নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক সাক্ষাৎ কৰে

Posted On: 08 OCT 2024 1:50PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ সৈতে সময় অতিবাহিত কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাৰো আমেজ লয়।

WhatsApp Image 2024-10-08 at 13.33.10.jpeg

WhatsApp Image 2024-10-08 at 13.33.03.jpeg

শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "নৰেন্দ্ৰ মোদী চৰকাৰৰ লক্ষ্য হৈছে অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ আৰু সম-মৰ্যাদা সুনিশ্চিত কৰা। আপোনালোকৰ কঠোৰ পৰিশ্ৰমে সদায় স্থানীয় অৰ্থনীতিক সুচাৰুৰূপে চলাত সহায় কৰিছে। শাৰদীয় দুৰ্গোৎসৱৰ এই সুন্দৰ পৰিৱেশত আজি আপোনালোক সকলোকে লগ পোৱাটো মোৰ সৌভাগ্য। মই আপোনালোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাৰ সময়কণে মোৰ ল'ৰালিৰ স্মৃতি সজীৱ কৰি তুলিলে।"

****

 

JN/AK/DS



(Release ID: 2063271) Visitor Counter : 23