গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ ‘পিএইচডি চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ৰ ১১৯ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে

“প্ৰথমে মুখ্যমন্ত্ৰী হিচাপে আৰু তাৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৩ বছৰ ধৰি গণতান্ত্ৰিক ভাৱে জনসাধাৰণৰ বিশ্বাস জয় কৰি আহিছে”

“প্ৰধানমন্ত্ৰী মোদী হৈছে দৃষ্টিভংগী, অভিজ্ঞতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ এক বিৰল সংমিশ্ৰণ”

“পিএইচডি চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ হৈছে উদ্যোগ আৰু চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ”

“পিএইচডি চেম্বাৰ-য়ে চৰকাৰৰ নীতি, পৰিকল্পনা আৰু দৃষ্টিভংগী ৰূপায়ণ কৰিব লাগিব আৰু উদ্যোগৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ চৰকাৰক জনাব লাগিব”

“যোৱা ১০টা বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰতক এক স্থান দিয়াৰ বাবে ভেটি স্থাপন কৰিছে”

“প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনক 'নীতি-পক্ষাঘাত'ৰ পৰা বাহিৰলৈ লৈ আনিছে আৰু প্ৰদৰ্শনৰ ৰাজনীতিৰ পৰম্পৰা প্ৰতিষ্ঠা কৰিছে”

“পূৰ্বতে 'ভঙ্গুৰ পাঁচ'ৰ ভিতৰত স্থান পোৱা ভাৰতীয় অৰ্থনীতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বত এক 'উজ্জ্বল বিন্দু' হিচাপে আত্মপ্ৰকাশ কৰিছে”

“২০১৪ চনৰ আগতে অৱনতি হোৱা ৰাজহুৱা বেংকিং ব্যৱস্থাই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২০২৩-২৪ বিত্ত

Posted On: 10 OCT 2024 7:04PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘পিএইচডি চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ (পিএইচডিচিচিআই)ৰ ১১৯ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। এই বছৰৰ বাৰ্ষিক অধিৱেশনৰ বিষয়বস্তু আছিল 'বিকশিত ভাৰত @ ২০৪৭: মাৰ্চিং টু দা পিক অব প্ৰগ্ৰেছ'। উদ্যোগখণ্ডৰ প্ৰায় ১৫০০ ব্যৱসায়ী, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংকাৰ, অধিবক্তা আদিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল।

 

