প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
10 OCT 2024 7:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওছত অনুষ্ঠিত হোৱা আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ছিগেৰু ইছিবাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী শ্ৰী ইছিবাক তেওঁৰ নতুন দায়িত্বৰ বাবে অভিনন্দন জনায় আৰু জাপানক নতুন উচ্চতালৈ লৈ যোৱাত তেওঁৰ সফলতা কামনা কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে এক বিশ্বাসযোগ্য বন্ধু আৰু কৌশলগত অংশীদাৰ হিচাপে জাপানৰ সৈতে নিজৰ সম্পৰ্কক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি থাকিব।
দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, অৰ্ধপৰিবাহী, দক্ষতা, সংস্কৃতি আৰু জনসাধাৰণৰ আদান-প্ৰদানকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধি কৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
দুয়োগৰাকী নেতাই এই কথাৰ ওপৰত জোৰ দিয়ে যে শান্তিপূৰ্ণ, নিৰাপদ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভাৰত আৰু জাপান অপৰিহাৰ্য অংশীদাৰ আৰু এই লক্ষ্যত উপনীত হ’বলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।
দুয়োগৰাকী নেতা পৰৱৰ্তী ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে উৎসুক।
**********
MJPS/SR/SKS
(ৰিলিজ আই ডি : 2064259)
অতিথি কক্ষ : 87
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam