নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰিৱেশ জাহাজ সূচক (ইএছআই) প্লেটফৰ্মত বিশ্বব্যাপী উদগনি প্ৰদানকাৰী হিচাপে স্বীকৃতি লাভ কৰিলে মৰ্মুগাও বন্দৰ কৰ্তৃপক্ষই

ইএছআইৰ অধীনত সেউজ জাহাজৰ ইনচেণ্টিভ কাৰ্যকৰী কৰাৰ বাবে মৰ্মুগাও ভাৰতৰ অগ্ৰণী বন্দৰ হিচাবে পৰিগণিত

অক্টোবৰ ২০২৩-ত আৰম্ভ কৰা 'হৰিত শ্ৰে' আঁচনি, বাণিজ্যিক জাহাজৰ ইএছআই ৰেটিঙৰ ওপৰত ভিত্তি কৰি বন্দৰ মাচুলত ৰেহাই প্ৰদান কৰিছে

"হৰিত শ্ৰে" পদক্ষেপে অসংখ্য জাহাজক লাভাৱান্বিত কৰিছে, পৰিৱেশ-অনুকূল পদ্ধতিক উৎসাহিত কৰিছে

Posted On: 24 OCT 2024 1:20PM by PIB Guwahati

 

মৰ্মুগাও বন্দৰ কৰ্তৃপক্ষই পৰিৱেশ জাহাজ সূচক (ইএছআই) পৰ্টেলত  উদগনি প্ৰদানকাৰী হিচাপে তালিকাভুক্ত হৈছে আৰু  বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। বন্দৰ কৰ্তৃপক্ষক  ইণ্টাৰনেচনেল এছ'চিয়েচন অফ পোৰ্টছ এণ্ড হাৰ্বাৰছে (আইএপিএইচ) স্বীকৃতি প্ৰদান কৰিছে। এই সাফল্যই সাগৰীয় জাহাজৰ বাবে পৰিৱেশ অনুকূল পদ্ধতিৰ প্ৰচাৰৰ বাবে বন্দৰটোৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ আলোকপাত কৰিছে।

মৰ্মুগাও বন্দৰ হৈছে ই.এছ.আই.-ৰ জৰিয়তে সেউজ জাহাজ ইনচেনটিভ  প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথম বন্দৰ।   জাহাজৰ  চলাচলত বায়ু নিৰ্গমন হ্ৰাস কৰাৰ বিশ্বব্যাপী প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ইয়াত পদক্ষেপ গ্ৰহণ কৰা হৈছে। অক্টোবৰ ২০২৩-ত আৰম্ভ কৰা বন্দৰটোৰ  ইনচেণ্টিভ কাৰ্যসূচী, 'হৰিত শ্ৰে'য়ে ইএছআই নম্বৰৰ ওপৰত ভিত্তি  কৰি বন্দৰ মাচুলৰ ওপৰত ৰেহাই প্ৰদান কৰি আহিছে আৰু  উচ্চ পৰিৱেশ অনুকূল জাহাজবোৰক পুৰস্কৃত কৰা হৈ আহিছে।

২০২৪ চনৰ আগষ্ট মাহত আইএপিএইচৰ মহাসচিবে ইএছআই কাৰ্যসূচীত যোগদান কৰা আৰু অঞ্চলটোত সেউজ জাহাজ ৰপ্তানিৰ প্ৰেৰণা তথা  সজাগতা সৃষ্টিৰ  ক্ষেত্ৰত মৰ্মুগাও বন্দৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছিল। মৰ্মুগাও জাপান আৰু ওমানৰ  পিছতে এছিয়াত এনেধৰণৰ বন্দৰ হিচাবে চিহ্নিত হৈছে , যিএকে ধৰণৰ ইনচেণ্টিভ আগবঢ়ায়।

 

"হৰিত শ্ৰে আঁচনি" আৰম্ভ হোৱাৰ পিছৰে পৰা, গ্ৰীণহাউচ গেছ নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা  পদক্ষেপসমূহৰ পৰা বহু  জাহাজ লাভাৱান্বিত হৈছে। এই পদক্ষেপে সামুদ্ৰিক কাৰ্যকলাপত দীৰ্ঘম্যাদী নিৰ্গমন হ্ৰাস  কৰাৰ  লক্ষ্যক সমৰ্থন কৰি আহিছে। বন্দৰ কৰ্তৃপক্ষই বিশ্ব বন্দৰ স্থিৰতা কাৰ্যসূচীৰ (ডব্লিউপিএছপি) অধীনত আইএপিএইচ স্থিৰতা পুৰস্কাৰৰ বাবে আঁচনিখন দাখিল কৰিছে, বহনক্ষম পদ্ধতিৰ প্ৰতি ইয়াৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই স্বীকৃতিয়ে মৰ্মুগাও বন্দৰক বহনক্ষম সামুদ্ৰিক পদ্ধতি আগবঢ়োৱাত এক গুৰুত্বপূৰ্ণ বন্দৰ  হিচাপে চিহ্নিত কৰিছে। বন্দৰটোৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু বায়ুৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আন্তৰ্জাতিক প্ৰচেষ্টাত অৰিহণা যোগাই আহিছে।

 

 

NKK/AK/DM




(Release ID: 2067875) Visitor Counter : 7