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে যোৱা নিশা মুম্বাইত মৃত্যু হোৱা প্ৰখ্যাত উদ্যোগপতি শ্ৰী ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভাষণ আৰম্ভ কৰে। শ্ৰী শ্বাহে কয় যে শ্ৰী ৰতন টাটা কেৱল ভাৰতীয় ঔদ্যোগিক খণ্ডতে নহয়, বৰং সমগ্ৰ বিশ্ববাসীৰ বাবে এক সন্মানীয় ব্যক্তিত্ব আছিল। তেওঁ টাটা গোষ্ঠীৰ দায়িত্ব গ্ৰহণ কৰিছিল এনে এক সময়ত যেতিয়া গোষ্ঠীটোক কেবাটাও পৰিৱৰ্তনৰ প্ৰয়োজন হৈছিল, আৰু ৰতন টাটাই ধৈৰ্য্য সহকাৰে তেওঁৰ গোষ্ঠীৰ সকলো ব্যৱসায় আৰু কৰ্মপদ্ধতি সলনি কৰিছিল। শ্ৰী শ্বাহে কয় যে আজিও টাটা গোট ভাৰতৰ ঔদ্যোগিক দৃশ্যপটত এক ভোটা তৰা হিচাপে থিয় হৈ আছে। তেওঁ লগতে কয় যে ৰতন টাটাই সত্যনিষ্ঠতা পালন কৰাৰ লগতে সকলো নিয়ম-কানুন অনুসৰণ কৰি তেওঁৰ ঔদ্যোগিক গোটটোক দেশ আৰু বিশ্বৰ ভিতৰতে এক বিশিষ্ট স্থানলৈ লৈ গৈছিল। শ্ৰী শ্বাহে লগতে কয় যে তেওঁৰ ন্যাসৰ জৰিয়তে ৰতন টাটাই দেশৰ বিভিন্ন সমস্যাৰ সমাধান আৰু এখন উন্নত সমাজ গঢ়ি তোলাত অৰিহণা যোগোৱাৰ প্ৰচেষ্টা চলাইছে। তেওঁ কয় যে শ্ৰী ৰতন টাটাৰ উত্তৰাধিকাৰিত্বই দীৰ্ঘদিন ধৰি উদ্যোগখণ্ডৰ নেতাসকলক পথ প্ৰদৰ্শন কৰি থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰটো ভাৰতীয় উদ্যোগৰ বাবে এক নিৰ্ণায়ক হ'বলৈ গৈ আছে, আৰু এনে সময়তে ‘পিএইচডি চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ (পিএইচডিচিচিআই)ৰ ১১৯ সংখ্য বাৰ্ষিক সন্মিলন আয়োজন কৰা হৈছে। তেওঁ কয় যে আজি বিশ্বৰ দেশসমূহত বিশ্বাসৰ সংকট দেখা গৈছে। তেওঁ কয় যে প্ৰথমে মুখ্যমন্ত্ৰী হিচাপে আৰু তাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২৩ বছৰ ধৰি গণতান্ত্ৰিকভাৱে জনসাধাৰণৰ বিশ্বাস জয় কৰি আহিছে। শ্ৰী শ্বাহে কয় যে স্থিৰতা অবিহনে নীতিসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিব নোৱাৰি আৰু নিৰাপত্তা আৰু উন্নয়ন নিশ্চিত কৰিব নোৱাৰি। তেওঁ লগতে কয় যে স্থিৰতাই নীতি, ধাৰণা আৰু বিকাশত ধাৰাবাহিকতা আনিছে। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১০টা বছৰত এই বিশাল দেশখনক বহুতো সমস্যাৰ পৰা মুক্তি দিছে আৰু তেওঁ এতিয়া একেৰাহে তৃতীয়বাৰৰ বাবে দেশক নেতৃত্ব দি আছে।

