তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
'চলচ্চিত্ৰৰ পৰ্যালোচনা: সমালোচনাৰ পৰা চিনেমাৰ পঠনলৈ'– আইএফএফআই ২০২৪ ত চলচ্চিত্ৰ বিষয়ক প্ৰশিক্ষণ লাভ কৰিলে মিডিয়াৰ প্ৰতিনিধিসকলে
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেছন ব্যুৰো (পিআইবি)য়ে গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সময়তে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে 'চলচ্চিত্ৰৰ পৰ্যালোচনা: সমালোচনাৰ পৰা চিনেমাৰ পঠনলৈ' শীৰ্ষক এক আকৰ্ষণীয় চলচ্চিত্ৰ সম্পৰ্কীয় পাঠ্যক্ৰমৰ আয়োজন কৰে। এই পাঠ্যক্ৰম কেৱল আইএফএফআই মিডিয়া প্ৰতিনিধিসকলৰ বাবে আয়োজন কৰা হয়, য'ত চলচ্চিত্ৰৰ কলা আৰু শিল্পকলাৰ বিভিন্ন দিশ তথা চলচ্চিত্ৰসমূহৰ বিষয়ে একসম্যক ধাৰণা লাভৰ বিভিন্ন দিশ অন্বেষণ কৰা হয় । এই পাঠ্যক্ৰমৰ নেতৃত্ব দিয়ে ছবি উদ্যোগৰ বিশেষজ্ঞসকল যেনে ড০ ইন্দ্ৰনীল ভট্টাচাৰ্য, অধ্যাপক অম্লান চক্ৰৱৰ্তী, আৰু পুনেৰ এফটিআইআইৰ শ্ৰীমতী মালিনী দেশাইয়ে।
অংশগ্ৰহণকাৰীসকলক অধ্যাপক ড০ ইন্দ্ৰনীল ভট্টাচাৰ্যই 'চলচ্চিত্ৰ বিশ্লেষণৰ নীতি'ৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াৰ পিছত অধ্যাপক অম্লান চক্ৰৱৰ্তীৰ নেতৃত্বত 'এডিটিং এজ এ আৰ্টিষ্টিক টুল' সন্দৰ্ভত এক অধিৱেশন অনুষ্ঠিত হয়। আন এক আকৰ্ষণীয় অধিবেশনত অধ্যাপক মালিনী দেশাইয়ে 'নাটকীয় সঁজুলি হিচাপে পোহৰ'ৰ তাৎপৰ্য ৰ বিষয়ে বাখ্যা কৰে।
অধ্যাপক অম্লান চক্ৰৱৰ্তীয়ে চলচ্চিত্ৰ সমালোচনাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয় "চলচ্চিত্ৰৰ সমালোচনা কেৱল সমালোচনা কৰিব লাগে বুলিয়েই কৰিবলগীয়া বিষয়ে নহয়, এয়া হৈছে বুজি উঠাৰ বিষয়। প্ৰতিখন চলচ্চিত্ৰ ইয়াৰ দৰ্শকক প্ৰভাৱান্বিত কৰিবলৈ প্ৰস্তুত কৰা হয় । কিছুমান চলচ্চিত্ৰ আপোনাৰ সৈতে থাকে, আৰু সেয়া কেনেকৈ আপুনি সুধিব লাগিব।" তেওঁ অস্কাৰ ২০২৫ ৰ বাবে ভাৰতৰ লাপাটা লেডিজ ছবি খনৰ আনুষ্ঠানিক প্ৰৱেশৰ উদাহৰণ দাঙি ধৰি চলচ্চিত্ৰৰ ভিতৰত সন্নিবিষ্ট গভীৰ সমাজতাত্ত্বিক অৰ্থৰ বিষয়ে আলোকপাত কৰে ।
পিছত, অধ্যাপক ভট্টাচাৰ্যই চুটি চলচ্চিত্ৰৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰে। এই অধিৱেশনে অংশগ্ৰহণকাৰীসকলক চুটি-ৰূপৰ চিনেমাৰ গাঁথনি আৰু কাহিনী কোৱাৰ কৌশলৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে।
এনএফডিচিৰ পৰিচালনা সঞ্চালক শ্ৰী প্ৰিতুল কুমাৰে এই কাৰ্যসূচীত সংবাদ মাধ্যমক তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু চলচ্চিত্ৰৰ প্ৰচাৰত সংবাদ মাধ্যমে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। চলচ্চিত্ৰ বুজি উঠাৰ গুৰুত্বসম্পৰ্কে তেওঁ এনেদৰে উল্লেখ কৰে, "চলচ্চিত্ৰৰ সমালোচনা পাঠ্যক্ৰমে চলচ্চিত্ৰৰ পৃথিৱীখনত গভীৰতালৈ যোৱাত সঁচাকৈয়ে সহায়ক হ'ব , যিয়ে সংবাদ মাধ্যমক সেইবোৰৰ বিষয়ে বুজা আৰু লিখাতসহায় কৰিব।"
