কেবিনেট
azadi ka amrit mahotsav

ইন-স্পেচৰ তত্বাৱধানত মহাকাশ খণ্ডৰ বাবে ১,০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Posted On: 24 OCT 2024 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ইন-স্পেচ (IN-SPACe)ৰ তত্বাৱধানত মহাকাশ খণ্ডৰ বাবে সমৰ্পিত ১,০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠনত অনুমোদন জনাইছে।

আৰ্থিক প্ৰভাৱঃ

প্ৰস্তাৱিত ১,০০০ কোটি টকাৰ ভিচি পুঁজিৰ নিয়োগৰ সময়সীমা এই পুঁজিৰ কাৰ্য্যকলাপ আৰম্ভৰ প্ৰকৃত তাৰিখৰপৰা পাঁচ বছৰলৈকে পৰিকল্পনা কৰা হৈছে। বিনিয়োগৰ সুযোগ আৰু পুঁজিৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি বছৰি গড় নিয়োগৰ পৰিমাণ ১৫০-২৫০ কোটি টকা হ’ব পাৰে। প্ৰস্তাৱিত ব্ৰেক-আপ বিত্তীয় বৰ্ষ অনুসৰি তলত দিয়া ধৰণৰঃ

ক্ৰমিক নং

বিত্তীয় বৰ্ষ

প্ৰাক্কলন (কোটি টকাত)

২০২৫-২৬

১৫০.০০

২০২৬-২৭

২৫০.০০

২০২৭-২৮

২৫০.০০

২০২৮-২৯

২৫০.০০

২০২৯-৩০

১০০.০০

 

মুঠ এনভেলপ (VC)

১০০০.০০

 

কোম্পানীটোৰ পৰ্য্যায়, ইয়াৰ বিকাশৰ পৰিক্ৰমা আৰু ৰাষ্ট্ৰীয় মহাকাশ সামৰ্থ্যৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি বিনিয়োগৰ সূচক পৰিসৰ ১০-৬০ কোটি টকা হ’ব বুলি প্ৰস্তাৱ জনোৱা হৈছে। সূচক ইকুইটি বিনিয়োগৰ পৰিসৰ হ’ব পাৰেঃ

• বৃদ্ধিৰ পৰ্য্যায়ঃ ১০ কোটি টকা – ৩০ কোটি টকা

• পলম বৃদ্ধিৰ পৰ্য্যায়ঃ ৩০ কোটি টকা – ৬০ কোটি টকা

ওপৰোক্ত বিনিয়োগৰ পৰিসৰৰ ভিত্তিত এই পুঁজিয়ে প্ৰায় ৪০ টা ষ্টাৰ্টআপক সহায় কৰিব বুলি আশা কৰা হৈছে।

সবিশেষঃ

ভাৰতৰ মহাকাশ খণ্ডক আগুৱাই নিবলৈ এই পুঁজিক কৌশলগতভাৱে ডিজাইন কৰা হৈছে। ইয়াক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰেৰে সংগতি ৰাখি আৰু ইয়াৰ জৰিয়তে নিম্ন উল্লেখিত মূল পদক্ষেপৰাজিৰ জৰিয়তে উদ্ভাৱন আৰু অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা হৈছেঃ

a. কেপিটেল ইনফিউজন

b. ভাৰতত ৰিটেইনিং কোম্পানী

c. মহাকাশ অৰ্থনীতিৰ বৰ্ধন

d. মহাকাশ প্ৰযুক্তিৰ বিকাশক ত্বৰান্বিতকৰণ

e. গ্ল'বা বুষ্টিং! প্ৰতিযোগিতামূলক ক্ষমতা

f. আত্মনিৰ্ভৰ ভাৰতক সমৰ্থন

g. এক স্পন্দনশীল উদ্ভাৱন বাতাবৰণ গঢ়ি তোলা

h. অৰ্থনৈতিক বিকাশক চালিতকৰণ আৰু নিয়োগ সৃষ্টি

i. দীৰ্ঘ-ম্যাদী বহনক্ষমতা নিশ্চিতকৰণ

 

এই বিষয়সমূহত গুৰুত্ব আৰোপেৰে এই পুঁজিৰ লক্ষ্য হৈছে ভাৰতক কৌশলগতভাৱে মহাকাশ অৰ্থনীতিৰ অন্যতম আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰা।

 

লাভসমূহঃ

  1. পৰৱৰ্তী-পৰ্য্যায়ৰ উন্নয়নৰ বাবে অতিৰিক্ত পুঁজি প্ৰলুব্ধকৰণেৰে বহুগুণক প্ৰভাৱ সৃষ্টিৰ অৰ্থে মূলধন প্ৰৱেশ, যাৰ ফলশ্ৰুতিত ব্যক্তিগত বিনিয়োগকাৰীসকলৰ মাজত আস্থা গঢ়ি উঠিব।
  2. ভাৰতৰ মহাকাশ কোম্পানীসমূহ ধৰি ৰখা আৰু বিদেশৰ ভাৰতীয় কোম্পানীসমূহৰ ধাৰাক প্ৰতিহতকৰণ।
  3. অহা দহ বছৰত ভাৰতীয় মহাকাশ অৰ্থনীতিক পাঁচ-গুণ সম্প্ৰসাৰিতকৰণৰ লক্ষ্য পৰিপূৰণৰ বাবে ব্যক্তিগত মহাকাশ উদ্যোগৰ বিকাশক ত্বৰান্বিতকৰণ।
  4. মহাকাশ প্ৰযুক্তিৰ অগ্ৰগতি আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ নেতৃত্বক সুদৃঢ়কৰণ।
  5. বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতাৰ বৰ্ধন।
  6. আত্মনিৰ্ভৰ ভাৰতক সমৰ্থন।