শ্ৰী অমিত শ্বাহে কয় যে 'বিকশিত ভাৰত @ ২০৪৭: প্ৰগতিৰ শীৰ্ষলৈ আগবাঢ়ি যোৱা' শীৰ্ষক আজিৰ বিষয়বস্তুটো নিতান্তই উপযুক্ত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সন্মুখত দুটা গুৰুত্বপূৰ্ণ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ ২০৪৭ চনত দেশখনে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰাৰ সময়লৈ ভাৰত এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হৈ উঠিব আৰু ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব। তেওঁ কয় যে এই দুটা লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন নীতি আৰু কাৰ্যসূচীৰ জৰিয়তে বিগত ১০ বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰি আহিছে। শ্ৰী শ্বাহে গুৰুত্ব আৰোপ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আন্তঃগাঁথনি বিকাশ, ভাৰতক এক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলা, এক দক্ষ কৰ্মবাহিনী গঢ়ি তোলা, গৱেষণা আৰু বিকাশক উত্সাহিত কৰা, উন্নত ‘কম্পিউটিং’ৰ দৰে উদীয়মান প্ৰযুক্তিত ভাৰতক অগ্ৰণী কৰা আৰু গভীৰ সাগৰৰ অন্বেষণ, সামুদ্ৰিক অৰ্থনীতি আৰু মহাকাশৰ দৰে ক্ষেত্ৰত নতুন উদ্যোগ আৰম্ভ কৰাৰ লক্ষ্যৰে দূৰদৰ্শী নীতি ৰূপায়ণ কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল এই নীতিসমূহ প্ৰস্তুত কৰাই নহয়, সেইবোৰৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাও কৰি আহিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে ‘পিএইচডি চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ হৈছে উদ্যোগ আৰু চৰকাৰৰ মাজত এক সেতু। তেওঁ কয় যে আগন্তুক সময়ত ‘পিএইচডি চেম্বাৰে’ চৰকাৰৰ নীতি, পৰিকল্পনা আৰু দৃষ্টিভংগী কাৰ্যকৰী কৰিব লাগিব আৰু উদ্যোগটোৰ সমস্যাসমূহ চৰকাৰক জনাব লাগিব। তেওঁ যোগ দি কয় যে আমি যোৱা ১০ বছৰত বহুখিনি অৰ্জন কৰিছোঁ। বিশ্বৰ আটাইতকৈ দীঘল ঘাইপথ সুৰংগ, বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে’ দলং, মুম্বাইৰ বিশ্ববিখ্যাত ‘ট্ৰেন্স-হাৰ্বাৰ লিংক’ আৰু কলকাতাৰ পানীৰ তলৰ মেট্ৰ'ৰ দৰে আন্তঃগাঁথনি যোৱা ১০ বছৰত নিৰ্মাণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত পানীৰ তলৰ ‘অপ্টিকেল ফাইবাৰ’যোগে দূৰৱৰ্তী অঞ্চলসমূহলৈ সংযোগ স্থাপনৰ দিহা কৰি ব্যৱসায়ৰ সুযোগ ব্যৱহাৰ আৰু সুৰক্ষাৰ দিশৰ পৰা এই দ্বীপসমূহ শক্তিশালী কৰাৰ কাম কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে চন্দ্ৰৰ ‘শিৱশক্তি’ বিন্দুত ভাৰতীয় পতাকা উত্তোলন কৰাৰ সময়ত প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছিল। সাগৰমালা প্ৰকল্পৰ জৰিয়তে দেশৰ অনুন্নত অঞ্চলসমূহক সংযোগ কৰা, দেশত আৰামদায়ক ভ্ৰমণৰ বাবে এক নতুন পথ মুকলি কৰাৰ বাবে ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল’ৰ নেটৱৰ্ক গঢ়ি তোলা, কেৱল আমাৰে নহয়, সমগ্ৰ বিশ্বৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অৰ্ধপৰিবাহী উৎপাদনত আগবাঢ়ি যোৱা, বৈদ্যুতিক বাহনত এক নতুন বিপ্লৱ অনা, আৰু অভিলেখ স্তৰলৈ ‘এফডিআই’ বৃদ্ধি কৰা,  ভাৰতক বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ‘বৈদেশিক মুদ্ৰা ভাণ্ডাৰ’ৰ ধাৰক হিচাপে গঢ়ি তোলাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ সাফল্য।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি হৈছো ‘বিশ্বৰ দ্ৰুততম বিকাশশীল ষ্টাৰ্ট-আপ অৰ্থনীতি’। আমি সফলতাৰে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল পৰিশোধ প্ৰণালী আৰম্ভ কৰিছো, যাক এতিয়া বহুতো দেশে গ্ৰহণ কৰি আছে। তেওঁ কয় যে ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে সমবায় আধাৰিত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা প্ৰৱৰ্তন কৰিছে। শ্ৰী শ্বাহে কয় যে খাদ্য সুৰক্ষাৰ পৰা স্বাস্থ্য সুৰক্ষালৈকে আমি সকলো দিশ সামৰি লৈছো আৰু যোৱা ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অহা ২৫ বছৰত ভাৰতপ্ৰতিটো ক্ষেত্ৰতেই শীৰ্ষস্থানত থকাৰ ভিত্তি স্থাপন কৰা হৈছে। তেওঁ কয় যে যেতিয়া দৃষ্টিভংগী, অভিজ্ঞতা আৰু প্ৰতিশ্ৰুতিবদ্ধতা এজন ব্যক্তিৰ সৈতে একত্ৰিত হয় আৰু সেই ব্যক্তিজন হয় প্ৰধানমন্ত্ৰী, তেতিয়া দেশখন যথেষ্ট ভাবে লাভান্বিত হয় আৰু শ্ৰী নৰেন্দ্ৰ মোদী হৈছে ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।

