উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

১৬-১৭ অক্টোবৰত গুৱাহাটী (অসম) আৰু শ্বিলং (মেঘালয়) ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

নিউ শ্বিলঙৰ মাউদিয়াংডিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

শ্বিলঙৰ আই টি পাৰ্ক পৰিদৰ্শন কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

प्रविष्टि तिथि: 15 OCT 2024 10:52AM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড় আৰু ড° সুদেশ ধনখড়ে ১৬-১৭ অক্টোবৰ, ২০২৪ত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী (অসম) আৰু মেঘালয়ৰ শ্বিলং ভ্ৰমণ কৰিব।

তেওঁৰ ভ্ৰমণ কালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে নিউ শ্বিলঙৰ মাউদিয়াংডিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সভাপতিত্ব কৰিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আইটিপাৰ্ক আৰু শ্বিলঙৰ ৰাজভৱন পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলকো সাক্ষাৎ কৰিব।

****

JK/RC/SM/DB


(रिलीज़ आईडी: 2064905) आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Khasi , Urdu , हिन्दी , Manipuri , Gujarati , Tamil , Kannada