গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই বছৰ গান্ধী জয়ন্তীত নতুন দিল্লীৰ কনাট প্লেচৰ 'খাদী ইণ্ডিয়া'ত ২.০১ কোটি টকাৰ অভিলেখ পৰিমাণৰ বিক্ৰী কৰাৰ বাবে সকলো খাদী উৎপাদকক অভিনন্দন জনাইছে
ই খাদী শিল্পীসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব আৰু তেওঁলোকক উৎসাহিত কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খাদী আৰু স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে কৰা আহ্বান এতিয়া এক বিপ্লৱত পৰিণত হৈছে আৰু তেওঁৰ নেতৃত্বত খাদী উদ্যোগে আজি নতুন অভিলেখ ৰচনা কৰিছে - গৃহমন্ত্ৰী
জনসাধাৰণৰ মাজত থলুৱা সামগ্ৰীৰ প্ৰতি ক্ৰমাত বাঢ়ি অহা আকৰ্ষণে এখন ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে
Posted On:
05 OCT 2024 7:53PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই বছৰ গান্ধী জয়ন্তীত নতুন দিল্লীৰ কনাট প্লেচস্থিত 'খাদী ইণ্ডিয়া'ত ২.০১ কোটি টকাৰ অভিলেখ পৰিমাণৰ বিক্ৰী কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে সকলো খাদী উত্পাদকসকলক অভিনন্দন জনাইছে।
‘এক্স প্লেটফৰ্ম’ত প্ৰেৰণ কৰা এটি ‘পোষ্ট’ত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খাদী আৰু স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে জনোৱা আহ্বান এতিয়া এক বিপ্লৱত পৰিণত হৈছে আৰু তেওঁৰ নেতৃত্বত খাদী উদ্যোগে আজি নতুন অভিলেখ ৰচনা কৰিছে। তেওঁ কয় যে এই বছৰ গান্ধী জয়ন্তীত নতুন দিল্লীৰ কনাট প্লেচস্থিত 'খাদী ইণ্ডিয়া'ত ২.০১ কোটি টকাৰ বিক্ৰীৰে অভিলেখ ৰচনা কৰাটো সঁচাকৈয়ে সুখৰ বিষয়। শ্ৰী শ্বাহে কয় যে ই খাদী শিল্পীসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব আৰু তেওঁলোকক উৎসাহিত কৰিব। গৃহমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ মাজত থলুৱা সামগ্ৰীৰ প্ৰতি ক্ৰমাত্ বাঢ়ি অহা আকৰ্ষণে এক আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
*****
RK / ASH / RR / PS/KB
(Release ID: 2062741)
Visitor Counter : 24