তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বৰ্ধিত অনলাইন স্কেম নিয়ন্ত্ৰণৰ বাবে চৰকাৰ আৰু মেটাৰ যুটীয়া প্ৰচেষ্টাত "স্কেম সে বচো" অভিযান
এইয়া ডিজিটেল সুৰক্ষা আৰু সতৰ্কতা বৃদ্ধিৰ দিশে চৰকাৰৰ দৃষ্টিভংগী: শ্ৰী সঞ্জয় জাজু, সচিব, আই এণ্ড বি
আমি এনে এক ব্যৱস্থা কৰিছো যি অধিক সুৰক্ষিত, অধিক সুনিশ্চিত আৰু স্থিতিস্থাপক ডিজিটেল ভাৰতৰ কল্পনা কৰা হয়: শ্ৰী সঞ্জয় জাজু
Posted On:
17 OCT 2024 10:39PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী সঞ্জয় জাজুৱে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ব্যৱহাৰকাৰী সজাগতা অভিযান "স্কেম সে বচো" কাৰ্যসূচীৰ শুভাৰম্ভনি ভাষণ প্ৰদান কৰে।
মেটাৰ এই প্ৰচেষ্টা ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত আৰম্ভ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে বৰ্ধিত অনলাইন অপৰাধৰ সৈতে মোকাবিলা কৰি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি চাইবাৰ জালিয়াতৰ ক্ৰমবৰ্ধমান বিপদৰ বিৰুদ্ধে যুঁজ দিয়া।
শ্ৰী সঞ্জয় জাজুৱে মেটাৰ "স্কেম সে বচো" অভিযানক সমৰ্থন জনায় কয় যে বৰ্ধিত অনলাইন জালিয়াতিৰ ক্ষেত্ৰত নাগৰিকক সুৰক্ষা প্ৰদানৰ কৰা বাবে এইটো অতি সময় উপযোগী আৰু প্ৰয়োজনীয় পদক্ষেপ। ই ডিজিটেল সুৰক্ষা আৰু সতৰ্কতাৰ সংস্কৃতিক উৎসাহিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সমগ্ৰ দৃষ্টিকোণ প্ৰকাশ কৰে।
ভাৰতে প্ৰযুক্তিৰ প্ৰগতিৰে বৰ্ধিত চাইবাৰ সুৰক্ষাৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিছে
এই কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ সচিব গৰাকীয়ে কয় যে ৯০০মিলিয়নতকৈ অধিক ইণ্টাৰনেট উপভোক্তাৰে ভাৰতত ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে অসাধাৰণ ডিজিটেল বিকাশ দেখিবলৈ পোৱা গৈছে। ইউ পি আই লেনদেনৰ ক্ষেত্ৰত বিশ্বনেতাত পৰিণত হৈছে।
সমান্তৰাল কৈ এই প্ৰগতিত চাইবাৰ অপৰাধৰ সংখ্যাও বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ২০২৩ চনত ১.১ মিলিয়ন ঘটনা পোহৰলৈ আহে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই বিপদৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ বাবে শক্তিশালী উপায় আহ্বান কৰে।
স্কেম সে বচো: চাইবাৰ জালিয়াতিৰ পৰা সুৰক্ষিত হ'বলৈ নাগৰিকক প্ৰস্তুত কৰা
এই কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ সচিবে কয় যে "স্কেম সে বচো" এই অভিযান কেৱল এক সজাগতা অভিযান নহয়, ইয়াতকৈ অধিক গুৰুত্বপূৰ্ণ। এই অভিযান এক ৰাষ্ট্ৰীয় আন্দোলন হ'ব পৰে, যি ভাৰতীয় নাগৰিকক এইসমূহ বিপদৰ পৰা নিজক সুৰক্ষিত কৰাৰ বাবে জাগ্ৰত কৰিব পাৰিব। তেওঁ কয় যে আমাৰ লক্ষ্য সৰল, কিন্তু শক্তিশালী, যাৰ লক্ষ্য ডিজিটেল সুৰক্ষা আৰু সতৰ্কতাৰ সংস্কৃতিক প্ৰসাৰ কৰা। তেওঁ কয় মেটাৰ বিশ্বব্যাপী বিশেষজ্ঞতাৰ সুবিধাৰে এই অভিযানে প্ৰত্যেক ভাৰতীয়ক চাইবাৰ বিপদৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ শক্তিশালী কৰিব যাৰ জৰিয়তে এইটো সুনিশ্চিত হ'ব যে আমাৰ ডিজিটেল প্ৰগতি শক্তিশালী ডিজিটেল সুৰক্ষাৰ সৈতে মিল আছে।
Dharmendra Tewari/Kshitij Singha/DS
(Release ID: 2066599)
Visitor Counter : 27