উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav g20-india-2023

উত্তৰ-পূবঃ ভাৰতৰ হৃদয় আৰু আত্মা- ক’লে উপ-ৰাষ্ট্ৰপতিয়ে

উত্তৰ-পূবৰ ৰাষ্ট্ৰদূতৰ দৰে হ’বলৈ সংবাদ মাধ্যমক আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

এক্ট ইষ্ট নীতি: উত্তৰ-পূবৰ উন্নয়নৰ বাবে এটা পট পৰিৱৰ্তনৰ নীতি, ক’লে উপ-ৰাষ্ট্ৰপতিয়ে

অসমীয়া এতিয়া ধ্ৰুপদী ভাষা, ই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন’ উপ-ৰাষ্ট্ৰপতিয়ে কয়

ভুল তথ্য আৰু প্ৰতিক্ৰিয়াশীলতাই জাতিৰ প্ৰভূত ক্ষতি কৰে, সকিয়ালে উপ-ৰাষ্ট্ৰপতিয়ে

সম্পাদকীয় পৃষ্ঠাই গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰিব লাগিব বুলি কয় উপ-ৰাষ্ট্ৰপতি ধনখৰে

বিঘ্নিতকাৰী প্ৰযুক্তিৰ মাজত দায়িত্বশীলভাবে বাতৰি প্ৰস্তুত কৰা প্ৰয়োজন, সজাগ কৰি দিলে উপ-ৰাষ্ট্ৰপতিয়ে

Posted On: 05 OCT 2024 1:54PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে আজি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মা বুলি ঘোষণা কৰি পৰ্যটন আৰু উন্নয়নৰ ক্ষেত্ৰত অঞ্চলটোৰ সম্ভাৱনাক উজ্জ্বল কৰি  তুলিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয়, ই ভাৰতৰ সাৰমৰ্মক সামৰি লোৱা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ সজীৱ টেপেষ্ট্ৰী। আজি নতুন দিল্লীত প্ৰতিদিন মিডিয়া নেটৱৰ্কে আয়োজন কৰা ‘দ্য কনক্লেভ ২০২৪’ত  ভাষণ প্ৰদান কৰি শ্ৰী ধনখৰে চৰকাৰৰ “এক্ট ইষ্ট পলিচি”ৰ পৰিৱৰ্তনশীল প্ৰভাৱ আৰু ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ আখ্যান  গঢ় দিয়াত সংবাদ মাধ্যমৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

তেওঁ কয়  যে, "নিউজিলেণ্ড, ছুইজাৰলেণ্ড আৰু স্কটলেণ্ডক একেলগ কৰিলেও   উত্তৰ-পূবৰ সম্পদৰ  তুলনাত সেই স্থানত সম্পদৰ অভাৱ দেখা যাব। অঞ্চলটোৰ প্ৰতিখন ৰাজ্যই দৰ্শনাৰ্থী, পৰ্যটক আৰু স্থানীয় লোকৰ বাবে  স্বৰ্গৰ দৰে স্থান।" উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই অঞ্চলৰে সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত হোৱা  উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি ইয়াক অঞ্চলটোৰ বাবে গেম-চেঞ্জাৰ বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে এই অঞ্চলত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে  আৰু জলপথ বিশগুণ বৃদ্ধি পাইছে, যাৰ ফলত দেশজুৰি অঞ্চলটোৰ প্ৰতি অপৰিসীম আগ্ৰহ আৰু বিনিয়োগৰ সৃষ্টি হৈছে।

শ্ৰী ধনখৰে ভাৰতৰ  ধ্ৰুপদী ভাষাৰ ভিতৰত পাঁচটা   বাংলা, মাৰাঠী, পালি, আৰু প্ৰাকৃতৰ সমান্তৰালকৈ অসমীয়া ভাষাক শেহতীয়াকৈ স্বীকৃতি দিয়াৰ বিষয়টো সন্দৰ্ভত  আলোকপাত কৰে। তেওঁ কয় যে এই স্বীকৃতিয়ে  ইতিবাচক প্ৰভাৱ  কঢ়িয়াই লৈ ফুৰে, যিয়ে আমাৰ জাতিৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যক প্ৰদৰ্শন কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অঞ্চলটোৰ চহকী আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি পূজনীয় কামাখ্যা মন্দিৰ আৰু বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ঐশ্বৰিক আৰু পৰিৱেশৰ  তাৎপৰ্যৰ  বিষয়ত আলোকপাত কৰি তেওঁ কয়, "আশীৰ্বাদ ক'ৰ পৰা পায়? কামাখ্যাত। এই ধৰণৰ অভয়াৰণ্য ক'ত দেখা পায়? কাজিৰঙাত।"