নিয়োগ সৃষ্টিৰ সম্ভাৱনাকে প্ৰমুখ্য কৰি প্ৰভাৱঃ

এই প্ৰস্তাৱিত পুঁজিয়ে সমগ্ৰ মহাকাশ যোগান শৃংখল— আপষ্ট্ৰিম, মিডষ্ট্ৰিম আৰু ডাউনষ্ট্ৰিম—ৰ ষ্টাৰ্টআপসমূহক সহায়েৰে ভাৰতীয় মহাকাশ খণ্ডত নিয়োগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ই ব্যৱসায়সমূহক স্কেলকৰণ, গৱেষণা আৰু উন্নয়নত (R&D) বিনিয়োগ আৰু এইসমূহৰ কৰ্মশক্তি সম্প্ৰসাৰণত সহায় কৰিব। প্ৰতিটো বিনিয়োগে অভিযান্ত্ৰিক, চফ্টৱেৰ বিকাশ, তথ্য বিশ্লেষণ আৰু উৎপাদনৰ দৰে ক্ষেত্ৰত শ-শ প্ৰত্যক্ষ নিয়োগৰ সৃষ্টি কৰিব পাৰে। লগতে যোগান শৃংখল, লজিষ্টিক আৰু পেছাদাৰী সেৱাত হাজাৰ-হাজাৰ পৰোক্ষ নিয়োগৰ সৃষ্টি কৰিব পাৰে। এটা শক্তিশালী ষ্টাৰ্টআপ ব্যৱস্থাক লালন-পালনেৰে এই পুঁজিয়ে কেৱল নিয়োগ সৃষ্টিয়েই নহয়, বৰঞ্চ এক দক্ষ কৰ্মশক্তিও গঢ়ি তুলিব, উদ্ভাৱনক আগুৱাই নিব আৰু মহাকাশ বজাৰত ভাৰতৰ বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।

পটভূমিঃ

ভাৰত চৰকাৰে ২০২০ৰ মহাকাশ খণ্ডৰ সংস্কাৰ সাধনৰ অংশ হিচাপে মহাকাশ কাৰ্য্যকলাপত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক প্ৰোৎসাহিতকৰণ আৰু তদাৰক কৰিবলৈ ইন-স্পেচ স্থাপন কৰিছিল। ইন-স্পেচে ভাৰতৰ মহাকাশ অৰ্থনীতিৰ বিকাশত সহায় কৰিবলৈ ১,০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ মূল্য বৰ্তমান ৮.৪ বিলিয়ন টকা। ২০৩৩ৰ ভিতৰত ৪৪ বিলিয়ন ডলাৰ স্পৰ্শৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পুঁজিয়ে ৰিস্ক কেপিটেলৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰে মোকাবিলা কৰিব, কিয়নো পৰম্পৰাগত ঋণদাতাসকলে এই উচ্চ-প্ৰযুক্তি খণ্ডৰ ষ্টাৰ্টআপসমূহক পুঁজি দিবলৈ দ্বিধাবোধ কৰে। মূল্য শৃংখলত প্ৰায় ২৫০ টা মহাকাশ ষ্টাৰ্টআপৰ উত্থানৰ লগে-লগে এই সমূহৰ বৃদ্ধি নিশ্চিত কৰা আৰু বহিঃৰাষ্ট্ৰলৈ প্ৰতিভাৰ গমন ৰোধ কৰিবলৈ সময়োপযোগী আৰ্থিক সহায় অতিশয় গুৰুত্বপূৰ্ণ। চৰকাৰী সমৰ্থিত প্ৰস্তাৱিত পুঁজিয়ে বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিব, ব্যক্তিগত পুঁজি প্ৰলুব্ধ কৰিব আৰু মহাকাশ সংস্কাৰ সাধন কাৰ্য্যক আগুৱাই নিয়াত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিব। ই ‘ছেবি’ৰ নীতি-নিয়মৰ অধীনত বিকল্প বিনিয়োগ পুঁজি হিচাপে কাম কৰিব, ষ্টাৰ্টআপসমূহক প্ৰাৰম্ভিক পৰ্য্যায়ৰ ইকুইটি প্ৰদান কৰিব আৰু এইসমূহক অধিক ব্যক্তিগত ইকুইটি বিনিয়োগ লাভ কৰিবলৈ সক্ষম কৰি তুলিব।

***

MJPS/BM/SKS/SB
 




(Release ID: 2067752) Visitor Counter : 18