এই ৰোমাঞ্চকৰ উদযাপনে শিল্প, সংস্কৃতি, আৰু মনোৰঞ্জনৰ এক গতিশীল মিশ্ৰণক একত্ৰিত কৰিব, য’ত চিনেমাৰ মোহনীয় লাইভ সংগীত আৰু মনোমোহা অভিনয়ে ৰহণ চৰাব।
এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ ৰুচিবোধৰ লগত খাপ খুৱাই ৰোমাঞ্চকৰ পছন্দ আৰু সংগীতৰ প্ৰদৰ্শনীৰ এক অনন্য অভিজ্ঞতা প্ৰদানৰ প্ৰয়াস কৰা হ’ব। পানাজিৰ কলা একাডেমীয়ে আয়োজন কৰিব এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ।
এই উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঞ্চলিক, পৰম্পৰাগত, আৰু সাংস্কৃতিক দলৰ বৈচিত্ৰ্যপূৰ্ণ পৰিবেশনেৰে ভাৰতৰ অনন্য আৰু চহকী সাংস্কৃতিক বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলা হ’ব।
আই এফ এফ আই পেৰেড
"চিনেমাৰ আনন্দ উদযাপন" শীৰ্ষক কাৰ্নিভাল ৰেলীয়ে সৃষ্টিশীলতা আৰু সংস্কৃতিৰ এক সজীৱ সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিছে। পেৰেডত স্থানীয় ফ্ল’ট ডিজাইনাৰ আৰু পেৰেড গ্ৰুপে প্ৰকৃত গোৱাৰ মনোভাৱক মূৰ্ত কৰি তুলিব। এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে নিজৰ কলাত্মক আৰু সাংস্কৃতিক গৌৰৱ প্ৰদৰ্শন কৰিব।
ব্যতিক্ৰমী সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ স্বীকৃতি স্বৰূপে বিষয়বস্তুটোক আটাইতকৈ ফলপ্ৰসূভাৱে ধৰি ৰখা ‘ফ্ল’ট’ আৰু প্ৰদৰ্শনক নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। এই বঁটাসমূহ অধিক উদ্ভাৱনক অনুপ্ৰাণিত আৰু প্ৰচাৰৰ বাবে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
মনেৰঞ্জনৰ এক বৰ্ণাঢ্য অনুষ্ঠান
এই বছৰ District by Zomato ৰ দ্বাৰা চালিত IFFIESTA Goa য়ে লাইভ মিউজিক আৰু মনোৰঞ্জনৰ লাইনআপেৰে দৰ্শকক স্তম্ভিত কৰিব। মহোৎসৱৰ মূল মঞ্চত প্ৰখ্যাত শিল্পীসকলৰ অভিনয়ৰ আয়োজন কৰা হ’ব, য’ত আছে:
- আশীষ কৌৰ: শীৰ্ষস্থানীয় কণ্ঠশিল্পী
- পেৰাডক্স: ভাৰতৰ সংগীত পৰিৱেশনক ন-ৰূপ দিয়া জনপ্ৰিয় হিপ-হপ শিল্পী
- হোৱেন চাই মেট টোষ্ট - বহু জনপ্ৰিয় গীতৰ বাবে পৰিচিত ইণ্ডি-ফ’ক বেণ্ড
- দ্য য়েল্লো ডায়েৰী: জনপ্ৰিয় ৰক-বেণ্ড
উদীয়মান প্ৰতিভাসমূহেও এই অনুষ্ঠানত ভাগ ল’ব। ইয়াতেই শুনিবলৈ পাব চো’ৰ বাজাৰ খ্যাত গায়িকা-গীতিকাৰ অনুমিতা নাদেছানৰ যাদুকৰী কণ্ঠ, স্থানীয় তাৰকা ৰুবেন ডি মেলোৰ গীত, আৰু ডিজে দ্য স্পিনডক্টৰ আৰু চুমিয়োকিৰ অনবদ্য প্ৰদৰ্শন আৰু দ্য গোৱা ট্ৰেপৰ আধুনিক সংগীতৰ অনবদ্য মিশ্ৰণ।
IFFIESTA কেৱল এক সাংস্কৃতিক অনুষ্ঠান নহয় —ই শিল্প, সমুদায় আৰু চিনেমাৰ অনবদ্য উদযাপন। উৎসৱৰ এই অবিস্মৰণীয় আলোকপাতৰ অংশীদাৰ হ’বলৈ আমাৰ সৈতে সংযোজিত হওক, শিল্প সাহিত্য সংস্কৃতিয়ে জীৱন উদযাপনৰ অনবদ্য মুহুৰ্ত প্ৰদান কৰিব।
তাৰিখ টুকি ৰাখক আৰু যোগদান কৰক এই যাদুকৰী অনুষ্ঠানত!
সবিশেষ পঢ়িবৰ বাবে:
***
PIB IFFI CAST AND CREW | Rajith/Supriya/Hiramani/Darshana | IFFI 55 - 26
***
MJPS/SR
(Release ID: 2074930)
Visitor Counter : 8