শ্ৰী ধনখৰে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰাণৱন্ত সংস্কৃতি, সুস্বাদু  খাদ্য আৰু  অঞ্চলটোৰ মানুহৰ শক্তিক  প্ৰশংসা প্ৰকাশ কৰে। "মই তাত অনুভৱ  সাংস্কৃতিক উৎসৱৰ বিষয়ে শব্দৰে বৰ্ণনা কৰিব নোৱাৰো,উত্তৰ-পূব ভাৰতৰ হৃদয় আৰু আত্মা" তেওঁ মন্তব্য কৰে। নম পেনত অনুষ্ঠিত হোৱা আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ কথা স্মৰণ কৰি  তেওঁ  "এক্ট ইষ্ট" নীতিৰ তাৎপৰ্যৰ কথাও উল্লেখ কৰে। 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি কয় যে এক্ট ইষ্ট পলিচি  দেশৰ  সীমাতে  সীমাবদ্ধ হৈ নাথাকিব, বৰঞ্চ ই ভাৰতৰ বাহিৰলৈ গৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিব। তেওঁ ক্ৰমাৎ বৃদ্ধি পোৱা সংযোগৰ কথা আঙুলিয়াই দিয়ে,  যি  সংযোগৰ ফলত  অতি সোনকালে উত্তৰ-পূবৰ পৰা কম্বোডিয়ালৈ যাত্ৰা কৰাটো সম্ভৱ হ’ব, য’ত ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ঐতিহ্যমণ্ডিত  অংক’ৰ ৱাট মন্দিৰ পুনৰুদ্ধাৰ কৰা হৈছে। এই নীতিয়ে অঞ্চলটোৰ সৈতে গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিব বুলিও তেওঁ কয়।

শ্ৰী ধনখৰে কাশ্মীৰৰ প্ৰসংগতো সমান্তৰালভাবে মন্তব্য কৰি কয় যে, "কাশ্মীৰো এক মুকলি বায়ুৰে উশাহ ল’ব পৰা  এক গন্তব্যস্থান,  যিস্থানক  আঁকোৱালি ল'ব লাগিব আৰু উদযাপন কৰিব লাগিব।" তেওঁ  এই কথা স্মৰণ কৰি কয়, "১৯৯০ত  কেন্দ্রীয় মন্ত্র্যালয়ত থকাৰ  সময়ত মই শ্ৰীনগৰ ভ্ৰমণ কৰিছিলোঁ  , তেতিয়া তাৰ  পথত প্ৰায় ২০ জন লোক নাছিল। যোৱা বছৰ ৰাজ্যসভাৰ তথ্য  অনুসৰি ২ কোটিতকৈ অধিক লোকে পৰ্যটক হিচাপে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে।" এয়া  আমাৰ দেশৰ  পৰিৱৰ্তনশীল যাত্ৰাৰ প্ৰমাণ।"তেওঁ উত্তৰ-পূবৰ অৰ্থনীতিৰ পৰিৱৰ্তন ঘটোৱা পৰ্যটনৰ সম্ভাৱনাৰ বিষয়তো  আলোকপাত কৰি কয়, "পৰ্যটনে উত্তৰ-পূবৰ সমগ্ৰ পৰিৱেশ সলনি কৰিব পাৰে,  নিয়োগ বৃদ্ধিৰ সূচনা কৰিব পাৰে আৰু অঞ্চলটোক বিশ্বব্যাপী পৰ্যটনস্থল হিচাপে স্থান দিব পাৰে।"

দেশ -নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি শ্ৰী ধনখৰে সংবাদ মাধ্যমক উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰদূতৰ দৰে   কাম কৰিবলৈ আহ্বান জনায়।  ইয়াৰ পৰ্যটনৰ সম্ভাৱনা আৰু উন্নয়নমূলক অগ্ৰগতিৰ প্ৰচাৰ কৰিবলৈয়ো তেওঁ সংবাদমাধ্যমক আহ্বান জনায়।"জনসাধাৰণক অৱগত কৰা আৰু মন জগাই তোলাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনালোকৰ কাহিনীয়ে উন্নয়নৰ বাবে শক্তিশালী আহিলা হিচাবে কাম কৰিব পাৰে , আমাৰ বৈচিত্ৰময় অঞ্চলটোত থকা   অনন্য সুযোগসমূহৰ বিষয়ত  পোহৰ পেলোৱাতো আপোনালোকৰ কাম”, তেওঁ মন্তব্য কৰে।আহক আমি এই দেশত হাতত হাত ধৰি আগবঢ়া   আৰু পৰামৰ্শ দিয়াৰ অভ্যাস গঢ়ি তোলোঁ । গণতন্ত্ৰক লালন-পালন কৰা হয় যেতিয়া সংবাদ মাধ্যমকে ধৰি ইয়াৰ প্ৰতিটো প্ৰতিষ্ঠানে অনুকূল প্ৰদৰ্শন কৰে।"

দ্ৰুত প্ৰযুক্তিগত ব্যাঘাতৰ সময়ত দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়তো উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ  কয় যে, “সম্পাদকীয় পৃষ্ঠাই জনসাধাৰণক তথ্যৰ বিষয়ে  অৱগত আৰু সংবেদনশীল কৰিব লাগিব, সংবাদ মাধ্যমক গণতন্ত্ৰৰ চকীদাৰ হিচাপে গঢ়ি তোলাতো নিশ্চিত কৰিব লাগিব।”

তেওঁ আৰু কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত বাতৰি কাকতসমূহৰ সাহসী স্থিতি আদৰণীয়। যেতিয়া কিছুমানে নিজৰ সম্পাদকীয় স্থান উকা কৰি চেঞ্চৰশ্বিপৰ প্ৰতিবাদ কৰিছিল। সংবাদ মাধ্যমৰ স্বাধীনতা ইয়াৰ দায়িত্বৰ সৈতে জড়িত বুলি কৈ তেওঁ  মন্তব্য কৰে যে সংবাদ মাধ্যমে সদায় গণতন্ত্ৰৰ স্তম্ভ হিচাপে থিয় দিব লাগিব।

ভুল তথ্য, চাঞ্চল্যকৰ খবৰ  আৰু জাতি বিৰোধী আখ্যানে সৃষ্টি কৰা বিপদৰ বিষয়ত  উদ্বেগ প্ৰকাশ কৰি শ্ৰী ধনখৰে সংবাদ মাধ্যমক এই ভাবুকিসমূহ প্ৰতিহত কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ আহ্বান জনায় যে মিছা কাহিনী আৰু চাঞ্চল্যকৰ খবৰ  ৰসাল হ’ব পাৰে, কিন্তু ই জাতিৰ প্ৰভূত ক্ষতি কৰে। সংবাদ মাধ্যমে এই শক্তিসমূহক নিষ্ক্ৰিয় কৰি আমাৰ গণতান্ত্ৰিক মূল্যবোধক সুৰক্ষিত কৰিব লাগিব।

বিস্তৃত ৰাষ্ট্ৰীয় বিকাশৰ  কথা চিন্তা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ১৯৯০ত  ভাৰতে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ কথা স্মৰণ কৰে। তেওঁ কয়, "মই ১৯৯০ত সংসদৰ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পাৰ কৰা মোৰ দিনবোৰ মনত পেলাইছো। সেই সময়ত আমাৰ অৰ্থনৈতিক বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ আমাৰ সোণ ছুইজাৰলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল আৰু আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত  মজুত প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল।" . ইয়াৰ পাছতে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু বৰ্তমানৰ চৰকাৰক তেওঁলোকৰ সংস্কাৰী প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই কয় যে, “আজি আমি ৭০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত অতিক্ৰম কৰিছো, যি  এটা উল্লেখযোগ্য কৃতিত্ব, যিয়ে আমাৰ জাতিৰ স্থিতিস্থাপকতা আৰু বৃদ্ধিৰ পৰিচয় দাঙি ধৰিছে।”

ভাষণৰ সামৰণিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা আৰু সম্ভাৱনাৰ ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ প্ৰতি তেওঁৰ বিশ্বাস পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।   য’ত প্ৰতিজন ব্যক্তি আইনৰ সন্মুখত সমান আৰু ইয়াৰ প্ৰতি জবাবদিহি। তেওঁ কয় যে সংবাদ মাধ্যমক ভাৰতৰ অভূতপূৰ্ব বৃদ্ধিৰ বিষয়ত  গুৰুত্ব দিবলৈ আহ্বান জনাইছো আৰু আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা এক পৰিবেশ  গঢ়ি তুলিবলৈ আহ্বান জনাইছো।

এই অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল,সাদিন-প্ৰতিদিন গোটৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক শ্ৰী জয়ন্ত বৰুৱা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

 

****

 

JK/RC/SM/DM



(Release ID: 2062502) Visitor Counter : 13


Read this release in: English , Urdu , Nepali , Tamil