শ্ৰী অমিত শ্বাহে কয় যে ভাৰত এনে এখন গণতন্ত্ৰ য'ত জনসাধাৰণে সিদ্ধান্ত লয় কোনে চৰকাৰৰ নেতৃত্ব দিব লাগে। তেওঁ কয় যে তুলনামূলক অধ্যয়ন অবিহনে আমি কৰা কামৰ সঠিক মূল্যাঙ্কন কৰিব নোৱাৰো। তেওঁ ২০১৪ আৰু ২০২৪ চনত দেশৰ তুলনামূলক পৰিস্থিতি বিশ্লেষমৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ২০১৪ চনৰ আগতে সকলোৱে কৈছিল যে আমাৰ দেশ নীতিৰ পক্ষাঘাতত ভুগি আছে আৰু কোনো নীতি প্ৰস্তুত কৰা হোৱা নাই, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এই ‘নীত-পক্ষাঘাত’ৰ সমাপ্তি ঘটাইছে, অসংখ্য নীতি যুগুতাইছে আৰু প্ৰদৰ্শনৰ ৰাজনীতিৰ নিদৰ্শন দাঙি ধৰিছে। শ্ৰী শ্বাহে লগতে কয় যে আজি এনে কোনো খণ্ড নাই য'ত স্থায়ী নীতি প্ৰস্তুত কৰা হোৱা নাই। ইয়াৰ আগতে, ভাৰত "ভঙ্গুৰ পাঁচ"ৰ ভিতৰত আছিল, কিন্তু আজি, ‘আন্তৰ্জাতিক মুদ্ৰা নিধি’ (আইএমএফ)য়ে আমাক বিশ্ব অৰ্থনীতিত এক "উজ্জ্বল বিন্দু" বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আন্তঃগাঁথনি উন্নয়নৰ অধীনত জোজি লা সুৰংগ, চেনাব ৰে'ল দলং আৰু অসমৰ দলং আদিৰ প্ৰকল্প সকলোৱে দেখিবলৈ পাইছে। তেওঁ কয় যে ইয়াৰ পূৰ্বে ভাৰতত দুটা অংকৰ মুদ্ৰাস্ফীতি আছিল, কিন্তু আজি আমি আত্মবিশ্বাসেৰে দুটা অংকৰ বিকাশৰ দিশে আগবাঢ়িছোঁ। তেওঁ কয় যে বহু বছৰ ধৰি জি-২০ দেশৰ ভিতৰত ভাৰতৰ বিকাশৰ হাৰ সৰ্বাধিক হৈ আছে। শ্ৰী শ্বাহে কয় যে বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতৰ ওপৰত আস্থা হেৰুৱাইছিল, কিন্তু আজি ভাৰত উৎপাদনৰ বাবে এক পছন্দৰ গন্তব্য স্থান হৈ উঠিছে। শ্ৰী শ্বাহে কয় যে ২০২১-২২ বৰ্ষত আমি ৮৫ বিলিয়ন ডলাৰৰ অভিলেখ পৰিমাণৰ ‘প্ৰত্যক্ষ বিদেশী বিনিয়োগ’ (এফডিআই) আকৰ্ষিত কৰিছিলোঁ। তেওঁ কয় যে আজি আমি ডিজিটেল পৰিশোধৰ দৰে বহুতো ক্ষেত্ৰত আগবাঢ়ি আছোঁ। ২০১৪ চনৰ আগতে ১২ লাখ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল, কিন্তু মোদী চৰকাৰৰ ১০ বছৰত আনকি আমাৰ বিৰোধীসকলেও আমাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উথ্থাপন কৰিব পৰা নাই।

শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত সন্ত্ৰাসবাদ, বোমা বিস্ফোৰণ আৰু নক্সালবাদ দেশৰ বাবে গুৰুতৰ বিষয় হৈ পৰিছিল, কিন্তু আজি আমি আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে কাশ্মীৰেই হওঁক, বামপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলেই হওঁক বা উত্তৰ-পূৰ্বাঞ্চলেই হওঁক, আমি সফলতাৰে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ দূৰ কৰিছোঁ। তেওঁ উল্লেখ কৰে যে ‘ইজ অব ডুয়িং বিজনেছ ৰেংকিঙ’ত ভাৰতক আগতে ১৪২ সংখ্যক স্থানত ৰখা হৈছিল, কিন্তু আজি আমি ৬৩ সংখ্যক স্থানলৈ উন্নীত হৈছোঁ। তেওঁ লগতে উল্লেখ কৰে যে সমগ্ৰ বেংকিং ব্যৱস্থাটো ভঙ্গুৰ অৱস্থাত আছে, কিন্তু ২০২৩-২৪ বৰ্ষত চৰকাৰী বেংকসমূহে ১.৪০ লাখ কোটি টকাৰ   লাভ অৰ্জন কৰিছে। প্ৰতিটো ক্ষেত্ৰতে নতুন নীতি প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত দেশখন আগবাঢ়ি যোৱাত সহায় হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে যদি দেশখনে উন্নতি কৰিব বিচাৰে তেন্তে দেশৰ এক নতুন শিক্ষা নীতি থাকিব লাগিব আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক নতুন শিক্ষা নীতি উপস্থাপন কৰিছে যিয়ে আমাৰ ঐতিহ্যক অন্তৰ্ভুক্ত কৰি শিক্ষাক বিশ্বায়ন কৰাৰ প্ৰয়াস কৰিছে। তেওঁ কয় যে ‘জিএছটি’, ‘ডিজিটেল ইণ্ডিয়া’, ‘ভাৰতমালা’, ‘সাগৰমালা’, ‘প্ৰধানমন্ত্ৰী গতি শক্তি’ আৰু ‘ষ্টাৰ্টআপ ইণ্ডিয়া’-ৰ দৰে পদক্ষেপসমূহে দেশক সকলো দিশত আগুৱাই নিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু "নূন্যতম চৰকাৰ, সৰ্বাধিক শাসন"ৰ নীতিৰ অধীনত ২,০০০ পুৰণি ঔপনিৱেশিক আইন বাতিল কৰা হৈছে আৰু বিভিন্ন খণ্ডত ৩৯,০০০ ৰো অধিক অনুপালন নাইকিয়া কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে বিগত ১০ বছৰত ৮০ কোটি লোকে প্ৰতিগৰাকী ব্যক্তিৰ বাবে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্যদ্ৰব্য, ৪ কোটি দৰিদ্ৰলোকক প্ৰদান কৰা ঘৰ, ১৫ কোটি পৰিয়ালে নলযোগে পানী লাভ কৰিছে, ১১ কোটিৰো অধিক লোকক বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ১২ কোটিতকৈয়ো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে লাখ লাখ লোকৰ উদ্বেগ হ্ৰাস কৰিছে আৰু ভাৰতক ১৩০ কোটি লোকৰ বজাৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে যেতিয়া দেশৰ উন্নয়ন প্ৰক্ৰিয়াৰ পৰা ৬০ কোটি লোকক বাদ দিয়া হয়, তেতিয়া দেশখনে কেতিয়াও উন্নতি কৰিব নোৱাৰে। আজি দেশৰ উন্নয়ন প্ৰক্ৰিয়াত ১৩০ কোটি লোক নিয়োজিত হোৱাৰ লগতে আমাৰ বিকাশৰ হাৰ উৰ্ধমুখী হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে ৫০,০০০ কোটি টকা বাজেটেৰে এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে অহা ২৫ বছৰত ভাৰত গোলকীয় গৱেষণাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থাকিব। শ্ৰী শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ক্ষেত্ৰত ব্যাপকভাৱে কাম কৰিছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত ভাৰত বিশ্বত দ্বিতীয় স্থানত আছে, আনহাতে ই বিশ্বব্যাপী ‘ফিনটেক’ গ্ৰহণ আৰু ‘স্মাৰ্টফোন ডাটা’ ব্যৱহাৰত প্ৰথম স্থানত আছে। তেওঁ লগতে উল্লেখ কৰে যে আজি বিশ্বৰ দৈনিক ডিজিটেল লেনদেনৰ আধা ভাৰতত সম্পাদিত হয়।

 

শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় উদ্যোগসমূহে এতিয়া তেওঁলোকৰ আকাৰ আৰু পৰিমাপ দুয়োটাকে সলনি কৰাৰ দিশত কাম কৰিব লাগিব। তেওঁ প্ৰতিষ্ঠানসমূহক বিশ্বব্যাপী যোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু বিশ্বব্যাপী ভাৰতৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ আমাৰ চেম্বাৰ আৰু উদ্যোগসমূহে নিৰ্ণায়ক পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

*****

RK/ASH/PR/PS/KB



(Release ID: 2064472) Visitor Counter : 16