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় পশ্চিম মণ্ডলৰ মহানিৰ্দেশক, শ্ৰীমতী স্মিতা বাটছ শৰ্মাই অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি কয় "এই পাঠ্যক্ৰম সমগ্ৰ ভাৰতৰ সংবাদ মাধ্যমৰ বাবে মুকলি আছিল। গোৱা আৰু সৰ্বভাৰতীয় মিডিয়া প্ৰতিনিধি উভয়েই চিনেমাৰ উদযাপন আৰু সমগ্ৰ দেশ তথা বিশ্বজুৰি চলচ্চিত্ৰ গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে আমাৰ মিডিয়া পেছাদাৰীসকলক সহায় কৰাৰ বাবে আইএফএফআইৰ সময়তে এনে পাঠ্যক্ৰমৰ সময় নিৰ্ধাৰণ কৰা হৈছে।" অনুষ্ঠানটো সফল কৰি তোলাত তেওঁলোকৰ অমূল্য সমৰ্থনৰ বাবে তেওঁ এফটিআইআইক ধন্যবাদ জনায় ।
পিআইবি মুম্বাইৰ যুটীয়া সঞ্চালক চৈয়দ ৰবী হাছমীয়ে চলচ্চিত্ৰ কেৱল উদযাপন কৰাই নহয়, সেইবোৰৰ জটিল বিৱৰণবোৰো অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
এনে পদক্ষেপৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰি অধ্যাপক মালিনী দেশাইয়ে কয়, "ধাৰণাৰ বিনিময় আৰু বিশ্বক চিনেমাৰ কলা বুজাত সহায় কৰাত মিডিয়াই এক অপৰিহাৰ্য ভূমিকা পালন কৰে। চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আমি দৰ্শকসকলক আমাৰ দৃষ্টিভংগীৰ বিষয়েওঅৱগত কৰিব লাগিব। সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত হোৱা এই বাৰ্তালাপে - উভয়ৰে মাজত 'যোগাযোগ'ত বৃদ্ধি কৰিব , ইজনে সিজনৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত হৈ যথেষ্ট সমৃদ্ধ হ'ব পাৰিব।"
এই উদ্যোগৰ প্ৰশংসা কৰি সাংবাদিক আৰু অংশগ্ৰহণকাৰী, ১৯৯৯ চনৰ পৰা আইএফএফআইৰ বাতৰি সংগ্ৰহ কৰি থকা স্ক্ৰীণ গ্ৰাফিয়াৰ শ্ৰীমতী হৰ্ষিতাই কয় "চলচ্চিত্ৰ সাংবাদিকসকলক ছবিৰ বিষয়ত অধিক শিক্ষিত কৰাৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা এয়া এক মহান পদক্ষেপ। এনে পদক্ষেপে চলচ্চিত্ৰৰ বিষয়ে তেওঁলোকৰ জ্ঞান সম্প্ৰসাৰিত কৰিব। মই আশা কৰোঁ ভৱিষ্যতৰ সংস্কৰণতো এনে পাঠ্যক্ৰমৰ পুনৰাবৃত্তি কৰা হ'ব।"
চাৰি দশকৰ পৰা আইএফএফআইত অংশগ্ৰহণ কৰি অহা এগৰাকী প্ৰবীণ সাংবাদিক শ্ৰী সত্যেন্দ্ৰ মোহনে কয় "মই ১৯৮৩ চনৰ পৰা আইএফএফআইত অংশগ্ৰহণ কৰি আহিছো। এই অধিৱেশনটো বহু তথ্যপূৰ্ণ আৰু শৈক্ষিক আছিল। ই সাংবাদিকসকলক অধিক গভীৰ স্তৰত চলচ্চিত্ৰৰ সমালোচনা কৰাত সহায় কৰিব, যাৰ ফলত ৫৫ সংখ্যক আইএফএফআইৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব।"
সমাপ্তি অধিৱেশনৰ দ্বাৰা আনুষ্ঠানৰ সামৰণি মৰা হয় । অধিৱেশনত অংশগ্ৰহণ কৰা ৩০ গৰাকীতকৈও অধিক সংবাদ মাধ্যমৰ প্ৰতিনিধিক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
(Release ID: 2074920)
Visitor Counter : 8
Read this release in:
Punjabi
,
Tamil
,
English
,
Marathi
,
Urdu
,
Hindi
,
Konkani
,
Bengali-TR
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam